তৃতীয় গোট

প্ৰাক্ স্বাধীনতা যুগৰ অসমীয়া নাটক আৰু পৰিৱেশন


১/ প্ৰথম অসমীয়া আধুনিক নাটকখনৰ নাম কি?

উত্তৰঃ প্ৰথম অসমীয়া আধুনিক নাটখনৰ নাম হল - ৰাম - নৱমী।


২/ 'বঙাল - বঙালনী' কাৰ ৰচনা?

উত্তৰঃ 'বঙাল - বঙালনী' ৰুদ্ৰৰাম বৰদলৈৰ ৰচনা।


৩/ দুৰ্গাপ্ৰসাদ মজিন্দাৰ বৰুৱাই ৰচনা কৰা নাটখনৰ নাম কি?

উত্তৰঃ দুৰ্গাপ্ৰসাদ মজিন্দাৰ বৰুৱাই ৰচনা কৰা নাটখনৰ নাম হল- 'মহৰি'


৪/ 'সেউতী কিৰণ' কাৰ ৰচনা?

উত্তৰঃ 'সেউতী কিৰণ' বেণুধৰ ৰাজখোৱাৰ ৰচনা।


৫/ পদ্মনাথ গোহাঞিবৰুৱাই ৰচনা কৰা নাট কেইখনৰ নাম কি কি?

উত্তৰঃ পদ্মনাথ গোহাঞিবৰুৱাই ৰচনা কৰা নাট কেইখনৰ নাম হল - 'টেটোন তামুলী', 'ভূত নে ভ্ৰম',


৬/ বেণুধৰ ৰাজখোৱাই ৰচনা কৰা নাটকেইখনৰ নাম কি কি?

উত্তৰঃ বেণুধৰ ৰাজখোৱাই ৰচনা কৰা নাটকেইখনৰ নাম হল - 'চোৰৰ সৃষ্টি', 'তিনি ঘৈণী', 'অশিক্ষিত ঘৈণী', 'টোপনিৰ পৰিণাম', আদি।


৭/ চন্দ্ৰধৰ বৰুৱাই ৰচনা কৰা জনপ্ৰিয় নাটকখনৰ নাম কি?

উত্তৰঃ চন্দ্ৰধৰ বৰুৱাই ৰচনা কৰা জনপ্ৰিয় নাটকখনৰ নাম হল - 'মেঘনাথ বধ'।


৮/ 'মেঘনাথ বধ' কিমান চনত ৰচনা কৰা হৈছিল?

উত্তৰঃ 'মেঘনাথ বধ' ১৯০৪  চনত ৰচনা কৰা হৈছিল।


৯/ 'শকুনিৰ প্ৰতিশোধ' কোনে আৰু কিমান চনত ৰচনা কৰিছিল?

উত্তৰঃ গণেশ গগৈৱে ১৯২৯ চনত 'শকুনিৰ প্ৰতিশোধ' ৰচনা কৰিছিল।


১০/ 'শোণিত কুঁৱৰী' কিমান চনত ৰচনা কৰা হৈছিল?

উত্তৰঃ 'শোণিত কুঁৱৰী' ১৯২৫ চনত ৰচনা কৰা হৈছিল।


১১/ অতুল চন্দ্ৰ হাজৰিকাই ৰচনা কৰা পৌৰানিক নাটককেইখনৰ নাম কি কি?

উত্তৰঃ অতুলচন্দ্ৰ হাজৰিকাই ৰচনা কৰা পৌৰানিক নাটককেইখনৰ নাম হল - 'কুৰুক্ষেত্ৰ', 'বেউলা', 'ৰামচন্দ্ৰ', আদি।


১২/ 'জয়মতী' নাটখন কিমান চনত ৰচনা কৰা হৈছিল?

উত্তৰঃ 'জয়মতী' নাটখন ১৯০০ চনত ৰচনা কৰা হৈছিল।


১৩/ লক্ষ্মীনাথ বেজৱৰুৱাই ৰচনা কৰা ঐতিহাসিক নাটকেইখনৰ নাম কি কি?

