ভাৰতবৰ্ষৰ ৰাজনৈতিক দল আৰু দলীয় ব্যৱস্থা

(Parties and Party Systems in India)

অধ্যায় ৬

প্ৰশ্নাৱলী

উত্তৰ দিয়াঃ

১) ৰাজনৈতিক দলৰ সংজ্ঞা।

উত্তৰঃ একে ৰাজনৈতিক ধাৰণা বা ৰাজনৈতিক মতামতৰ অংশীদাৰিত্ব থকা তথা সাংবিধানিক প্ৰক্ৰিয়াৰ দ্বাৰা ৰাজনৈতিক ক্ষমতা আহৰণ কৰিব বিচৰা, জাতীয় স্বাৰ্থৰ হকে কাম কৰিব বিচৰা ব্যক্তিৰ সমষ্টিয়ে হল ৰাজনৈতিৰ দল।


২) ডভাৰজাৰৰ ৰাজনৈতিক দলৰ বিশ্লেষণ সম্পৰ্কে আলোচনা কৰা।

উত্তৰঃ ডভাজাৰৰ মতে, ৰাজনৈতিক দলসমূহ হৈছে কিছুমান সংগঠিত গোট যিয়ে ৰাজনৈতিক ক্ষমতা গণতান্ত্ৰিক নিৰ্বাচন বা বিপ্লৱৰ দ্বাৰা আহৰয়ণ কৰিব বিচাৰে।


৩) আলমণ্ডৰ দলীয় বিন্যাস সম্পৰ্কে আলোচনা কৰা।

উত্তৰঃ (ক) স্বৈৰাচাৰী দলীয় ব্যৱস্থাঃ এনে ব্যৱস্থা একদলীয় শাসন পদ্ধতিৰ দৰে। এনে ব্যৱস্থাত দলটোৱে সমাজৰ সামাজিক গাঁথনিৰ মাজেৰে প্ৰৱেশ কৰি ইচ্ছা বা স্বাৰ্থসমূহক পুঞ্জীভূত কৰে, তথা দলীয় গাঁথনিৰ দ্বাৰা দাবীসমূহক একগোট কৰাৰ চেষ্টা কৰে।

(খ) প্ৰভাৱশালী অ-স্বৈৰাচাৰী দলীয় ব্যৱস্থাঃ এনে ব্যৱস্থা বিশেষকৈ তৃতীয় বিশ্বৰ দেশসমূহত দেখিবলৈ পোৱা যায়। লগতে এনেবোৰ দেশত ৰাজনৈতিক দলসমূহে স্বাধীনতা আন্দোলনৰ দ্বাৰা বিকাশ লাভ কৰা দেখা যায়।

(গ) প্ৰতিযোগিতামূলক দ্বি-দলীয় ব্যৱস্থাঃ এনে ব্যৱস্থা সমসত্ব তথা নিৰপেক্ষ ৰাজনৈতিক সংস্কৃতিৰ ওপৰত প্ৰতিষ্ঠিত। উদাহৰণস্বৰূপে- আমেৰিকা আৰু ইংলেণ্ডৰ দলীয় ব্যৱস্থা।

(ঘ) প্ৰতিযোগিতামূলক বহুদলীয় ব্যৱস্থাঃ এনে ব্যৱস্থাত বিভিন্ন উদ্দেশ্যেৰে গঢ়ি উঠা তথা বিভিন্ন বিষয় প্ৰতিনিধিত্ব কৰা ৰাজনৈতিক দলৰ উপস্থিতি পৰিলক্ষিত হয়। এনে ব্যৱস্থাত বিভিন্ন বিভাজনো দেখিবলৈ পোৱা যায়।


৪) ৰাষ্ট্ৰীয় আৰু আঞ্চলিক দলৰ চিনাক্তকৰণৰ উপায়সমূহ আলোচনা কৰা।

উত্তৰঃ এটা নিৰ্দিষ্ট দলে তেতিয়াহে ৰাষ্ট্ৰীয় দল হিচাপে স্বীকৃতি লাভ কৰিব, যেতিয়া তলত থকা চৰ্ত সম্পূৰ্ণ কৰিব-

(১) যদি লোকসভা বা ৰাজ্যিক বিধানসভাৰ সাধাৰণ নিৰ্বাচনত চাৰিখন বা ততোধিক ৰাজ্যৰ ভোটদানৰ ছয় শতাংশ বৈধ ভোট লাভ কৰে আৰু লগতে যদি কোনো এখন বা ততোধিক ৰাজ্যৰ পৰা চাৰিজন সদস্য লোকসভালৈ নিৰ্বাচিত হয়।

(২) যদি লোকসভাৰ সাধাৰণ নিৰ্বাচনত দলে দুই শতাংশ আসনত জয়যুক্ত হয় আৰু এই সদস্যসমূহ যদি তিনিখন ৰাজ্যৰ পৰা নিৰ্বাচিত হয়।

(৩) যদি এই দৰে যিকোনো চাৰিখন ৰাজ্যত ৰাজ্যিক বা আঞ্চলিক দল হিচাপে স্বীকৃতি লাভ কৰে।

এটা নিৰ্দিষ্ট দলে তেতিয়াহে আঞ্চলিক দল হিচাপে স্বীকৃতি লাভ কৰিব, যেতিয়া তলত থকা চৰ্ত সম্পূৰ্ণ কৰিব-

(১) যদি লোকসভাৰ সাধাৰণ নিৰ্বাচনত কোনো ৰাজ্যত হোৱা ভোটদানৰ ছয় শতাংশ বৈধ ভোট লাভ কৰে আৰু লগতে সেই নিৰ্দিষ্ট ৰাজ্যৰ পৰা লোকসভালৈ এখন আসন লাভ কৰে।

(২) যদি কোনো ৰাজ্যৰ ৰাজ্যিক বিধানসভা নিৰ্বাচনত এটা দলে তিনি শতাংশ আসনত জয়লাভ কৰে 

(৩) যদি লোকসভাৰ প্ৰতি ২৫ খন আসনৰ বিপৰীতে এখন আসন লাভ কৰে।


৫) ৰাজনৈতিক দলৰ কাৰ্যাৱলী সম্পৰ্কে আলোচনা কৰা।

উত্তৰঃ 

৬) ৰাজনৈতিক দলৰ প্ৰকৃতি সম্পৰ্কে আলোচনা কৰা।

উত্তৰঃ ৰাজনৈতিক দলৰ কোনো সাংবিধানিক স্বীকৃতি নাইঃ ভাৰতীয় সংবিধানত ৰাজনৈতিক দলৰ কোনো উল্লেখ নাই। কিন্তু ভাৰতবৰ্ষৰ স্বাধীনতা আন্দোলনত ভাৰতীয় জাতীয় কংগ্ৰেছৰ সক্ৰিয় ভূমিকাই ভাৰতবৰ্ষৰ ৰাজনীতি অনানুষ্ঠানিকভাৱে ৰাজনৈতিক দলৰ জন্ম দিয়ে। পৰৱৰ্তী সময়ত অৰ্থাৎ ভাৰতবৰ্ষই স্বাধীনতা লাভ কৰাৰ পাচত বৈচিত্ৰ্যতাক স্বীকৃতি প্ৰদান কৰি বহুতো ৰাজনৈতিক দলৰ সৃষ্টি হোৱা দেখা যায়। কোন দলক সৰ্বভাৰতীয় দল হিচাপে স্বীকৃতি দিব আৰু কোন দলক আঞ্চলিক দল হিচাপে স্বীকৃতি দিব সেই বিষয়ত ভাৰতবৰ্ষৰ নিৰ্বাচনী আয়োগে সিদ্ধান্ত গ্ৰহণ কৰে।

(খ) ভাৰতবৰ্ষৰ দৰে বিশাল, জনবহুল তথা বৈচিত্ৰ্যময় দেশৰ বাবে বহুদলীয় ব্যৱস্থা অধিক উপযুক্ত। ভাৰতবৰ্ষত বিশ্বৰ ভিতৰতে সৰ্বাধিক সংখ্যক ৰাজনৈতিক দল আছে, যিসমূহক সোঁপন্থী, বামপন্থী, মধ্যম পন্থী, সাম্প্ৰদায়িক আদি বিভিন্ন আদৰ্শৰ ভিত্তিত ভাগ কৰিব পাৰি। সৰ্বভাৰতীয় পৰ্যায়ৰ কিছুমান ৰাজনৈতিক দল হল- কংগ্ৰেছ, ভাৰতীয় জনতা পাৰ্টি, চি পি আই,ইত্যাদি।

(গ) পৰম্পৰাগত কাৰকঃ পাশ্চাত্যৰ ৰাজনৈতিক দলসমূহলৈ মন কৰিলে দেখা যায় যে প্ৰায়ভাগ দলেই সামাজিক, ৰাজনৈতিক তথা অৰ্থনৈতিক বিষয়ৰ ভিত্তিত গঢ়ি উঠিছে। আনহাতে ভাৰতবৰ্ষৰ বেছিভাগ দলেই যেনে- শিৱসেনা, মুছলিম লীগ, হিন্দু মহাসভা, আকালি দল, বহুজন সমাজ পাৰ্টী আদি ধৰ্ম, বৰ্ণ, ভাষা-সংস্কৃতি আদি বিষয়ৰ ভিত্তিতহে গঢ়ি উঠিছে।


৭) ভাৰতবৰ্ষৰ ৰাজনৈতিক দলৰ গতিধাৰা সম্পৰ্কে বহলাই আলোচনা কৰা।

উত্তৰঃ একক প্ৰাধান্যকাৰী দলীয় ব্যৱস্থাঃ ১৮৮৫ চনতে প্ৰতিষ্ঠিত হোৱা ভাৰতীয় জাতীয় কংগ্ৰেছে স্বাধীনতা আন্দোলনত মুখ্য ভূমিকা পালন কৰাৰ লগতে পৰৱৰ্তী সময়তো ৰাজনৈতিক ব্যৱস্থাত গুৰুত্বপূৰ্ণ স্থান লাভ কৰিছিল আৰু লগতে জনপ্ৰিয়তাও অৰ্জন কৰিছিল। নিৰপেক্ষভাৱে সকলো লোকক তথা সকলো আন্দোলনক সামৰি লবলৈ সক্ষম হোৱাৰ বাবেই আন দলতকৈ এই দলে অধিক প্ৰতিনিধিত্বমূলক তথা সক্ৰিয় ভূমিকা পালন কৰিবলৈ সক্ষম হৈছিল।

    ভাৰতীয় ৰাজনীতিৰ দলীয় ইতিহাসলৈ মন কৰিলে দেখা যায় যে ১৯৫২, ১৯৫৭, ১৯৬১ আৰু ১৯৬৭ চনৰ সাধাৰণ নিৰ্বাচনত কংগ্ৰেছে কেন্দ্ৰীয় চৰকাৰত অধিক আসন লাভ কৰাৰ লগতে ৰাজ্যিক পৰ্যায়তো ক্ষমতা লাভ কৰিবলৈ সক্ষম হৈছিল। এনে ফলাফলৰ বাবেই ৰজনী কোঠাৰীয়ে ভাৰতবৰ্ষৰ ৰাজনৈতিক দলীয় ব্যৱস্থাক কংগ্ৰেছ ব্যৱস্থা আৰু মৰিছ জনছে একক প্ৰাধান্যকাৰী দলীয় ব্যৱস্থা আখ্যা দিছে।

আঞ্চলিক ৰাজনৈতিক দলৰ মেৰুকৰণঃ ১৯৬৭ চনৰ সাধাৰণ নিৰ্বাচনে ভাৰতীয় ৰাজনীতিত ব্যাপক পৰিৱৰ্তনৰ সূচনা কৰিলে, যিয়ে ৰাজনৈতিক ব্যৱস্থাৰ সাংগঠনিক পৰিৱৰ্তনৰ লগে লগে একক প্ৰাধান্যকাৰী দলীয় ব্যৱস্থাৰ পৰা প্ৰতিযোগিতামূলক বহুদলীয় ব্যৱস্থাৰ সূচনা কৰে। ইয়াৰ ফলস্বৰূপে কংগ্ৰেছ দলৰ প্ৰাধান্য কমি আহিবলৈ ধৰিলে আৰু আঠখনকৈ ৰাজ্যিক বিধানসভাত কংগ্ৰেছ দলে সংখ্যাগৰিষ্ঠতা হেৰুৱায়। সেই ৰাজ্যকেইখন হল ক্ৰমে বিহাৰ, পশ্চিমবংগ, উৰিষ্যা, তামিলনাডু, পাঞ্জাৱ, ৰাজস্থান, কেৰালা, উত্তৰ প্ৰদেশ।

