বৈষ্ণৱ সাহিত্য়ৰ মূল কথা
প্ৰথম খণ্ড

১) বৈষ্ণৱ যুগৰ সাহিত্য়ৰ বিষয়বস্তু প্ৰধানকৈ ক'ৰ পৰা আহৰণ কৰা হৈছিল?
উত্তৰঃ পুৰাণ-উপপুৰাণৰপৰা।

২) চাৰিবস্তু বুূলি খ্য়াত তত্বকেইটা কি?
উত্তৰঃ নাম, দেউ, গুৰু আৰু ভকত।

৩) গঠন অনুসৰি বৈষ্ণৱ সাহিত্য়ক কেইটা শ্ৰেণীত ভগাব পাৰি?
উত্তৰঃ ছয়টা শ্ৰেণীত ভগাব পাৰি।

৪) বৈষ্ণৱ সাহিত্য়ৰ সৰহভাগ গ্ৰন্থ কি?
উত্তৰঃ অনুবাদমূলক।

৫) বৈষ্ণৱ সাহিত্য়ৰ বিশিষ্ট অংগ কি?
উত্তৰঃ গীত আৰু ভটিমা।

৬) মহাপুৰুষ দামুদৰদেৱৰ প্ৰিয় শিষ্য় কোন?
উত্তৰঃ ভট্টদেৱ।

৭) কাৰ হাতত গদ্য়ই স্থায়ী গঢ় লয়?
উত্তৰঃ ভট্টদেৱৰ হাতত।      

৮) মহাপুৰুষীয়া ধৰ্ম বুলি কাক কোৱা হয়?                               
উত্তৰঃ বৈষ্ণৱ ধৰ্মক।

৯) বৰগীত কি?
উত্তৰঃ শংকৰদেৱ আৰু মাধৱদেৱে ৰচনা কৰা বিষয়বস্তুৰ গাম্ভীৰ্য আৰু সুৰৰ বৈশিষ্ট্য়ৰ গীতসমূহ।

১০) সংস্কৃত কাব্য় বা নাটক প্ৰধানকৈ ক'ত ৰচিত হৈছিল?
উত্তৰঃ ৰজা-মহাৰজাৰ পৃষ্ঠপোষকতাত।

১১) শংকৰদেৱে ভাটি বয়সত কেইখন নাটক ৰচনা কৰিছিল?
উত্তৰঃ ছয়খন।

১২) মাধৱদেৱে অৰ্জুন-ভঞ্জনৰ কাহিনী ক'ৰ পৰা আহৰণ কৰিছে?
উত্তৰঃ ভাগৱত আৰু শ্ৰীকৃষ্ণ-কৰ্ণামৃত গ্ৰন্থৰপৰা।

১৩) বৈষ্ণৱ যুগৰ কবিসকলে গ্ৰন্থ ৰচোঁতে কি কৰিবলগীয়া হৈছিল?
উত্তৰঃ কিছুমান নিয়ম আৰু আদৰ্শলৈ সততে লক্ষ্য় কৰিব লগা হৈছিল।

১৪) এটা অংক থকা নাটবোৰক কি বোলা হৈছিল?
উত্তৰঃ অংকীয়া নাট।

১৫) গীত আৰু ভটিমাত কিহৰ প্ৰকাশ পাইছে?
উত্তৰঃ বৈষ্ণৱ ধৰ্মৰ।

১৬) কুমৰ-হৰণৰ ৰচক কোন?
উত্তৰঃ অনন্ত কন্দলী।

১৭) কোনটো যোগ অসমীয়া সাহিত্য়ৰ এক সোণালী যোগ?
উত্তৰঃ বৈষ্ণৱ যোগটো।

১৮) শ্ৰীকৃষ্ণৰ ৰাসক্ৰীড়াক শংকৰদেৱে কি বুলি কৈছে?
উত্তৰঃ "কামজয় নামে ইটো কেশৱৰ কেলি" বুলিহে কৈছে।

১৯) ধৰ্ম প্ৰচাৰৰ ক্ষেত্ৰত কি মনকৰিবলগীয়া?
উত্তৰঃ বৈষ্ণৱ যুগৰ নাটসমূহৰ দান।

২০) বৈষ্ণৱ যুগত গীত-ভটিমাৰ ভাষা কি আছিল?
উত্তৰঃ ব্ৰজাৱলী।


Author: Chinmay Kakati



Post Id: DABP003342