বন্ধু সময় পালে
বন্ধু....
সময় পালে আমাৰ পালে এবাৰআহি যাবা
এবাৰ আহি যাবা
সহজ-সৰল গাঁৱৰ জীৱন খন্তেক ৰৈ চাবা
এবাৰ আহি যাবা
যান-বাহনৰ সুযোগ নাই, আওহতীয়া আমাৰ ঠাই
বাট বলোতে হয়তো বন্ধু অনেক দুখেই পাবা
অনাহাৰে দিন কটাওঁ তাত গধূলি ও পুৱা
এপাৰ আহি যাবা।
খেৰ-বাহঁৰ অনেক পঁজা গাঁও ভৰি পাবা
দন্-খৰিয়াল শুনি শুনি তাতেই অকণ ৰ'বা
নাঙঠ শিশুৰ ধূলিৰ খেলা ৰৈ ৰৈ তাকে চাবা
অশিক্ষিত, লাজুক সিহঁত কাষলৈ নামাতিবা
চবৰৰ পৰা কিবা নিলে দূৰ পৰাই দিবা
পিয়াহ লাগি বন্ধু তুমি নুখুজিবা পানী
খাল-বিলৰ ঘোলাপানী নিদিওঁ তোমাক আনি
খেঁচাৰ চিঞৰ নুশুনিবা হয়তো বন্ধু ভয় ল'বা
আমাৰ গাঁৱৰ ছবিখনি মনত আঁকি নিবা
( কথা আৰি সুৰ-ৰুদ্ৰ বৰুৱা )
Post ID : DABP002311
0 Comments