Chapter 14 

প্ৰাকৃতিক সম্পদ

1. প্ৰাকৃতিক সম্পদ বুলিলে কি বুজা ? প্ৰাকৃতিক সম্পদবোৰক কেইভাগত ভগাব পাৰি ?

উত্তৰ:- পৃথিৱীত জীৱজগত প্ৰকৃতিৰ কিছুমান অৱদানৰ ওপৰত নিৰ্ভ কৰি জীয়াই থাকে। এই প্ৰাকৃতিক অৱদানবোৰক প্ৰাকৃতিক সম্পদ (natural resources) বোলে। প্ৰাকৃতিক সম্পদবোৰক ঘাইকৈ তিনিটা ভাগত ভগাব পাৰি।

2. নবীকৰণ যোগ্য আৰু অনৱীকৰণযোগ্য প্ৰাকৃতিক সম্পদ বুলিলে কি বুজা ? প্ৰত্যেকৰে দুটাকৈ উদাহৰণ দিয়া ।

উত্তৰ:- যিবোৰ সম্পদ শেষ হৈ নাযায় আৰু নিৰ্দিষ্ট সময়ৰ ভিতৰত পুনঃৰুদ্ধাৰ বা পুনঃউৎপাদন কৰিব পাৰি, তেনে সম্পদবোৰক নৱীকৰণযোগ্য় সম্পদ বোলে। যেনে- উদ্ভিদ, মাটি । প্ৰকৃতিৰ বুকুত জমা হৈ থকা যিবোৰ সম্পদ পুমঃউৎপাদন কৰিব নোৱাৰি. তেনে সম্পদবোৰক অনৱীকৰণযোগ্য় সম্পদ বোলে। যেনে- প্ৰাকৃতিক গেছ, কয়লা ইত্য়াদি।

3. প্ৰাকৃতিক ভাৰসাম্যতা ৰক্ষা কৰাত বনাঞ্চলৰ গুৰুত্ব আলোচনা কৰা ।

উত্তৰ:- ১. গছ-গছনিয়ে বায়ুমণ্ডলত অক্সিজেন আৰু কাৰ্বনডাই-অক্সাইডৰ সমতা ৰক্ষা কৰে। গোলকীয় উত্তাপনত অৰিহণা যোগোৱা সেউজ-গৃহ গেছ কাৰ্ব ডাই-অক্সাইড ইদ্ভিদে সালোকসংশ্লেষণত শোষণ কৰে। গতিকে বনাঞ্চলসমূহে গোলকীয় উত্তাপন নিয়ন্ত্ৰণ কৰাত সহায় কৰে।

২. গছ-গছনিৰ শিপাই মাটি খামুচ মাৰি ধৰি থাকে। গতিকে বনাঞ্চলে ভূনিস্ফলে আৰু খহনীয়া ৰোধত সহায় কৰে।

৩. বনাঞ্চন হ'ল বন্য়প্ৰণীৰ আবাসভূমি। বনাঞ্চল অবিহনে বন্য়প্ৰাণীয়ে স্বাভাৱিক বিৱৰ্তন লাভ কৰিব নোৱাৰে।

4. বনাঞ্চলৰ বাণিজ্যিক গুৰুত্ব সম্পৰ্কে চমুকৈ লিখা ।

উত্তৰ:- ক) বিভিন্ন গছৰপৰা পোৱা কাঠখৰি আমি ইন্ধন বিচাপে ব্য়ৱহাৰ কৰোঁ।

খ) বিভিন্ন গছৰ ফল-মূল, গাগছ আমি খাদ্য় হিচাপে ব্য়ৱহাৰ কৰোঁ।

গ) বাঁহ , বেত, টকৌ আদি গছৰপৰা বিভিন্ন সামগ্ৰী তৈয়াৰ কৰা হয়।

5. বনানীকৰণ বুলিলে কি বুজা  ?

উত্তৰ:বনাঞ্চল ধ্বংসৰ প্ৰতিৰোধ কৰিবৰ কাৰণে বৃক্ষৰোপনেই হৈছে একমাত্ৰ উপায়। অনুৰ্বৰ আৰু ব্যৱহাৰ নকৰা মাটিত বৃক্ষ ৰোপণ কৰি সেউজীয়া বনাঞ্চললৈ ৰূপান্তৰিত কৰি বনাঞ্চলৰ উদ্গতি কৰাকে বনানীকৰণ বুলি কোৱা হয়।

