Chapter 2

 শিৱৰ কৃষি-কৰ্ম 


১। শংকৰী যুগৰ কবি জনৰ নাম কি ?

উত্তৰঃ ৰামসৰস্বতী । 


২। শংকৰী যুগৰ কবি ৰামসৰস্বতী অসমীয়া সাহিত্য়ত কি ৰূপে পৰিচিত ?

উত্তৰঃ অসমীয়া ব্য়াস ৰূপে পৰিচিত । 


৩। মহাভাৰতৰ প্ৰধান কবি জনৰ নাম কি ?

উত্তৰঃ মহাভাৰতৰ প্ৰধান কবি জনