গৌৰীপুৰীয়া গাভৰু


গৌৰীপুৰীয়া গাভৰু দেখিলোঁ

হাতী ধৰিবলৈ গৈ।

 হাতীও ধৰিলোঁ তাইকো মুহিলোঁ

সাঁতুৰি গদাধৰ নৈ হে'।

মহলৰ কাষতে নৈৰে পাৰতে

আছিলে অকলে ৰৈ হে'।


গোৱালপাৰাৰ হাতী মহল, মাউত নানা স্থানত

তাৰেই মাজত মাথোন মই শিৱসাগৰৰ গাঁৱৰ

সেয়ে, গভীৰ হাবিত গাইছিলোঁ বিহু ব'হাগৰ।


কথা ঃ কি গাইছিলোঁ!

'পৰ্ব্বতে পৰ্ব্বতে বগাব পাৰোঁ মই

লতানো বগাবলৈ টান

বলিয়া হাতীকো বলাব পাৰোঁ মই

তোমাকনো বলাবলৈ টান।'


গাভৰুৰ বলালোঁ মন, লতাও বগালোঁ

বিহু গায়েই আচিন সুন্দৰীৰ চিত হৰি নিলোঁ।

কষ্ট কৰিলে ৰত্ন মিলিব কথাটি শিকিলোঁ।।


তেজক পানী কৰি কৰি হস্তিনী ধৰিলোঁ

ধৰাৰ পিচত মহলদাৰৰ মাননি লভিলোঁ

সেয়ে, কইনাকে দেখুৱাবগৈ দিখৌ নৈৰ পাৰ।।

Type Susmita Kakati


Post Id: DABP003123