শিশু সাহিত্য়



দ্বিতীয় খণ্ড


১) আধুনিক যুগত কেতিয়াৰপৰা অসমীয়া শিশুসাহিত্য়ই বিভিন্ন দিশত বিকশিত হ'বলৈ আৰম্ভ কৰে?
উত্তৰঃ অৰুণোদয়ৰ সময়ৰপৰাই।


২) কিহেৰে চিৰদিন শিশুক আপ্লুত কৰি ৰাখে?
উত্তৰঃ বিস্ময়-কৌতুহলে।


৩) নিমজ ভাষাত শিশুৰ উপযোগী কবিতা লিখি খ্য়াতি লাভ কৰা লেখক দুজনৰ নাম লিখা।
উত্তৰঃ বলদেৱ মহন্ত আৰু আনন্দচন্দ্ৰ আগৰৱালা।


৪) অসমীয়া শিশু-সাহিত্য়ৰ বিকাশৰ ক্ষেত্ৰত কিহৰ ভূমিকা উল্লেখযোগ্য়?
উত্তৰঃ আলোচনী আৰু বাতৰি কাকতৰ ভূমিকা উল্লেখযোগ্য়।


৫) অসমীয়া সাহিত্য়ৰ আদি, মধ্য আৰু আধুনিক এই তিনিটা যুগত কম-বেছি পৰিমাণে কি ৰচিত হৈছে?
উত্তৰঃ সাহিত্য।


৬) শিশু বিষয়ক বৈজ্ঞানিক গ্ৰন্থৰ ৰচক দুজনৰ নাম লিখা।
উত্তৰঃ মহেন্দ্ৰ বৰা আৰু দীনেশ গোস্বামী।


৭) মিছনেৰীসকলে পঢ়াশালিৰ উপযোগী কৰি কি ৰচনা কৰিছিল?
উত্তৰঃ শিশু-পাঠ।


৮) কিহক কেন্দ্ৰ কৰি নিৰ্মলপ্ৰভা বৰদলৈয়ে শুৱলা ভাষাৰে 'মন উৰণীয়া' সাধু-পুথি ৰচিছিল?
উত্তৰঃ প্ৰকৃতিৰ বিভিন্ন প্ৰাণীক কেন্দ্ৰ কৰি।


৯) ভীম্য়-চৰিতৰ ৰচক কোন?
উত্তৰঃ ৰাম সৰস্বতী।


১০) মিঠা মিঠা কবিতাৰ যোগেদি শিশু-সাহিত্য়লৈ অৰিহণা যোগোৱা কবি এজনৰ নাম লিখা।
উত্তৰঃ অতুলচন্দ্ৰ হাজৰীকা।


১১) আদি যুগত ৰটচিত শিশু-সাহিত্য়ৰ ৰূপ ক'ত প্ৰকাশ পাইছে?
উত্তৰঃ ধাইনাম বা নিচুকনি-গীত আৰু সাধুকথাবোৰত প্ৰকাশ পাইছে।


১২) অতুলচন্দ্ৰ হাজৰিকাৰ শিশু-পুথিৰ সংখ্য়া কিমান?
উত্তৰঃ ডেৰকুৰিৰো অধিক।


১৩) হৰেন্দ্ৰনাথ শৰ্মাৰ দুখন শিশু-পুথিৰ নাম লিখা।
উত্তৰঃ সাবিত্ৰী আৰু নল দময়ন্তী।


১৪) চিল চিল চিলা বাগী চিল মিলা এই শিশু-পুথিখন কাৰ?
উত্তৰঃ নিৰ্মলপ্ৰভা বৰদলৈৰ।


১৫) মঞ্চত বা ৰেডিওত অভিনয় কৰিব পৰা শিশু উপযোগী নাট্য়কাৰ দুজনৰ নাম লিখা।
উত্তৰঃ পদ্মধৰ চলিহা আৰু কীৰ্তিনাথ হাজৰীকা।


১৬) চাৰিখন শিশু-আলোচনীৰ নাম লিখা।
উত্তৰঃ লৰাবন্ধু, অকণ, মইনা আৰু অৰুণ।


১৭) কৃপানাশ বৈশ্য়ই সাৱলীল ভাষাত নটা সাধু অনুবাদ কৰি কি নামেৰে প্ৰকাশ কৰিছে?
উত্তৰঃ নৱৰত্ন নামেৰে প্ৰকাশ কৰিছে।


১৮) প্ৰাচীন ভাৰতীয় কাহিনীক ভেটি কৰি লিখা অতুলচন্দ্ৰ হাজৰীকাৰ পুথি এখনৰ নাম লিখা।
উত্তৰঃ কথা-দশম।


১৯) ভীম্য়-চৰিত গ্ৰন্থখনত কিহৰ মাজেদি হাস্য়ৰস সৃষ্টি হৈছে?
উত্তৰঃ শিশু ভীমৰ বল-বিক্ৰম, টেঙৰালিৰ আদি মাজেদি।


২০) অথুলচন্দ্ৰ হাজৰিকাই বিদেশী সাহিত্য়ৰ আলমত ৰচা এখন শিশু-উপযোগী গ্ৰন্থৰ নাম লিখা।
উত্তৰঃ ৰাণী-হিমানী।


Author: Chinmay Kakati



Post Id: DABP003227