বকুল বনৰ জোনাক যামিনী
বকুল বনত জোনাক যামিনী
জোনাকীয়ে হাঁবি যায়
দূবৰিৰ বুকাতে নিয়ৰ মুকুতা
ৰঙতে তিৰবিৰাই যায়
সমীৰে সাদৰে হিয়াতে লুকাই
বকুল ফুলৰ সাবাস বিলাই
কোন সু-কবিৰ ছন্দ লাগি
কিশলয়ে নাচি যায়
বিলৰ বুকুত কিনো উলাহতে
মেলে কুমুদৰে পাহি
শান্ত পানীৰ সপোন ভাঙি .
সৰু সৰু ঢৌ যায় ভাহি
ফুলো নে নুফুলো কুমলীয়া কলি
লাজতে মৰহি ঢলি ঢলি
ওৰণি আঁৰতে মুখনি লুকাই
জোনৰ ৰূপকে চাই
( কথা-শ্যামানন্দ বৈশ্য, সুৰ-পূৰ্ণেনিদু চক্ৰৱৰ্তী )
Post ID : DABP002312
0 Comments