জীৱনী সাহিত্য়

দ্বিতীয় খণ্ড

১) জীৱনী-সাহিত্য়ক প্ৰধানকৈ কেই শ্ৰেণীত ভগাব পাৰি?

উত্তৰঃ দুই শ্ৰেণীত ভগাব পাৰি। 


২) লক্ষ্মীনাথ বেজবৰুৱাৰ মোৰ জীৱন সোৱৰনত কি প্ৰকাশ পাইছে?

উত্তৰঃ তেওঁৰ আগ বয়সৰ অভিজ্ঞতা প্ৰকাশ পাইছে।


৩) আধুনিক যুগৰ প্ৰথম অসমীয়া জীৱনী-গ্ৰন্থখনৰ নাম কি?

উত্তৰঃ 'আনন্দৰাম ঢেকিয়াল ফুকনৰ জীৱন-চৰিত'।


৪) বুৰঞ্জীবিদ-সাহিত্য়িক বেণুধৰ শৰ্মাক লৈ লিখা দুখন উল্লেখয়োগ্য় জীৱনীৰ নাম লিখা।

উত্তৰঃ তীৰ্থনাথ শৰ্মাৰ 'বেণুধৰ শৰ্মা' আৰু উপেন্দ্ৰ কটকী সম্পাদিত 'আমাৰ বেণুধৰ'।


৫) সাহিত্য়িকৰ দৰে ৰাজনৈতিক ব্য়ক্তিক কেন্দ্ৰ কৰি কি ৰচিত হৈছে?

উত্তৰঃ ভালেমান জীৱনী ৰচিত হৈছে।


৬) গুঞ্জন ফুকনে 'সুনীল' গ্ৰন্থত কিহৰ বিষয়ে বৰ্ণনা কৰিছে?

উত্তৰঃ বিখ্য়াত ক্ৰিকেট খেলুৱৈ সুনীল গাভাছকাৰৰ জীৱন আৰু কৃতিত্বৰ কাহিনী বৰ্ণনা কৰিছে।


৭) লক্ষ্মীনাথ বেজবৰুৱাৰ দৰে জোনাকী যুগৰ হোতা এগৰাকীৰ নাম লিখা।

উত্তৰঃ চন্দ্ৰকুমাৰ আগৰৱালা।


৮) যতীন্দ্ৰনাথ গোস্বািমীৰ 'সাহিত্য়ৰথী বেজবৰুৱা'ত কিহৰ বিষয়ে অধিক গুৰুত্ব দিয়া হৈছে?

উত্তৰঃ লক্ষ্মীনাথ বেজবৰুৱাৰ জীৱন-বৃদান্তত অধিক গুৰুত্ব দিয়া হৈছে।


৯) লক্ষ্মীনাথ বেজবৰুাৱৰ 'শ্ৰীশংকৰদেৱ'ৰ উপৰি আন এখন গ্ৰন্থৰ নাম লিখা।

উত্তৰঃ 'শ্ৰীশংকৰদেৱ আৰু শ্ৰীমাধৱদেৱ'।


১০) অসমীয়া সৰহভাগ জীৱনী কাক উদ্দেশ্য় কৰি লিখা যেন লাগে?

উত্তৰঃ শিশু বা ছাত্ৰ-ছাত্ৰীক উদ্দেশ্য় কৰি লিখা যেন লাগে।


১১) এখন শিশু উপযোগী গ্ৰন্থৰ নাম লিখা।

উত্তৰঃ 'সুন্দৰৰ শিল্পী জ্য়োতিপ্ৰসাদ'।


১২) কাৰ আদৰ্শত আধুনিক অসমীয়া সাহিত্য়ত জীৱন-বৃত্ত ৰচিত হৈছে?

উত্তৰঃ পাশ্চাত্য় সাহিত্য়ৰ আদৰ্শত।


১৩) শংকৰদেৱৰ উপৰি আন মহাপুৰুষকলৈ লিখা দুখন উল্লেখযোগ্য় গ্ৰন্থৰ নাম লিখা।

উত্তৰঃ ফাইজুদ্দিন আহমদৰ 'হজৰদ মহম্মদ' আৰু মহাদেৱ শৰ্মাৰ 'মহম্মদ চৰিত'।


১৪) মনোৰঞ্জন শাস্ত্ৰীৰ 'কুমাৰিল ভট্টপাদ আৰু আচাৰ্য ধৰ্মকীৰ্তি' গ্ৰন্থত কি প্ৰকাশ পাইছে?

উত্তৰঃ প্ৰাচীন অসমৰ দুগৰাকী বিদগ্ধ দাৰ্শনিক পণ্ডিতৰ তথ্য়পূৰ্ণ জীৱন-বৃত্ত প্ৰকাশ পাইছে।


১৫) অসমীয়া প্ৰায়বোৰ জীৱনীতেই কি দেখুৱাবলৈ যত্ন কৰা দেখা যায়?

উত্তৰঃ নায়কৰ ভাল গুণটোহে উজ্জ্বল কৰি দেখুৱাবলৈ যত্ন কৰা দেখা যায়।


১৬) অসমীয়া ভাষাৰ প্ৰথম আত্মজীৱনীখনৰ নাম কি।

উত্তৰঃ 'সদাৰামীনৰ আথ্মজীৱনী'।


১৭) হৰিবিলাস আগৰৱালা ডাঙৰীয়াৰ আত্মজীৱনীত কিহৰ বিষয়ে পোৱা যায়?

উত্তৰঃ ঊনবিংশ শতিকাৰ অসমৰ সামাজিক-অৰ্থনৈতিক আদি অৱস্থাৰ চমু বিৱৰণ পোৱা যায়।


১৮) অসম সাহিত্য় সভাই কি প্ৰকাশ কৰিছে?

উত্তৰঃ কেইবাগৰাকী সমাজ-কৰ্মী তথা দেশ-সেৱকৰ জীৱনী প্ৰকাশ কৰিছে।


১৯) মুনীন বৰকটকীৰ 'বিস্মৃত ব্য়তিক্ৰম'ত কি আছে?

উত্তৰঃ কেইবাগৰীকা ব্যক্তিৰ জীৱন-চিত্ৰ আছে।


২০) আধুনিক যুগৰ প্ৰথম অসমীয়া জীৱনী-গ্ৰন্থখনৰ ৰচক কোন?

উত্তৰঃ গুণাভিৰাম বৰুৱা।


Author: Chinmay Kakati


Post Id: DABP003229