অৰ্থনীতিৰ মৌলিক বিষয়সমূহ | Chapter 1 Economic | Class 9 Social Science Part III Economic Chapter 1 Short Question and Answer | Class 9 Social Science Part III Economic Short Question and Answer Solutions Assamese Medium |


অৰ্থনীতিৰ মৌলিক বিষয়সমূহ 

Chapter 1 Economic


১। অৰ্থনীতি শব্দটো কোনটো ভাষাৰ কোনটো শব্দৰ পৰা অনা হৈছে ?

উত্তৰঃ অৰ্থনীতি শব্দটো গ্ৰীক ভাষাৰ 'Oikonomia'ৰ শব্দৰ পৰা অনা হৈছে।

২।  'Oikonomia' শব্দটোৰ অৰ্থ কি ?

উত্তৰঃ  'Oikonomia' শব্দটোৰ অৰ্থ হ'ল- 'Oikos' শব্দটোৰ অৰ্থ হৈছে পৰিয়াল আৰু 'nomos' শব্দৰ অৰ্থ হ'ল নিয়ম। গতিকে অৰ্থবিজ্ঞানক পৰিয়াল বা সমাজ পৰিচালনাৰ নিয়ম বুলি গণ্য কৰা হয়।

৩। অৰ্থবিজ্ঞানৰ পিতৃস্বৰূপ কোন ?

উত্তৰঃ অৰ্থবিজ্ঞানৰ পিতৃস্বৰূপ হ'ল- এডাম স্মিথ।

৪। এডাম স্মিথে প্ৰকাশিত গ্ৰন্থখনৰ নাম কি ?

উত্তৰঃ এডাম স্মিথে প্ৰকাশিত গ্ৰন্থখনৰ নাম হ'ল- ‘An Enquiry into the Nature and Causes of the Wealth of Nations''ৱঅৰ্থবিজ্ঞান সম্পদৰ বিজ্ঞান' (Economics is the Science of Wealth) বুলি অভিহিত কৰিছে। স্মিথৰ এই সংজ্ঞাটোক সম্পদ ভিত্তিক সংজ্ঞা বুলি কোৱা হয়।

৫। এডাম স্মিথৰ  গ্ৰন্থখন কিমান চনত প্ৰকাশিত হৈছিল ?

উত্তৰঃ এডাম স্মিথৰ  গ্ৰন্থখন ১৭৭৬ চনত প্ৰকাশিত হৈছিল।

৬। আলফ্ৰেদ মাৰ্ছেলৰ গ্ৰন্থখন কিমান চনত প্ৰকাশিত হৈছে আৰু গ্ৰন্থখনৰ নাম কি ?

উত্তৰঃ আলফ্ৰেদ মাৰ্ছেলৰ গ্ৰন্থখন ১৮৯০ চনত প্ৰকাশিত হৈছে আৰু গ্ৰন্থখনৰ নাম হ'ল  'Principles of Economics'।

৭।  আলফ্ৰেদ মাৰ্ছেলৰ অৰ্থনীতি সংজ্ঞাটো লিখা ?

উত্তৰঃ আলফ্ৰেদ মাৰ্ছেলৰ সংজ্ঞাটো হ'ল- 'মানৱ জাতিৰ দৈনন্দিন জীৱনৰ কাৰ্যাৱলী অধ্যয়নেই হৈছে অৰ্থনীতি'। ই ব্যক্তিগত আৰু সামাজিক কাৰ্যাৱলীৰ সেই অংশটো অধ্যয়ন কৰে, যিটো অংশ পাৰ্থিৱ কল্যাণ সাধন আৰু ইয়াৰ ব্যৱহাৰৰ সৈতে ঘনিষ্ঠভাৱে জড়িত। সেয়েহে এহাতে অৰ্থনীতি হৈছে সম্পদৰ অধ্যয়ন, আনহাতে অধিক গুৰুত্বপূৰ্ণভাৱে ই মানৱ অধ্যয়নৰ এটা অংশ। 

৮। লায়'নেল ৰবিন্সৰ অৰ্থনীতি সংজ্ঞাটো লিখা ?

