সোঁৱণশিৰিৰ সোণে চিকেমিকাই

 

সোঁৱণশিৰিৰ সোণে চিকেমিকাই 

ৰ’দৰে জিলিঙনি পাই

 তুলি গীত লহৰি

 বঠা মাৰি মাৰি 

কেঁচাসোণ ভটিয়াই যায়

 অ' ....................................


দুপাৰৰ শুৱনি

 সোণালী ধাননি

 চেনাই এ তাতে ধান দাই

 লিহিৰি হাতেৰে

 খামুচি খামুচি

 মুঠি বান্ধি বান্ধি যায়

 অ'........


চেনাইৰ উৰণীয়া

 মনে উৰা মাৰে।

 বান্ধি তাক ৰাখোঁতা নাই

 পথাৰৰে শুৱনি

 ধানে সুৱাগমণি

 দাবলে পাহৰি যায়।

 

(কথা: প্ৰেমধৰ দত্ত, সুৰ : ভবেন বৰঠাকুৰ)




Post Id:DABP002409