প্ৰথম লিখিত সাহিত্য়ঃ চৰ্যাপদ

প্ৰথম খণ্ড

১) চৰ্যাপদত বাংলাৰ উপৰি আন কি কি ভাষাৰ নিদৰ্শন আছে?

উত্তৰঃ উৰিয়া, মৈথিলী, অসমীয়া আধি ভাষাবোৰ।


২) মীননাথৰ পুত্ৰৰ নাম কি?

উত্তৰঃ মৎসেন্দ্ৰনাথ  বা মচ্ছীন্দ্ৰ।


৩) চৰ্যাপদবোৰৰ বিষয়বস্তু কেনেকুৱা?

উত্তৰঃ সাঁথৰৰ দৰে ৰহস্য়পূৰ্ণ আৰু জটিল।


৪) জীৱৰ দুখৰ কাৰণ কি?

উত্তৰঃ মায়া বা অবিদ্য়াই জীৱৰ দুখৰ কাৰণ।


৫) জীৱই কেতিয়া মুক্তি লাভ কৰিব পাৰে?

উত্তৰঃ আত্মজ্ঞান লাভ কৰিলে।


৬) কেতিয়াৰ পৰা পূব ভাৰত বিশেষকৈ অসমৰ হাতীৰ খ্য়াতি আছে?

উত্তৰঃ মহাভাৰতৰ দিনৰেপৰা।


৭) চৰ্যাপদত কি তত্ত্ব আলোচিত হৈছে?

উত্তৰঃ দাৰ্শনিক তত্ত্ব।


৮) চৰ্যাদপত কিহৰ চিত্ৰ প্ৰতিফলিত হোৱা দেখা যায়?

উত্তৰঃ সমসাময়িক অসমীয়া সমাজখনৰ বিভিন্ন চিত্ৰ প্ৰতিফলিত হোৱা দেখা যায়।


৯) অসমত বৈষ্ণৱ ধৰ্মৰ প্ৰভাৱত কিহৰ সৃষ্টি হয়?

উত্তৰঃ বিৰাট পদ্য়-সাহিত্য়ৰ সৃষ্টি হয়।


১০) হস্ত্য়ায়ুৰ্বেদৰ ৰচক কোন?

উত্তৰঃ মুনি পালকাপ্য়।


১১) প্ৰাচীন কালৰেপৰা অসমত কিহৰ বিষয়ে ভালেমান তথ্য় পোৱা যায়?

উত্তৰঃ হাতী ধৰা আৰু চিকিৎসা-পদ্ধতি সম্পৰ্কে ভালেমান তথ্য় পোৱা যায়।


১২) নিৰ্বাণৰ অৰ্থ কি?

উত্তৰঃ বাসনাৰ নিবৃত্তি বা অহংভাবৰ বিলোপ সাধন।


১৩) নিৰ্বাণে কি কৰে?

উত্তৰঃ নিৰ্বাণে সংসাৰৰ দুখ নাশ কৰে।


১৪) চৰ্যাপদত কি কি বাদ্য়ৰ উল্লেখ আছে?

উত্তৰঃ চৰ্যাপদত বীণা, টোকৰী আদি বাক্য়ৰ উল্লেখ আছে।


১৫) গীতৰ প্ৰথম দুশাৰীক কি বুলি কোৱা হয়?

উত্তৰঃ ধ্ৰুৱ বা ধ্ৰুং।


১৬) অসমীয়া সংস্কৃতিৰ লগত তামোলৰ সম্পৰ্ক কেনেকুৱা?

উত্তৰঃ নিবিড়।


১৭) চৰ্যাপদৰ বিষয়বস্তু বা গভীৰ তত্ত্বমূলক কথাবোৰ কাৰ সহায়ত বুজোৱা হৈছে?

উত্তৰঃ উপমা, ৰূপক আদিৰ সহায়ত বুজোৱা হৈছে।


১৮) সংগৃহীত চৰ্যাপুথিখনত কাৰ বিষয়ে কাৰ নামত এটিও চৰ্যা পোৱা নাযায়?

উত্তৰঃ মীননাথ বা মহেন্দ্ৰনাথৰ নামত।


১৯) কি ৰচিত হোৱাৰ আগতে অসমীয়া ভাষাত ৰচিত কোনো নিদৰ্শন পোৱা নাযায়?

উত্তৰঃ চৰ্যাপদ।


২০) চৰ্যাপদবোৰ কাৰ শেষস্তৰৰ নিদৰ্শন?

উত্তৰঃ অপভ্ৰংশৰ।


Author: Chinmay Kakati



Post Id: DABP003237