বৰগীত

প্ৰথম খণ্ড

১) বৰগীতৰ বিষয়বস্তুক কেইটা ভাগত ভগাব পাৰি?

উত্তৰঃ ছয়টা ভাগত ভগাব পাৰি।

২) লীলা বিষয়ক গীতবোৰ কেই ভাগত বিভক্ত?

উত্তৰঃ চাৰি ভাগত বিভক্ত।

৩) বিৰহ গীতত কিহৰ বৰ্ণনা আছে?

উত্তৰঃ শ্ৰীকৃষ্ণৰ অনুপস্থিতিত যশোদা আৰু অন্য় গোপীসকলৰ বিৰহ দুখৰ বৰ্ণনা আছে।

৪) বৰগীতৰ ভাষা কি?

উত্তৰঃ ব্ৰজাৱলী।

৫) প্ৰতিটো বৰগীত কেই অংশত বিভক্ত আৰু কি কি?

উত্তৰঃ দুই অংশত বিভক্ত। ধ্ৰুৱ (ধ্ৰুং) আৰু পদ।

৬) ব্ৰজবুলি কি?

উত্তৰঃ ব্ৰজবুলি হ'ল- ব্ৰজধাম, অৰ্থাৎ, কৃষ্ণৰ জন্ম ঠাইৰ ভাষা- পৱিত্ৰ ভাষা।

৭) বৰগীতৰ লগত চৰ্যাপদৰ সাদৃশ্য়ৰ বিষয়ে ক'ত উল্লেখ আছে?

উত্তৰঃ চৰ্যাপদ প্ৰবন্ধত।

৮) কালিৰাম মেধিয়ে বৰগীতক কি বুলি আখ্য়া দিছে?

উত্তৰঃ Great Song বা Song Celestial বুলি আখ্য়া দিছে।

৯) বৰগীত গাওঁতে ধ্ৰুৱৰ কথাখিনি কেনেকৈ গোৱা হয়?

উত্তৰঃ পদৰ মাজে মাজে।

১০) গুৰুজনাৰ আদেশক্ৰমে মাধৱদেৱে কেইটা বৰগীত ৰচনা কৰে?

উত্তৰঃ ১৫৭ টা।

১১) বৰগীতবোৰত কিহৰ লক্ষ্য়ণ বিদ্য়মান?

উত্তৰঃ গীত-কবিতাৰ।

১২) ব্ৰজবুলিৰ ভেটি কি?

উত্তৰঃ মৈথিলী ভাষা।

১৩) কিহৰ অনুসৰি গুৰু দুজনাই বৰগীতবোৰত সুৰ সংযোজনা কৰি গৈছে?

উত্তৰঃ বিষয়বস্তু, উদ্দেশ্য় আৰু সময় অনুসৰি।

১৪) বৰগীতৰ ছয়টা বিষয়বস্তু কি কি?

উত্তৰঃ (১) লীলা (২) বিৰহ (৩) বিৰক্তি (৪) পৰমাৰ্থ (৫) চোৰ আৰু (৬) চাতুৰি।

১৫) বৰগীতত কি কি শব্দৰ প্ৰচুৰ প্ৰয়োগ হৈছ?

উত্তৰঃ তৎসম, তদ্ভৱ আৰু ব্ৰজাৱলী শব্দৰ।

১৬) বৰগীতত লৌকিক গীতৰ দৰে কিহৰ স্থান নাই?

উত্তৰঃ আদি ৰসাত্মক বিষয়ৰ।

১৭) লীলা বিষয়ক গীতবোৰৰ ভাগ কেইটা লিখা।

উত্তৰঃ  জাগন, চলন, খেলন আৰু নৃত্য।

১৮) ডঃ নেউগৰ ভাষাত বৰগীতক অসমৰ কি বুলি ক'ব পাৰি?

উত্তৰঃ 'ক্লাছিকেল' বা উচ্চাংগ।

১৯) ব্ৰজাৱলী কি ভাষা?

উত্তৰঃ এটি কৃত্ৰিম সাহিত্য়িক ভাষা।

২০) কথা-গুৰুচৰিত  মতে মাধৱদেৱে কেইটা বৰগীত ৰচনা কৰিছে?

উত্তৰঃ ন কুৰি এঘাৰটা।



Author: Chinmay Kakati


Post Id: DABP003346