ভাৰতৰ ৰাজনৈতিক দল | Chapter 1 | Class 9 political Science Chapter 1 Short Question and Answer | Class 9 Political Science Short Question and answer Solutions Assamese Medium |


ভাৰতৰ ৰাজনৈতিক দল

Chapter 1

১। বৰ্তমান ক'ত ক'ত দ্বিদলীয় ব্যৱস্থা আছে ?

উত্তৰঃ বৰ্তমান ইংলেণ্ড আৰু আমেৰিকা আদি দেশত দ্বিদলীয় ব্যৱস্থা আছে।

২। বৰ্তমান বহুদলীয় ব্যৱস্থা থকা দেশ কেইখনৰ নাম কি কি ?

উত্তৰঃ বৰ্তমান বহুদলীয় ব্যৱস্থা থকা দেশ কেইখনৰ নাম হ'ল - ভাৰতবৰ্ষ, বাংলাদেশ আৰু পাকিস্তান আদি।

৩। গণতান্ত্ৰিক ৰাষ্ট্ৰ এখনৰ ৰাজনৈতিক দলৰ বাবে প্ৰয়োজনীয় বৈশিষ্ট্যবোৰ কি কি লিখা ?

উত্তৰঃ গণতান্ত্ৰিক ৰাষ্ট্ৰ এখনৰ ৰাজনৈতিক দলৰ বাবে প্ৰয়োজনীয় বৈশিষ্ট্যবোৰ হ'ল- 

(১) সংগঠন,

(২) নীতি-আদৰ্শ আৰু আঁচনি,

(৩) ক্ষমতা দখলৰ বাবে আকাংক্ষা,

(৪) জাতীয় স্বাৰ্থৰ প্ৰতি সন্মান।


(৪)  গণতান্ত্ৰিক ৰাষ্ট্ৰ এখনৰ ৰাজনৈতিক দলৰ প্ৰধান কামবোৰ কি কি ?

উত্তৰঃ গণতান্ত্ৰিক ৰাষ্ট্ৰ এখনৰ ৰাজনৈতিক দলৰ প্ৰধান কামবোৰ হ'ল- 

(১) জনগণক ৰাজনৈতিক শিক্ষা প্ৰদানেৰে শিক্ষিত কৰা।

(২) জনগণৰ মনত ৰাজনৈতিক সজাগতা বৃদ্ধি কৰা।

(৩) জনমত গঠন কৰা।

(৪) জনমতক সু-সংগঠিত ৰূপ দিয়া।


(৫) ভাৰতৰ প্ৰথম ৰাজনৈতিক দলটো নাম কি ?

উত্তৰঃ ভাৰতৰ প্ৰথম ৰাজনৈতিক দলটো নাম হ'ল- ভাৰতীয় জাতীয় কংগ্ৰেছ।


(৬) কোন জন অৱসৰপ্ৰাপ্ত আই. চি. এছ বিষয়া নেতৃত্বত কংগ্ৰেছ দলটোৱে জন্ম লাভ কৰিছিল ?

উত্তৰঃ এলেন অক্টেভিয়াৰ হিউম অৱসৰপ্ৰাপ্ত আই. চি. এছ বিষয়া নেতৃত্বত কংগ্ৰেছ দলটোৱে জন্ম লাভ কৰিছিল।

(৭) ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথম সভাপতি কোন আছিল আৰু সভাপতি দলৰ প্ৰথম অধিৱেশন ক'ত বহিছিল ?

উত্তৰঃ ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথম সভাপতি উমেশ চন্দ্ৰ বেনাৰ্জী আছিল আৰু সভাপতি দলৰ প্ৰথম অধিৱেশন বোম্বাইত বহিছিল ।


(৮) জাতীয় কংগ্ৰেছৰ পিছতে কিমান চনত মুছলিম লীগ নামৰ দলটোৰ জন্ম হৈছিল ?