উত্তৰঃ লক্ষ্মীনাথ বেজবৰুৱাই ৰচনা কৰা ঐতিহাসিক নাটকেইখনৰ নাম হল - 'বেলিমাৰ', 'জয়মতী', 'চক্ৰধ্বজসিংহ', আদি।


১৪/ 'চক্ৰধ্বজসিংহ' নাটখন কিমান চনত ৰচনা কৰা হৈছিল?

উত্তৰঃ 'চক্ৰধ্বজসিংহ' নাটখন ১৯১৫ চনত ৰচনা কৰা হৈছিল।


১৫/ 'মূলাগাভৰু' নাটখন কোনে আৰু কিমান চনত ৰচনা কৰিছিল?

উত্তৰঃ 'মূলাগাভৰু' নাটখন ৰাধাকান্ত সন্দিকৈ ১৯২৪ চনত ৰচনা কৰিছিল।


১৬/ 'কনৌজ কুঁৱৰী' কোনে আৰু কিমান চনত ৰচনা কৰিছিল?

উত্তৰঃ 'কনৌজ কুঁৱৰী' অতুল চন্দ্ৰ হাজৰিকাই ১৯৩৩ চনত ৰচনা কৰিছিল।


১৭/ 'নীলাম্বৰ' নাটখন কোনে আৰু কিমান চনত ৰচনা কৰা হৈছিল?

উত্তৰঃ 'নীলাম্বৰ' নাটখন প্ৰসন্নলাল চৌধুৰীয়ে ১৯৩৩ চনত ৰচনা কৰিছিল।


১৮/ আনন্দ চন্দ্ৰ বৰুৱাই 'কমতা কুঁৱৰী' নাটখন কিমান চনত ৰচনা কৰিছিল?

উত্তৰঃ আনন্দ চন্দ্ৰ বৰুৱাই 'কমতা কুঁৱৰী' নাটখন ১৯৪০ চনত ৰচনা কৰিছিল।


১৯/ শ্বেইক্সপীয়েৰৰ ৰচনা কৰা নাটখনৰ নাম কি?

উত্তৰঃ শ্বেইক্সপীয়েৰৰ ৰচনা কৰা নাটখনৰ নাম হল - 'ৰোমিঅ জুলিয়েট' (Romeo and Juliet) 


২০/ 'বামুণীকোঁৱৰ' নাটখন কোনে আৰু কিমান চনত ৰচনা কৰিছিল?

উত্তৰঃ  'বামুণীকোঁৱৰ' নাটখন দৈৱচন্দ্ৰ তালুকদাৰে ১৯২৮-২৯ চনত ৰচনা কৰিছিল।


২১/ কমলাকান্ত ভট্টাচাৰ্যই ৰচনা কৰা নাটখনৰ নাম কি?

উত্তৰঃ কমলাকান্ত ভট্টাচাৰ্যই ৰচনা কৰা নাটখনৰ নাম হল - 'নগা কোঁৱৰ'।


২২/ 'নগা কোঁৱৰ' নাটখন কিমান চনত ৰচনা কৰা হৈছিল?

উত্তৰঃ 'নগা কোঁৱৰ' নাটখন ১৯৩৫ চনত ৰচনা কৰা হৈছিল।


২৩/ প্ৰসন্নলাল চৌধুৰীৰ বিষয়ে চমু পৰিচয় দিয়া?