উত্তৰঃ লায়'নেল ৰবিন্সৰ সংজ্ঞাটো হ'ল- 'যি বিজ্ঞানে মানুহৰ আচৰণক মানুহৰ অপৰিসীম আশা (লক্ষা) আৰু ইয়াৰ বিপৰীতে বিকল্পভাবে ব্যৱহাৰ কৰিবলগীয়া সীমিত সম্পদৰ (উপায়) মাজৰ সম্পৰ্ক হিচাপে অধ্যয়ন কৰে সিয়েই অর্থনীতি'।

৯। লায় 'নেল ৰবিন্সৰ গ্ৰন্থখন কিমান চনত প্ৰকাশিত হৈছে আৰু গ্ৰন্থখনৰ নাম কি ?

উত্তৰঃ লায় 'নেল ৰবিন্সৰ গ্ৰন্থখন ১৯৩২  চনত প্ৰকাশিত হৈছে আৰু গ্ৰন্থখনৰ নাম হ'ল  'An Essay on the nature and significance of Economic Science'।

১০।  লায়'নেল ৰবিন্সৰ সংজ্ঞাটোত কি কি মৌলিক ধাৰণাৰ গুৰুত্ব লাভ কৰিছে লিখা ?

উত্তৰঃ   লায়'নেল ৰবিন্সৰ সংজ্ঞাটোত তিনিটা মৌলিক ধাৰণাৰ গুৰুত্ব লাভ কৰিছে সেইকেইটা হ'ল-

 (১) মানুহৰ অভাৱ অসীম (Human wants are unlimited) |

(২) অভাৱ পূৰণৰ উপায় বা আহিলাসমূহ সীমিত (Resources to satisfy human wants are limited) |

(৩) সীমিত সম্পদসমূহ বিকল্প ব্যৱহাৰযোগ্য (Scarce resources have alternative uses ) ।

১১। ছেমুৱেলছন আৰু নৰ্দহাছৰ অৰ্থবিজ্ঞানৰ সংজ্ঞাটো লিখা।

উত্তৰঃ ছেমুৱেলছন আৰু নৰ্দহাছৰ অৰ্থবিজ্ঞানৰ সংজ্ঞাটো হ'ল- "দুষ্প্রাপ্যতাৰ বাস্তবিকতা স্বীকাৰ কৰি লৈ সম্পদৰাজিৰ সৰ্বোত্তম দক্ষতাপূৰ্ণ ব্যৱহাৰৰ বাবে সমাজ গঠন কৰাটোৱেই হ'ল। অর্থনীতিৰ মূল বিষয়।"

১২। উৎপাদনৰ চাৰিটা উপাদান কি কি লিখা ?

উত্তৰঃ উৎপাদনৰ চাৰিটা উপাদান হ'ল- ভূূমি, শ্ৰম, মূলধন আৰু সংগঠন।

১৩। ৰাষ্ট্ৰীয় আয় কাক বোলে ?

উত্তৰঃ এখন দেশৰ এটা নিৰ্দিষ্ট বিত্তীয় বর্ষ (Financial Year)ত যি দ্রব্য বা সেৱা সামগ্রী উৎপাদন কৰা হয় তাৰ মুদ্ৰা মূলাই হৈছে ৰাষ্ট্ৰীয় আয়।

১৪। জনমূৰি আয় কাক বোলে ?

উত্তৰঃ এখন দেশৰ মুঠ ৰাষ্ট্রীয় আয়ক দেশখনৰ জনসংখ্যাবে ভাগ কৰিলে যি মান পোৱা যায় তাকে দেশখনৰ জনমূৰি আয় বুলি কোৱা হয়। অর্থাৎ



১৫। মূলধন কাক বোলে ?

উত্তৰঃ উৎপাদনৰ উপায় বা আহিলাই হৈছে মূলধন। অর্থাৎ‍ উৎপাদনৰ সেই অংশটোক মূলধন বুলি কোৱা হয় যিবোৰ পুনৰ উৎপাদনৰ কামত ব্যৱহাৰ কৰা হয়।

১৬। সঞ্চয় কাক বোলে ?

উত্তৰঃ আয়ৰ যি অংশ ভোগ কার্যত ব্যয় কৰা নহয় তাকে সঞ্চয় বুলি কোৱা হয়। সেয়েহে আয় = ভোগ ব্যয় + সঞ্চয় বুলি কোৱা হয়

১৭। কল্যাণ কেই প্ৰকাৰৰ কি কি ?

উত্তৰঃ কল্যাণ দুই প্ৰকাৰৰ অৰ্থনৈতিক কল্যাণ আৰু অনা-অৰ্থনৈতিক কল্যাণ।    

১৮। সম্পদ হ'বলৈ হ'লে কি কি চাৰিটা গুণ থাকিব লাগিব ? 