উত্তৰঃ জাতীয় কংগ্ৰেছৰ পিছতে ১৯০৬ চনত মুছলিম লীগ নামৰ দলটোৰ জন্ম হৈছিল।


(৯) তৃতীয় ৰাজনৈতিক দলটোৰ নাম কি ?

উত্তৰঃ  তৃতীয় ৰাজনৈতিক দলটোৰ নাম হ'ল- হিন্দু মহাসভা।


(১০) চতুৰ্থ ৰাজনৈতিক দলটোৰ নাম কি ?

উত্তৰঃ চতুৰ্থ ৰাজনৈতিক দলটোৰ নাম হ'ল - স্বৰাজ পাৰ্টী।


(১১) ভাৰতবৰ্ষৰ ইতিহাসত প্ৰথমটো দলটোৰ নাম কি আৰু কিমান চনত গঠন হৈছিল ?

উত্তৰঃ  ভাৰতবৰ্ষৰ ইতিহাসত প্ৰথমটো দলটোৰ নাম হ'ল ভাৰতীয় সাম্যবাদী দল আৰু ১৯২৪  চনত গঠন হৈছিল।


(১২)  প্ৰথমটো সাধাৰণ নিৰ্বাচনত কিমান ৰাজনৈতিক দলে অংশ লৈছিল ?

উত্তৰঃ প্ৰথমটো সাধাৰণ নিৰ্বাচনত পঞ্চাশৰো অধিক ৰাজনৈতিক দলে অংশ লৈছিল ।


(১৩) সৰ্বভাৰতীয় শ্ৰেণীত কেইটা দল আছিল ?

উত্তৰঃ সৰ্বভাৰতীয় শ্ৰেণীত ১৪ টা দল আছিল।


(১৪) ভাৰতৰ দৃশ্যপটত উদ্ভৱ হোৱা আনবোৰ দলৰ নাম কি ?

উত্তৰঃ ভাৰতৰ দৃশ্যপটত উদ্ভৱ হোৱা আনবোৰ দলৰ নাম হ'ল- স্বতন্ত্ৰ দল, ভাৰতীয় ক্ৰান্তি দল, জনসংঘ মাৰ্ক্সবাদী সাম্যবাদী দল, জনতা দল, ভাৰতীয় লোক দল আৰু ভাৰতীয় জনতা দল।


(১৫) আঞ্চলিক দলৰ সোণালী দশক বুলি কোৱা হয় ?

উত্তৰঃ বিশেষকৈ যোৱা শতিকাৰ আশীৰ দশকত বহু বেছি সংখ্যক সংখ্যক আঞ্চলিক দলৰ জন্ম হোৱা বাবেই সেই দশকটোক আঞ্চলিক ৰাজনৈতিক দলৰ সোণালী দশক বুলি কোৱা হয়। 


(১৬)  ৰাজনৈতিক দলৰ জন্ম থোৰতে কাৰণসমূহ কি কি ?

উত্তৰঃ ৰাজনৈতিক দলৰ জন্ম থোৰতে কাৰণসমূহ হ'ল- (ক) সৰ্বভাৰতীয় ৰাজনৈতিক দলৰ বৈষম্যমূলক নীতি, (খ)  দেশখনৰ বিভিন্ন ভাষিক আৰু ধৰ্মীয় গোষ্ঠীৰ মাজত থকা ভিন্নতা, (গ) সংখ্যালঘুসকলৰ মাজত থকা নিৰাপত্তাহীনতাৰ ভাৱ, (ঘ)কেন্দ্ৰীয় চৰকাৰৰ অধিক কেন্দ্ৰীকৰণৰ প্ৰৱণতা আৰু ৰাজ্যিক সম্পদসমূহৰ ওপৰত অধিক কৰ্তৃত্ব লাভৰ প্রচেষ্টা, (ঙ) সকলো ৰাজ্যৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰৰ সমদৃষ্টিৰ অভাৱ, (চ) ৰাষ্ট্ৰীয় দলৰ বা কেন্দ্ৰীয় চৰকাৰৰ ৰাজ্যিক নেতাৰ দুৰ্বলতা আদি।


(১৭) বৰ্তমান ভাৰতবৰ্ষত থকা উল্লেখযোগ্য আঞ্চলিক দলসমূহ নাম কি কি ?