 6. বনাঞ্চল ধ্বংসই গোলকীয় উষ্ণতা বৃদ্ধিত অৰিহণা যোগাইছে । কাৰণ দৰ্শোৱাঁ ।

উত্তৰ: গোলকীয় উষ্ণতাৰ এক বিশেষ কাৰণ হৈছে বনাঞ্চল ধ্বংস। একেৰাহে চলি থকা বনাঞ্চল ধ্বংসৰ ফলত গছ-গছনিৰ সংখ্যা একেবাৰে কমি হৈ সালোক-সংশ্লেষণৰ হাৰ হ্ৰাস পাইছে। ফলস্বৰূপে, বায়ুমণ্ডলৰ পৰা কাৰ্বন ডাই অক্সাইড গেছ শোষণৰ হাৰ হ্ৰাস পাইছে আৰু ইয়াৰ ফলত সেউজ গৃহ প্ৰক্ৰিয়াৰ দ্বাৰা বায়ুমণ্ডলৰ উষ্ণতা বৃদ্ধিৰ দৰে পাৰিপাৰ্শ্বিক সমস্যাৰ সৃষ্টি হৈছে। 

7. বৃক্ষৰোপণৰদ্বাৰা আমি কি কি সমস্যা সমাধান কৰিব পাৰোঁ ।

উত্তৰ:- 1. প্ৰদূষণ নিয়ন্ত্ৰণত সহায় কৰিব পাৰে।

2. গোলকীয় উষ্ণতা বৃদ্ধি হ্ৰাস কৰিব পাৰে।

3. বন্য়প্ৰাণীক সুৰক্ষা প্ৰদান কৰি প্ৰাকৃতিক ভাৰসাম্য়তা ৰক্ষা কৰিব পাৰে।

4. দিনকদিনে বাঢ়ি অহা খৰি, ঘাঁহ আদিৰ অভাৱ পূৰণ কৰিব পাৰে।

5. বিভিন্ন ঔষধি আৰু ফল-মূলৰ গছ ৰোপণৰদ্বাৰা স্ৱাৱলম্বী হ'ব পৰা যায়।

8. ইন্ধন কাক বোলে ? প্ৰাকৃতিক ইন্ধনবোৰৰ মূল উপাদান কি ?

উত্তৰ:- যিবোৰ পদাৰ্থ জ্বলালে সহজে ব্য়ৱহাৰ কৰিব পৰাকৈ যথেষ্ট তাপ উৎপন্ন হয়, সেইবোৰকে ইন্ধন বোলে। প্ৰাকৃতিক ইন্ধনবোৰৰ মূল উপাদান কাৰ্বন।

9. উৎকৃষ্ট ইন্ধনৰ বৈশিষ্ট্যবোৰ লিখা ঁ ।

উত্তৰ:- 1. ইন্ধন এটাৰ দহন অতি দ্ৰুত বা অতি মন্থৰ হ'ব নালাগে।

2. ইন্ধনৰ দহনত বিষাক্ত গোছ আৰু বেছি ধোঁৱা উৎপন্ন হ'ব নালাগে।

3. ইন্ধন এটা সহজে পৰিৱহণ আৰু সঞ্চয় কৰিব পৰা হ'ব লাগে।

10. কয়লা আৰু পেট্ৰলিয়ামৰ উৎপত্তি সম্পৰ্কে চমুকৈ লিখাঁ ।

উত্তৰ:- কয়লা এবিধ অতি গুৰুত্বপূৰ্ণ কঠিন জীৱাষ্ম ইন্ধন।এতিয়াৰপৰা প্ৰায় 25-40 কোটি বছৰ আগেয়ে পৃথিৱীৰ উপৰিভাগ গভীৰ অৰণ্য়ৰে ভৰা আছিল। কালক্ৰমত আগ্নেয়গিৰিৰ উদগিৰণ আৰু ভূমিকম্পৰ ফলত গছ-গছনি আৰু হাবি-বন মাটিৰ তলত পোত গৈছিল।ভূগৰ্ভত তাপ. চাপ আৰু বিভিন্ন অণুজীৱৰ ক্ৰিয়াৰ ফলত এই উদ্ভিদবোৰৰ বিৱৰ্তন ঘটি কয়লাৰ সৃষ্টি হৈছিল। আনহাতে পেট্ৰ'লিয়াম হ'ল ভূগৰ্ভত পোৱা এবিধ দুৰ্গন্ধযুক্ত ক'লা বৰণৰ তৰল পদাৰ্থ। ভূপৃষ্ঠৰপৰা সাধাৰণতে 500-1000 মিটাৰ তলত পেট্ৰ'লিয়ামৰ স্তৰটো পোৱা যায়। ভূগৰ্ভত থকা শিলাস্তৰৰ ফাঁকবোৰৰ  মাজত পেট্ৰ'লিয়াম আবদ্ধ হৈ আছে। খননকাৰ্যৰদ্বাৰা পেট্ৰ'লিয়ামক পৃথিৱীৰ তলিৰপৰা নিষ্কাসন কৰা হয়। পেট্ৰ'লিয়াম থকা ঠাইত মূৰত হীৰা লগোৱা তীখাৰ নলীৰে শিলাস্তৰৰ মাজেদি বিন্ধা কৰা হয়। ইয়াৰোপৰি পেট্ৰ'ৰাসায়নিক উদ্য়োগবোৰে পেট্ৰ'লিয়ামৰ উপজাত পদাৰ্থ উৎপাদন কৰে। যেনে- ৰাবাৰ, ফপাইবাৰ, ভেঁকুৰ বিনাশক, সাৰ আৰু বিভিন্ন প্ৰকাৰৰ প্লাষ্টিক ইত্য়াদি।

