শংকৰদেৱৰ সাহিত্য় প্ৰতিভা

প্ৰথম খণ্ড

১) শংকৰদেৱৰ কাব্য়ৰ ভিতৰত শ্ৰেষ্ঠ কাব্য় কোনখন?
উত্তৰঃ হৰিচন্দ্ৰ-উপাখ্যান।

২) ৰুক্মিণী-হৰণৰ মূল কাহিনী ক'ৰ পৰা লোৱা হৈছ?
উত্তৰঃ হৰিবংশ আৰু ভাগৱতৰপৰা।

৩) অসমীয়া নাট্য়-সাহিত্য়ৰ জন্মদাতা কোন?
উত্তৰঃ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ।

৪) গুণমালাত কি পোৱা যায়?
উত্তৰঃ শংকৰদেৱৰ বৰ্ণনা-শক্তিৰ পৰিচয় পোৱা যায়।

৫) শংকৰদেৱে ৰচা তিনিপ্ৰকাৰৰ ভটিমা কি কি?
উত্তৰঃ (১) দেৱ ভটিমা, (২) ৰাজ ভটিমা আৰু (৩) নাটকীয় ভটিমা।

৬) শংকৰদেৱৰ ভক্তি আৰু তত্ত্বমূলক গ্ৰন্থ কেইখন?
উত্তৰঃ চাৰিখন।

৭) ভক্তি ৰত্নাকৰ গ্ৰন্থখন কিহত ৰচিত?
উত্তৰঃ সংস্কৃতত।

৮) মহাপুৰুষ শংকৰদেৱৰ শেষ নাটকখনৰ নাম কি?
উত্তৰঃ ৰাম-বিজয়।

৯) ৰাজ-ভটিমাত কি কৰা হয়?
উত্তৰঃ ৰজাক প্ৰশস্তি জনোৱা হয়।

১০) ভটিমা কি?
উত্তৰঃ ভটিমা হৈছে এক প্ৰকাৰৰ স্তুতি বা প্ৰশস্তিমূলক গীত।

১১) বৰগীতক কালিৰাম মেধিয়ে কি বুলি কৈছে?
উত্তৰঃ Songs Celestial বুলি কৈছে।

১২) দেৱ ভটিমা কি?
উত্তৰঃ নাটকৰ বাহিৰৰ সুকীয়াকৈ ৰচনা কৰা বিষ্ণু বা কৃষ্ণৰ স্তুতিবাচক গীত।

১৩) শংকৰদেৱে মুঠতে কিমানটা বৰগীত ৰচনা কৰিছিল?
উত্তৰঃ বাৰকুৰি।

১৪) শংকৰদেৱৰ অনুবাদমূলক গ্ৰন্থৰ ভিতৰত কোনখন শ্ৰেষ্ঠ?
উত্তৰঃ 'দশম'খনেই শ্ৰেষ্ঠ।

১৫) অংকীয়া নাটবোৰৰ এটি বৈশিষ্ট্য় লিখা।
উত্তৰঃ অংকীয়া নাটবোৰৰ এটি বৈশিষ্ট্য় হৈছে- ব্ৰজাৱলী ভাষাৰ ব্যৱহাৰ।

১৬)  এতিয়ালৈকে শংকৰদেৱৰ কেইখন গ্ৰন্থ সংগৃহীত আৰু প্ৰকাশিত হৈছে?
উত্তৰঃ পঁচিশখন গ্ৰন্থ।

১৭) শংকৰদেৱৰ সাহিত্য়িক জীৱনৰ কীৰ্তিস্তম্ভ কি?
উত্তৰঃ কীৰ্তন আৰু দশম শংকৰদেৱৰ সাহিত্য়িক জীৱনৰ কীৰ্তিস্তম্ভ। 

১৮) নাটকৰ মাজৰ ভটিমাত কি কৰা হয়?
উত্তৰঃ নাটকৰ মাজৰ ভটিমাত নায়ক-নায়িকাৰ ৰূপ-গুণ বৰ্ণনা কৰা হয়।

১৯) শংকৰদেৱৰ ভক্তি আৰু তত্ত্বমূলক গ্ৰন্থ এখনৰ নাম লিখা।
উত্তৰঃ নিমি-নৱসিদ্ধ সংবাদ।

২০) গুৰু ভটিমাত কি কৰা হয়?
উত্তৰঃ গুৰুজনক স্তুতি কৰি প্ৰশস্তি গোৱা হয়।



Author: Chinmay Kakati



Post Id: DABP003340