উত্তৰঃ   বৰ্তমান ভাৰতবৰ্ষত থকা উল্লেখযোগ্য আঞ্চলিক দলসমূহ নাম হ'ল- ডি.এম. কে. এ. আই. ডি. এম. কে. (তামিলনাডু), আকালি দল (পাঞ্জাৱ), তেলেগু দেশম (অন্ধ্রপ্রদেশ), নেচনেল কনফাৰেঞ্চ (জম্মু কাশ্মীৰ), অসম গণ পৰিষদ (অসম), মিজো নেচনেল ফ্রণ্ট (মিজোৰাম), শিৱসেনা (মহাৰাষ্ট্ৰ), নাগালেণ্ড পিপুল্‌চ কনফাৰেঞ্চ (নাগালেণ্ড), ঝাৰখণ্ড মুক্তি মৰ্চা (ঝাৰখণ্ড) আদি।


(১৮) বিৰোধী দলৰ সবল ভূমিকাত থকা দুখন উল্লেখযোগ্য ৰাষ্ট্ৰ দুখনৰ নাম কি ?

উত্তৰঃ বিৰোধী দলৰ সবল ভূমিকাত থকা দুখন উল্লেখযোগ্য ৰাষ্ট্ৰ দুখনৰ নাম হ'ল- আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ইংলেণ্ড (গ্ৰেট ব্ৰিটেইন)।

(২০) মৰ্চা চৰকাৰ কাক বোলে ?

উত্তৰঃ যেতিয়া কোনো এটা বিশেষ ৰাজনৈতিক দলে একক সংখ্যা গৰিষ্ঠতা লাভ কৰি চাৰকাৰ গঠন কৰিবলৈ অপাৰগ হয় তেতিয়া কেইবাটাও ৰাজনৈতিক দল একগোট হৈ চৰকাৰ গঠন কৰে। এনে চৰকাৰকে মৰ্চা চৰকাৰ বোলা হয়।

(২১) মৰ্চা অথবা সংযুক্ত চৰকাৰে বৰ্তমান সময়ত বিশেষ গুৰুত্ব লাভ কৰা অন্তৰালৰ কাৰণ সমূহ কি কি ?

উত্তৰঃ মৰ্চা অথবা সংযুক্ত চৰকাৰে বৰ্তমান সময়ত বিশেষ গুৰুত্ব লাভ কৰা অন্তৰালৰ কাৰণ সমূহ হ'ল- (১) ৰাজনৈতিক দলৰ সংখ্যা বৃদ্ধি, (২) একক ৰাজনৈতিক দলৰ প্ৰাধান্য হ্রাস, (৩) এটা নিৰ্বাচনত কোটি কোটি টকা খৰচ হোৱাৰ পিছত যদি চৰকাৰ গঠনত জটিলতা আহে তেন্তে পুনৰ নিৰ্বাচন পাতি চৰকাৰী ধনৰ অপব্যয় হ'বলৈ নিদিয়াৰ চেষ্টাত মৰ্চা চৰকাৰ গঠন হয়। (৪) চৰকাৰত আঞ্চলিক প্রতিনিধিত্বৰ বিষয়টোৱেও মৰ্চা চৰকাৰ গঠনত গুৰুত্ব পায়।

(২২) কেন্দ্ৰত কিমান চনত কাৰ নেতৃত্বত প্ৰথমখন মৰ্চা চৰকাৰ গঠন হয় ?

উত্তৰঃ কেন্দ্ৰত ১৯৭৭ চনক মোৰাৰজী দেশাইৰ নেতৃত্বত প্ৰথমখন মৰ্চা চৰকাৰ গঠন হয়।

(২৩) কেন্দ্ৰত গঠন হোৱা মৰ্চা চৰকাৰ সমূহৰ নাম কি ?

