শত যুগৰ কত চাকি


শত যুগৰ কত চাকি

জ্বলাই আহিলি 

আপোনাৰ আনন্দতে নিজে হাঁহিলি,

নিজৰ তই চকুপানী নিজে মচিলি।

শিল্পী মোৰ মনৰে তই 一

শিল্পী মোৰ প্ৰাণৰে তই 一 

শিল্পী মোৰ গানৰে

সুৰৰ

ছবিৰে

ৰূপৰে তই জুই জ্বলালি

নিত্য নতুন ছবিৰে

চিনাকি তোৰ যুগ যুগৰে

ৰবিৰে।

আজিৰ দিনা

নেমানি মনা

সখী পতালি

বিপ্লৱী মোৰ কবিৰে।

আজি জাগিল জন শতাব্দী

আহ অ' যত আলোকবাদী

অপ্ৰমাদী

পোহৰৰে

জোনাকী বসন্ত জগাই,

জ্বলা, জ্বলা

শিল্পী অ' মোৰ  

বিশ্বদীপালী জ্বলা। 


Type by Dipawali Bora



Post Id:DABP002547