দ্বিতীয় অধ্য়ায়ঃ


গঠন আৰু ভূ-প্ৰকৃতি


১) ভাৰত উপদ্বীপিয় অঞ্চল কিহেৰে গঠিত?

উত্তৰঃ অতি পুৰণি গ্ৰেণাইট আৰু নিছ শিলাৰে গঠিত।


২) প্ৰাক্ কেন্ত্ৰিয়ান্ যুগৰ পৰা উপদ্বীপিয় অঞ্চলটো কি হিচাবে অৱস্থান কৰিছে?

উত্তৰঃ এটা দৃঢ় স্তুপ হিচাবে অৱস্থান কৰিছে।


৩) পূৰ্ববাহিনী নদীবোৰে সমুদ্ৰত বিলীন হোৱাৰ আগতে কিহৰ সৃষ্টি কৰিছে?

উত্তৰঃ ব-দ্বীপৰ সৃষ্টি কৰিছে।


৪) দাৰ্জিলিং আৰু চিকিম অঞ্চলত হিমালয় কৰ পৰা ক'লৈ প্ৰসাৰিত?

উত্তৰঃ পশ্চিমৰ পৰা পূৱলৈ প্ৰসাৰিত।


৫) বিখ্য়াত পুস্প উপত্য়কা ক'ত অৱস্থিত?

উত্তৰঃ বিখ্য়াত পুস্প উপত্য়কা হিমলায়ত অৱস্থিত।


৬) উত্তৰ ভাৰতৰ সমভূমিবোৰ কি মাটিৰে গঠিত?

উত্তৰঃ সিন্ধু, গঙ্গা আৰু ব্ৰহ্মপুত্ৰ নদীয়ে কঢ়িয়াই অনা পলসুৱা মাটিৰে গঠিত।


৭) ভাৱৰ কি?

উত্তৰঃ শিৱালিক পাহাৰৰ সমান্তৰালকৈ পাদদেশত অৱস্থিত এক সংকীৰ্ণ ভূমি।


৮) ভাৱৰৰ প্ৰস্থ কিমান কি.মি.?

উত্তৰঃ ৮-১০ কি.মিত.।


৯) পলসুৱা সমভূমিক কি কি ভাগত ভগাব পাৰি?

উত্তৰঃ পলসুৱা সমভূমিক পুণৰ খাদৰ আৰু ভাংগৰ এই দুটা ভাগত ভগাব পাৰি।


১০) মণিপুৰৰ কেন্দ্ৰস্থলত কি অৱস্থিত?

উত্তৰঃ ল'কটক হ্ৰদ অৱস্থিত।


১১) হাৰিয়ানা আৰু দিল্লী এই দুখন ৰাজ্য়ই কোন দুটা উপত্য়কাক পৃথক কৰিছে?

উত্তৰঃ সিন্ধু আৰু গঙ্গা এই দুটা উপত্য়কাক পৃথক কৰিছে।


১২) সাতপুৰা পৰ্বতশ্ৰেণী কিহৰ দ্বাৰা গঠিত?

উত্তৰঃ দক্ষিণৰ এলানি থিয় গৰীয়া মালভূমিৰে গঠিত।


১৩) য়মুনা নদীৰ সৰহভাগ উপনদী ক'ত উৎপত্তি হৈছে?

উত্তৰঃ বিন্ধ্য আৰু কাইমূৰ পৰ্বতশ্ৰেণীত উৎপত্তি হৈছে।


১৪) চোট্টনাপুৰ মালভূমি কিহত চহকী?

উত্তৰঃ চুট্টনাপুৰ মালভূমি খনিজ সম্পদত চহকী।


১৫) আৰাৱলী পাহাৰৰ ভূ-প্ৰকৃতি কেনেকুৱা?

উত্তৰঃ ওখোৰা-মোখোৰা।


১৬) ভাৰতবৰ্ষৰ সাৰ্বভৌম ক্ষমতাৰ অন্তৰ্গত কেইটা প্ৰধান দ্বীপপুঞ্জ আছে?

উত্তৰঃ দুটা প্ৰধান দ্বীপপুঞ্জ আছে।


১৭) বংগ উপসাগৰত কিমানটা দ্বীপ আছে?

উত্তৰঃ বংগ উপসাগৰত প্ৰায় ৫৭২ টা দ্বীপ আছে।


১৮) আৰৱ সাগৰত স্থিত দ্বীপপুঞ্জৰ ভিতৰত প্ৰধান দ্বীপপুঞ্জ কেইটাৰ নাম লিখা।

উত্তৰঃ লাক্ষাদ্বীপ আৰু মিকিনয়।


১৯) কাৰেৱা কি?

উত্তৰঃ কাৰেৱা হ'ল হিমবাহীয় বোকা, অন্য়ান্য় পদাৰ্থ আৰু গ্ৰাৱ মিশ্ৰিত থকা এটা ডাঠ স্তৰ।


২০) জাফ্ৰন কি?

উত্তৰঃ জাফ্ৰন হ'ল চাফ্ৰনৰ এবিধ স্থানীয় প্ৰকাৰ।


২১) নীলগিৰি পৰ্বতত কোন দুটা পৰ্বত মিলিত হৈছে?