উত্তৰঃ কেন্দ্ৰত গঠন হোৱা মৰ্চা চৰকাৰ সমূহৰ নাম হ'ল-  ইউনাইটেড ফ্রন্ট, সংযুক্ত গণতান্ত্রিক মৰ্চা (United Progressive Alliance - UPA) আৰু ৰাষ্ট্ৰীয় গণতান্ত্রিক মৰ্চা (Na tional Democratice Alliance- NDA)

(২৪) মৰ্চা চৰকাৰৰ দোষবোৰ কি কি লিখা?

উত্তৰঃ মৰ্চা চৰকাৰৰ দোষবোৰ হ'ল- 


১। ক্ষণস্থায়ী অথবা অস্থিৰ ঃ মৰ্চা চৰকাৰৰ আটাইতকৈ ডাঙৰ দোষটো হৈছে ইয়াৰ অস্থিৰতা। মৰ্চাত অংশ গ্ৰহণ কৰা দলসমূহৰ নিজা স্বাৰ্থত আঘাত পৰিলে তেনে দলে যিকোনো সময়তে সমর্থন উঠাই লোৱাৰ সম্ভাৱনা থাকে। ফলত কার্যকাল সম্পূর্ণ হোৱাৰ আগেয়ে এনে চৰকাৰৰ পতন ঘটে।


২। দুৰ্বল চৰকাৰ : মৰ্চা চৰকাৰ সাধাৰণতে দুর্বল হয়। অংশ গ্রহণকাৰী সকলো দলকে সন্তুষ্ট ৰাখিব লগীয়া হোৱাৰ বাবে এই চৰকাৰ কোনো বিষয়তে দৃঢ়তাৰে আগবাঢ়িব নোৱাৰে। 


৩। দীর্ঘম্যাদী আঁচনি গ্রহণত জটিলতা : মৰ্চা চৰকাৰ স্থায়ীত্বৰ ক্ষেত্ৰত দুৰ্বল হোৱা বাবে দীর্ঘম্যাদী আঁচনি গ্ৰহণ কৰি কার্যকৰী কৰাত জটিলতাৰ উদ্ভৱ হয়।


৪। অংশীদাৰী দলৰ আকাংক্ষা ঃ মৰ্চা চৰকাৰৰ অংশীদাৰ দলসমূহত বহুতো ৰাজনৈতিক নেতা থাকে আৰু বহু সময়ত তেওঁলোকৰ মূল লক্ষ্য হৈ পৰে ৰাজনৈতিক সুবিধা লাভ। ক্ষমতালোভী এনে নেতাৰ ব্যক্তিগত স্বার্থই চৰকাৰখনক জনস্বাৰ্থবৰোধী ৰূপ দিয়ে।


৫। জাতীয় স্বার্থ বিঘ্নিত হোৱাৰ আশংকা ঃ চৰকাৰ গঠনৰ স্বাৰ্থত মৰ্চাই বহু ক্ষেত্ৰত ক্ষুদ্র আঞ্চলিক আৰু সাম্প্রদায়িক স্বার্থক অগ্রাধিকাৰ দিব লগা হয়। ইয়াৰ ফলত জাতীয় স্বাৰ্থত আঘাত পৰাৰ শংকা থাকে।


৬। ব্যয়বহুল : মৰ্চা চৰকাৰ বহু ক্ষেত্ৰত ব্যয়বহুল হয়। বিশেষকৈ সকলো অংশীদাৰ দলক মন্ত্রী সভাত স্থান দিয়াৰ স্বাৰ্থত প্রয়োজনহীনভাৱে মন্ত্রীসভাৰ কলেৱৰ বৃদ্ধি কৰিবলগীয়া হয় আৰু যিয়ে ৰাজহুৱা ধনৰ অপচয় ঘটায়।

(২৫) মৰ্চা চৰকাৰৰ গুণবোৰ কি কি লিখা ?

