চিত্ৰলেখা চিত্ৰলেখা


চিত্ৰলেখা চিত্ৰলেখা

চিত্ৰ এখন আঁকানা

চিত্ৰপটত চিন্তাশীল এক

 চিন্তানায়ক আঁকানা!!


জনজীৱনৰে ৰং শুকুলা

মন-জীৱনৰে গভীৰ নীলা

পাত্ৰ দুটি সজাই লোৱাঁ

দুয়োটি ৰং মিলাই লোৱাঁ

তুলিকা তুমি লোৱাঁনা!!


এটি দুটি ৰেখাৰে সাৱধানতাৰে

নয়ন আঁকা দূৰদৰ্শী!!

অনাগত দিনৰ অভিনৱ পুৱা

সীমা অসীমৰ সীমা বুজি পোৱা

বক্ষ এখন আঁকি দিয়াঁ;

 লক্ষজনে লক্ষ্য পোৱাঁ

তুলিকা তুলি লোৱাঁনা!!



Post Id: DABP003122