    ভাৰতবৰ্ষৰ ৰাজনৈতিক ব্যৱস্থাটো একক প্ৰাধান্যকাৰী দলীয় ব্যৱস্থাৰ মাজেৰে পাৰ হৈ পৰৱৰ্তী সময়ত দলীয় বিভাজনৰ ফলত মৰ্চা ৰাজনীতিত সোমাই পৰে। ফলত নিৰ্বাচনৰ পূৰ্বে প্ৰাক্-নিৰ্বাচনী মিত্ৰজোটঁত সোমাই কংগ্ৰেছক শাসনৰ পৰা উৎখাত কৰাৰ প্ৰয়াস কৰে। বিশেষকৈ কেৰালা, তামিলনাডু, উৰিষ্যা আদি আঞ্চলিক দলসমূহে মিত্ৰজোঁটৰ দ্বাৰা গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল।


৮) ভাৰতবৰ্ষৰ গণতান্ত্ৰিক ব্যৱস্থাত ৰাজনৈতিক দলৰ গুৰুত্ব সম্পৰ্কে আলোচনা কৰা।

উত্তৰঃ 

৯) চমোটোকা লিখাঃ

(ক) দলত্যাগ।

উত্তৰঃ ভাৰতবৰ্ষৰ ৰাজনৈতিক দলৰ ব্যৱস্থাত দলত্যাগ এক যথেষ্ট গুৰুত্বপূৰ্ণ তথা  জটিল বিষয় হিচাপে দেখা দিছে। ৰাজনৈতিক লাভালাভৰ বাবেই হওক তথা আদৰ্শগত মতবিৰোধৰ বাবেই হওক, দলত্যাগ বৰ্তমান ৰাজনৈতিক দলীয় ব্যৱস্থাত এক নৈমিত্তিক বৈশিষ্ট্যৰূপে দেখা দিয়া পৰিলক্ষিত হয়। বিশেষকৈ ১৯৬৭ চনৰ সাধাৰণ নিৰ্বাচনৰ পাচত দলত্যাগ ব্যৱস্থাই গুৰুতৰ ৰূপত ধাৰণ কৰা দেখা যায়। ১৯৮৫ চনত দলত্যাগ বিৰোধী আইন প্ৰৱৰ্তনৰ পিচতো এই প্ৰৱণতা হ্ৰাস পোৱা নাই।

(খ) বহুদলীয় ব্যৱস্থা।

উত্তৰঃ ভাৰতবৰ্ষৰ দৰে বিশাল, জনবহুল তথা বৈচিত্ৰময় দেশৰ বাবে বহুদলীয় ব্যৱস্থা অধিক উপযুক্ত। ভাৰতবৰ্ষত বিশ্বৰ ভিতৰতে সৰ্বাধিকসংখ্যক ৰাজনৈতিক দল আছে, যিসমূহক সোঁপন্থী, বামপন্থী, মধ্যমপন্থী, সম্প্ৰদায়িক, অ-সাম্প্ৰদায়িক আদি বিভিন্ন আদৰ্শৰ ভিত্তিত ভাগ কৰিব পাৰি। সৰ্বভাৰতীয় পৰ্যায়ৰ কিছুমান ৰাজনৈতিক দল হল- কংগ্ৰেছ, ভাৰতীয় জনতা পাৰ্টি, চি পি আই, চি পি আই (এম) ইত্যাদি। আনহাতে আঞ্চলিক পৰ্যায়ৰ দল কিছুমান হল- অসমৰ অসম গণ পৰিষদ, পঞ্জাবৰ আকালি দল, অন্ধ্ৰপ্ৰদেশৰ তেলেগুদেশম দল কিছুমান হল- অসমৰ অসম গণ পৰিষদ, পঞ্জাবৰ আকালি দল, অন্ধ্ৰপ্ৰদেশৰ তেলেগুদেশম পাৰ্টি, তামিলনাডুৰ ড্ৰাবিড়া মুন্নেট্ৰা কাজাঘাম, উৰিষ্যাৰ বিজু জনতা দল ইত্যাদি।


(গ) দ্বিদলীয় ব্যৱস্থা

উত্তৰঃ এনে ব্যৱস্থাই দুটা ৰাজনৈতিক দলৰ উপস্থিতিক বুজায়। উদাহৰণস্বৰূপে- আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰিপাব্লিকান আৰু ডেমক্ৰেটিক পাৰ্টি, ইংলেণ্ডৰ লেবাৰ পাৰ্টি আৰু কনজাৰডেটিভ পাৰ্টি।


(ঘ) একদলীয় ব্যৱস্থা

উত্তৰঃ এনে ব্যৱস্থাত এটাই ৰাজনৈতিক দল থাকে আৰু সেই পূৰ্বৰ সাম্যবাদী দেশ USSR বা পূব ইউৰোপীয় দেশসমূহত এনে ব্যৱস্থা পোৱা গৈছিল।


(ঙ) ভাৰতীয় জাতীয় কংগ্ৰেছ।

উত্তৰঃ ভাৰতবৰ্ষই স্বাধীনতা লাভ কৰাৰ প্ৰায় ছয় দশক পূৰ্বে অৰ্থাৎ ১৮৮৫ চনত এলান অক্টোভিয়ান হিউম নামৰ এজন ইংৰাজ বিষয়াই কংগ্ৰেছ অনুষ্ঠানটো গঠন কৰিছিল। তেওঁক কংগ্ৰেছৰ পিতৃ বুলি গণ্য কৰা হয়। প্ৰথম অৱস্থাত কংগ্ৰেছ এটা অৰাজনৈতিক অনুষ্ঠান আছিল আৰু ইংৰাজবিৰোধী নাছিল। কিন্তু কিছুমান সংস্কাৰ সাধনৰ ক্ষেত্ৰত ইংৰাজৰ পৰা বিশেষ সঁহাৰি নোপোৱাত আৰু ইংৰাজৰ ভাৰতবিদ্বেশী মনোভাবৰ ফলত কংগ্ৰেছী লোকসকলে আন্দোলনৰ পথ লবলৈ বাধ্য হৈছিল। ১৯০৫ চনত কংগ্ৰেছ চৰমপন্থী আৰু নৰমপন্থী দুটা গোটত বিভক্ত হৈছিল।

    প্ৰথম মহাসমৰৰ পিচত মহাত্মা গান্ধীয়ে কংগ্ৰেছত যোগদান কৰি কংগ্ৰেছৰ নেতৃত্বৰ দায়িত্ব গ্ৰহণ কৰাৰ পিচত ভাৰতত প্ৰায় সকলো শ্ৰেণীৰ মানুহে কংগ্ৰেছত যোগদান কৰি ভাৰতৰ স্বাধীনতা আন্দোলনত জঁপিয়াই পৰিছিল। কংগ্ৰেছৰ নেতৃত্বত চলা স্বাধীনতা আন্দোলনৰ ফলশ্ৰুতিত ১৯৪৭ চনৰ ১৫ আগষ্টৰ দিনাখন ভাৰতবৰ্ষই স্বাধীনতা লাভ কৰিছিল। কংগ্ৰেছৰ নেতৃত্বত প্ৰথম স্বাধীন ভাৰতৰ চৰকাৰ ক্ষমতাত অধিষ্ঠিত হৈছিল আৰু ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী হিচাপে পণ্ডিত জৱাহৰলাল নেহৰুৱে দেশৰ শাসনভাৰ গ্ৰহণ কৰি প্ৰায় ওঠৰ বছৰ ভাৰতৰ প্ৰধানমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। ভাৰতবৰ্ষই স্বাধীনতা লাভ কৰাৰ পিছৰ পৰা কংগ্ৰেছে একেলেথাৰিয়ে কেন্দ্ৰত ১৯৭৭ চনলৈকে শাসনত অধিষ্ঠিত আছিল। অৱশ্যে ১৯৬৯ চনত ৰাষ্ট্ৰপতি নিৰ্বাচনক কেন্দ্ৰ কৰি কংগ্ৰেছ দলৰ মাজত মনোমালিন্য ঘটিছিল আৰু ইয়াৰ ফলশ্ৰুতিত কংগ্ৰেছ দলটো দুটা দলত বিভক্ত হৈছিল, কংগ্ৰেছ সভাপতি নিজলিংগপ্পাৰ নেতৃত্বত সাংগঠনিক কংগ্ৰেছল অ আৰু ইন্দিৰা গান্ধীৰ নেতৃত্বক শাসক কংগ্ৰেছ আৰ।


(চ) অসমৰ আঞ্চলিক ৰাজনৈতিক দল

উত্তৰঃ অসমত অসম গণ পৰিষদ নামৰ এটা আঞ্চলিক ৰাজনৈতিক দল ১৯৮৫ চনত গঠন হৈছিল। অৱশ্যে সাধাৰণতে ভাৰতবৰ্ষৰ আন আন ৰাজ্যৰ আঞ্চলিক ৰাজনৈতিক দলৰ দৰে অসমৰ আঞ্চলিক ৰাজনৈতিক দল অসম গণ পৰিষদ কোনো ধৰ্মীয় নাইবা ভাষাৰ ভিত্তিত প্ৰতিষ্ঠা হোৱা নাছিল। ইয়াৰ জন্মলগ্ন আন আঞ্চলিক ৰাজনৈতিক দলৰ তুলনাত সুকীয়া। অসমত বিদেশী অনুপ্ৰৱেশৰ বাবে অসমৰ অস্তিত্ব বিপন্ন হোৱাৰ আশংকা কৰি সদৌ অসম ছাত্ৰ সন্থা নামৰ এটা অৰাজনৈতিক সংগঠনৰ নেতৃত্বত বিদেশী বিতাড়নৰ বাবে সজোৰে আন্দোলন আৰম্ভ হৈছিল। বিদেশী বিতাড়ন আন্দোলন ছবছৰ অতিবাহিত হোৱাৰ পিচত ১৯৮৫ চনৰ আগষ্ট মাহত কেন্দ্ৰীয় চৰকাৰ আৰু সদৌ অসম ছাত্ৰ সন্থাৰ মাজত অসম চুক্তি স্বাক্ষৰিত হোৱাৰ পিচত আন্দোলনৰ সামৰণি পৰিছিল।


(ছ) ভাৰতীয় জনতা পাৰ্টী।

উত্তৰঃ ভাৰতীয় জনটা পাৰ্টীয়ে আনুষ্ঠানিকভাৱে ১৯৮০ চনৰ ৬ এপ্ৰিলৰ দিনাখন জনসংঘৰ উত্তৰাধিকাৰী হিচাপে জন্মলাভ কৰে। ১৯৫১ চনত ড॰ শ্যামাপ্ৰসাদ মূখাৰ্জীৰ নেতৃত্বত গঠন হোৱা জনসংঘৰ নতুন ৰূপ হল ভাৰতীয় জনতা পাৰ্টি। ভাৰতবৰ্ষত ১৯৭৫ চনত ঘোষিত ৰাষ্ট্ৰীয় জৰুৰীকালীন অৱস্থাৰ অৱসানৰ পিচত ১৯৭৭ চনত নতুন সাধাৰণ নিৰ্বাচন অনুষ্ঠিত কৰাৰ কথা ঘোষণা কৰা হৈছিল। এনে সময়ত ভাৰতবৰ্ষৰ ৰাজনৈতিক ইতিহাসত অভিনৱভাৱে কেইটামান  ৰাজনৈতিক দল সংযুক্ত হৈ কংগ্ৰেছৰ বিকল্প হিচাপে ১৯৭৭ চনৰ ২৩ জানুৱাৰী তাৰিখে জনতা পাৰ্টি গঠন কৰিছিল আৰু জনসংঘও জনতা পাৰ্টিৰ অংশীদাৰ হৈছিল।

    ১৯৭৭ চনত অনুস্থিত হোৱা লোকসভাৰ সাধাৰণ নিৰ্বাচনত জনতা পাৰ্টিয়ে বিপুল ভোটত জয়লাভ কৰি প্ৰথমবাৰৰ বাবে কেন্দ্ৰত অকংগ্ৰেছী চৰকাৰ গঠন কৰিছিল আৰু পূৰ্বৰ জনসংঘৰ নেটা অটল বিহাৰী বাজপেয়ী, লালকৃষ্ণ আদৱানি আদি শীৰ্ষ নেতাসকলে জনতা পাৰ্টিৰ চৰকাৰত গুৰুত্বপূৰ্ণ স্থান পাইছিল। কিন্তু জনতা পাৰ্টিৰ মাজত হোৱা দলীয় মতভেদৰ ফলশ্ৰুতিত মাত্ৰ ২৮ মাহৰ ভিতৰত চৰকাৰখনৰ পতন ঘটিছিল। ইতিমধ্যে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ বিষয়ক কেন্দ্ৰ কৰি জনতা পাৰ্টিৰ মাজত অন্তৰ্দ্বন্দ্বৰ সৃষ্টি হৈছিল আৰু জনতা পাৰ্টি নামৰ এটা নতুন দলৰ জন্ম দিছিল। নৱগঠিত ভাৰতীয় জনতা পাৰ্টিৰ সভাপতি হৈছিল অটল বিহাৰী বাজপেয়ী। ১৯৮০ চনৰ ২৪ এপ্ৰিল তাৰিখে নিৰ্বাচন আয়োগে ভাৰতীয় জনতা পাৰ্টিক পদুম ফুলক প্ৰতীক হিচাপে প্ৰদান কৰি ৰাষ্ট্ৰীয় দল হিচাপে স্বীকৃতি দিয়ে। বৰ্তমান দলৰ সভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে জগৎপ্ৰসাদ নাড্ডা।


(জ) ভাৰতৰ দলীয় ব্যৱস্থাৰ বৈশিষ্ট্য

উত্তৰঃ ভাৰতীয় দলীয় ব্যৱস্থাৰ বৈশিষ্ট্য হল-

    ১) মাৰ্কিন যুক্তৰাষ্ট্ৰ বা গ্ৰেট ব্ৰিটেইনৰ দৰে ভাৰতৰ ৰাজনৈতিক দলবোৰ সুসংগঠিত নহয়।


অতি চমু উত্তৰ দিয়াঃ

১) ভাৰতবৰ্ষত কি ধৰণৰ দলীয় ব্যৱস্থা আছে ?

উত্তৰঃ ভাৰতবৰ্ষত বহুদলীয় ব্যৱস্থা আছে।


২) ভাৰতীয় জাতীয় কংগ্ৰেছৰ কোন চনত জন্ম হয় ?

উত্তৰঃ ভাৰতীয় জাতীয় কংগ্ৰেছৰ ১৮৮৫ চনত জন্ম হয়।


৩) মুছলিম লীগ কোন চনত গঠন হয় ?

উত্তৰঃ মুছলিম লীগ ১৯০৬ চনত গঠন হয়।


৪) হিন্দু মহাসভাৰ কোন ঠাইত জন্ম হয় ?

উত্তৰঃ হৰিদ্বাৰৰ কুম্ভ মেলাত হিন্দু মহাসভাৰ জন্ম হয়।


৫) ভাৰত দলীয় ব্যৱস্থাক কেইটা শ্ৰেণীত বিভক্ত কৰা হয় ?

উত্তৰঃ

৬) কংগ্ৰেছ অনুষ্ঠানটো গঠন কৰা প্ৰথম ব্যক্তিজনৰ নাম কি ?

উত্তৰঃ কংগ্ৰেছ অনুষ্ঠানটো গঠন কৰা প্ৰথম ব্যক্তিজনৰ নাম হল এলান অক্টোভিয়ান হিউম।


৭) কাক ভাৰতীয় কংগ্ৰেছৰ পিতৃ বুলি গণ্য কৰা হয় ? এই সংগঠনটো কোন বছৰত গঠন কৰা হৈছিল ?

উত্তৰঃ এলান অক্টোভিয়ান হিউমক ভাৰতীয় কংগ্ৰেছৰ পিতৃ বুলি গণ্য কৰা হয়। ১৮৮৫ চনত এই সংগঠনটো গঠন কৰা হৈছিল।


৮) কোন চনত কংগ্ৰেছ চৰমপন্থী আৰু নৰমপন্থী দুটা ভাগত বিভক্ত হৈছিল।

উত্তৰঃ 


৯) ভাৰতবৰ্ষই কোন চনৰ কিমান তাৰিখে স্বাধীনতা লাভ কৰিছিল ?

উত্তৰঃ ১৯৪৭ চনৰ ১৫ আগষ্ট ৰ দিনা ভাৰতে স্বাধীনতা লাভ কৰিছিল।


১০) ২০০৪ চনত কেন্দ্ৰত চৰকাৰ গঠন কৰা মৰ্চাটোৰ নাম কি ?

উত্তৰঃ ২০০৪ চনত কেন্দ্ৰত চৰকাৰ গঠন কৰা মৰ্চাটোৰ নাম হল- প্ৰগতিশীল মৰ্চা।


১১) ভাৰতৰ সাম্যবাদী দল (চি পি আই) কোন চনত জন্মলাভ কৰিছিল ?

উত্তৰঃ ভাৰতৰ সাম্যবাদী দল (চি পি আই) ১৯১৭ চনত জন্মলাভ কৰিছিল।


১২) ভাৰতৰ সাম্যবাদী দলে (চি পি আই) কোন চনত বিভক্ত হৈ ভাৰতৰ সাম্যবাদী দল (মাৰ্ক্সবাদী) গঠন হৈছিল ?

উত্তৰঃ ভাৰতৰ সাম্যবাদী দলে (চি পি আই) ১৯৬৪ চনত বিভক্ত হৈ ভাৰতৰ সাম্যবাদী দল (মাৰ্ক্সবাদী) গঠন হৈছিল।


১৩) বৰ্তমান পশ্চিমবংগৰ মুখ্যমন্ত্ৰীজনৰ নাম কি ?

উত্তৰঃ বৰ্তমান পশ্চিমবংগৰ মূখ্যমন্ত্ৰীজন হল মমতা বেনাৰ্জী।


১৪) জনতা পাৰ্টি কোন চনত গঠন হৈছিল ?

উত্তৰঃ জনতা পাৰ্টি ১৯৮০ চনত গঠন হৈছিল।


১৫) জনতা পাৰ্টিৰ দ্বাৰা কেন্দ্ৰত গঠন হোৱা চৰকাৰৰ প্ৰথম প্ৰধানমন্ত্ৰীজনৰ নাম কি ?

উত্তৰঃ জনতা পাৰ্টিৰ দ্বাৰা কেন্দ্ৰত গঠন হোৱা চৰকাৰৰ প্ৰথম প্ৰধানমন্ত্ৰীজনৰ নাম মোৰাৰজী দেশাই।


১৬) কোন চনত প্ৰথমবাৰৰ বাবে কেন্দ্ৰত অকংগ্ৰেছী চৰকাৰ গঠন হৈছিল ?

উত্তৰঃ ১৯৭৭ চনত প্ৰথমবাৰৰ বাবে কেন্দ্ৰত অকংগ্ৰেছী চৰকাৰ গঠন হৈছিল।


১৭) জনতা দল কোন চনত গঠন হৈছিল ?

উত্তৰঃ জনতা দল ১৯৮০ চনত গঠন হৈছিল।


১৮) জনতা দলৰ প্ৰথম প্ৰধানমন্ত্ৰীজনৰ নাম কি ?

উত্তৰঃ জনতা দলৰ প্ৰথম প্ৰধানমন্ত্ৰীজনৰ নাম হল- মোৰাৰজী দেশাই।


১৯) ভাৰতীয় জনতা পাৰ্টি (বিজেপি) ৰ কোন চনত জন্ম হয় ?

উত্তৰঃ ভাৰতীয় জনতা পাৰ্টি (বিজেপি) ৰ ১৯৮০ চনত জন্ম হয়।


২০) ভাৰতীয় জনতা পাৰ্টি এটা সৰ্বভাৰতীয় দল হয়নে ?

উত্তৰঃ হয়।


২১) অসম গণ পৰিষদৰ কোন চনত জন্ম হৈছিল ? 

উত্তৰঃ অসম গণ পৰিষদৰ ১৯৮৫ চনত জন্ম হৈছিল।


২২) অসম গণ পৰিষদ এটা সৰ্বভাৰতীয় দল হয়নে ?

উত্তৰঃ নহয়।


২৩) আকালি দলত সকলো সম্প্ৰদায়ৰ লোকে সদস্যপদ গ্ৰহণ কৰিব পাৰেনে ?

উত্তৰঃ নোৱাৰে।


২৪) আকালি দল কোন সম্প্ৰদায়ৰ মাজত আবদ্ধ।

উত্তৰঃ আকালি দল শিষ সম্প্ৰদায়ৰ মাজত আবদ্ধ।


২৫) আকালি দল কোন ৰাজ্যৰ আঞ্চলিক ৰাজনৈতিক দল ?

উত্তৰঃ আকালি দল পাঞ্জাৱৰ আঞ্চলিক ৰাজনৈতিক দল।


২৬) দ্ৰাবিড় মুন্নেত্ৰা কাজাগম কোন চনত গঠন হৈছিল ?

উত্তৰঃ দ্ৰাবিড় মুন্নেত্ৰা কাজাগম ১৯১৭চনত গঠন হৈছিল।


২৭) দ্ৰাবিড় মুন্নেত্ৰা কাজাগম (ডি এম কে) দলে কোন চনত জন্মলাভ কৰিছিল ?

উত্তৰঃ দ্ৰাবিড় মুন্নেত্ৰা কাজাগম (ডি এম কে) দলে ১৯১৭চনত জন্মলাভ কৰিছিল।


২৮) দ্ৰাবিড় মুন্নেত্ৰা কাজাগম কোন ৰাজ্যৰ আঞ্চলিক ৰাজনৈতিক দল ?

উত্তৰঃ দ্ৰাবিড় মুন্নেত্ৰা কাজাগম চেন্নাইৰ আঞ্চলিক ৰাজনৈতিক দল।


২৯) সৰ্বভাৰতীয় আন্না দ্ৰাবিড় মুন্নেত্ৰা কাজাগমে (এ আই এ ডি এম কে) কোন চনত জন্মলাভ কৰিছিল ?

উত্তৰঃ সৰ্বভাৰতীয় আন্না দ্ৰাবিড় মুন্নেত্ৰা কাজাগমে (এ আই এ ডি এম কে) ১৯৭২ চনত জন্মলাভ কৰিছিল।


৩০) তেলুগু দেশম কোন ৰাজ্যৰ আঞ্চলিক ৰাজনৈতিক দল ?

উত্তৰঃ তেলুগু দেশম অন্ধ্ৰপ্ৰদেশৰ আঞ্চলিক ৰাজনৈতিক দল।


৩১) তেলুগু দেশম দলৰ কোন চনত জন্ম হৈছিল ?

উত্তৰঃ তেলুগু দেশম দলৰ ১৯৮২ চনত জন্ম হৈছিল।


৩২) তেলুগু দেশম দলৰ প্ৰতিষ্ঠাপক কোন ?

উত্তৰঃ এন টি ৰামাৰাও তেলুগু দেশম দলৰ প্ৰতিষ্ঠাপক।


৩৩) কোন ৰাজ্যত ভাষাৰ ভিত্তিত আঞ্চলিক ৰাজনৈতিক দল গঠন হৈছিল ?

উত্তৰঃ অন্ধ্ৰপ্ৰদেশৰ ভাষাৰ ভিত্তিত আঞ্চলিক ৰাজনৈতিক দল গঠন হৈছিল।


৩৪) ধৰ্মীয় কাৰণত গঠিত আঞ্চলিক ৰাজনৈতিক দল এটাৰ নাম উল্লেখ কৰা ?

