প্ৰাক্-শংকৰী যুগৰ সাহিত্য়

প্ৰথম খণ্ড

১) হৰগৌৰী সংবাদ পুথিখন কেইটা পদত ৰচিত?

উত্তৰঃ ৮৯৯ টা পদত ৰচিত।

২) হেম সৰস্বতীয়ে কি চাই এশটা পদত 'এশটা চৰিত্ৰ' ৰচনা কৰিছিল?

উত্তৰঃ বামন-পুৰাণ চাই।

৩)  হৰিবৰ বিপ্ৰ কবিগৰাকীৰ নামত কেইখন কাব্য়-পুথি পোৱা গৈছে?

উত্তৰঃ তিনিখন।

৪) প্ৰাক্ শংকৰী য়ুগৰ কবিসকলৰ ভিতৰত শ্ৰেষ্ঠ কবি কোন?

উত্তৰঃ মাধৱ কন্দলী।

৫) জৈন ৰামায়ণৰ ৰচক কোন?

উত্তৰঃ পণ্ডিত হেমচন্দ্ৰ আচাৰ্য।

৬) মাধৱ কন্দলীৰ অন্য় এটা নাম কি?

উত্তৰঃ কবিৰাজ কন্দলী।

৭) কিমান শতিকাত তামিল ভাষাত ৰামায়ণ ভাঙণি হয়?

উত্তৰঃ ৯ম শতিকাত।

৮) মাধৱ কন্দলীয়ে কিমান শতিকাত বাল্মিকীৰ ৰামায়ণ অসমীয়ালৈ ভাঙণি কৰিছিল?

উত্তৰঃ সূদুৰ চতুৰ্দশ শতিকাত।

৯) হৰিবৰ বিপ্ৰৰ তৃতীয় যুদ্ধ-কাব্য় কি?

উত্তৰঃ তাম্ৰধ্বজৰ যুদ্ধ।

১০) শকুন্তলা উপাখ্যানৰ কবি কোন?

উত্তৰঃ কবিৰত্ন সৰস্বতী।

১১) হৰিবৰ বিপ্ৰ কেনেকুৱা কবি আছিল?

উত্তৰঃ প্ৰতিভাশালী।

১২) হেম সৰস্বতীৰ ভাষাত কিহৰ চিন আছে?

উত্তৰঃ প্ৰাচীনত্বৰ চিন আছে।

১৩) চতুৰ্দশ শতিকাত ৰচিত গ্ৰন্থসমূহৰ ৰচয়িতাসকল কোন?

উত্তৰঃ হেম সৰস্বতী, হৰিবৰ বিপ্ৰ, কবিৰত্ন সৰস্বতী, ৰুদ্ৰ কন্দলী আৰু মাধৱ কন্দলী।

১৪) ৮ম দশকত তুলসী দাসৰ কি পুথি ৰচিত হৈছিল?

উত্তৰঃ ৰামচৰিত মানস ৰচিত হৈছিল।

১৫) মাধৱ কন্দলীয়ে 'কবিৰাজ-কন্দলী' এই নামটো কেনেকৈ পায়?

উত্তৰঃ সদ্ভৱ কবিত্ব-শক্তিৰ কাৰণে।              

১৬) ১২শ শতিকাত ৰামায়ণক কি ভাষালৈ ভাঙণি কৰা হৈছিল?

উত্তৰঃ কানাড়ী ভাষালৈ।

১৭) হৰগৌৰী সংবাদ পুথিখন কিহৰ বিষয়ে বৰ্ণনা আছে?

উত্তৰঃ তাৰকাসুৰৰ অত্য়াচাৰ, হৰগৌৰী বিবাহ, কাৰ্তিকৰ জন্ম আদি।

১৮) কবিৰতন্ সৰস্বতী কোন দুগৰাকী কবিৰ সমসাময়িক কবি?

উত্তৰঃ হেম সৰস্বতী আৰু হৰিবৰ বিপ্ৰ।

১৯) হৰগৌৰী সংবাদ পুথিখনৰ প্ৰথম অধ্য়ায়টো ক'ৰ পৰা লোৱা হৈছে?

উত্তৰঃ নৃসিংহ-পুৰাণৰ পৰা।

২০) হেম সৰস্বতীয়ে কোনখন পুথিত আত্ম-পৰিচয় দিছিল?

উত্তৰঃ প্ৰহ্লাদ-চৰিত্ৰত।

Author: Chinmay Kakati


Post Id: DABP003343