মাধৱদেৱৰ সাহিত্য় প্ৰতিভা

প্ৰথম খণ্ড

১) মাধৱদেৱৰ আখ্য়ানমূলক গ্ৰন্থকেইখনৰ নাম লিখা।

উত্তৰঃ (ক) আদিকাণ্ড ৰামায়ণ আৰু (২) ৰাজসূয় কাব্য়।

২) মাধৱদেৱৰ সাহিত্য়িক জীৱনৰ কীৰ্তিস্তম্ভ কি?

উত্তৰঃ নামঘোষা।

৩) মাধৱদেৱৰ নামত কেইটা ভটিমা পোৱা যায়?

উত্তৰঃ নটা।

৪) মাধৱদেৱে ৰচা গীতবোৰক কেই শ্ৰেণীত ভাগ কৰিব পাৰি?

উত্তৰঃ দুই শ্ৰেণীত ভাগ কৰিব পাৰি।

৫) কিমান চনত মাধৱদেৱৰ তিৰোধান হয়?

উত্তৰঃ ১৫৯৬ চনত।

৬) মাধৱদেৱৰ ৰচিত নাট কেইখন?

উত্তৰঃ নখন।

৭) মাধৱদেৱৰ বৰগীতবোৰত কিহৰ বৰ্ণনা আছে?

উত্তৰঃ শিশু কৃষ্ণৰ বিভিন্ন কাৰ্যকলাৰ মনোৰম বৰ্ণনা আছে।

৮) সাহিত্য়ৰ ৰূপ অনুসৰি মাধৱদেৱৰ ৰচনাৰাজিক কেই শ্ৰেণীত ভগাব পাৰি?

উত্তৰঃ ৪ শ্ৰেণীত ভগাব পাৰি। 

৯) মাধৱদেৱৰ তত্ত্বমূলক গ্ৰন্থ কেইখন আৰু কি কি?

উত্তৰঃ চাৰিখন। (১) নামঘোষা (২) জন্ম-ৰহস্য় (৩) ভক্তি-ৰত্নাৱলী আৰু (৪) নাম-মালিকা।

১০) আদিকাণ্ডৰ ৰচক কোন?

উত্তৰঃ মাধৱদেৱ।

১১) নৱ-বৈষ্ণৱ ধৰ্ম প্ৰচাৰৰ ক্ষেত্ৰত শংকৰদেৱৰ প্ৰধান সহায়ক কোন?

উত্তৰঃ মাধৱদেৱ।

১২) নামঘোষা গ্ৰন্থখনি কি?

উত্তৰঃ মাধৱদেৱৰ আধ্য়াত্মিক জীৱনৰ পূৰ্ণ অভিজ্ঞতাৰ ছন্দোময় অভিব্যক্তি।

১৩) মাধৱদেৱে কিমান খ্ৰীষ্টাব্দত শংকৰদেৱৰ সংস্পৰ্শলৈ আহিছিল?

উত্তৰঃ ১৫২২ খ্ৰীষ্টাব্দত।

১৪) মাধৱদেৱে কিমান চনত শংকৰদেৱৰ সৈতে কামৰূপ ৰাজ্য়লৈ গৈছিল?

উত্তৰঃ ১৫৪৬ চনত।

১৫) মাধৱদেৱৰ নাটসমূহক কি কি ভাগত ভগোৱা হয়?

উত্তৰঃ সন্দেহবিহীন আৰু সন্দেহযুক্ত।

১৬) জন্ম-ৰহস্য় অনুদিত পুথিখনৰ মূল কি?

উত্তৰঃ 'জন্ম-পুৰাণ' নামৰ এখনি সংস্কৃত গ্ৰন্থ।

১৭) মাধৱদেৱে ক'ত বাল্য় শিক্ষা সম্পন্ন কৰে?

উত্তৰঃ বাংলাদেশৰ ৰংপুৰ জিলাত।

১৮) মাধৱদেৱে কিয় আধিকাণ্ড ৰচনা কৰিছিল?

উত্তৰঃ শংকৰদেৱৰ আদেশ মানি মাধৱ কন্দলীৰ অসম্পূৰ্ণ ৰামায়ণ পুৰাবলৈ।

১৯) কোনখন পুথিক এহেজাৰ ঘোষা নামেৰে জনা যায়?

উত্তৰঃ নামঘোষা পুথিখনক।

২০)  মাধৱদেৱৰ জীৱনৰ শেষ বয়সৰ ৰচনা কি?

উত্তৰঃ নামঘোষা।

Author: Chinmay Kakati 


Post Id: DABP003344