11. কয়লা আৰু পেট্ৰলিয়ামৰ নবীকৰণযোগ্য ইন্ধন । কাৰণ দৰ্শোৱাঁ ।

উত্তৰ: সাধাৰণভাৱে ক'বলৈ গ'লে যিবোৰ পদাৰ্থ জ্বলালে সহজে ব্য়ৱহাৰ কৰিব পৰাকৈ যথেষ্ট তাপ উৎপন্ন হয়, সেইবোৰক ইন্ধন বোলে। কয়লা, পেট্ৰলিয়ামক প্ৰকৃতিত পোৱা যায়। আটাইবোৰ ইন্ধনৰ মূল উপাদান হৈছে কাৰ্বন। সেইকাৰণে কয়লা আৰু পেট্ৰলিয়ামক নবীকৰণযোগ্য় ইন্ধন বুলি কোৱা হয়।

12. কয়লা কেইপ্ৰকাৰৰ আৰু কি কি ? কোন প্ৰকাৰৰ কয়লা ইন্ধন হিচাপে ব্যৱহাৰৰ বাবে উত্তম ।

উত্তৰ:- কয়লা চাৰি প্ৰকাৰৰ আৰু

1. পিট কয়লা

2. লিগনাইট কয়লা

3. বিটুমিনাছ কয়লা

4. এনথ্ৰাছাইট কয়লা

এনথ্ৰাছাইট কয়লা ইন্ধন বিচাপে ব্য়ৱহাৰৰ বাবে উত্তম।

13.  পেট্ৰলিয়ামৰ আংশিক পাতন কৰি পোৱা দ্ৰব্যবোৰৰ নাম আৰু ব্যৱহাৰ উল্লেখ কৰা ।

14. শুদ্ধ উত্তৰটো বাছি উলিওৱাঁ ।

(i) তলৰ কোনটো সেউজ-গৃহ গেছ হয় ?

ক) নাইট্ৰজেন

খ) মিথেন

গ) কাৰ্বন ডাই-অক্সাইড

ঘ) নাইট্ৰজেনৰ অক্সাইড

উত্তৰ:- কাৰ্ব ডাই-অক্সাইড

(ii) কয়লা প্ৰধান উপাদানটো হৈছে 

ক) কাৰ্বন 

খ) হাইড্ৰজেন 

গ) ছালফাৰ 

ঘ) বনাঞ্চল

উত্তৰ:- কাৰ্বন

(iii) কয়লা সৃষ্টিৰ শেষ স্তৰটো হৈছে 

ক) পিট

খ) লিগনাইট

গ) এনথ্ৰাছাইট 

ঘ) বিটুমিনাছ

উত্তৰ:- পিট

(iv) তলৰ কোনবিধ দ্ৰব্য বনাঞ্চলৰপৰা পাব নোৱাৰি ?

ক) ৰবৰ

খ) মম

গ) ঔষধ 

ঘ) লা

উত্তৰ:- মম।

(v) ভাৰতবৰ্ষৰ শক্তিৰ প্ৰধান উৎস হৈছে

ক) প্ৰাকৃতিক গেছ 

খ) কাঠখৰি

গ) কয়লা 

ঘ) পেট্ৰলিয়াম

উত্তৰ:- কয়লা।

15. খালী ঠাই পৃৰ কৰাঁ ।

ক) উদ্ভিদে ---------- গেছ শোষণৰদ্বাৰা গোলকীয় উত্তাপন নিয়ন্ত্ৰণ কৰে ।

উত্তৰঃ কাৰ্বন-ডাই-অক্সাইড।

খ) পেট্ৰলিয়াম কেইবাবিধো -------- মিশ্ৰ ।

উত্তৰঃ হাইড্ৰ'কাৰ্বনৰ।

গ) --------- উৰাজাহাজৰ ইন্ধন হিচাপে ব্যৱহাৰ কৰা হয় ।

উত্তৰঃ গেছ'লিনক।

ঘ) কয়লাৰপৰা প্ৰস্ত্ত কৰা এবিধ গোটা ইন্ধন হল -------- ।

উত্তৰঃ কক।

ঙ) কুইনাইন --------- গছৰপৰা তৈয়াৰ কৰা হয় ।

উত্তৰঃ চিনবোনা।



Post Id: DABP003841