চকুত সপোন থাকে
চকুত সপোন থাকে
মনত কিয় আমনি
মনত মৰম থাকে
চকুত কিয় কঁপনি
হিম চেঁচা বতাহ বলে
আকাশৰে ভৰ জোন
জোনৰ জোনাকেই
পোৰে হিয়া মন চোন
পখীৰ মাতত কিয়
শুনি নিজৰ বিননি
জীৱন জটিল কৰা
প্রেম যদি হয় ভুল
ভুলৰ বতাহ লাগি
ফুলে কিয় মনৰ ফুল
অবুজ কথাৰে মাথোঁ
সেউজীয়া ধৰণী।
(কথা : নিৰ্মলপ্ৰভা বৰদলৈ, সুৰ ঃ ভবেন বৰঠাকুৰ)
Post Id:DABP002353
0 Comments