উত্তৰঃ ধৰ্মীয় কাৰণত গঠিত আঞ্চলিক ৰাজনৈতিক দল এটাৰ নাম হল- আকালি দল।


৩৫) ব্যক্তিৰ নামৰ লগত জড়িত থকা এটা ৰাষ্ট্ৰীয় দলৰ নাম লিখা।

উত্তৰঃ 

৩৬) প্ৰতিনিধিত্বমূলক গণতান্ত্ৰিক ব্যৱস্থাত বিৰোধী দলৰ সক্ৰিয় ভূমিকা অতিশয় প্ৰয়োজননে ?

উত্তৰঃ প্ৰতিনিধিত্বমূলক গণতান্ত্ৰিক ব্যৱস্থাত বিৰোধী দলৰ সক্ৰিয় ভূমিকা অতিশয় প্ৰয়োজন।


৩৭) ২০০৪ চনত লোকসভাত বিৰোধীদলৰ আসনত থকা এটা ৰাজনৈতিক দলৰ নাম লিখা।

উত্তৰঃ ২০০৪ চনত লোকসভাত বিৰোধীদলৰ আসনত থকা এটা ৰাজনৈতিক দলৰ নাম হল- ভাৰতীয় জনতা পাৰ্টি।


৩৮) উত্তৰ-পূৱ ভাৰতৰ এটা আঞ্চলিক দলৰ নাম লিখা।

উত্তৰঃ উত্তৰ-পূৱ ভাৰতৰ এটা আঞ্চলিক দল হল- ভাৰতীয় জনতা পাৰ্টী।


৩৯) ভাৰতীয় জনতা পাৰ্টিৰ দুটা নীতি লিখা।

উত্তৰঃ ভাৰতীয় জনতা পাৰ্টীৰ দুটা নীতি হল-

১) জাতীয়তাবাদ, জাতীয় সংহতি আৰু জাতীয় অখণ্ডতা ৰক্ষা কৰা।

২) ইতিবাচক ধৰ্মনিৰপেক্ষতাক বিশ্বাস কৰা।


১) চমুটোকা লিখাঃ

(ক) জনটা পাৰ্টি

উত্তৰঃ ভাৰতীয় জনতা পাৰ্টিয়ে আনুষ্ঠানিকভাৱে ১৯৮০ চনৰ ৬ এপ্ৰিলৰ দিনাখন জনসংঘৰ উত্তৰাধিকাৰী হিচাপে জন্মললাভ কৰে। ১৯৫১ চনত ড॰ শ্যামাপ্ৰসাদ মুখাৰ্জীৰ নেতৃত্বত গঠন হোৱা জনসংঘৰ নতুন ৰূপ হল ভাৰতীয় জনতা পাৰ্টি। ভাৰতবৰ্ষৰ ১৯৭৫ চনত ঘোষিত ৰাষ্ট্ৰীয় জৰুৰীকালীন অৱস্থাৰ অৱসানৰ পিচত ১৯৭৭ চনত নতুন সাধাৰণ নিৰ্বাচন অনুষ্ঠিত কৰাৰ কথা ঘোষণা কৰা হৈছিল। এনে সময়ত ভাৰতবৰ্ষৰ ৰাজনৈতিক ইতিহাসত অভিনৱভাৱে কেইটামান ৰাজনৈতিক দল সংযুক্ত হৈ কংগ্ৰেছৰ বিকল্প হিচাপে ১৯৭৭ চনৰ ২৩ জানুৱাৰী তাৰিখে জনতা পাৰ্টি গঠন কৰিছিল আৰু জনসংঘও জনতা পাৰ্টিৰ অংশীদাৰ হৈছিল।

    ১৯৭৭ চনত অনুষ্ঠিত হোৱা লোকসভাৰ সাধাৰণ নিৰ্বাচনত জনতা পাৰ্টিয়ে বিপুল ভোটত জয়লাভ কৰি প্ৰথমবাৰৰ বাবে কেন্দ্ৰত অকংগ্ৰেছী চৰকাৰ গঠন কৰিছিল আৰু পূৰ্বৰ জনসংঘৰ নেতা অতল বিহাৰী বাজপায়ী, লালকৃষ্ণ আদৱানি আদি শীৰ্ষ নেতাসকলে জনতা পাৰ্টিৰ চৰকাৰত গুৰুত্বপূৰ্ণ স্থান পাইছিল। কিন্তু জনতা পাৰ্টিৰ মাজত হোৱা দলীয় মতভেদৰ ফলশ্ৰুতিত মাত্ৰ ২৮মাহৰ ভিতৰত চৰকাৰখনৰ পতন ঘটিছিল। ইতিমধ্যে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ ৰ বিষয়ক কেন্দ্ৰ কৰি জনতা পাৰ্টিৰ মাজত অন্ত ৰ্দ্বন্দ্বৰ সৃষ্টি হৈছিল আৰু জনতা পাৰ্টিৰ লগত চামিল হোৱা জনসংঘৰ গোটটোৱে আন কিছুমান সদস্যৰ সৈতে জনতা পাৰ্টি ত্যাগ কৰি ভাৰতীয় জনতা পাৰ্টি নামৰ এটা নতুন দলৰ জন্ম দিছিল। নৱগঠিত ভাৰতীয় জনতা পাৰ্টিৰ সভাপতি হৈছিল অটল বিহাৰী বাজপেয়ী। ১৯৮০ চনৰ ২৪ এপ্ৰিল তাৰিখে নিৰ্বাচন আয়োগে ভাৰতীয় জনতা পাৰ্টিক পদুম ফুল ক প্ৰতীক হিচাপে প্ৰদান কৰি ৰাষ্ট্ৰীয় দল হিচাপে স্বীকৃতি দিয়ে। বৰ্তমান দলৰ সভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে জগৎপ্ৰসাদ নাড্ডা।


(খ)আকালি দল

উত্তৰঃ আকালি দল ভাৰতবৰ্ষৰ অতি পুৰণি আৰু সফলতা লাভ কৰা আঞ্চলিক ৰাজনৈতিক দল। এই দলটোৱে সম্পূৰ্ণভাৱে শিষ সম্প্ৰদায়ৰ মাজত আবদ্ধ আৰু ইয়াৰ সদস্যপদ কেৱল শিখ সম্প্ৰদায়ৰ লোকসকলেহে লব পাৰে।

    ১৯২০ চনত গুৰুদ্বাৰ সংস্কাৰ আন্দোলনৰ অংশ হিচাপে আকালি দল প্ৰতিষ্ঠা কৰা হৈছিল। সেই সময়ত এই দলৰ উদ্দেশ্য আছিল গুৰু দ্বাৰবোৰ মহন্তসকলৰ পৰা অধিগ্ৰহণ কৰি সেইবোৰৰ তত্ত্বাৱধানৰ দায়িত্ব গ্ৰহণ কৰাৰ বাবে স্বেচ্ছাসেৱকসকলৰ প্ৰশিক্ষণৰ ব্যৱস্থা কৰা। ইয়াৰ পিচত আকালি দল ধৰ্মীয় অনুষ্ঠানৰ সলনি ধৰ্মীয় ৰাজনৈতিক অনুষ্ঠানত পৰিণত হৈছিল। এই দলটোৱে শিখসকলৰ স্বাৰ্থৰক্ষাৰ বাবে বিধানমণ্ডলত অধিক প্ৰতিনিধিত্ব দাবী উত্থাপন কৰিছিল। আকালি দলে পঞ্জাবক পাকিস্তানৰ সৈতে চামিল কৰাৰ পৰিকল্পনাৰ বিৰোধিতা কৰিছিল। প্ৰথম অৱস্থাত আকালি দল কেৱল চহৰীয়া,মধ্যৱতী আৰু চাকৰিয়ালসকলৰ লগত জড়িত আছিল, কিন্তু পিচত গ্ৰামাঞ্চলৰ জনসাধাৰণেও এই দলত যোগদান কৰিছিল।


(গ) দ্ৰাবিড় মুন্নেত্ৰা কাজাগম (ডি এম কে)

উত্তৰঃ দাক্ষিণাত্যৰ তামিলভাষী অঞ্চলত বিশেষকৈ চেন্নাইত নিম্ন শ্ৰেণীৰ লোকসকলৰ মাজত ব্ৰাহ্মণসকলৰ আধিপত্যৰ বিৰুদ্ধে বিৰূপ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল। অ-ব্ৰাহ্মণসকলৰ অনগ্ৰসৰতাৰ কাৰণ বহু পৰিমাণে ব্ৰাহ্মণসকলৰ প্ৰতিপত্তিৰ ফল বুলি তেওঁলোকে বিশ্বাস কৰিছিল। অব্ৰহ্মাণসকলে নিজৰ অস্তিত্ব ৰক্ষাৰ বাবে ১৯১৭ চনত দক্ষিণ ভাৰতীয় সংস্থা নামৰ সংগঠন এটা প্ৰতিষ্ঠা কৰিছিল, পিচত এই সংগঠনটো ন্যায় দল ত পৰিৱৰ্তিত হৈছিল। ন্যায় দলৰ সভাপতি হিচাপে ই ভি ৰামস্বামী নেইকাৰ নিয়োজিত হৈছল। নেইকাৰ নিম্ন শ্ৰেণীৰ লোকসকলৰ মাজত অতিশয় জনপ্ৰিয় আছিল আৰু তেওঁক সকলোৱে পেৰিয়াৰ অৰ্থাৎ মহাত্মা বুলিছিল। তেওঁৰ নেতৃত্বত ব্ৰাহ্মণসকলৰ সামাজিক ক্ষেত্ৰত থকা আধিপত্য নোহোৱা কৰাৰ উদ্দেশ্যে আত্মসন্মান আন্দোলন গঢ়ি দ্ৰাবিড় কাজাগম গঠন কৰিছিল আৰু নেইকাৰে দ্ৰাবিড় কাজাগম ৰ নেতৃত্ব বহন কৰিছিল। এই দলৰ সদস্যসকলে তেওঁলোকৰ দাবী পূৰণ নোহোৱা পৰ্যন্ত চৰকাৰক উপাধি আৰু পদবী গ্ৰহণ নকৰা আৰু কলা বস্ত্ৰ পৰিধান কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল। এই দলটোে অতি কম দিনৰ ভিতৰতে আদিবাসীসকলৰ মাজত জনপ্ৰিয় হৈ উঠিছিল।

    ১৯৪৭ চনত ভাৰতবৰ্ষই স্বাধীনতা লাভ কৰিছিল, কিন্তু নেইকাৰে ভাৰতৰ স্বাধীনতাক আদৰণি জনোৱা নাছিল। তেওঁ এই দিনটোক দুখ আৰু শোকৰ দিন বুলি অভিহিত কৰিছিল। নেইকাৰৰ জনপ্ৰিয়তা ক্ৰমান্বয়ে বৃদ্ধি পাই শীৰ্ষস্থান লাভ কৰাত তেওঁ দলৰ মাজত একচত্ৰী নেতা হৈ পৰিছিল, ইয়াৰ ফলশ্ৰুতিত তেওঁ দলৰ সতীৰ্থসকলৰ মাজত জনপ্ৰিয়তা হেৰুৱাইছিল। বিশেষকৈ বয়োজ্যেষ্ঠ নেইকাৰে ৭২ বছৰ বয়সত দলীয় অনুশাসন ভংগ কৰি মাত্ৰ ২৮ বছৰ বয়সৰ ছোৱালী এজনীক বিয়া কৰোৱাত সতীৰ্থসকল অসন্তুষ্ট হৈছিল আৰু দ্ৰাবিড় কাজাগমৰ প্ৰভাৱশালী নেতা চি এন আন্নাডুৰবাইৰ নেতৃত্বত কিছুমান সদস্যই দল ত্যাগ কৰি ১৯৪৯ চনত দ্ৰাবিড় মুন্নেত্ৰা কাজগম নামৰ নতুন এটা দল গঠন কৰিছিল। বৰ্তমান এই দলটো তামিলনাডুৰ এটা শক্তিশালী আঞ্চলিক ৰাজনৈতিক দল।


(ঘ) সৰ্বভাৰতীয় আন্না দ্ৰাবিড় মুন্নেত্ৰা কাজাগম (এ আই এ ডি এম কে)

