মোৰ মন বনতে তই কি বাঁহী বজালি
মোৰ মন বনতে তই কি বাঁহী বজালি
অ' সুন্দৰ
সুন্দৰ সখা মোৰ চিৰ সুন্দৰ।
নিশা চন্দ্ৰাৱলী
তাতে তৰাৰে দীপিকাৱলী পাতি দিলি
নিশাৰ এন্ধাৰ তই হাঁহিতে উজলালি
আনি দিলি পুৱতিৰ অৰুণাৱলী
সুৰৰে কোঠালি মোৰ
ৰদালীৰে কৰি সোণোৱালী।
অন্তৰ ভৰি মোৰ বিকশিলে কত শত
শুকুলা শেৱালি
শুকুলা কোলাতে পৰি
তোৰ মৰম নিয়ৰৰে মুকুতাৱলী।।
Type by Dipawali Bora
Post Id:DABP002539
0 Comments