পাঠ ৬
বিন্যাস আৰু জোঁট
Permutation and Combination


Exercise 6.1

1. মান উলিওৱাঃ



 




















2. দেখুওৱা যে,



















3. ENGLISH শব্দটোৰ অক্ষৰবোৰেৰে এবাৰত 3 টাকৈ লৈ কিমানটা শব্দ (অৰ্থ থাকক বা নাথাকক) গঠন কৰিব পাৰি?

উত্তৰঃ শব্দ এটাৰ প্ৰথম স্থানটো 7 টা অংকৰ যিকোনো এটা বহুবাৰ পিছত দ্বিতীয় স্থানটো 6 টা অংকৰ যিকোনো এটা বহুৱাব পৰা যাব। তাৰ পিছত তৃতীয় স্থানটো 5 টা অংকৰ যিকোনো এটা বহুৱাব পৰা যাব।
∴ গণণাৰ মৌলিক সূত্ৰমতে গঠন কৰিব পৰা মুঠ শব্দৰ সংখ্যা = 7 x 6 x 5 = 210 টা।


4. যদি পুনৰাবৃতি কৰিব পাৰি, তেন্তে 1, 2, 3, 4, 5 অংককেইটাৰে 2 টা অংকৰ কেইটা যুগ্ম সংখ্যা গঠন কৰিব পাৰি?

উত্তৰঃ ∵ সংখ্যাটো যুগ্ম হ'ব লাগিব গতিকে এককৰ স্থানত 2 আৰু 4 হে বহুৱাব পাৰিম। এককৰ স্থানৰ ঘৰটো 2 ধৰণে পূৰ কৰিব পৰা যাব। আৰু দহকৰ স্থানটো আমি 5 ধৰণে পূৰ কৰিব পাৰোঁ।
∴ গণণাৰ মৌলিক সূত্ৰ অনুসৰি পাব পৰা যুগ্ম সংখ্যা = 2 x 5 = 10 টা


5. অংকৰ পুনৰাবৃতি নকৰাকৈ 0, 1, 2, 3, 4, 5, 6, 7, 8, 9 অংককেইটাৰে 5 টা অংকৰ কেইটা সংখ্যা গঠন কৰিব পাৰি?

উত্তৰঃ 
গঠন কৰিব পৰা মুঠ সংখ্যা = 9 x 9 x 8 x 7 x 6 = 27216


6. অংকৰ পুনৰাবৃতি নকৰাকৈ 1, 3, 5, 7, 9 অংককেইটাৰে 4 টা অংকৰ কেইটা সংখ্যা গঠন কৰিব পাৰি?

উত্তৰঃ গঠন কৰিব পৰা সংখ্যা = 5 x 4 x 3 x 2 = 120 টা।


7. NUMBER শব্দটোৰ অক্ষৰবোৰ কিমান ধৰণে সজাব পাৰি? ইয়াৰ কিমানটা M ৰে আৰম্ভ হ'ব? কিমানটা B ৰে শেষ হ'ব?

উত্তৰঃ 
NUMBER শব্দটোৰ অক্ষৰবোৰ সজাব পাৰি = 6 x 5 x 4 x 3 x 2 x 1 = 720 ধৰণে।

M ৰে আৰম্ভ হোৱা শব্দৰ সংখ্যা = 5 x 4 x 3 x 2 x 1 = 120 টা

B ৰে শেষ হোৱা শব্দৰ সংখ্যা = 5 x 4 x 3 x 2 x 5 = 600 টা





Post ID : DABP002804