উত্তৰঃ সৰ্বভাৰতীয় আন্না দ্ৰাবিড় মুন্নেত্ৰা কাজাগম নামৰ এটা নতুন আঞ্চলিক ৰাজনৈতিক দলে ১৯৭২ চনত তামিলনাডুত জন্মলাভ কৰিছিল। প্ৰকৃততে এই নতুন দলটো দ্ৰাবিড় মুন্নেত্ৰা কাজাগম দলৰ বিভাজনৰ ফলশ্ৰুতিত সৃষ্টি হৈছিল। ১৯৭১ চনত ডি এম কে দল তামিলনাডুৰ বিধানসভা নিৰ্বাচনত জয়লাভ কৰি ক্ষমতাত অধিষ্ঠিত হোৱাৰ এবছৰ পিচত অৰ্থাৎ ১৯৭২ চনত দলীয় কন্দল আৰম্ভ হৈছিল। ইয়াৰ মূলতঃ হল ডি এম কে দলৰ কোষাধ্যক্ষ এম জি ৰামচন্দ্ৰনে দলৰ নেতৃত্বক কটু সমালোচনা কৰাৰ বাবে তেওঁক দলৰ পৰা বহিস্কাৰ কৰিছিল। বহিষ্কৃত নেতা ৰামচন্দ্ৰনে তেওঁৰ কিছুসংখ্যক অনুগামীৰ সৈতে ১৯৭২ চনত এ আই এ ডি এম কে নামৰ নতুন এটা দল প্ৰতিষ্ঠা কৰিছিল। এই নতুন দলটোৰ উৎপত্তিৰ মূল কাৰণ হল দলীয় কন্দল, কোনো অৰ্থনৈতিক নাইবা ৰাজনৈতিক কাৰণ নহয়।

    এ আই এ ডি এম কে দলে আন্নাবাদ ইয়াৰ মূল আদৰ্শ হিচাপে গ্ৰহণ কৰিছিল। আন্নাৰ মতে তামিল জাতিৰ সমস্যা দূৰ কৰিবলৈ হলে তামিলসকলৰ মাজত জাতীয়তাবাদ আৰু আত্মসন্মানবোধ গঢ়ি তুলিব লাগিব। ইয়াৰ উপৰি সামাজিক সংস্কাৰ ঘটাব লাগিব। সংসদীয় পদ্ধতিৰ ব্যৱস্থা কৰিব লাগিব আৰু সকলো ক্ষেত্ৰতে তামিলসকলৰ অধিক অংশগ্ৰহণৰ ব্যৱস্থা কৰিব লাগিব। তদুপৰি তামিলসকলৰ গণতন্ত্ৰ আৰু সমাজবাদৰ প্ৰতি বিশ্বাস থাকিব লাগিব, তেতিয়াহে তামিল জাতিৰ উন্নতি সাধন হব। এম জি ৰামচন্দ্ৰনে আন্নাৰ আদৰ্শসমূহ যথাযথভাৱে পালন কৰাৰ উপৰি তেওঁ নিজস্ব কিছুমান নীতি ইয়াৰ লগত সংযোজন কৰিছিল, যেনে- জাতিহীন সমাজ প্ৰতিষ্ঠা কৰা, বিশেষ জাতিৰ প্ৰভাৱ নোহোৱা কৰা, সামাজিক শৃংখলা বজাই ৰখা, মহিলাৰ বাবে বিশেষ ব্যৱস্থা কৰা, ৰাজ্যত নিকা প্ৰশাসনৰ ব্যৱস্থা কৰা।


(ঙ) তেলুগু দেশম

উত্তৰঃ অন্ধ্ৰপ্ৰদেশৰ ৰাজনীতিত তেলগু দেশম নামৰ এটা আঞ্চলিক ৰাজনৈতিক দলে ১৯৮২ চনত জন্মলাভ কৰিছিল। স্বাধীনতাৰ পিছৰ পৰা অন্ধ্ৰপ্ৰদেশৰ কংগ্ৰেছৰ ভেঁটি অতিশয় শক্তিশালী আছিল, ইয়াৰ ফলশ্ৰুতিত কংগ্ৰেছৰ আধিপত্য অন্ধ্ৰপ্ৰদেশত বৃদ্ধি পাইছিল। কিন্তু ক্ৰমান্বয়ে এই দলৰ নেতাসকলে দুৰ্নীতিকে আদি কৰি সকলোধৰণৰ অপকৰ্মত লিপ্ত হোৱাত কংগ্ৰেছ দলে লাহে লাহে জনপ্ৰিয়তা হেৰুৱাবলৈ ধৰিছিল। ইতিমধ্যে এই সুযোগ গ্ৰহণ কৰি চলচ্চিত্ৰৰ বিখ্যাত জনপ্ৰিয় অভিনেত্ৰী এন টি ৰামাৰাওৱে জনসাধাৰণক নিকা প্ৰশাসন, নিবনুৱা সমস্যাৰ সমাধান আদি বিভিন্ন প্ৰতিশ্ৰুতিৰে অন্ধ্ৰপ্ৰদেশৰ ৰাজনৈতিক জগতত প্ৰৱেশ কৰি ১৯৮২ চনৰ ১৯ মাৰ্চত তেলুগুদেশম নামৰ আঞ্চলিক দলটো প্ৰতিষ্ঠা কৰিছিল।

    অন্ধ্ৰপ্ৰদেশৰ পটভূমিত তেলুগু দেশম দলটো গঠিত হৈ ভাৰতীয় সংবিধানৰ কেতবোৰ আসোঁৱাহ আঁতৰোৱাৰ আঁচনি এই দলৰ মূল নীতি হিচাপে ঘোষণা কৰিছে। এই দলে ৰাজ্যসমূহৰ আৰ্থিক স্বতন্ত্ৰতা নিশ্চিত কৰা, ৰাজ্যসমূহক অধিক স্বায়ত্তশাসন প্ৰদান কৰা, ধৰ্মনিৰপেক্ষতাৰ আদৰ্শ যথাযথভাৱে পালন কৰা, জাতিভেদ প্ৰথা নোহোৱা কৰা, পৰিকল্পনা প্ৰস্তুতিৰ কামত ৰাজ্যবোৰক বিশ্বাসত লোৱা আদি বিভিন্ন নীতিৰ বিষয়ে ঘোষণা কৰিছিল। এন টি ৰামাৰাওৱে মহিলা আৰু যুৱকসকলক উচ্চতৰ মানবিশিষ্ট শিক্ষা দিয়া আৰু চাকৰিৰ ব্যৱস্থা কৰা, পিচপৰা শ্ৰেণীৰ লোকৰ বাবে শিক্ষা আৰু চাকৰিৰ ক্ষেত্ৰত আসন সংৰক্ষণ কৰা, কম মূল্যত চাউলৰ যোগান ধৰা আদিৰ বিষয়ে ঘোষণা কৰিছিল। এনে ঘোষণাৰ ফলশ্ৰুতিত ৰাজ্যখন দুখীয়া শ্ৰেণীৰ লোকৰ মাজত বিশেষকৈ অনুসূচিত জাতিৰ লোকৰ মাজত কংগ্ৰেছৰ ভেঁটি দুৰ্বল হৈ পৰিছিল। তদুপৰি এই দলে ৰাজ্যত নিকা প্ৰশাসনৰ ব্যৱস্থা কৰাৰ প্ৰতিশ্ৰুতি দিছিল। তেলুগু দেশম দলে ঘোষণা কৰা বিভিন্ন নীতি আৰু প্ৰতিশ্ৰুতিৰ ফলত দলটোৱে জনসাধাৰণৰ মাজত অতি কম দিনৰ ভিতৰতে জনপ্ৰিয়তা লাভ কৰিছিল।


(চ) অসম গণ পৰিসদ

উত্তৰঃ অসমত অসম গণ পৰিষদ নামৰ এটা আঞ্চলিক ৰাজনৈতিক দল ১৮৮৫ চনত গঠন হৈছিল। অৱশ্যে সাধাৰণতে ভাৰতবৰ্ষৰ আন আন ৰাজ্যৰ আঞ্চলিক ৰাজনৈতিক দলৰ দৰে অসমৰ আঞ্চলিক ৰাজনৈতিক ৰাজনৈতিক দল অসম গণ পৰিষদ কোনো ধৰ্মীয় নাইবা ভাষাৰ ভিত্তিত প্ৰতিষ্ঠা হোৱা নাছিল। ইয়াৰ জন্মলগ্ন আন আঞ্চলিক ৰাজনৈতিক দলৰ তুলনাত সুকীয়া। অসমত বিদেশী অনুপ্ৰৱেশৰ বাবে অসমৰ অস্তিত্ব বিপন্ন হোৱাৰ আশংকা কৰি সদৌ অসম ছাত্ৰ সন্থা নামৰ এটা অৰাজনৈতিক সংগঠনৰ নেতৃত্বত বিদেশী বিতাড়নৰ বাবে সজোৰে আন্দোলন আৰম্ভ হৈছিল। বিদেশী বিতাড়ন আন্দোলন ছবছৰ অতিবাহিত হোৱাৰ পিচত ১৯৮৫ চনৰ আগষ্ট মাহত কেন্দ্ৰীয় চৰকাৰ আৰু সদৌ অসম ছাত্ৰ সন্থাৰ মাজত অসম চুক্তি স্বাক্ষৰিত হোৱাৰ পিচত আন্দোলনৰ সামৰণি পৰিছিল। অসমত আন্দোলন চলি থকাৰ ফলশ্ৰুতিত অসমত সময়মতে বিধানসভা নিৰ্বাচন অনুষ্ঠিত হোৱা নাছিল। কিন্তু ১৯৮৫ চনত অসম চুক্তি সম্পাদন হোৱাৰ পিচত অসম বিধানসভা নিৰ্বাচন অনুষ্ঠিত কৰাৰ কথা ঘোষণা কৰা হৈছিল আৰু সেই চনতে সদৌ অসম ছাত্ৰ সন্থাৰ কিছুসংখ্যক আন্দোলনকাৰী নেতা আৰু অসম আন্দোলনৰ লগত জড়িত বাহিৰৰ কিছুসংখ্যক ব্যক্তি একগোট হৈ অসম গণ পৰিষদ নামৰ এটা আঞ্চলিক ৰাজনৈতিক দল গঠন কৰিছিল।


২) ভাৰতৰ নিৰ্বাচন আয়োগে কি চৰ্ত অনুসৰি ৰাষ্ট্ৰীয় দলক স্বীকৃতি দিয়ে ? লিখা।

উত্তৰঃ 

৩) ভাৰতত বিৰোধী দলৰ ভূমিকা কি ?

উত্তৰঃ প্ৰতিনিধিত্বমূলক গণতান্ত্ৰিক ব্যৱস্থাত বিৰোধী দলৰ সক্ৰিয় ভূমিকা অতিশয় প্ৰয়োজন। ইয়াৰ বাবে বিৰোধী দলসমূহ গুণগত আৰু সংখ্যাগত দিশৰ পৰা শক্তিশালী, দায়িত্বশীল আৰু বিকশিত হবৰ বাবে সমৰ্থৱান হব লাগিব। বিৰোধী দলসমূহৰ ভূমিকা এনেধৰণৰ হোৱা উচিত যাতে ক্ষমতাধিষ্ঠিত ৰাজনৈতিক দলটোৱে বিৰোধী দল হিচাপে জনসাধাৰণৰ গ্ৰহণযোগ্য হয়।

    স্বাধীনতাৰ পিচত ভাৰতৰ ৰাজনৈতিক ব্যৱস্থাত বহুত ৰাজনৈতিক দলৰ সমাৱেশ ঘটিছে। অৱশ্যে কিছুমান ৰাজনৈতিক দল মাত্ৰ নামতহে আছে, কেন্দ্ৰ নাইবা ৰাজ্যত ক্ষমতা লাভৰ সোৱাদ পোৱা নাই, আনকি বিৰোধী দল হিচাপে ভূমিকা পালন কৰিবৰ বাবেও সুবিধা লাভ কৰিব পৰা নাই। ভাৰতবৰ্ষত বিৰোধী দলসমূহে ভূমিকা পালনত আংশিকভাৱে কৃতকাৰ্যতা লাভ কৰা বুলি কব পৰা যায়। ভাৰতবৰ্ষই স্বাধীনতা লাভ কৰাৰ ৬৭ বছৰ পিচতো প্ৰকৃত বিৰোধী দলৰ অভ্যুত্থান হোৱা নাছিল। নিৰ্বাচনৰ ফলাফললৈ লক্ষ্য কৰিলে দেখা যায়- স্বাধীনতাৰ পিচত ভাৰতৰ ৰাজনীতিত অপ্ৰতিদ্বন্দ্বী হিচাপে শাসনত অধিষ্ঠিত থকা কংগ্ৰেছ দলে নিৰ্বাচনত লাভ কৰা মুঠ ভোটৰ সংখ্যাতকৈ আটাইবোৰ বিৰোধী দলে মিলি পোৱা ভোটৰ সংখ্যা অধিক।