উত্তৰঃ পূৰ্বঘাট আৰু পশ্চিমঘাট পৰ্বত মিলিত হৈছে।


২২) বিস্তৃতিৰ ধৰণৰ অনুসৰি মৰুভূমিক কেইটা ভাগত ভগাব পাৰি?

উত্তৰঃ দুটা ভাগত ভগাব পাৰি।


২৩) আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জই কেতিয়া এটা ধ্বংসাত্মক প্ৰাকৃতিক দুৰ্যোগৰ সন্মুখীন হৈছিল?

উত্তৰঃ ২০০৪ চনৰ ২৬ ডিচেম্বৰ তাৰিখে।


২৪) মালবাৰ উপকূলত দেখা পোৱা এটা নিৰ্দিষ্ট অয়বৰ নাম লিখা।

উত্তৰঃ কয়াল।


২৫) ভাৰতৰ প্ৰধান দুটা উপদ্বীপপুঞ্জৰ নাম লিখা।

উত্তৰঃ ৰিটচি দ্বীপপুঞ্জ আৰু লেব্ৰিন্থ দ্বীপ।


২৬) ভাৰতৰ একমাত্ৰ জাগ্ৰত জ্বালামুখীৰ উদাহৰণ কি?

উত্তৰঃ নিকোবৰ দ্বীপত অৱস্থিত বেৰেন দ্বীপ।


২৭) নিমাজ্জিত উপকূলৰ উদাহৰণ কি?

উত্তৰঃ পশ্চিম উপকূলীয় অঞ্চল।


২৮) দ্বীপবোৰৰ তীৰৱৰ্তী অঞ্চলৰ বিচবোৰ কেনেকুৱা?

উত্তৰঃ দ্বীপবোৰৰ তীৰৱৰ্তী অঞ্চলৰ বিচবোৰ অতিকৈ মনোৰম।


২৯) আটাইতকৈ ডাঙৰ দ্বীপটোৰ নাম কি?

উত্তৰঃ মিনিকয়।


৩০) মিনিকয় দ্বীপৰ আযতন কিমান?

উত্তৰঃ ৪৫৩ বৰ্গ কি.মি.।


৩১) সমগ্ৰ দ্বীপপুঞ্জৰ বিচবোৰ কিহেৰে গঠিত?

উত্তৰঃ সৰু-বৰ অসংলগ্ন শিলাৰে গঠিত।


৩২) আন্দামান আৰু নিকোবৰত থকা কিছুমান উল্লেখযোগ্য় শৃংগৰ নাম লিখা।

উত্তৰঃ ছেডল শৃংগ, মাউন্ট ডিয়াভল, মাউন্ট ক'য়াব আৰু মাউন্ট থুইলেৰ।


৩৩) কিহৰ ওপৰত নিৰ্ভৰ কৰি ভাৰতৰ উপকূলক দুটা ভাগত বিভক্ত কৰিব পাৰি?

উত্তৰঃ অৱস্থান আৰু ভূ-আকৃতিক প্ৰক্ৰিয়াৰ ওপৰত নিৰ্ভৰ কৰি।


৩৪) মেঘালয় মালভূমিত কিহৰ কাৰণে বৰষুণ হয়?

উত্তৰঃ দক্ষিণ-পশ্চিম মৌচুমী বায়ুৰ প্ৰভাৱত বৰষুণ হয়।


৩৫) আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জক কোনে পৃথক কৰিছে?

উত্তৰঃ দহ ডিগ্ৰী প্ৰণালীয়ে পৃথক কৰিছে।


৩৬) ভাৰতৰ উপকূলৰ ভাগ দুটা লিখা।

উত্তৰঃ (i) পশ্চিম উপকূলীয় সমভূমি আৰু (ii) পূৱ উপকূলীয় সমভূমি।


৩৭) পশ্চিম উপকূলীয় ভূমি অঞ্চলৰ প্ৰাকৃতিক বন্দৰ কেইটামানৰ নাম লিখা।

উত্তৰঃ কান্দলা, মাজাগাঁও, JLN বন্দৰ, নাৱহা ছেৱা, মাৰামাংগো, মাংগালোৰ, কোচিন আদি।


৩৮) লাক্ষাদ্বীপ আৰু মিনিকয় দ্বীপমালা দুটাক কোনে আৰু কেইটা ভাগত বিভক্ত কৰিছে?

উত্তৰঃ এঘাৰ ডিগ্ৰী প্ৰণালীয়ে লাক্ষাদ্বীপ আৰু মিনিকয় দ্বীপমালাক দুটা ভাগত বিভক্ত কৰিছে।


৩৯) আৰাৱলী পাহাৰ শ্ৰেণীৰ উত্তৰত কি অৱস্থিত?

উত্তৰঃ ভাৰতীয় মৰুভূমি অৱস্থিত।


৪০) ব্ৰহ্মপুত্ৰ নদীৰ উপত্য়কা কিহৰ কাৰণে বিখ্য়াত?

উত্তৰঃ নদী গঠিত দ্বীপ আৰু চৰ-চাপৰিৰ বাবে বিখ্য়াত।



Author: Chinmay Kakati