উত্তৰঃ প্ৰসন্নলাল চৌধুৰী অসমীয়া সাহিত্য জগতৰ এটি পৰিচিত নাম। কবি আৰু নাট্যকাৰ হিচাপে বিশেষভাৱে অসমীয়া সাহিত্যত তেওঁক জনা যায়। প্ৰসন্নলাল চৌধুৰীৰ জন্ম হৈছিল ১৮৯৮ চনত পলাশবাৰীত। পিতৃৰ নাম শ্যামলাল আৰু মাতৃৰ নাম হৈছে প্ৰমীলা। তেওঁ প্ৰাথমিক শিক্ষা জন্মস্থান পলাশবাৰীতে আৰম্ভ কৰে যদিও যোৰহাট বেজবৰুৱা হাইস্কুলৰ পৰাহে ১৯১৯ চনত প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ হয়। পৰৱৰ্তী সময়ত কটন কলেজত নামভৰ্তি কৰে আৰু ১৯২৮ চনত কলিকতাৰ ছেইণ্ট পল কলেজৰ পৰা ডিষ্টিংছন লৈ বি.এ. উত্তীৰ্ণ হয়। তেওঁ কৰ্মজীৱন আৰম্ভ কৰে পলাশবাৰী হাইস্কুলত। প্ৰসন্নলাল চৌধুৰীৰ সাহিত্যিক পৰিচয়ৰ অন্যতম হল 'নীলাম্বৰ' নাটক। কলেজীয়া জীৱনতে তেওঁ এই নাটকখন লিখাৰ কাম আৰম্ভ কৰিলেও ১৯৩৩ চনতহে প্ৰকাশ হয়। প্ৰাক্ স্বাধীনতা কালৰ বুৰঞ্জীমূলক নাটকৰ অন্যতম হল  'নীলাম্বৰ'। তেওঁৰ নামত কবিতা পুথি দুখনঃ 'অগ্নিমন্ত্ৰ' আৰু 'চানেকি কবিতা'। অৱশ্যে তেওঁ 'অপেশ্বৰী' নামৰ এখন কাব্যনাটো ৰচনা কৰে। 'জাতিৰ ফুল', 'আমাৰ দেশৰ সাধু', 'মৌচাক' আৰু 'ৰাণা প্ৰতাপ', 'আমাৰ গাঁৱৰ পুনৰগঠন', 'অসমীয়া সপ্তকাণ্ড ৰামায়ণ', 'ৰঙ্গে ফাকু খেলে' আদি কেবাখনো গ্ৰন্থ ৰচনা কৰে। ১৯৭৮ চনৰ অসম সাহিত্য সভাৰ গোলাঘাট অধিৱেশনৰ তেওঁ সভাপতি আছিল। অসমীয়া সাহিত্যত 'বিদ্ৰোহী কবি' নামে জনাজাত প্ৰসন্নলাল চৌধুৰীৰ মৃত্যু হয় ১৯৮৬ চনত।


২৪/ 'নীলাম্বৰ' নাটখনৰ বিষয়ে চমুকৈ আলোচনা কৰা?

উত্তৰঃ প্ৰসন্নলাল চৌধুৰীৰ 'নীলাম্বৰ' বুৰঞ্জী প্ৰসিদ্ধ ঘটনা এটিৰ আধাৰত ৰচিত এখন বুৰঞ্জীমূলক নাটক। নীলাম্বৰ অসম তথা কমতাপুৰৰ খেন বংশৰ শেষৰজন ৰজা। এইজন ৰজাৰে পত্নীৰ সৈতে ৰাজমন্ত্ৰী শচীপাত্ৰৰ পুত্ৰৰ প্ৰেমৰ সন্দেহত গোপনে মতাই আনি ৰজাই মন্ত্ৰী পুত্ৰক বধ কৰে। কেৱল সেয়াই নহয় গম নোপোৱাকৈ শচীপাত্ৰক ৰজাই নিমন্ত্ৰণ দি মতাই আনি নিজ পুত্ৰৰ মঙহেৰে ভোজো খুৱাই। কিন্ত এই কথা শচীপাত্ৰই গম পাই ৰজাৰ এনে কুঅভিসন্ধিৰ পোটক তুলিবলৈ গৌড়ৰ নবাব হুছেন শ্বাহৰ সহায় লয় আৰু হুছেন শ্বাহৰ সহায়ত নীলাম্বৰক হত্যা কৰে আৰু কমতাপুৰো এক প্ৰকাৰ ধ্বংস কৰি পেলায়। এই ঘটনাৰ আলমতে নাট্যকাৰ চৌধুৰীয়ে কল্পনাৰ মিশ্ৰণ ঘটাই 'নীলাম্বৰ' ৰচনা কৰিছে। নীলাম্বৰৰ পূৰ্বৰ নাম কান্তনাথ। সৌভাগ্যৰ যোগত নীলাম্বৰ নাম লৈ কমতাপুৰৰ ৰাজসিংহাসনত বহে। উত্তৰাধিকাৰীৰ বিধিমতে পালবংশীয় শেষ ৰজা সুবাহুৰ উপপত্নীৰ সন্তানৰ নীতিপুত্ৰ নন্দ ৰাজসিংহাসনত বহিব লাগে যদিও একমাত্ৰ উপপত্নীৰ সন্তান হোৱা বাবে ৰাজ্যৰ ব্ৰাক্ষণ সমাজে নন্দক ৰজাৰ মৰ্যাদা নিদি সাধাৰণ গৰখীয়া লৰা কান্তনাথকে নীলধ্বজ বা নীলাম্বৰ নাম দি কমতাপুৰৰ ৰজা পাতে। ৰজাৰ পত্নীৰ সৈতে মন্ত্ৰী শচীপাত্ৰৰ পুত্ৰ মনোহৰৰলগত প্ৰেমৰ সম্পৰ্ক থকাৰ সন্দেহৰ বীজ ৰজাৰ মনত ৰোপণ কৰে। 