৪) ভাৰতৰ আঞ্চলিক ৰাজনৈতিক উৎপত্তিৰ চাৰিটা কাৰণ উল্লেখ কৰা।

উত্তৰঃ ভাৰতৰ আঞ্চলিক ৰাজনৈতিক উৎপত্তিৰ চাৰিটা কাৰণ হল-

    ১) কেন্দ্ৰীয় চৰকাৰৰ অৱহেলাঃ ভাৰতবৰ্ষৰ কেন্দ্ৰীয় চৰকাৰে ইয়াৰ অংগৰাজ্যসমূহৰ প্ৰতি সমান সহানুভূতিশীল নহয়, অৰ্থাৎ কেতবোৰ ৰাজ্যক অৱহেলা কৰি মাহীমাকৰ দৰে ব্যৱহাৰ কৰে বুলি বহু ৰাজ্যই অনুভৱ কৰে। এনে অৱহেলিত ৰাজ্যসমূহে নিজৰ প্ৰাপ্য আদায়ৰ উদ্দেশ্যে আঞ্চলিক ৰাজনৈতিক দল গঠন কৰা দেখা যায়।

    ২) আঞ্চলিক অসমতাঃ ভাবৰবৰ্ষৰ সকলো ৰাজ্য সমানভাৱে অৰ্থনৈতিক ক্ষেত্ৰত আগবাঢ়িব পৰা নাই। এইক্ষেত্ৰত কেতবোৰ ৰাজ্য যথেষ্ট আগবঢ়া, আনহাতে কিছুমান অতিশয় পিছপৰা। ইয়াৰ ফলশ্ৰুতিত পিচপৰা অঞ্চলসমূহৰ স্থানীয় নেতাসকলে সুবিধা গ্ৰহণ কৰি অঞ্চলটোৰ জনসাধাৰণৰ মনত আঞ্চলিকতা ভাবৰ মনোভাব জগাই তুলি নিজকে অঞ্চলটোৰ নেতা হিচাপে প্ৰতিপন্ন কৰিছে। এই নেতাসকলৰ স্থানীয় সমস্যাসমূহৰ প্ৰতিনিধিত্ব কৰিবৰ বাবে তথা কেন্দ্ৰীয় নেতা নাইবা কেন্দ্ৰীয় চৰকাৰৰ ওচৰত দাবী উত্থাপনৰ বাবে আঞ্চলিক ৰাজনৈতিক দল গঢ় দিয়া দেখা যায়।

    ৩) ধৰ্মীয় কাৰণঃ ভাৰতবৰ্ষত কেতিয়াবা ধৰ্মক উৎস হিচাপে গ্ৰহণ কৰি আঞ্চলিক ৰাজনৈতিক দল গঠন কৰা পৰিলক্ষিত হয়। একেটা অঞ্চলত একে ধৰ্মাৱলম্বী লোকসকল বসবাস কৰি নিজ ধৰ্মৰ সম্প্ৰসাৰণ নাইবা অস্তিত্ব ৰক্ষাৰ্থে সভ্যভৰ্তিৰ জৰিয়তে একগোট হয় আৰু কালক্ৰমত আঞ্চলিক ৰাজনৈতিক দলত পৰিণত হয়। উদাহৰণস্বৰূপে পঞ্জাৱৰ আকালি দলৰ কথা কব পৰা যায়।

    ৪) ভাষাগত ভিত্তিঃ ভাৰতবৰ্ষত ভাষাৰ ভিত্তিত আঞ্চলিক ৰাজনৈতিক দল গঠন হোৱা দেখা যায়। ভাৰতবৰ্ষ ভিন্ন ভাষা-ভাষী লোকৰ বাসস্থান। কেন্দ্ৰীয় চৰকাৰ নাইবা ৰাজ্যিক চৰকাৰে কোনো এটা বিশেষ ভাষা আন কোনো বিশেষ ভাষিক লোকৰ ওপৰত জাপি দিব বিচাৰিলে, সেই অঞ্চলৰ লোকসকলে নিজৰ ভাষাৰ অস্তিত্ব ৰক্ষাৰ্থে লগ লাগি আঞ্চলিক ৰাজনৈতিক দল গঠন কৰা দেখা যায়।


৫) কংগ্ৰেছত চৰমপন্থীৰ অভ্যুুথানৰ দুটা কাৰণ লিখা।

উত্তৰঃ 


৬) ভাৰতৰ চাৰিটা স্বীকৃতিপ্ৰাপ্ত ৰাষ্ট্ৰীয় দলৰ নাম লিখা।

উত্তৰঃ ভাৰতৰ চাৰিটা স্বীকৃতিপ্ৰাপ্ত ৰাষ্ট্ৰীয় দলৰ নাম হল-

    ১) অসম গণ পৰিষদ

    ২) শিৱসেনা

    ৩) সমাজবাদী পাৰ্টী

    ৪) এ আই ইউ ডি এফ


৭) ভাৰতৰ যিকোনো চাৰিটা সাম্প্ৰদায়িক দলৰ নাম উল্লেখ কৰা।

উত্তৰঃ ভাৰতৰ যিকোনো চাৰিটা সাম্প্ৰদায়িক দলৰ নাম হল-

    ১) ভাৰতীয় জনতা পাৰ্টী

    ২) ভাৰতীয় জাতীয় কংগ্ৰেছ

    ৩) ভাৰতীয় কমিউনিষ্ট পাৰ্টি (মাৰ্ক্সবাদী)

    ৪) নেচনেল পিপলছ পাৰ্টি 


৮) ভাৰতবৰ্ষত প্ৰকৃততে বিৰোধী দল আছেনে ? আলোচনা আগবঢ়োৱা।

উত্তৰঃ

৯) ভাৰতৰ যিকোনো চাৰিটা আঞ্চলিক দলৰ নাম লিখা।

উত্তৰঃ ভাৰতৰ যিকোনো চাৰিটা আঞ্চলিক দলৰ নাম হল-

    ১) অসম গণ পৰিষদ

    ২) আকালি দল

    ৩) দ্ৰাবিড় মুন্নেত্ৰা কাজাগম

    ৪) তেলুগু দেশম।


১০) ভাৰতীয় দলীয় ব্যৱস্থাৰ তিনিটা বৈশিষ্ট্য উল্লেখ কৰা।

উত্তৰঃ 

১১) দ্ৰাবিড় মুন্নেত্ৰা কাজাগম (ডি এম কে) দলৰ উৎপত্তিৰ কাৰণ কি চমুকৈ আলোচনা কৰা।

উত্তৰঃ ১৯৪৭ চনত ভাৰতবৰ্ষই স্বাধীনতা লাভ কৰিছিল, কিন্তু নেইকাৰে ভাৰতৰ স্বাধীনতাক আদৰণি জনোৱা নাছিল। তেওঁ এই দিনটোক দুখ আৰু শোকৰ দিন বুলি অভিহিত কৰিছিল। নেইকাৰৰ জনপ্ৰিয়তা ক্ৰমান্বয়ে বৃদ্ধি পাই শীৰ্ষস্থান লাভ কৰাত তেওঁ দলৰ মাজতে একচত্ৰী নেতা হৈ পৰিছিল, ইয়াৰ ফলশ্ৰুতিত তেওঁ দলৰ সতীৰ্থসকলৰ মাজত জনপ্ৰিয়তা হেৰুৱাইছিল। বিশেষকৈ বয়োজ্যেষ্ঠ নেইকাৰে ৭২ বছৰ বয়সত দলীয় অনুশাসন ভংগ কৰি মাত্ৰ ২৮ বছৰ বয়সৰ ছোৱালী এজনীক বিয়া কৰোৱাত সতীৰ্থসকল অসন্তুষ্ট হৈছিল আৰু দ্ৰাবিড় কাজাগমৰ প্ৰভাৱশালী নেতা চি এন আন্নাডুৰবাইৰ নেতৃত্বত কিছুমান সদস্যই দলত্যাগ কৰি ১৯৪৯ চনত দ্ৰাবিড় মুন্নেতা কাজগম নামৰ এটা নতুন দল গঠন কৰিছিল। বৰ্তমান এই দলটো তামিলনাডুৰ এটা শক্তিশালী আঞ্চলিক ৰাজনৈতিক দল।


১২) ভাৰতৰ সাম্যবাদী দল (চি পি আই) ৰ চাৰিটা মূল নীতি লিখা।

উত্তৰঃ ভাৰতৰ সাম্যবাদী দল (চি পি আই) ৰ চাৰিটা মূল নীতি হল-

    ১) ধৰ্মনিৰপেক্ষতা গণতান্ত্ৰিক ব্যৱস্থা প্ৰৱৰ্তনৰ বাবে বিচিন্নতাবাদীক বিৰোধীতা কৰা, সংখ্যালঘুৰ স্বাৰ্থৰক্ষা কৰা আৰু ধাৰ্মিক অনুষ্ঠানৰ অপ-ব্যৱহাৰ বন্ধ কৰা।

    ২) মণ্ডল আয়োগৰ অনুমোদনক্ৰমে অন্যান্য পিচপৰা শ্ৰেণীৰ বাবে শতকৰা ২৭ ভাগ চাকৰি সংৰক্ষণ কৰা।

    ৩) আৰ্থিকভাৱে দুৰ্বল অন্যান্য উচ্চ শ্ৰেণীৰ লোকৰ বাবে দহ শতাংশ চাকৰি সংৰক্ষণ কৰা।

    ৪) মহিলাসকলৰ বাবে ৩০ শতাংশ চাকৰি সংৰক্ষণ কৰা।


১৩) কোন কোন ৰাজনৈতিক দল লগ লাগি জনতা পাৰ্টি গঠন হৈছিল?

উত্তৰঃ

১৪) ভাৰতৰ চাৰিটা সৰ্বভাৰতীয় ৰাজনৈতিক দলৰ সম্পূৰ্ণ নাম লিখা।

উত্তৰঃ ভাৰতৰ চাৰিটা সৰ্বভাৰতীয় ৰাজনৈতিক দলৰ সম্পূৰ্ণ নাম হল-

    ১) সৰ্বভাৰতীয় তৃণমূল কংগ্ৰেছ

    ২) ভাৰতীয় জনতা পাৰ্টী

    ৩) ভাৰতীয় জাতীয় কংগ্ৰেছ

    ৪) নেচনেল পিপলছ পাৰ্টি


১৫) ভাৰতৰ তিনিটা ৰাষ্ট্ৰীয় ৰাজনৈতিক দলৰ  নাম লিখা।

উত্তৰঃ ভাৰতৰ তিনিটা ৰাষ্ট্ৰীয় ৰাজনৈতিক দলৰ  নাম হল-

    ১) অসম গণ পৰিষদ

    ২) এ আই ইউ ডি এফ

    ৩)শিৱসেনা


১৬) ভাৰতৰ দুটা ধৰ্মনিৰপেক্ষ ৰাষ্ট্ৰীয় ৰাজনৈতিক দলৰ নাম লিখা।

উত্তৰঃ ভাৰতবৰ্ষৰ দুটা ধৰ্মনিৰপেক্ষ ৰাষ্ট্ৰীয় ৰাজনৈতিক দল হল-

    ১) অসম গণ পৰিষদ

    ২) ভাৰতীয় জাতীয় কংগ্ৰেছ


ৰছনাধৰ্মী প্ৰশ্নঃ

১) ভাৰতৰ দলীয় ব্যৱস্থাৰ বৈশিষ্ট্যসমূহ আলোচনা কৰা।

উত্তৰঃ 

২) ভাৰতীয় জাতীয় কংগ্ৰেছৰ অভ্যুথান, নিৰ্বাচনৰ সফলতা-বিফলতা, সংগঠন আৰু মূল নীতিসমূহ আলোচনা কৰা।

