আগ ফাগুনৰ বা ছাটি


আগ ফাগুনৰ বা ছাটি 
কেনি আহি কেনি যায় 
উৰোঁ উৰোঁ মন পখিলা 
দিলে আহি উৰুৱাই


পদুলি মুখতে কপৌৰে কুৰুলি 
যেন মদনৰে মাত
অচিনা ফুলৰে মিঠা ৰাগি লাগি 
হেৰালে বাটৰে আঁত 
খেলি মেলি মন মোৰ সাতো 
বৰণীয়া ফাঁকুগুড়ি ছটিয়াই


কোন তৰাটিৰ হাত বাউলি
মেঘৰ মাজে মাজে 
কাৰ বাঁহীটিৰ মন উৰুঙা
আনমনা সুৰ বাজে 
তাৰ উৱাদিহ নাপাই কাকেনো ধিয়াই 
মন উৰা মাৰি যায়


(কথা-নিৰ্মলপ্ৰভা বৰদলৈ, সুৰ-মুকুল বৰুৱা)




Post Id:DABP002347