বিশ্বশিল্পী
শিল্পী মই তিনিও কালৰ
অতrতৰ
বৰ্তমানৰ
অনাগত ভৱিষ্যৰ।
আদিতেই যাত্ৰা কৰি অনাদিলে' যাওঁ,
ধ্বংস মাজেদি মই
ৰূপান্তৰেদি ৰূপ পাই
নৱতম সৃষ্টিৰ শলিতা জ্বলাওঁ।
জনতাৰ হৃদয়ত মোৰ সোণোৱালী দেশ
মই পিন্ধো বিশ্ববেশ
নতুন দৃষ্টিৰে চাওঁ সৃষ্টি অনিমেষ।
নানা ভাষা
নান আশা
নানা জাতি-বৰ্ণ জিনি
মই শুনো ৰিণি
বিশ্ব-জনতাৰ এক অপূৰ্ব্ব সঙ্গীত।
সেই সঙ্গীতৰ প্ৰতিধ্বনি
তোলোঁ মোৰ
গানে-মুৰে
সাম্যৰ
সমৃদ্ধিৰ
সৌন্দৰ্যৰ
মহামহত্ত্বৰ
পাতিবলে' শান্তিৰ নৱলোক
এই পৃথিৱীত।
মোৰ কল্পনা-মেধ, বুদ্ধি-মনীষাৰে
মোকে কৰি সংস্কৃতিৰ অপূৰ্ব্ব আধাৰ
মোকে শলিতাৰ কৰি জ্বলাওঁ
বিশ্ব-চাকি
বিশ্ব-জনতা-পূজাৰ;
সেই পূজাৰ প্ৰধান অৰ্ঘ কৰি
মই মোকে দিওঁ উপহাৰ
মোকে কৰি ষোড়শোপচাৰ।
বিশ্বজুৰি জনতাৰ জয়জয়কাৰ
হওক জয়-জয়কাৰ।
Type by Dipawali Bora
Post Id: DABP002753