আজি জাগা মোৰ মাতৃ !
আজি জাগা মোৰ মাতৃ !
জাগা জাগা জোনাকী বাটৰ যত
শকতীৰূপিনী অভিযাত্ৰী।
আজি জাগা মোৰ মাতৃ !।।
আন্ধাৰৰ স'তে শেষ সংগ্ৰামৰ বাবে।।
জাগা জননী জাতি-
প্ৰালয়িকী ছন্দে।।
অভিনৱ জীৱনৰ
সুৰ লয় তালে মানে
আলোকময়ী গানে গন্ধে।
আজি জাগা মোৰ মাতৃ !।।
জাগা নৱ ভাৰতৰ
জাগা নৱ অসমৰ।।
উদ্বোধিতা জন মাতৃ,
সংস্কৃতি সৱিতাৰে
পোহৰাই নবীন ধৰিত্ৰী।
আজি জাগা মোৰ মাতৃ !।।
বাট দেখুৱাই ব'লা
নিখিল পৃথিৱীকে
পূণ্যভূমি ভাৰতৰ
জ্ঞানাৰুণ জ্যোতিস্নাতা
শকতীৰূপিনী অভিযাত্ৰী।
জোনাকী বাটৰ অভিযাত্ৰী-
জাগা নৱ জীৱনৰ
অভিনৱ মাতৃ।।
Type by Dipawali Bora
Post ID : DABP002503