সাজু হ, সাজু হ, নৱ জোৱান


 সাজু হ, সাজু হ, নৱ জোৱান।

 সাজু হ, সাজু হ, নৱ জোৱান।

তই কৰিব লাগিব অগ্নিস্নান।

জীৱন যৌৱন

কৰি প্ৰাণপণ

ৰাঙলী কৰি দে ৰণাংগন

জয়-শংখ বজা

পৃথিৱী কঁপাই

অত্যাচাৰকো কৰি বৰণ

স্বাধীনতা ধন

নতু মৰণ

লোহাৰে শিলেৰে

বান্ধি ল' মন।

বজ্ৰকন্ঠে বিশ্বক শুনা

সত্যৰ জয়গান

বুকুৰ তেজেৰে ধুই দে আজি

ভাৰতৰ অপমান

 সাজু হ, সাজু হ, নৱ জোৱান



Type by Dipawali Bora 


Post Id:DABP002549