লাচিতৰ আহ্বান


সৌৱা一

শৰাইঘাট

প্ৰশস্ত নিমাত।

ৰামসিংহ বীৰ 

বিজয়ৰ গৰৱেৰে উন্নত শিৰ,

পিন্ধি জয়োজ্জ্বল শিৰস্ত্ৰাণ

লৈ আহে

দম্ভালি দম্ভালি

ভাৰতবিজয়ী

ভাৰতবিজয়ী অভিযান।

অলৰ-অচৰ মোৰ

বজ্ৰপাথৰ

অস্থিৰ আহি আহি হানিছে আঘাত

প্ৰতিঘাত পাই

হতবীৰ্য সিংহ সম

যায়

শতমুখে অসমীয়া যুঁজাৰুৰ

গৌৰৱ গায়।

সৌৱা一

মোৰ নীলাচল সম

বুকুৰ পটাত

অস্ত্ৰঘাত ব্যৰ্থ হ'ল,

সাম্ৰাজ্যৰ দম্ভ ধূলিসা

বিজয়ীবাহিনী উৎখাৎ।

সৌৱা一

শৰাইঘাট,

প্ৰশস্ত নিমাত।

নিমাত ? নিমাত ? নহয় নিমাত,

দেশ ৰাখ, দেশ ৰাখ বুলি

উঠে শুন অৰ্ব্বুদ মাত।

প্ৰতিধ্বনি

উঠে তাৰ

অসমীয়া নবীনৰ 

তপত হিয়াত

সিৰাই সিৰাই

অগ্নিপাত।

আসুৰীয়া

বিজ্ঞানৰ

ঘৰ্ষণ-গৰ্জ্জন

ভেদি আহে

শুন সৌ 

শৰাইঘাটৰ

বজ্ৰভাষী সিংহনাদ,

শতাব্দী সুপ্তিৰ ছিঙ্ ভাঙ

লোহাৰ শৃঙ্খল 

এদিনলে' হ' উশৃঙ্খল

লুইততে

জহি যাওক

জড় অৱসাদ

সিংহৰ পোৱালি তই

নবীন অসমীয়া

সুঘোশিত কৰ তোল

অধিকাৰবাদ

বিপ্লৱী তূৰ্য-নিনাদ।

সৌৱা一

শৰাইঘাট

প্ৰশান্ত

নিমাত

লক্ষ লক্ষ অসমীয়া

নবীনৰ 

বক্ষ ঝৰি ঝৰি

ৰঙা তেজ কলিজাৰ

নিগৰি নিগৰি

অসমীৰ চৰণ ধুৱাই।




Type by Dipawali Bora 


Post Id: DABP002752