অসমীয়া-বঙলা মিশ্ৰিত সাহিত্য়
প্ৰথম খণ্ড

১)শ্ৰীকৃষ্ণ-কীৰ্তন কাব্য়খনত কেইটা শ্লোক আৰু কেইটা পদ আছে?
উত্তৰঃ ১৬১ টা শ্লোক আৰু ৪১৮ টা পদ আছে।

২) 'শ্ৰীকৃষ্ণ-কীৰ্তন'ৰ কবি কোন?
উত্তৰঃ বড়ু চণ্ডীদাস।

৩) শূন্য়-পুৰাণৰ ৰচক কোন?
উত্তৰঃ ৰামাই পণ্ডিত।

৪) ৰাধা-কৃষ্ণৰ মিলনত কোনে সহায় কৰিছে?
উত্তৰঃ বড়ায়ি নামৰ এটা চৰিত্ৰই।

৫) ধৰ্মপূজা বিষেশকৈ ক'ত উদযাপন কৰা হয়?
উত্তৰঃ বংগদেশৰ ৰাড় অঞ্চলত।

৬) 'ময়নামতীৰ গান'ৰ ৰচয়িতা কোন?
উত্তৰঃ ভবানী দাস।

৭) নগেন্দ্ৰনাথ বসু আৰু দীনেশচন্দ্ৰ সেনৰ মতে ৰামাইপণ্ডিত কিমান শতিকাৰ লোক?
উত্তৰঃ একাদশ শতিকাৰ লোক।

৮) 'বড়ু' শব্দটোৰ ওপৰত ভবেন্দ্ৰনাথ বৰুৱাই কি অনুমান কৰে?
উত্তৰঃ 'বড়ু' শব্দটো অসমীয়া বৰুৱা শব্দৰে ৰূপান্তৰ বুলি।

৯) শ্ৰীকৃষ্ণ-কীৰ্তনত কি বৰ্ণিত হৈছে?
উত্তৰঃ ৰাধা-কৃষ্ণৰ মধুৰ প্ৰেমকাহিনী।

১০) যোগেশচন্দ্ৰ বিদ্য়ানিধিৰ মতে শূন্য় পুৰাণ কিমান শতিকাৰ?
উত্তৰঃ চতুৰ্দশ শতিকাৰ।

১১) কোনখন কাব্য়ত ধৰ্মদেৱতাৰ প্ৰাধান্য় স্বীকৃত হৈছে?
উত্তৰঃ মনকৰৰ 'মনসা কাব্য়'ত।

১২) শ্ৰীকৃষ্ণ-কীৰ্তন প্ৰধানকৈ কিহৰ কাব্য?
উত্তৰঃ শৃংগাৰ ৰসাত্মক কাব্য।

১৩) প্ৰাচীন অসমীয়া আৰু বঙলা দুয়োটা ভাষাৰ নিদৰ্শন থকা কেইখনমান গ্ৰন্থৰ নাম লিখা।
উত্তৰঃ 'ময়নামতীৰ গান', 'গোপীচন্দ্ৰেৰ গান', 'গোপীচন্দ্ৰেৰ গীত', 'গোৰক্ষ-বিজয়' আদি।

১৪) গোপীচন্দ্ৰেৰ গানৰ ৰচক কোন?
উত্তৰঃ সুকুৰ মামুদ।

১৫) শূন্য় পুৰাণ কিহৰ পুথি?
উত্তৰঃ ধৰ্মদেৱতাৰ মাহাত্ম্য়সূচক পুথি।

১৬) নগেন্দ্ৰনাথ বসু আৰু দীনেশচন্দ্ৰ সেনৰ মতে ৰামাই পণ্ডিত কিমান শতিকাৰ লোক?
উত্তৰঃ একাদশ শতিকাৰ লোক।

১৭) ডঃ মহেশ্বৰ নেওগে 'শ্ৰীকৃষ্ণ-কীৰ্তন'ৰ ভাষাক কি বুলি ক'ব খোজে?
উত্তৰঃ কামৰূপ-গৌড়ৰ সীমা মুৰিয়লিৰ বস্তু বুলি ক'ব খোজে।

১৮) কাৰ প্ৰভাৱত অসমত ৰাধা-কৃষ্ণ বিষয়ক কাব্য় ৰচিত নহ'ল?
উত্তৰঃ পৰৱৰ্তী শংকৰী ধৰ্ম-সাহিত্য়ৰ প্ৰভাৱত।

১৯) শ্ৰীকৃষ্ণ-কীৰ্তনৰ সম্পাদক এজনৰ নাম লিখা।
উত্তৰঃ অমিত্ৰসূচন ভট্টাচাৰ্য।

২০) কোনখন কাব্য়ৰ আম্ভণিৰ আৰু শেষৰ পৃষ্ঠা নাি?
উত্তৰঃ শ্ৰীকৃষ্ণ-কীৰ্তন কাব্যখনৰ।



Author: Chinmay Kakati



Post Id: DABP003339