অ' তই অবুজ মন
অ' তই অবুজ মন
চেনেহৰ বাট নিচিনিলি
সঁচা বাট বিচাৰি
যাওঁতে চাবি যেন
নপৰ অবাটে পিছলি
প্ৰেমৰ অৰ্থ দুটি মানুহ
একোটি মনৰ দুটি মানুহ
দুটি মনৰ একেটি সৰ
এটিৰ শূন্যতা আনটোৰ পূৰ।
এইযাৰ কথা পাহৰিলি।।
যৌৱন ফুলনিত তই ৰোৱা পুলিতে
এপাহি ফুল তই ফুলালি
নিজেই নজনাকৈ নিজ হাতেৰে
ফুলটিৰ পাহিবোৰ ছিঙিলি।
আত্ম-অভিমান জেদ আৰু খেদ
প্ৰেমৰ ৰাজ্যত শোভা নাপায়
দুয়ো দগ্ধ হয় দুয়োকে নেপাই
এই কথা ফঁহিয়াই নেচালি।।
Type Susmita Kakati
Post Id: DABP003062