উত্তৰঃ মৰ্চা চৰকাৰৰ গুণবোৰ হ'ল- 


১। পৰিস্থিতি আৰু সময় সাপেক্ষ : মৰ্চা চৰকাৰ পৰিস্থিতি আৰু সময় সাপেক্ষ। পৰিৱৰ্তিত ৰাজনৈতিক পৰিৱেশ আৰু পৰিস্থিতিত মৰ্চা চৰকাৰ গঠন ভাৰতবৰ্ষৰ দৰে বৃহৎ গণতান্ত্ৰিক ৰাষ্ট্ৰ এখনত সুস্থিৰতা বজাই ৰখাৰ ক্ষেত্ৰত অতীব প্রয়োজন। 


২। অস্বেচ্চাচাৰী চৰকাৰ ঃ একক সংখ্যাগৰিষ্ঠতা লাভ কৰি এক দলীয় চৰকাৰ গঠন হ'লে চৰকাৰখন স্বেচ্চাচাৰী হোৱাৰ আশংকা অধিক। বহু ক্ষেত্ৰত এনে চৰকাৰে বিধান মণ্ডলত সংখ্যাগৰিষ্ঠতাৰ সুবিধা লৈ জনস্বার্থবিৰোধী কাম কৰিবলৈও সংকোচবোধ নকৰে। কিন্তু মৰ্চা চৰকাৰত এনে শংকা কম। কিয়নো যিকোনো সিদ্ধান্তই মৰ্চাৰ অংশীদাৰ দলবিলাকৰ মাজত হোৱা যথোচিত আলোচনাৰ পিছতহে লোৱা সম্ভৱ। ফলত ক্ষমতাৰ অপব্যৱহাৰ আৰু স্বেচ্চাচাৰী হোৱাৰ আশংকা মৰ্চা চৰকাৰৰ ক্ষেত্ৰত কম।


৩। আঞ্চলিক প্রতিনিধিত্ব : একদলীয় চৰকাৰতকৈ মৰ্চা চৰকাৰত বিভিন্ন অঞ্চল আৰু জাতি-গোষ্ঠীয়ে প্ৰতিনিধিত্ব কৰাৰ অধিক সুযোগ লাভ কৰে। মৰ্চাত অংশগ্ৰহণকাৰী বিভিন্ন আঞ্চলিক পৰ্যায়ৰ দলবিলাকে তেওঁলোকৰ স্থানীয় সমস্যাসমূহ সমাধান কৰাৰ অধিক সুবিধা পায়।


৪। জাতীয় ঐক্য সংহতি ৰক্ষা : মৰ্চা চৰকাৰে বিভিন্ন ৰাজনৈতিক দলক এখন মজিয়ালৈ অনাৰ ফলত দলবিলাকে নিজা নীতি-আদৰ্শত কঠোৰভাৱে লাগি নাথাকি বুজাবুজিৰে কাম কৰে। ফলত জাতীয় ঐক্য-সংহতি বৃদ্ধি হয়।


৫। ৰাজহুৱা ধনৰ অপব্যৱহাৰ হ্ৰাস : এটা নির্বাচন অনুষ্ঠিত হৈ যোৱাৰ পিছত চৰকাৰ গঠনত জটিলতা আহিলে দেশে আকৌ এটা নিৰ্বাচনৰ সন্মুখীন হ'ব লগা হয়। এনে পৰিস্থিতিত কম দিনৰ ব্যৱধানত আন এটা নিৰ্বাচনৰ সন্মুখীন হোৱাৰ পৰা মৰ্চা চৰকাৰ গঠনে দেশক ৰক্ষা কৰে। এইদৰে মৰ্চা চৰকাৰ গঠনৰ প্ৰক্ৰিয়াই ৰাজহুৱা ধনৰ অপব্যয় ৰোধ কৰে।

(২৬) ভাৰতৰ প্ৰথমটো আঞ্চলিক দলটো নাম কি ?

উত্তৰঃ ভাৰতৰ প্ৰথমটো আঞ্চলিক দলটো নাম হ'ল- দ্ৰাবিড় মুন্নেট্টা কাজাগম (DMK)।


Type & Answer By : Himashree Bora.


Post ID: DABP002275