তোমাৰ দেখোঁ নাম পত্ৰলেখা


তোমাৰ দেখোঁ নাম পত্ৰলেখা

পত্ৰ তুমি নিলিখা হ'লাঁ

হয়তো মোৰ পুৰণা ঠিকনা

তোমাৰ মনত নাই।


হয়তো তুমি তোমাৰ মৰমবোৰ

থৈছাঁ সাঁচি কাৰোবালৈ

গুপত বুকুতে

তাত মোৰ ভাগেই নাই

কিম্বা মোৰ পুৰণা ঠিকনা

তোমাৰ মনত নাই।


বহু ঋতু পাৰ হৈ গ'ল

মোৰো মনৰ পত্ৰ বহু লিখা যে নহ'ল

মোৰ ক্ষমাও যে নাই

হয়তো সেয়ে তোমাৰ অভিমানৰ

পৰিধিও নাই।


মোৰ চিত্ৰ নাট গীত কবিতাত

বিচাৰিলে পাবা চাগৈ পুৰণা ঠিকনা

তুমি বিচৰাহে নাই;

কিম্বা তোমাৰ ঠিকনা বিচৰাৰ

অৱকাশো নাই।


পত্ৰলেখা আজি যদি

মোৰ ঠিকনাৈ সোধাঁ

সমিধানত মৌনতাহে পাবা

কাৰণ মই এক জিৰণীবিহীন

বেদুইন হ'লোঁ জীৱন-চাহাৰাত

ঠিকনা মোৰ নাই।

Type Susmita Kakati



Post ID : DABP003047