মদাৰৰে ফুল হেনো


মদাৰৰে ফুল হেনো পুজাতো নেলাগে
মদাৰৰে ফুল হেনো সবাহত নেলাগে
লাগে পিচে ব'হাগতে ৰং সানিবলে'
লাগে পিচে আকাশকে জুই জ্বলাবলে'।

কোনোবাই মোক হেনো মদাৰৰে ৰিজালে
আমাৰ দৰে লোক হেনো কাম-কাজে নালাগে
লাগে পিচে সমাজতে ৰং সানিবলৈ'
লাগে পিচে আকাশত জুই জ্বলাবলৈ'

মদাৰ গছত বগোৱা পাণ
খাবলৈহে ভাল - ভাল
ঊৰ্ধমুখী পাণলতাৰ
প্ৰতিজ্ঞাহে ভাল-ভাল
পাণ হৈ মদাৰতে
বগোৱাজনহে ভাল-ভাল
কাঁইটতে কুকুৰ তেজ
ঢলাজনহে ভাল-ভাল
মদাৰৰে জুই শিখা বিচৰাজনকে
ব'হাগতে মই আজি যাম পুজিবলৈ'
সঁচা সৰু মানুহ যদি
ৰঙা মদাৰ হয়
মদাৰৰে শিখা যদি
হতে হাতে লয়।

তেতিয়াহে সমাজ-আকাশ জ্যোতিৰে জৰিব
জ্যোতি লাগে এন্ধাৰকে নাশ কৰিবলে'।।
মদাৰ নেলাগে পূজাত
কাৰ পূজা সেয়া?

তেনে পূজা নেচাওঁ আমি
সেই সবাহ বেয়া।
তাতেম পূজাত লাগে মিছা কাগজৰহে ফুল
তাতে কতই মানৱতা যায় বেচিবলৈ'।
যাৰ পূজাত নৰমাংস
সেৰ জোখে কিনে
কিনি তাতে গোলাপৰে
আতৰ কিছু সানে।

যাৰ পূজাত মিছা-গৰল মনে মনে আহে
মাটিৰ জীৱন-অমৃতেৰে যাৰ ৰাহি নাহে।
তেনে লোকক কাঁইটৰে শয্যা পাতি দিয়াঁ
দি মডাৰ জুইৰে জ্বলোৱাঁ মানুহ কৰিবল'।
কোনোবাই মোক হেনো মদাৰৰে ৰিজালে
আমাৰ দৰে  লোক হেনো কাম-কাজে নেলাগে।

Type Susmita Kakati


Post ID : DABP003046