সোণোৱালী বুটা বছা


সোণোৱালী বুটা বছা
অসমীয়া পাট
চিকিমিকি কৰে চোৱা
কাৰেনো দেহাত
তামোলৰ ৰঙে ৰঙা 
ৰঙা দুটি ওঁঠ
পুৱাৰ সুৰুয দেখোঁ 
কপালৰে ফোঁট

খোপত ওৰণি লোৱা বোৱাৰী সেই কাৰ 
আমাৰ বোৱাৰী সেয়া গাঁৱৰ আমাৰ 
জিকিমিকি কৰে চোৱা সোণালী দেহাত

ডুগডুগি গামেখাৰু
থুৰীয়া চমকে
মেখেলাৰ পাতলিতে
ময়ূৰে জিলিকে
লাহী লাহী খোজকেইটি
পদুমৰে পাহি
আন্ধাৰ আঁতৰা যেন