উত্তৰঃ ভাৰতীয় জাতীয় কংগ্ৰেছৰ অভ্যুথান, নিৰ্বাচনৰ সফলতা-বিফলতা, সংগঠন আৰু মূল নীতিসমূহ হল-

    ১) সমাজবাদ, ধৰ্মনিৰপেক্ষতা আৰু গণতন্ত্ৰ প্ৰতিষ্ঠা কৰা।

    ২) অহিংসা, সত্যবাদিতা আৰু নৈতিকতাত ৰাজনীতিৰ মেৰুদণ্ডৰূপে গ্ৰহণ কৰা।

    ৩) স্থানীয় স্বায়ত্বশাসন প্ৰচলনৰ ব্যৱস্থা কৰা।

    ৪) জীৱন নিৰ্বাহৰ মানদণ্ডৰ উৎকৰ্ষ সাধন কৰা।

    ৫) মাদক দ্ৰব্যৰ ব্যৱহাৰ নিষিদ্ধ কৰা।

    ৬) নাগৰিকসকলৰ মাজৰ পৰা বৈষম্য আঁতৰ কৰা।

    ৭) অস্পৃশ্যতা নিৰ্মূলৰ কাৰণে প্ৰচেষ্টা চলোৱা।

    ৮) সংখ্যালঘূৰ স্বাৰ্থৰক্ষা কৰা।

    ৯) সমবায় আন্দোলন গঢ়ি তোলা।

    ১০) সাম্প্ৰদায়িকতাবাদ নিৰ্মূল কৰা।


৩) ভাৰতৰ সাম্যবাদী দল (চি পি আই) ৰ বিষয়ে চমু আভাস দিয়া।

উত্তৰঃ কাৰ্ল মাৰ্ক্সৰ ভাবধাৰা আৰু আদৰ্শৰ দ্বাৰা অনুপ্ৰাণিত হৈ ভাৰতবৰ্ষত গঠন হোৱা ৰাজনৈতিক দলসমূহক বামপন্থী ৰাজনৈতিক দল বুলি অভিহিত কৰা হয়। ১৯১৭ চনত ছোভিয়েট ৰাছিয়াৰ সাম্যবাদী ভাবধাৰাৰ আদৰ্শত আকৰ্ষিত হৈ ভাৰতবৰ্ষত বহুত সমাজবাদী আৰু বনুৱা অনুষ্ঠান প্ৰতিষ্ঠা হৈছিল। ১৯২৫ চনত এনে অনুষ্ঠানসমূহৰ কাণপুৰত এখন সন্মিলিত সভা অনুষ্ঠিত হৈছিল আৰু ভাৰতৰ  সাম্যবাদী দলটো গঠন কৰা হৈছিল। ভাৰতীয় সাম্যবাদী দল মাৰ্ক্সবাদ, নেনিনবাদৰ বিশ্বাসী। এই দলটোৱে ভাৰতবৰ্ষত স্বাধীনতা লাভৰ বাবে লেনিনে অনুসৰণ কৰা বিদ্ৰোহৰ জৰিয়তে সম্ভৱ বুলি ঘোষণা কৰাৰ ফলশ্ৰুতিত ১৯৩৪ চনত ভাৰতৰ সাম্যবাদী দলক ব্ৰিটিছ চৰকাৰে নিষিদ্ধ ঘোষণা কৰি ইয়াৰ নেতৃস্থানীয় নেতাসকলক গেপ্তাৰ কৰিছিল। কিন্তু ১৯৪২ চনত এই দলে ভাৰত ত্যাগ আন্দোলনৰ বিৰোধিতা কৰি দ্বিতীয় মহাযুদ্ধত মিত্ৰ গোষ্ঠীৰ পক্ষত ছোভিয়েট ৰাছিয়াৰ যোগদানত সমৰ্থন কৰাৰ বাবে ব্ৰিটিছ চৰকাৰে ভাৰতৰ সাম্যবাদী দলৰ ওপৰত থকা নিষেধাজ্ঞা উঠাই লৈছিল।

    ভাৰতবৰ্ষই স্বাধীনতা অৰ্জন কৰাৰ পিছত এই দলে নিজৰ স্থিতি সলনি আৰু সংবিধান সংশোধন কৰি শান্তিপূৰ্ণ আৰু সাংবিধানিক উপায়ৰ জৰিয়তে বনুৱাসকলৰ স্বাৰ্থৰক্ষা কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল আৰু ভাৰতৰ ৰাজনীতিত সক্ৰিয় অংশগ্ৰহণ কৰি নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাত সিন্ধান্ত লৈছিল। কিন্তু ভাৰতৰ সাম্যবাদী দলৰ সদস্যসকলৰ মাজত ১৯৫০ চনৰ পৰা ছোভিয়েট ৰাছিয়াৰ সাম্যবাদী আৰু চীন সাম্যবাদীৰ সমৰ্থনক কেন্দ্ৰ কৰি অন্তৰ্দ্বন্দ্ব আৰম্ভ হৈছিল। ইতিমধ্যে ১৯৬২ চনত ভাৰতবৰ্ষক চীনে আক্ৰমণ কৰাত নৰমপন্থী ভাৱধাৰাৰ সদস্যসকলে ইয়াক গৰিহণা দিছিল আৰু চীনক আক্ৰমণকাৰী দেশ হিচাপে আখ্যা দিছিল।


৪) ভাৰতৰ সাম্যবাদী দল (মাৰ্স্কবাদী) ৰ ভূমিকা আৰু মূল নীতিৰ বিষয়ে আলোচনা কৰা।

উত্তৰঃ ভাৰতৰ সাম্যবাদী দল (চি পি আই) ৰ বিভাজনৰ ফলশ্ৰুতিত ১৯৬৪ চনত ভাৰতৰ সাম্যবাদী দল (মাৰ্ক্সবাদী) ৰ জন্ম হৈছিল। ভাৰতৰ সাম্যবাদী দলৰ বিভাজনৰ মূলতে হল ১৯৫০ চনৰ পৰা ছোভিয়েট ৰাছিয়াৰ সাম্যবাদ আৰু চীনৰ সাম্যবাদৰ সমৰ্থনত দলীয় সদস্যসকলৰ মাজত চলি থকা সংঘাত। ১৯৬২ চনত চীনে ভাৰত আক্ৰমণ কৰাত ভাৰতৰ সাম্যবাদী দলৰ সদস্যসকলৰ মাজত থকা মতানৈক্য অধিক বৃদ্ধি পাইছিল। ছোভিয়েট ৰাঠিয়াৰ সাম্যবাদ সমৰ্থনকাৰীসকলে চীনৰ এই আক্ৰমণক গৰিহণা দিছিল আৰু চীনক আক্ৰমণকাৰী বুলি আখ্যা দিছিল, কিন্তু চীনৰ সাম্যবাদ সমৰ্থনকাৰীসকলে চীনে ভাৰত আক্ৰমণ কৰিব নোৱাৰে বুলি দাবী কৰি চীনক আক্ৰমণকাৰী বুলি কবলৈ মান্তি হোৱা নাছিল। ইয়াৰ পিচত ১৯৬৪ চনত ভাৰতৰ সাম্যবাদী দলৰ জাতীয় পৰিষদৰ সভাখন চীনৰ সাম্যবাদৰ সমৰ্থকসকলে বৰ্জন কৰিছিল। সেই চনতে ছেপ্তেম্বৰ মাহত ভাৰতৰ সাম্যবাদী দলৰ মুঠ ৩২ জন লোকসভাৰ সদস্যৰ ভিতৰত চীনৰ সাম্যবাদী সমৰ্থক এঘাৰজন সাংসদ গোপালানৰ নেতৃত্বত ভাৰতৰ সাম্যবাদী দল(মাৰ্ক্সবাদী) গঠন কৰিছিল।

ইয়াৰ মূল নীতিবোৰ হল-

    ১) কৰ্তৃত্ববাদিতা ৰ বিৰোধিতা কৰা।

    ২) জনসাধাৰণক অধিক মৌলিক অধিকাৰ প্ৰদান কৰা।

    ৩) দমনমূলক সকলোধৰণৰ আইন বাতিল কৰা।

    ৪) ৰাজ্যসমূহক অধিক ক্ষমতা আৰু কৰ্তৃত্ব প্ৰদান কৰা।

    ৫) সংবিধানৰ পৰা ৩৫৬ নং অনুচ্ছেদ বাতিল কৰা।

    ৬) দেশৰ সংহতি আৰু অখণ্ডতা ৰক্ষা কৰা।

    ৭) ভাৰতৰ অৰ্থনীতিৰ স্বতন্ত্ৰতা নিশ্চিত কৰা।

    ৮) জলসিঞ্চল ব্যৱস্থা অধিক উন্নতি সাধন কৰা।

    ৯) কৃষি বনুৱাসকলৰ স্বাৰ্থ ৰক্ষা কৰা।

    ১০) ধৰ্মনিৰপেক্ষ শক্তিসমূহক শক্তিশালী কৰা।


৫) ভাৰতীয় জনতা পাৰ্টি ৰ জন্ম, সফলতা-বিফলতা আৰু মূল নীতিসমূহ আলোচনা কৰা।

উত্তৰঃ ভাৰতীয় জনতা পাৰ্টিয়ে আনুষ্ঠানিকভাৱে ১৯৮০ চনৰ ৬ এপ্ৰিলৰ দিনাখন জনসংঘৰ উত্তৰাধিকাৰী হিচাপে জন্মললাভ কৰে। ১৯৫১ চনত ড॰ শ্যামাপ্ৰসাদ মুখাৰ্জীৰ নেতৃত্বত গঠন হোৱা জনসংঘৰ নতুন ৰূপ হল ভাৰতীয় জনতা পাৰ্টি। ভাৰতবৰ্ষৰ ১৯৭৫ চনত ঘোষিত ৰাষ্ট্ৰীয় জৰুৰীকালীন অৱস্থাৰ অৱসানৰ পিচত ১৯৭৭ চনত নতুন সাধাৰণ নিৰ্বাচন অনুষ্ঠিত কৰাৰ কথা ঘোষণা কৰা হৈছিল। এনে সময়ত ভাৰতবৰ্ষৰ ৰাজনৈতিক ইতিহাসত অভিনৱভাৱে কেইটামান ৰাজনৈতিক দল সংযুক্ত হৈ কংগ্ৰেছৰ বিকল্প হিচাপে ১৯৭৭ চনৰ ২৩ জানুৱাৰী তাৰিখে জনতা পাৰ্টি গঠন কৰিছিল আৰু জনসংঘও জনতা পাৰ্টিৰ অংশীদাৰ হৈছিল।

    ১৯৭৭ চনত অনুষ্ঠিত হোৱা লোকসভাৰ সাধাৰণ নিৰ্বাচনত জনতা পাৰ্টিয়ে বিপুল ভোটত জয়লাভ কৰি প্ৰথমবাৰৰ বাবে কেন্দ্ৰত অকংগ্ৰেছী চৰকাৰ গঠন কৰিছিল আৰু পূৰ্বৰ জনসংঘৰ নেতা অতল বিহাৰী বাজপায়ী, লালকৃষ্ণ আদৱানি আদি শীৰ্ষ নেতাসকলে জনতা পাৰ্টিৰ চৰকাৰত গুৰুত্বপূৰ্ণ স্থান পাইছিল। কিন্তু জনতা পাৰ্টিৰ মাজত হোৱা দলীয় মতভেদৰ ফলশ্ৰুতিত মাত্ৰ ২৮মাহৰ ভিতৰত চৰকাৰখনৰ পতন ঘটিছিল। ইতিমধ্যে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ ৰ বিষয়ক কেন্দ্ৰ কৰি জনতা পাৰ্টিৰ মাজত অন্ত ৰ্দ্বন্দ্বৰ সৃষ্টি হৈছিল আৰু জনতা পাৰ্টিৰ লগত চামিল হোৱা জনসংঘৰ গোটটোৱে আন কিছুমান সদস্যৰ সৈতে জনতা পাৰ্টি ত্যাগ কৰি ভাৰতীয় জনতা পাৰ্টি নামৰ এটা নতুন দলৰ জন্ম দিছিল। নৱগঠিত ভাৰতীয় জনতা পাৰ্টিৰ সভাপতি হৈছিল অটল বিহাৰী বাজপেয়ী। ১৯৮০ চনৰ ২৪ এপ্ৰিল তাৰিখে নিৰ্বাচন আয়োগে ভাৰতীয় জনতা পাৰ্টিক পদুম ফুল ক প্ৰতীক হিচাপে প্ৰদান কৰি ৰাষ্ট্ৰীয় দল হিচাপে স্বীকৃতি দিয়ে। বৰ্তমান দলৰ সভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে জগৎপ্ৰসাদ নাড্ডা।