২৫/ 'নীলাম্বৰ' নাটকখনৰ চৰিত্ৰ বিশ্লেষণ কৰা?

উত্তৰঃ 'নীলাম্বৰ'ত একাধিক পুৰুষ আৰু নাৰী চৰিত্ৰৰ সমাৱেশ ঘটিছে। সেইসমূহৰ ভিতৰত প্ৰধান পুৰুষ চৰিত্ৰ হল নীলাম্বৰ, নন্দ, শচীপাত্ৰ, মনোহৰ, হুছেন চাহ, ফৰিদ খাঁ আদি। সেইদৰে নাৰী চৰিত্ৰৰ ভিতৰত সুনীতি, চন্দ্ৰাৱলী, ললিতা, ৰাজিয়া আদিয়ে প্ৰধান। 

    নীলাম্বৰ নাটকখনৰ কেন্দ্ৰীয় চৰিত্ৰ। কিন্ত নন্দ আৰু মন্ত্ৰী শচীপাত্ৰৰ তুলনাত নীলাম্বৰ বহু পৰিমাণে সৰল। নীলাম্বৰৰ পূৰ্বৰ নাম কান্তনাথ। খেন বংশৰ শেষ ৰজাৰ উপপত্নীৰ সন্তানৰ নামিপুত্ৰ হোৱা বাবে নন্দক ৰাজসিংহাসন লাভৰ পৰা ৰাজ্যৰ ব্ৰাক্ষণ সমাজে বঞ্চিত কৰি অজ্ঞাত কুলৰ গৰখীয়া লৰা কান্তনাথকে নীলধ্বজ বা নীলাম্বৰ নাম দি কমতাপুৰৰ ৰাজপটত অধিষ্ঠিত কৰায়। 

    নন্দ নাটকখনৰ এটি জটিল চৰিত্ৰ। নিজ স্বাৰ্থ সিদ্ধিৰ বাবে যিকোনো পন্থাই লব পাৰে নন্দই। নন্দ পাল বংশৰ শেষ ৰজা সুবাহুৰ উপপত্নীৰ সন্তানৰ নাতিপুত্ৰ। নন্দৰ চকুৰ আগত যেতিয়া গৰখীয়া লৰা অজাত কুলৰ নীলাম্বৰ ৰজা হল তেতিয়াৰে পৰা নন্দ থিৰেৰে থাকিব পৰা নাই। প্ৰতিটো মুহূৰ্তত ৰজা আৰু ব্ৰাক্ষণ মন্ত্ৰী শচীপাত্ৰৰ অন্যায়, অপৰাধ আৰু প্ৰতিশোধ পূৰণৰ চিন্তা কৰিব ধৰিলে। প্ৰথমতে বাহিৰৰ পৰা চেষ্টা কৰি সফল নোহোৱাত নগৰৰ ভিতৰত থাকি প্ৰতিশোধ পূৰণৰ জাল পেলাব আৰম্ভ কৰিলে। ললিতা মনোহৰৰ প্ৰেয়সী, কিন্ত নন্দৰ নয়নৰ মণি। ললিতাক নন্দই নিজৰ কৰি লোৱাৰ বাসনাত ললিতা বিতুষ্ট। জোৰ - জুলুম কৰিও ললিতাক মনোহৰৰ পৰা আঁজুৰি আনিব পৰা নাই নন্দই। 

