জীৱন-সিন্ধু বহু বিন্দুৰে হয়


জীৱন সিন্ধু বহু বিন্দুৰে হয়

যদি কৰ্মেৰে হয় বিন্দু পূৰ্ণ

অলস চিন্তা অগভীৰ আঁচনিয়ে

জয়ৰ বাসনা কৰে চূৰ্ণ


অসমবাসী এমূঠি মানুহ

তাতে যদি হয় নানান প্ৰভেদ

সামূহিক মঙ্গল হয় মষিমূৰ

উমি উমি থাকে যদি

ক্ৰোধ আৰু জেদ,

সকলোৱে শান্তিৰে কৰাঁ আলচ

ৰিক্ত মনক কৰাঁ পূৰ্ণ।।


সমাজক এৰি কোনো বাদ নহয়

সমাজবাদ আজিৰ লক্ষ্য

জীৱনৰোধহীন ব্যক্তিৰ বাবে

পৰিধি মাথোঁ হয় নিজ কক্ষ

স্বাৰ্থপৰ যান্ত্ৰিক দৃষ্টিয়ে

শাসনক কৰে সঙ্কীৰ্ণ


মহাভাৰতৰ মহা অঙ্গ অসম

সবাৰে অৱহেলা নেওচিব লাগে,

লুভীয়া নৱ উপনিৱেশবাদীৰ

শোষণ বিপৰীতে হেজাৰ জাগে

শোষিতই সাহসৰ মন্ত্ৰেৰে কৰে

শোষকৰ বক্ষ বিদীৰ্ণ।।

Type Susmita Kakati


Post Id: DABP003127