প্ৰথম খণ্ড


ডাকৰ বচন



১) কৃষি-দেৱতা কোন?
উত্তৰঃ মহাদেৱ।

২) কৃষি-প্ৰধান দেশ বুলি কাক কোৱা হয়?
উত্তৰঃ অসম।

৩) ধৰ্ম প্ৰকৰণত কাৰ বিষয়ে বৰ্ণোৱা হৈছে?
উত্তৰঃ অসমীয়া ধাৰ্মিক জীৱনৰ বিষয়ে?

৪) গৃহিণী-লক্ষণত কাৰ কথা আছে?
উত্তৰঃ বিভিন্ন চৰিত্ৰসম্পন্ন তিৰোতাৰ কথা আছে।

৫) অসমীয়াৰ জীৱন-স্বৰূপ কি?
উত্তৰঃ কৃষিয়েই অসমীয়াৰ জীৱন-স্বৰূপ।

৬) দুটা মহ কামৰ নাম লিখা।
উত্তৰঃ পুখুৰী খন্দা আৰু মাছ ৰোৱা।

৭) অসমীয়া জাতীয় জীৱনৰ লগত ডাকৰ-বচনৰ সম্বন্ধ কেনেকুৱা?
উত্তৰঃ ওতঃপ্ৰোত।

৮) ডাকৰ বচনসমূহ কি কি ভাষাত আছে?
উত্তৰঃ বঙলা, উৰিয়া, নেপালী, মৈথিলী আদি বিভিন্ন ভাষাত আছে।

৯) অসমীয়া ডাক পুৰুষজন কি জাতিৰ?
উত্তৰঃ কুলাৰ।

১০) খেতিৰ প্ৰধান সঁজুলি কি?
উত্তৰঃ গৰু।

১১) মানুহে সাধাৰণতে গৰুৰ বয়স কেনেকৈ নিৰ্ধাৰণ কৰে?
উত্তৰঃ গৰুৰ দাঁত চাই।

১২) বঙালীৰ ডাক পুৰুষজন কি জাতিৰ?
উত্তৰঃ গোপ।

১৩) ৰন্ধন-প্ৰকৰণ অধ্য়ায়টোত কাৰ বিষয়ে আলোচনা কৰা হৈছে?
উত্তৰঃ অসমীয়া প্ৰিয় ব্যঞ্জনসমূহৰ ৰন্ধন প্ৰণালীৰ বিষয়ে।

১৪) ৰাজপুতনাত ডাকক কি বুলি কোৱা হয়?
উত্তৰঃ ডংক।

১৫) অতিবৃষ্টি বা অনাবৃষ্টি হ'লে তাৰ প্ৰতিকাৰৰ বাবে খেতিয়কসকলে কি কৰে?
উত্তৰঃ দেৱতাসকলক স্তুতি কৰে।

১৬) কৃষি-কৰ্মৰ নিয়মবোৰ সুন্দৰকৈ ক'ত বৰ্ণোৱা হৈছে?
উত্তৰঃ ডাকৰ বচনত।

১৭) ক'ত পঞ্চতন্ত্ৰ আৰু হিতোপদেশৰ নিচিনা কিছুমান সুন্দৰ বাণী পোৱা যায়?
উত্তৰঃ নীতি-প্ৰকৰণত।

১৮) দেবেন্দ্ৰনাথ বেজবৰুৱাই ডাকক কি বুলি ক'ব খোজে?
উত্তৰঃ মিহিৰ মুণিৰ পুতেক বুলি তেওঁৰ জন্ম ষষ্ঠ শতিকাত বুলিহে ক'ব খোজে।

১৯) পৰিত্য়াগ-কথনত কি আছে?
উত্তৰঃ কেনেধৰণৰ মানুহ বা বস্তু ত্য়াগ কৰা উচিত সেই সম্বন্ধে কিছুমান উপদেশ আছে।

২০) জন্ম প্ৰকৰণ, ধৰ্ম প্ৰকৰণ, ৰাজনীতি-প্ৰকৰণ আদিৰ বিষয়ে ক'ত আছে?
উত্তৰঃ ডাকৰ বচনত।

Author: Chinmay Kakati



Post Id: DABP003239