নতুন পুৰুষ, নতুন পুৰুষ


নতুন পুৰুষ, নতুন পুৰুষ

তুমিতো নোহোৱাঁ আৰু ভীৰু কাপুৰুষ।

হাতে কামে আজি যদি নোহোৱাঁ পুৰুষ

কাইলৈ হ'বা তুমি পুৰণি পুৰুষ।।


অগণন উজ্জ্বল ডেকা সু-পুৰুষ

আৰু আশাভৰা দৃষ্টিৰ গাভৰুৰ মুখ

মানস পটত আজি জিলিকি উঠে

হে মোৰ মৰমৰ নতুন পুৰুষ।।


যুগে যুগে যুগৰ দাবী কঢ়িয়াই

নতুন নতুন পুৰুষ আহিলে

নোপোৱাৰ বেদনাক ধ্বংস কৰিব বুলি

দেশৰেই ধৰণী কঁপালে।


মহা মহা পুৰুষৰ মহাবাটত

কিছু নতুনেও খোজ পেলালে

পিচে মহাবাটেও দেখোঁ অৱশেষত

আওবাটে গতি সলালে।


কিছু নতুনেও নিজৰ বাটত

হয়তোবা উজুটি খালে

উজুটিৰ আঘাতৰ তেজ মচি লৈ

হাঁহি হাঁহি পুনু আগুৱালে।


ভূলেই হওক বা ভালেই হওক

নতুন নতুন পুৰুষে

নিজে ঠেকি শিকিলে।

হাত সাবটি থকা কাপুৰুষে

তাকে দেখি প্ৰমাদ গণিলে।।


মুকুতিৰ চিন্তাক কেতিয়া আৱৰে

পুৰণি চিন্তাৰ মকৰা জালে

নতুনক পুৰুষে নিয়ে সমাজ গতিক

নতুন নতুন পন্থাৰ ফালে।


অগণন উজ্জ্বল ডেকা সু-পুৰুষ

আৰু আশাভৰা দৃষ্টিৰ গাভৰুৰ মুখ

মানসপটত আজি জিলিকি উঠে 

হে মোৰ মৰমৰ নতুন পুৰুষ।



Type: Susmita Kakati


Post Id: DABP003060