মন্ত্ৰ-সাহিত্য়

প্ৰথম খণ্ড

১) বুদ্ধদেৱে মন্ত্ৰবোৰক কি বুলি কৈছিল?
উত্তৰঃ তিৰচ্ছান অৰ্থাৎ কুটিল বুলি কৈছিল।

২) বৌদ্ধ সাহিত্য়ৰ ক'ত অসংখ্য় মন্ত্ৰ আছে?
উত্তৰঃ 'মঞ্জুশ্ৰী মূলকল্প'ত।

৩) চৰিতপুথিত কিহৰ কথা আছে?
উত্তৰঃ বৌদ্ধমতীয়া টাটকীয়াৰ কথা আছে।

৪) শংকৰাচাৰ্যৰ কোনটো কাহিনীত কামৰূপৰ তন্ত্ৰ-মন্ত্ৰৰ উল্লেখ আছে?
উত্তৰঃ দ্বিগিজয়ৰ কাহিনীত।

৫) লোকবিশ্বাস মতে খেতৰ-খেতৰী কি?
উত্তৰঃ খেতিপথাৰৰ অধিষ্ঠাতা ক্ষেত্ৰদেৱতা।

৬) অপদেৱতাই কি কৰে?
উত্তৰঃ মানুহৰ গাত লম্ভি মহামাৰী, ব্যাধি আদিৰ সৃষ্টি কৰে।

৭) 'বশাকৰণ' মন্ত্ৰৰে কি কৰা হয়?
উত্তৰঃ স্বামীক বা স্ত্ৰীক প্ৰয়োজন অনুসাৰে বশ কৰা  হয়।

৮) ৰচনাত কি ভাষাৰ প্ৰভাৱ আছে?
উত্তৰঃ ৰচনাত কথিত ভাষাৰ প্ৰভাৱ আছে।

৯) কৰতি-পুথিত কিহৰ উল্লেখ আছে?
উত্তৰঃ অৰ্থব বেদৰ।

১০) মন্ত্ৰপুথিবোৰৰ ভাষাত কি পোৱা যায়?
উত্তৰঃ প্ৰাচীনত্বৰ আভাস পোৱা যায়।

১১) মন্ত্ৰপুথিত কি পোৱা যায়?
উত্তৰঃ মানুহৰ ৰোগৰ কাৰণ আৰু তাৰ প্ৰতিকাৰৰ উপায়।

১২) সিদ্ধিৰ কাৰণে মন্ত্ৰত কাক চিন্তা কৰা হয়?
উত্তৰঃ গুৰু আৰু কামাখ্যা গোঁসানীক।

১৩) গেইট চাহাবে কোৱা মতে সৰহভাগ মন্ত্ৰ ক'ত ৰচিত হৈছিল?
উত্তৰঃ কামৰূপত।

১৪) মন্ত্ৰক কিয় 'ওভোতা-বেদ' বুলি কোৱা হৈছে?
উত্তৰঃ বেদদাহ্য় আচৰণৰ কাৰণে।

১৫) জনসাধাৰণৰ বিশ্বাসমতে দেৱতা কেনেকৈ আঁতৰ হয়?
উত্তৰঃ দেৱতাৰ জন্মকাহিনী ক'ব পাৰিলে।

১৬) অসমীয়া ভাষাত কি কি মন্ত্ৰপুথি আছে?
উত্তৰঃ অগ্নিবাণ, ব্ৰহ্মকৰতি, পানী-কৰতি, ৰাম-কৰতি আদি।

১৭) ড॰ উইন্টাৰনিজে মন্ত্ৰ-সাহিত্য়ক কি আখ্য়া দিছে?
উত্তৰঃ Popular Poetry আখ্য়া দিছে।

১৮) ক'ত ৰচনা কৰা মন্ত্ৰবোৰ সকলো ঠাইতে অত্য়ানুপ্ৰাস বা শেষ আখৰৰ মিল লক্ষ্য় কৰা নাযায়?
উত্তৰঃ ছন্দত ৰচনা কৰা মন্ত্ৰবোৰ।

১৯) 'ৰুদ্ৰ-কৰতি'ত কি উল্লেখ আছে?
উত্তৰঃ অৰ্জুনে কৰতি বাণ ছেদ কৰা বুলি উল্লেখ আছে?

২০) বহু মন্ত্ৰত কিহৰ চিত্ৰ পোৱা যায়?
উত্তৰঃ ঘৰুৱী জীৱনৰ চিত্ৰ।

Author: Chinmay Kakati



Post Id: DABP003345