সাৱধান, সাৱধান

সুবিধাবাদীৰ দল !

তোৰ মিছা হ'ব কৌশল,

ৰাইজৰ তই সেৱা চুৰ কৰি 

বঢ়াব খুজিছ বল।

শিল্পীৰ তই সৰল মনৰ

শিল্পীৰ তই অমল প্ৰাণৰ

বিমল গানৰ

কি বুজিবি, কিয় ওলায়

নিৰ্মল অশ্ৰুজল?

জনতাক ভৰা ছল-চাতুৰীৰ

আলাসতে গজা কোৱাভাতুৰীৰ

স্বৰূপ ওলাই হ'ল,

তই হাতে হাতে পাবি ফল

দেৰ' খকুৱাৰ দল।

তই জনা নাই一

তই যাক ভাব

মূৰ্খ জনতা

মূঢ় জনতা

ৰূঢ় জনতা বুলি

যাৰ হ'ব খোজ স্বয়ংসিদ্ধ নেতা

সেই জনতা আজি প্ৰবুদ্ধ হ'ল।

কৌপিনধাৰী মহাফকিৰৰ

সঞ্জীৱনৰ

উদ্বোধনৰ

বোধন, মন্ত্ৰ

নাই যোৱা অ'

নাই যোৱা অ'

এনেয়ে বিফল।

ঘৃণিত তোৰ অহঙ্কাৰৰ নেতৃত্বভিমান।

জনতাই তোৰ স্বৰূপ চিনিছে

সাৱধান, সাৱধান

শত, শতাব্দীৰ

আন্ধাৰ আঁতৰি যায়,

আজি জনতাই

অৰুণ আলোক পাই

অগ্ৰগতিৰে মষিমূৰ কৰি

অত্যাচৰীৰ দল

নিজৰ মনৰ নিজেই গৰাকী হ'ল

মহাজনতাই

মহাশক্তিৰ মহাসন্ধান পাই

বুকুত বান্ধিলে

চক্ৰৱৰ্তী শত সম্ৰাটৰ

বিশ্ববিয়পা নৱ অৰ্জুনৰ

পৃথিৱীৰ এই প্ৰদক্ষিণৰ

স্বপ্ৰণোদিত

আত্মনিহিত বল।

হেৰ' স্বাৰ্থ-ক্ষমতা-অৰ্থলুভীয়া অন্ধ!

মই জানো তই জনসেৱকৰ মুখা পিন্ধ,

যি ত্যাগ কৰিলে তিনিগুণ লাভ পাৱ

আগ দুৱাৰেদি গৈ

মদে ভাতে ভোজ খাৱ।

ৰাষ্ট্ৰনীতিৰ

সমাজনীতিৰ

ৰাজনীতিৰ

অৰ্থনীতিৰ তোৰ

থৈ দে ফোপোলা জ্ঞান,

জনতা-পূজাৰ ভাও দি, ভাও দি 

নেদেফুৱাবি

ঘৃণিত তোৰ অহঙ্কাৰৰ নেতৃত্বভিমান।

জনতাই তোৰ স্বৰূপ  চিনিছে

সাৱধান, সাৱধান।





Type by Dipawali Bora 


Post Id: DABP002754