সফলতা আৰু বিফলতাসমূহ হল-

    ১৯৮৪ চনত অনুষ্ঠিত হোৱা নৱম লোকসভা নিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টিয়ে মাত্ৰ দুখন আসনহে লাভ কৰিবলৈ সমৰ্থ হৈছিল। কিন্তু ক্ৰমান্বয়ে জনতা পাৰ্টিৰ জনপ্ৰিয়তা বৃদ্ধি পোৱাৰ ফলশ্ৰুতিত ১৯৯১ চনত অনুষ্ঠিত দশম নিৰ্বাচনত ১১৯ খন আসন লাভ কৰি দ্বিতীয় বৃহত্তম ৰাজনৈতিক দল হিচাপে স্বীকৃতি লাভ কৰিছিল। পুনৰ ১৯৯৬ চনত অনুষ্ঠিত একাদশ লোকসভা নিৰ্বাচনত ১৬১ খন আসন লাভ কৰি অটল বিহাৰী বাজপেয়ীৰ নেতৃত্বত ভাৰতীয় জনতা পাৰ্টিয়ে চৰকাৰ গঠন কৰিছিল। কিন্তু সংখ্যাগৰিষ্ঠতাৰ অভাৱত মাত্ৰ তেৰ দিনৰ পিচত তেওঁ পদত্যাগ কৰিবলৈ বাধ্য হৈছিল।

ইয়াৰ মূল নীতিসমূহ হল-

    ১) জাতীয়তাবাদ, জাতীয় সংহতি আৰু জাতীয় অখণ্ডতা ৰক্ষা কৰা।

    ২) গণতন্ত্ৰ প্ৰতিষ্ঠা কৰা।

    ৩) ইতিবাচক ধৰ্মনিৰপেক্ষতাক বিশ্বাস কৰা।

    ৪) গান্ধীবাদী সমাজবাদ আৰু গণতান্ত্ৰিক সমাজবাদ প্ৰতিষ্ঠা কৰা।

    ৫) মূল্যবোধভিত্তিক ৰাজনীতি কৰা।

    ৬) ফেঁচীবাদৰ ঘোৰ বিৰোধিতা কৰা।

    ৭) দুৰ্নীতিবিহীন নিকা প্ৰশাসনৰ ব্যৱস্থা কৰা।

    ৮) সৰু ক্ষমতাশালী ৰাজ্য স্থাপন কৰা।

    ৯) নিয়োগৰ ব্যৱস্থা কৰা।

    ১০) গোষ্ঠীনিৰপেক্ষ নীতিক সমৰ্থন কৰা।


৬) ভাৰতীয় জাতীয় কংগ্ৰেছৰ উদ্দেশ্য আৰু লক্ষ্যসমূহ বৰ্ণনা কৰা।

উত্তৰঃ 


৭) ভাৰতৰ ৰাজনৈতিক ব্যৱস্থাত বিৰোধী দলৰ ভূমিকা আলোচনা কৰা।

উত্তৰঃ প্ৰতিনিধিত্ব গণতান্ত্ৰিক ব্যৱস্থাত বিৰোধী দলৰ সক্ৰিয় ভূমিকা অতিশয় প্ৰয়োজন। ইয়াৰ বাবে বিৰোধী দলসমূহ গুণগত আৰু সংখ্যাগত দিশৰ পৰা শক্তিশালী, দায়িত্বশীল আৰু বিকশিত হবৰ বাবে সমৰ্থৱান হব লাগিব। বিৰোধী দলসমূহৰ ভূমিকা এনেধৰণৰ হোৱা উচিত যাতে ক্ষমতাধিষ্ঠিত ৰাজনৈতিক দলটোৱে বিৰোধী দলৰ উপস্থিতিৰ বাবে সদায় সতৰ্কতাৰে কাৰ্য পালন কৰে আৰু বিৰোধী দলসমূহ শাসনাধিষ্ঠিত দলৰ বিকল্প দল হিচাপে জনসাধাৰণৰ গ্ৰহণযোগ্য হয়।

    স্বাধীনতাৰ পিচত ভাৰতৰ ৰাজনৈতিক ব্যৱস্থাত বহুত ৰাজনৈতিক দলৰ সমাৱেশ ঘটিছে। অৱশ্যে কিছুমান ৰাজনৈতিক দল মাত্ৰ নামতহে আছে, কেন্দ্ৰ নাইবা ৰাজ্যত ক্ষমতা লাভৰ সোৱাদ পোৱা নাই, আনকি বিৰোধী দল হিচাপে ভূমিকা পালন কৰিবৰ বাবেও সুবিধা লাভ কৰিব পৰা নাই। ভাৰতবৰ্ষত বিৰোধী দলসমূহে ভূমিকা পালনত আংশিকভাৱে কৃতকাৰ্যতা লাভ কৰা বুলি কব পৰা যায়। ভাৰতবৰ্ষই স্বাধীনতা লাভ কৰাৰ ৬৭ বছৰ পিচতো প্ৰকৃত বিৰোধী দলৰ অভ্যূথান হোৱা নাছিল। নিৰ্বাচনৰ ফলাফললৈ লক্ষ্য কৰিলে দেখা যায়-স্বাধীনতাৰ পিচত ভাৰতৰ ৰাজনীতিত অপ্ৰতিদ্বন্দ্বী হিচাপে শাসনত অধিষ্ঠিত থকা কংগ্ৰেছ দলে নিৰ্বাচনত লাভ কৰা মুঠ ভোটৰ সংখ্যাতকৈ আটাইবোৰ বিৰোধী দলে মিলি পোৱা ভোটৰ সংখ্য অধিক, মাত্ৰ দলৰ সংখ্যা বেছি হোৱাৰ ফলশ্ৰুতিত ভোটবোৰ বিভিন্ন দলৰ মাজত ভাগ হয় আৰু কংগ্ৰেছ দলে অধিক আসন লাভ কৰি চৰকাৰ গঠন কৰে।


৮) আঞ্চলিক ৰাজনৈতিক দলসমূহৰ বিকাশ বা অভ্যুত্থানৰ কাৰণবোৰ আলোচনা কৰা।

উত্তৰঃ আঞ্চলিক ৰাজনৈতিক দলসমূহৰ বিকাশ বা অভ্যুত্থানৰ কাৰণবোৰ হল-

    ১) কেন্দ্ৰীয় চৰকাৰৰ অৱহেলাঃ ভাৰতবৰ্ষৰ কেন্দ্ৰীয় চৰকাৰে ইয়াৰ অংগৰাজ্যসমূহৰ প্ৰতি সমান সহানুভূতিশীল নহয়, অৰ্থাৎ কেতবোৰ ৰাজ্যক অৱহেলা কৰি মাহীমাকৰ দৰে ব্যৱহাৰ কৰে বুলি বহু ৰাজ্যই অনুভৱ কৰে। এনে অৱহেলিত ৰাজ্যসমূহে নিজৰ প্ৰাপ্য আদায়ৰ উদ্দেশ্যে আঞ্চলিক ৰাজনৈতিক দল গঠন কৰা দেখা যায়।

    ২) আঞ্চলিক অসমতাঃ ভাৰতবৰ্ষৰ সকলো ৰাজ্য সমানভাৱে অৰ্থনৈতিক ক্ষেত্ৰত আগবাঢ়িব পৰা নাই। এইক্ষেত্ৰত কেতবোৰ ৰাজ্য যথেষ্ট আগবঢ়া, আনহাতে কিছুমান অতিশয় পিছপৰা। ইয়াৰ ফলশ্ৰুতিত পিচপৰা অঞ্চলসমূহৰ স্থানীয় নেতাসকলে সুবিধা গ্ৰহণ কৰি অঞ্চলটোৰ জনসাধাৰণৰ মনত আঞ্চলিকতা ভাবৰ মনোভাৱ জগাই তুলি নিজকে অঞ্চলটোৰ নেতা হিচাপে প্ৰতিপন্ন কৰিছে। এই নেতাসকলক স্থানীয় সমস্যাসমূহৰ প্ৰতিনিধিত্ব কৰিবৰ বাবে তথা কেন্দ্ৰীয় নেতা নাইবা কেন্দ্ৰীয় চৰকাৰৰ ওচৰত দাবী উত্থাপনৰ বাবে আঞ্চলিক ৰাজনৈতিক দল গঢ় দিয়া দেখা যায়।

    ৩) ধৰ্মীয় কাৰণঃ ভাৰতবৰ্ষত কেতিয়াবা ধৰ্মক উৎস হিচাপে গ্ৰহণ কৰি আঞ্চলিক ৰাজনৈতিক দল গঠন কৰা পৰিলক্ষিত হয়। একেটা অঞ্চলত একে ধৰ্মাৱলম্বী  লোকসকল বসবাস কৰি নিজ ধৰ্মৰ সম্প্ৰসাৰণ নাইবা অস্তিত্ব ৰক্ষাৰ্থে সভ্যভৰ্তিৰ জৰিয়তে একগোট হয় আৰু কালক্ৰমত আঞ্চলিক ৰাজনৈতিক দলত পৰিণত হয়। উদাহৰণস্বৰূপে পঞ্জাৱৰ আকালি দলৰ কথা কব পৰা যায়।


৯) কংগ্ৰেছ দলৰ মূল নীতিসমূহ লিখা।

উত্তৰঃ কংগ্ৰেছ দলৰ মূল নীতিসমূহ হল-

    ১) সমাজবাদ, ধৰ্মনিৰপেক্ষতা আৰু গণতন্ত্ৰ প্ৰতিষ্ঠা কৰা।

    ২) অহিংসা, সত্যবাদিতা আৰু নৈতিকতাক ৰাজনীতিৰ মেৰুদণ্ডৰূপে গ্ৰহণ কৰা।

    ৩) স্থানীয় স্বায়ত্তশাসন প্ৰচলনৰ ব্যৱস্থা কৰা।

    ৪) জীৱন নিৰ্বাহৰ মানদণ্ডৰ উৎকৰ্ষ সাধন কৰা।

    ৫) মাদক দ্ৰব্যৰ ব্যৱহাৰ নিষিদ্ধ কৰা।

    ৬) নাগৰিকসকলৰ মাজৰ পৰা বৈষম্য আঁতৰ কৰা।

    ৭) অস্পৃশ্যতা নিৰ্মূলৰ কাৰণে প্ৰচেষ্টা চলোৱা।

    ৮) সংখ্যালঘুৰ স্বাৰ্থৰক্ষা কৰা।

    ৯) সমবায় আন্দোলন গঢ়ি তোলা।

    ১০) সাম্প্ৰদায়িকতাবাদ নিৰ্মূল কৰা।

    ১১) শিশু আৰু মহিলাৰ স্বাৰ্থ ৰক্ষা কৰা।

    ১২) সকলো নাগৰিকৰ বাবে ন্যায় প্ৰতিষ্ঠা কৰা।

    ১৩) অৰ্থনৈতিক স্বাৱলম্বিতা লাভকৰণ।

    ১৪) অনগ্ৰসৰ লোকসকলৰ উৎকৰ্ষ সাধন কৰা।

    ১৫) সকলোৰে বাবে কৰ্মসংস্থাপনৰ ব্যৱস্থা কৰা।

    ১৬) শ্ৰমিক শ্ৰেণীৰ অৱস্থাৰ উন্নতি সাধন কৰা।

    ১৭) শান্তি আৰু সহাৱস্থান নীতিৰ মাধ্যমত বিশ্ব শান্তি প্ৰতিষ্ঠা কৰা।

    ১৮) আন্তৰ্জাতিক ৰাজনীতিৰ ক্ষেত্ৰত গোষ্ঠী নিৰপেক্ষ নীতিত বিশ্বাস কৰা।


Question type- Leena Kakati 

Answered by- Leena Kakati

Post ID: DABP002248