তুমি বিয়াৰ নিশাৰ শয়ন পাটীৰ


তুমি বিয়াৰ নিশাৰ শয়ন পাটীৰ

এপাহি ৰজনীগন্ধা

তোমাৰ মূল্য এনিশাৰ।

পিচৰ দিনা সুৰুয উঠাৰ

পিচৰ বাহী শয্যাত

তুমি মূল্যবিহীন ভাৰ।।

                                               

তুমি ফুলিছিলোঁ আশাৰে বহুত

আঁচনিকে লৈ

গন্ধবিহীন কোঠাতে তুমি

সুৰভি বিলাবলৈ

মালীয়ে তোমাক ছিঙাৰ পিচত 

কিয় কৰাঁ হাহাকাৰ।।

                                

ফুলশয্যা পাটগাভৰুৱে

তোমাৰেই সজালে

কইনা-দৰাই কত আলেফুলে

তোমাৰেই পৰশিলে

(পিচে) পুৱাতে তোমাক সৰি-পুচি দিখোঁ

নিবিচাৰে এটিবাৰ।

                                               

 তুমি বিয়াৰ নিশাৰ শয়ন পাটীৰ

এপাহি ৰজনীগন্ধা

তোমাৰ মূল্য এনিশাৰ - ।

Type Susmita Kakati



Post ID : DABP003043