বৈষ্ণৱ যুগৰ পাঁচালী কবিসকল

প্ৰথম খণ্ড

১) 'পাঁচালী' শব্দটো ক'ৰ পৰা আহিছে?

উত্তৰঃ সংস্কৃত ভাষাৰ শব্দ পাঞ্চালী বা পাঞ্চালিকা শব্দৰ পৰা।

২) দুৰ্গাবৰৰ পিতৃৰ নাম কি?

উত্তৰঃ চন্দ্ৰধৰ কায়স্থ।

৩) লৌকিক সাহিত্য়ৰ কবি কেইজন কোন?

উত্তৰঃ দুৰ্গাবৰ আৰু পীতাম্বৰ।

৪) দুৰ্গাবৰে ৰামায়ণৰ আলমত কি ৰচনা কৰে?

উত্তৰঃ গীতি ৰামায়ণ।

৫) পীতাম্বৰ কাৰ সমসাময়িক কবি?

উত্তৰঃ শংকৰদেৱৰ।

৬) অসমীয়া মনসা কবি কেইজন?

উত্তৰঃ তিনিজন।

৭) মনসা সাহিত্য়ৰ শ্ৰেষ্ঠ কবি কোন?

উত্তৰঃ সুকবি নাৰায়ণদেৱ।

৮) বিষয়বস্তুৰ ফালৰপৰা পাঁচালী সাহিত্য়ক কেই শ্ৰেণীত ভাগ কৰিব পাৰি?

উত্তৰঃ দুই শ্ৰেণীত ভাগ কৰিব পাৰি।

৯) এতিয়ালৈকে পিতাম্বৰৰ ৰচিত কেইখন গ্ৰন্থ পোৱা গৈছে?

উত্তৰঃ চাৰিখন।

১০) মাৰ্কণ্ডেয় চণ্ডী গ্ৰন্থখন কিমান শতিকাত ৰচিত বুলি পণ্ডিতসকলে মত দিয়ে?

উত্তৰঃ ১৪৫২ শকত।

১১) মনকৰৰ দৰে কাৰ কাব্য়ত লৌকিকতাৰ ছাপ পৰিছে?

উত্তৰঃ দুৰ্গাবৰৰ।

১২) 'ঊষা-পৰিণয়' কাব্য়খন কিমান শতিকাত ৰচিত?

উত্তৰঃ ১৮৫৫ শকত।

১৩) পীতাম্বৰ কোনটো যুগৰ আদি ভাগৰ এজন আগশাৰীৰ কবি?

উত্তৰঃ শংকৰী যুগৰ।

১৪) ঊষা-পৰিণয়ৰ মূল কাহিনী কি?

উত্তৰঃ হৰিবংশৰ।

১৫) কবি পীতাম্বৰৰ তৃতীয় গ্ৰন্থখনৰ নাম কি?

উত্তৰঃ দশম স্কন্ধ।

১৬)  মনসা কবি তিনিজনৰ নাম লিখা।

উত্তৰঃ  মনকৰ, দুৰ্গাবৰ আৰু সুকবি নাৰায়ণদেৱ।

১৭) কবি পীতাম্বৰৰ ঘৰ ক'ত?

উত্তৰঃ কমতাপুৰত।

১৮) কবি পীতাম্বৰে দশম স্কন্ধ গ্ৰন্থখনৰ পদ কাৰ আদেশত  ৰচনা কৰে?
উত্তৰঃ 
চিলাৰায়ৰ আদেশত।

১৯) মনকৰ আৰু দুৰ্গাবৰ দুয়োজন কবি কোনজন ৰজাৰ ৰাজত্বকালৰ কবি?

উত্তৰঃ ৰজা বিশ্বসিংহৰ ৰাজত্বকালৰ।

২০) লৌকিক সাহিত্য় কাৰ আধাৰত সৃষ্ট?

উত্তৰঃ ৰামায়ণ, মহাভাৰত আৰু পুৰাণৰ আধাৰত।



Author: Chinmay Kakati


Post Id: DABP003341