    নাটকখনৰ আন এটি প্ৰধান চৰিত্ৰ হল বুঢ়া প্ৰধান মন্ত্ৰী শচীপাত্ৰ। কুলত তেওঁ ব্ৰাক্ষণ কমতাপুৰৰ ৰাজমন্ত্ৰী হিচাপে তেওঁ অত্যন্ত বিনয়ী, সৰল, ৰাজকাৰ্যত সচেতন আৰু ৰাজভক্তিত গদ্ গদ। বিচক্ষণ ৰজা নীলাম্বৰৰ প্ৰতি শচীপাত্ৰৰ শ্ৰদ্ধা, ভক্তি, চেনেহ আৰু বিশ্বাস অপাৰ। ৰজা নীলাম্বৰৰ বীৰত্ব আৰু দক্ষতাত মহামন্ত্ৰী শচীপাত্ৰৰ ইমানেই বিশ্বাস যে সীমান্তত উৎপন্ন হোৱা যুদ্ধত ৰজাই নিজে অৱতীৰ্ণ হবলৈ যোৱাৰ সময়ত মাতৃ হিচাপে সুনীতিৰ সংশয়ক নিৰ্ভয় দি শচীৰ সদম্ভ ঘোষণা ''নীলাম্বৰ সৰ্বজয়ী বীৰ।'' শচীপাত্ৰৰ ৰাজভোগৰ আসক্তিতকৈ কমতাপুৰৰ শৌৰ্য, বীৰ্য ৰক্ষাৰ প্ৰতি বেছি আসক্ত, সেয়েহে কমতাপুৰৰ প্ৰতিটো বিজয় সমগ্ৰ কামৰূপৰে গৌৰৱ বুলি অনুভৱ কৰে, অন্তৰ সুখী কৰে। 

    শচীপুত্ৰ মনোহৰ এজন কৰ্তব্যপৰায়ণ সুঠাম ডেকা। নাট্যকাৰে চৰিত্ৰটোক নিজ ৰূপত বিকশিত হবলৈ এৰি দিয়া নাই। ললিতাৰ প্ৰণয়প্ৰাৰ্থী হিচাপে অংকন কৰিলেও প্ৰেম, পূৰ্ণ হোৱাৰ বহু পূৰ্বেই  নন্দৰ চক্ৰান্তত 'মনোহৰ' অধ্যায়নৰ অৱসান ঘটোৱা হৈছে। কালীচৰণ, চন্দ্ৰকুমান নন্দৰ দূত, সহচাৰী, সেইদৰে সাধুচৰণ নীলাম্বৰৰ শচীপাত্ৰ আৰু কমতাপুৰৰ শুভচিন্তক। হুছেন চাহ আৰু তেওঁৰ সেনাপতি ফৰিদ খাঁই নন্দৰ অনুগামী হৈ কমতাপুৰৰ শত্ৰুৰ পূৰ্ণ ভূমিকা পালন কৰালেও অন্যায় যুঁদ্ধত নন্দৰ বিপক্ষেমাত মাতি প্ৰকৃত যুঁজাৰুৰ পৰিচয় দিয়াত নাট্যকাৰ সফল হৈছে।


২৬/ মঞ্চসজ্জা মানে কি?