উত্তৰঃ  সম্পদ হ'বলৈ হ'লে উপযোগিতা, অপ্ৰচুৰতা বা দুৰ্লভতা, হস্তান্তৰযোগ্যতা আৰু বাহ্যিকতা এই চাৰিটা  গুণ থাকিব লাগিব।

১৯। অভাৱ কাক বোলে ?

উত্তৰঃ কোনো বস্তুৰ পৰা উপযোগিতা লাভৰ আকাংক্ষা সৃষ্টি হোৱাকে অভাৱ বোলে ।  

২০। অৰ্থবিজ্ঞানৰ বস্তু বুলি কাক কোৱা হয়?

উত্তৰঃ মানুহৰ অভাৱ পূৰণ কৰি সন্তুষ্টি প্ৰদান কৰিব পৰা সকলো সামগ্ৰী আৰু সেৱাকাৰ্যকে অৰ্থবিজ্ঞানত বস্তু বুলি কোৱা হয়।    

২২। বস্তুবোৰক কেইটা ভাগত বিভক্ত কৰিছে লিখা ?

উত্তৰঃ বস্তুবোৰক দুটা ভাগত বিভক্ত কৰিছে ভৌতিক বস্তু আৰু অভৌতিক বস্তু।  

২৩। ভৌতিক বস্তু আৰু অভৌতিক বস্তুৰ উদাহৰণ দিয়া ?

উত্তৰঃ ভৌতিক বস্তু উদাহৰণ হ'ল- চকী-মেজ, ঘৰ-দুৱাৰ, যন্ত্ৰ-পাতি, খাদ্য আৰু বস্ত্ৰ আদি।

আৰু অভৌতিক বস্তু উদাহৰণ হ'ল- শিক্ষক, চিকিৎসক, ৰাজনীতিবিদ, আৰক্ষী, আৰু অভিবক্তা আদি।

২৪। বস্তুবোৰক পুণৰ দুই শ্ৰেণীত ভাগ কৰা হয় কি কি ?

উত্তৰঃ বস্তুবোৰক পুণৰ দুই শ্ৰেণীত ভাগ কৰা হয় সেইকেইটা হ'ল- মুক্ত বস্তু আৰু আৰ্থিক বস্তু।

২৫। মুক্ত বস্তু মানে কি ?

উত্তৰঃ মুক্ত বস্তু মানে হ'ল- প্ৰকৃতিৰ মুক্ত দান। যেনে- সূৰ্যৰ তাপ, বতাহ, বৰষুণ পানী ইত্যাদি । 

২৬। আৰ্থিক বস্তু মানে কি ?

উত্তৰঃ আৰ্থিক বস্তু মানে- আৰ্থিক বস্তুবোৰ যোগান চাহিদাতকৈ সীমিত। সেয়েহে এনে বস্তুৰ দৰ বা দাম থাকে। উদাহৰণস্বৰূপে বিজুলীৰ পোহৰ, খাদ্য, বস্ত্ৰ আদি আৰ্থিক বস্তু।

২৭।  যোগান কাক বোলে ?

উত্তৰঃ উৎপাদনৰ যিটো অংশ বজাবলৈ বিক্ৰীৰ বাবে অন্য হয় সেই অংশটোক যোগান বুলি কোৱা হয়।

২৮। বজাৰ বুলিলে কি বুজা ?
উত্তৰঃ সাধাৰণ অৰ্থত বজাৰ বুলি ক'লে এখন ঠাইক বুজায় য'ত বস্তুৰ ক্রয়-বিক্রয় কৰা হয়।

২৯। চাহিদা কাক বোলে ?

উত্তৰঃ এজন ভোক্তাৰ কোনো বস্তু এটা পাবলৈ থকা হাবিয়াস বা আকাংক্ষাক চাহিদা বুলি কোৱা হয় যদিহে উক্ত বস্তুটো ক্ৰয় কৰাৰ আৰ্থিক ক্ষমতা ভোক্তাজনৰ থাকে।

৩০। ব্যষ্টিবাদী অৰ্থনীতি শব্দটো কি শব্দৰ পৰা আনিছে ?

উত্তৰঃ ব্যষ্টিবাদী অৰ্থনীতি শব্দটো গ্ৰীক শব্দৰ 'Mikros' ৰ পৰা আহিছে যাৰ অৰ্থ হ'ল- 'সৰু'।


Type & Answered By : Himashree Bora.





Post ID : DABP005044