ভূত পোৱালী (কুম্পুৰ সপোন)

video link

মই, মই সপোনত

দেখিলো দুটা

ভূতৰ পোৱালি

আৰু দুজনী 一 নাক জিলিকা 

চকু টেলেকা

তিলিকা তিলিকা

পিলিকা পিলিকা

যখিনী-ছোৱালী।

এটা ক'লা, এটা বগা 

নাঙঠ্ পিঙঠ্ ভূত

কথা পাতে টাকুট্ টাকুট্ কুট্।

এটাই ক'লে一"পুট্ পুট্ পুট্"

ইটোৱে মা নাক জোঁকাৰি 

ক'লে 一 "ধুৎ ধুৎ।"

মা, দেখিবলৈ এনে ভাল ভূত-পোৱালিৰ নাচ

কিবাকিবি গান গাই ফুছ্-ফুছ্-ফাছ্

মনে মনে কাম কৰে খুছ্ খাছ্ খাছ্।

এংকোৰ-বোংকোৰ কৰি যায় লৰি লিৰি

যখিনীহঁতক নচুৱাই

চুলিত ধৰি ধৰি

যখিনীহঁতে নেপেলালে একেলগে ভৰি।

চৰখোৱা যখিনীয়ে

নাচে কঁকাল ভাঙি

কোটোক্-কোটোক্ ঘোটোক্ কৰি

ভূত-পোৱালি জাঁপ মাৰি

ভেঙুৰা-ভেঙুৰিকৈ নাচে ঠেংটো দাঙি দাঙি।

মা, তই যে কৱ一

ভূতে বোলে ল'ৰা ধৰি খায়,

পুখুৰীলৈ নি বোলে

ভৰি দুটা ওপৰ কৰি

গুঁজি গুঁজি মূৰটো হোনো

এহাত বোকাত সুমায়।

ক'ত মা, মোক দেখোন

সিহঁত দুটাই একোকে কৰা নাই?

ক'তা মোৰ ওচৰ চাপিবলৈ 

সিহঁতে দেখোন অলপোকেই

সাহেই কৰা নাই?

ভয় কৰা ল'ৰাকহে মা,

ভূতে ধৰি কিলায়।

মা, মোৰ হ'লে ভূতলে ভয় নাই

যখিনীৰে হাতত ধৰি 

সিহঁত আছিল ঘূৰি

দুয়োটাৰে কাণ দুখন দিলো মুচৰি।

দীঘল কাণত মুচৰি মা, লাগে বৰ ভাল,

সিহঁত দুটাই চিয়ঁৰ সোধাই লগালে তালফাল।

বিচাৰি থকা ভূত-পোৱালী

মা, যেতিয়া পালোঁ,

পুতলা থোৱা আলমাৰিটোত

আনি সুমাই থলোঁ;

তাৰ পিছতে তই মাতোঁতে

উঠিলো সাৰ পাই।

মা মোৰ হ'লে অক্কণমানো

ভূতলে' ভয় নাই,

ক'তা মোৰ ওচৰ চাপিবলে'

সিহঁতে দেখোন অলপোকেই

সাহেই কৰা নাই।

ভয় কৰা ল'ৰাকেহে মা

ভূতে ধৰি কিলায়,

মা, মোৰ হ'লে ভূতলে' ভয় নাই


Type by Dipawali Bora



Post Id: DABP002573