উত্তৰঃ মঞ্চসজ্জা আধুনিক নাটকৰ অন্যতম প্ৰধান অংগ। মঞ্চসজ্জা মঞ্চত নিৰ্দেশনাৰে নামান্তৰ মাথোন। নাটকৰ সম্পৰ্ক অভিনয়ৰ সৈতে, অভিনয় কৰা হয় মঞ্চত, তাকো কৰা হয় আকৌ সুসজ্জিত মঞ্চত আৰু মঞ্চ নিৰ্দেশনাত। আধুনিক অসমীয়া নাটকৰ সমস্ত কলাকৌশল বা নাট্যৰীতি পাশ্চাত্য নাট্যৰীতিৰ প্ৰভাৱেৰে পৰিপুষ্ট। প্ৰথম পৰ্যায়ত অৰ্থাৎ ঊনবিংশ শতিকাৰ সময়ছোৱাত অসমীয়া নাট্যকাৰসকলে ৰংগমঞ্চ বা মঞ্চায়নৰ দিশটোক উদ্দেশ্য কৰি নাটক ৰচনা কৰা নাছিল। এইক্ষেত্ৰ 'ৰাম - নৱমী', 'কানিয়াৰ কীৰ্তন' অথবা 'বঙাল বঙালনী' ইত্যাদি। কিন্ত গুৱাহাটী (১৮৭৫), যোৰহাট (১৮১৯), গোলাঘাটত (১৮৯৫), তেজপুৰত (১৮৯৭), শিৱসাগৰত (১৮৯৯), নগাঁৱত (১৯০২) আৰু মঙলদৈত (১৯০৪) ৰংগমঞ্চ স্থাপিত হোৱাৰ পিছত নাট্যৰীতি বিশেষকৈ মঞ্চসজ্জা অথবা মঞ্চ নিৰ্দেশনা ইত্যাদি। মঞ্চসজ্জাৰ পৰিৱেশ এটা নাট্যকাৰে দিয়াৰ চেষ্টা কৰিছে। মুঠতে দ্বিতীয় মহাযুদ্ধৰ সময়ৰ আগলৈকে মঞ্চসজ্জা বা মঞ্চ নিৰ্দেশনাৰ প্ৰভাৱ প্ৰায় নাছিল বুলিলেও হয়। ইয়াৰ মূল কাৰণ হল সামাজিক নাটকত বাস্তৱবাদ বা যথাৰ্থবাদ যিমান সম্ভৱ সিমান সম্ভৱ পৌৰাণিক বা ঐতিহাসিক নাটকৰ ক্ষেত্ৰত নাছিল।


২৭/ আলোকসম্পাত মানে কি?

উত্তৰঃ পোহৰৰ ব্যৱস্থা বা আলোকসম্পাত নাটকৰ এটি এৰাব নোৱাৰা অংগ। নাটকৰ সৈতে সম্পৰ্কযুক্ত আলোকসম্পাতৰ উদ্দেশ্য হল আন্ধাৰৰ বিনাশ। আমাৰ অসমতো অংকীয়া ভাওনা প্ৰদৰ্শনৰ সময়ত প্ৰদৰ্শনস্থলীৰ সমুখত দুফালে দুডাল কাঠৰ তোৰণাকৃতিৰ ওপৰভাগত ৯ টা ফুটাত তেল শলিতা দি জ্বলাই প্ৰদৰ্শস্থলী পোহৰাই তোলা হৈছিল। ইয়াকে অগ্নিগড় বোলে। ভাৱৰীয়াসকলকো এই অগ্নিগড়ৰ তলেৰেই প্ৰৱেশ কৰোৱা হয়। ইয়াৰ বাহিৰেও অংকীয়া নাট প্ৰদৰ্শন কালত বাহৰ কাঠি মুঠা বান্ধি ফটা কাপোৰ মেৰিয়াই মিঠাতেলত জুবুৰিয়াই জুই জ্বলাই প্ৰদৰ্শনস্থলী পোহৰাই তোলাও হৈছিল। ভাৱৰীয়াসকলৰ নৃত্যভংগিমাৰ সময়ত আৰিয়া ধৰা লোকসকলে ভাৱৰীয়াৰ লগে লগে অগাপিছাকৈ আৰিয়া ধৰি থাকে। যাতে দৰ্শকে প্ৰদৰ্শন দৰ্শন কাত অসুবিধা নহয়। নাটকৰ আলোকসম্পাতৰ প্ৰাৰম্ভিক ইতিহাস এয়াই।


২৮/ ঐতিহাসিক নাটকৰ প্ৰধান বিশেষত্বসমূহ বিষয়ে চমুকৈ আলোচনা কৰা?

উত্তৰঃ ঐতিহাসিক নাটকৰ প্ৰধান বিশেষত্বসমূহ চমুকৈ তলত উল্লেখ কৰা হল -

১/ ঐতিহাসিক নাটকৰ প্ৰথম আৰু প্ৰধান বিশেষত্বটোৱে হল, ইয়াৰ বিষয়বস্ত বা পটভূমি ইতিহাস নিৰ্ভৰ বা ইতিহাস নিৰ্ভৰ বা ইতিহাস প্ৰসিদ্ধ।

২/ ঐতিহাসিক নাটকৰ পটভূমি ঐতিহাসিক বা ইতিহাস প্ৰসিদ্ধ বা ঐতিহাসিকভাৱে সত্য যদিও নাট্যকাৰে মৌলিৰ চিন্তাকো সংযোগ কৰিব পাৰেয়। কিন্ত তাকে কৰিবলৈ যাওঁতে এটা কথাৰ ওপৰত সদায় গুৰুত্ব দিব লাগে যাতে সেই মৌলিকতা অপ্ৰাসংগিক হৈ নপৰে।

