আগলি বাঁহৰে লাহৰী গগনা
বহি তাঁতৰ পাটত বাওঁ
আহে কি নাহে ঐ মোৰেনো চেনাই ঐ
ছিৰি পাতি মঙলখন চাওঁ
তই যে কলীয়া – অ' আইতা কেঁচা সোণ বৰষে
অলিয়া বলিয়া — অ' আইতা কেঁচা সোণ বৰষে
মোকে কৰি গ'লি বাউল আইতা জিল্মিল্
কৰে আইতা মুকুতা, জ্বলে আইতা
কেঁচা সোণ বৰষে তাত
কাণফুলিৰ বেজাৰত কান্দ কি সৰুমাই
গামখাৰু নিদিলি বুলি কি সৰুমাই
গামখাৰু নিদিলে বুলি
মাকৰ আগতে কান্দে কি সৰুমাই
চহকীলৈ নিদিলে বুলি কি সৰুমাই
চহকীলৈ নিদিলে বুলি
উজায়ে চালোঁ মই, ভটিয়াই চালোঁ মই
তোমাৰ মান শুৱনি নাই
দেওৱে ঐ মাৰিব মনিচে মাৰিব
তোমাক ধন অকলৈ পাই
এ লীলাই বহে তাঁতৰ পাটত
লীলাৰ চকু আলিবাটত
লীলাৰ মাকো সৰি সৰি পৰে
উলি তামোলৰ পুলি মোৰ আইজনী
অ' উলি তামোলৰ পুলি মোৰ আইজনী
অ' উলি তামোলৰে পুলি
খোপা দাঙি দাঙি বান্ধিছা আইজনী
অ' গৰাকী লাগকহি বুলি মোৰ আইজনী
অ' গৰাকী লাগ কিহি বুলি
জাৰণিৰ মাজৰে জৰা মোৰ আইজনী
অ' জাৰণিৰ মাজৰে জৰা মোৰ আইজনী
অ' জাৰণিৰ মাজৰে জৰা
দীঘলকৈ ওৰণি নল বা আইজনী
অ' আগৰে চিনাকি দৰা মোৰ আইজনী
অ' আগৰে চিনাকি দৰা।
কথা-সুৰঃ পৰম্পৰাগত (পৰাগধৰ চলিহাদেৱৰ সংগ্ৰহ )
Post Id:DABP002405
0 Comments