বিশ্ববিজয়ী নজোৱান
বিশ্ববিজয়ী নজোৱান, বিশ্ববিজয়ী নজোৱান
শক্তিশালি ভাৰতৰ
ওলাই আহাঁ ওলাই আহাঁ
সন্তান তুমি বিপ্লৱৰ।।
বিশ্ববিজয়ী নজোৱান, বিশ্ববিজয়ী নজোৱান
সমুখ সমৰ সমুখতে মুক্তি যুঁজাৰু হুঁচিয়াৰ।।
মৃত্যু বিজয় কৰিব লাগিব
স্বাধীনতাৰ খুলি দুৱাৰ।
অগ্নিবৃষ্টি আহিব লাগিছে
গৰজিছে বজ্ৰপাত
শিলাবৃষ্টি ভূমিকম্প
হ'ব সহস্ৰ উল্কাপাত।
Type by Dipawali Bora
Post Id:DABP002534