কপিলী কপিলী
কপিলী কপিলী
তই হৈ বাউলী
বাৰিষাত মৰিলি ধান।।
কপিলী কপিলী
ৰাংঢালী ছোৱালী
মহিমা বুজাকে টান।
কপিলী কপিলী, গাভৰু ছোৱালী
চঞ্চলী নাই তোৰ মান।
কপিলী কপিলী দেহাৰ ভাঁজে ভাঁজে
মিঠা যৌৱনৰে গান।
কপিলী কপিলী, তইতো নেজান
তোৰ গাত কিমান শকতি;
তইতো নেজান তোতেই লুকাই আছে
হেজাৰৰ সুৰুযৰে জ্যোতি।
(সেয়ে) বিজ্ঞানী ডেকাটি, সাজি-কাচি ওলালে
লগত ওলালে হেজাৰ
মৃত্যুক নেওচি শ্ৰমিকো ওলালে
সাৱটি তোৰ দুয়ো পাৰ।।
কপিলী কপিলী পাগলী ছোৱালী,
মানুহক কৰিবি ত্ৰাণ,
উমৰাংচুজনীও তোৰেই লগ লাগি
হ'ব চিৰ জ্যোতিষ্মান।।
Type Susmita Kakati
Post Id: DABP003063