অসমীয়া আলোচনী আৰু বাতৰি কাকত


দ্বিতীয় খণ্ড

১) অৰুণোদইত মিছনাৰী চাহাবসকলৰ উপৰি কোনে প্ৰবন্ধ লিখিছিল?
উত্তৰঃ ভালেমান অসমীয়া লেখকে।

২) কি উদ্দেশ্য়ে অৰুণোদই প্ৰকাশ কৰা হৈছিল?
উত্তৰঃ খৃষ্ট ধৰ্ম প্ৰচাৰৰ উদ্দেশ্য়ে।

৩) গুণাভিৰাম বৰুৱা সম্পাদিত 'আসাম বন্ধু'ত কিহে ঠাই পাইছিল?
উত্তৰঃ কবিতা আৰু নানা বিষয়ক প্ৰবন্ধই।

৪) অসমীয়া আলোচনীবোৰৰ ভিতৰত কোনখন আলোচনীত পুনতে সুন্দৰ কাৰ্টুন দিয়া হৈছিল?
উত্তৰঃ বাঁহী আলোচনীখনত।

৫) 'আৱাহনৰ' সমসাময়িক দুখন আলোচনীৰ নাম লিখা।
উত্তৰঃ অসম সাহিত্য় সভা পত্ৰিকা আৰু বৰদৈচিলা।

৬) অসম সাহিত্য় সভা পত্ৰিকা আলোচনীখনৰ প্ৰথম সম্পাদক কোন?
উত্তৰঃ চন্দ্ৰধৰ বৰুৱা।

৭) আৱাহন আলোচনীখন কিমান চনত প্ৰকাশ পায়?
উত্তৰঃ ১৯২৯ চনত।


৮) ১৯৫১ চনত গুৱাহাটীৰপৰা ওলোৱা ৰামধেনু আলোচনীখন কিমান চনলৈ চলে?
উত্তৰঃ ১৯৬৭ চনলৈ চলে।


৯) আধুনিক অসমীয়া সাহিত্য়ৰ ক্ৰমবিকাশলৈ লক্ষ্য় কৰি তাক কিহত ভাগ কৰা হয়?
উত্তৰঃ কেইটিমান ক্ষুদ্ৰ যুগ বা স্তৰত ভাগ কৰিব পাৰি।


১০) কিহৰ যোগেদি পাশ্চাত্য় সাহিত্য়ৰ খীণ সোঁত এটি অসমীয়া সাহিত্য়লৈ প্ৰবাহিত হয়?
উত্তৰঃ অৰুণোদয়ৰ যোগেদি।


১১) অৰুণোদই আলোচনীখন কিমান চনত সম্পাদনা  কৰা হৈছিল?
উত্তৰঃ ১৮৪৬ চনত।


১২) কাৰ সম্পাদনাত ১৯১৬ চনত অকণ নামৰ শিশু-আলোচনীখন ওলায়?
উত্তৰঃ হেমচন্দ্ৰ গোস্বামীৰ সম্পাদনাত।


১৩) মহিলাৰ দ্বাৰা সম্পাদিত আৰু অধুনালুপ্ত দুখন উল্লেখযোগ্য় আলোচনীৰ নাম লিখা।
উত্তৰঃ ঘৰজেউতি আৰু অভিযাত্ৰী।


১৪) আসাম বিলাসিনী আৰু চন্দ্ৰোদয় এই দুয়োখন আলোচনীত প্ৰধানকৈ কি কথাই ঠাই পাইছিল?
উত্তৰঃ ধৰ্মমূলক কথাই ঠাই পাইছিল।


১৫) হেমচন্দ্ৰ বৰুৱা সম্পাদিত আসাম নিউজ আলোচনীখন কোন দুটা ভাগত বিভক্ত হৈ ওলাইছিল?
উত্তৰঃ ইংৰাজী আৰু অসমীয়া এই দুটা ভাগত বিভক্ত হৈ ওলাইছিল।


১৬) ৰঘুনাথ চৌধাৰী সম্পাদিত আলোচনী দুখনৰ নাম লিখা।
উত্তৰঃ জয়ন্তী আৰু সুৰভী।


১৭) কোনো এটা জাতি বা ভাষা-সাহিত্য়ক গঢ় দিয়াৰ ক্ষেত্ৰত কাৰ দান অপৰিসীম?
উত্তৰঃ আলোচনীৰ দান অপৰিসীম।


১৮) কোনটো প্ৰেছৰপৰা অৰুণোদই ওলায়?
উত্তৰঃ শিৱসাগৰত থকা বেপিষ্ট মিছনাৰী প্ৰেছৰপৰা অৰুণোদই ওলায়।


১৯) অৰুণোদয়ইত কিহৰ বিষয়ে প্ৰকাশ কৰা হৈছিল?
উত্তৰঃ ধৰ্ম, বিজ্ঞান, বুৰঞ্জী, নীতি-বিষয়ক কথা, ভ্ৰমণ-কাহিনী আদি প্ৰকাশ কৰা হৈছিল।


২০) অৰুণোদয়ৰ ভাষা আৰু বৰ্ণবিন্য়াস প্ৰণালী কেনেকুৱা আছিল?
উত্তৰঃ সৰল আছিল।

Author: Chinmay Kakati



Post Id: DABP003235