আজি পুৱতি
আজি পুৱতি
কিহৰে আৰতি
কি নবীন বীণা বাজে-
পোহৰৰ বাটে বাটে
হে মৌন অতিথি।
আহিলা কি অভিনৱ সাজে ?
নিদ্ৰিত নৱতম পৃথিৱী জানো
(তোৰ) বৰ্ষণক্ষৰিত সেই
জ্য়োতি প্ৰভাততে
পূণ্য স্নান কৰি
নবীন দিনৰ নৱজীৱন মাগে,
বিশ্বজনতা জানো
পোহৰৰ বাটে বাটে
হে মৌন অতিথি,
আহিলা কি অভিনৱ সাজে !
Post ID : DABP002504