৩/ ঐতিহাসিক নাটকৰ পটভূমি ঐতিহাসিক হল বুলি কেৱল ৰজা - মহাৰজাৰ কথাই বৰ্ণিত নহয়, বৰং বহু সময়ত সমসাময়িক কালছোৱাৰ সামাজিক ৰীতি - নীতি, আদব - কায়দা আদিও প্ৰকাশ কৰা হয়।

৪/ স্বদেশ প্ৰেম আৰু অতীতৰ প্ৰতি শ্ৰদ্ধাশীল মনোভাৱৰ প্ৰতিখন ঐতিহাসিক নাটকৰে আন এটি প্ৰধান বিশেষত্ব।

৫/ ঐতিহাসিক নাটক বুলিলেই যুদ্ধ - বিগ্ৰহ হত্যা, বীৰ - বীৰত্ব, পৰাক্ৰম, ৰাজশাসন আদিৰ বৰ্ণনা। সেয়ে ইতিহাসৰ পৰিৱেশ প্ৰদান কৰিবলৈ মঞ্চসজ্জাৰ পৰা চৰিত্ৰৰ সাজসজ্জালৈ সকলোতে ৰাজকীয় পৰিৱেশ সৃষ্টিত গুৰুত্ব দিয়া হয়। 

৬/ ইতিহাসৰ চৰিত্ৰ বিশ্লেষণ দুৰহ কাম, যিহেতু চৰিত্ৰসমূহক ইতিহাসৰ ঘটনাটোৱে ইতিমধ্যেই বিশ্লেষণ বা চিত্ৰণ কৰি থৈছে। সেয়েহে চৰিত্ৰৰ মনঃস্তাত্ত্বিক বিশ্বেষণ কৰা ঐতিহাসিক নাটকৰ নাট্যকাৰৰ বাবে কিছু জটিল কাম। তথাপি কৌশলী নাট্যকাৰে চাতুৰ্যতাৰে চৰিত্ৰৰ মনোজগতত প্ৰৱেশৰ চেষ্টা কৰে আৰু পৰিৱেশ আৰু ঘটনাৰ অনুকূলে বিশ্লেষণৰ চেষ্টা কৰে।


২৯/ অভিনয় ৰীতি মানে কি?

উত্তৰঃ নাটক আৰু অভিনয় দুয়ো প্ৰায় অভিন্ন। বৰ্তমান সময়ত নাটক বুলিলে মঞ্চায়নৰ কথাটোৱে মনলৈ আহে। অভিনয় হৈছে অৱস্থা  বিশেষৰ বা ব্যক্তি বিশেষৰ অনুসৰণ। যিটোৰ অৱস্থা বা যিটোৰ চৰিত্ৰ আনৰ অনুকৰণ নহয় অথচ সেই প্ৰকৃত ৰূপটোৰ যি অনুকৰণ সিয়ে অভিনয়।

    সংস্কৃত নাট্যশাস্ত্ৰ মতে অভিনয় চাৰি প্ৰকাৰৰ - আংগিক, বাচিক, আহাৰ্য আৰু সাত্ত্বিক। শৰীৰৰ অংগী - ভংগীৰ দ্বাৰা যি অভিনয় কৰা হয় সিয়ে আংগিক অভিনয়, সংলাপৰ জৰিয়তে কৰা অভিনয় হল বাচিক অভিনয়, সেইদৰে সাজপাৰ, আ-অলংকাৰ, বেশ - ভুষা আদিৰ জৰিয়তে কৰা অভিনয় হল আহাৰ্য অভিনয়, আনহাতে দৈহিক আৰু মানসিক ভাবৰ সৈতে স্তম্ভ, স্বেদাম্বু, ৰোমান্স, স্বৰভংগ, কম্পন, বিবৰ্ণ, মূছা আৰু অশ্ৰু আদি আঠোটা অৱস্থাযুক্ত অভিনয়ে হল সাত্ত্বিক অভিনয়।


Type - Boby Bora



Post ID : DABP003523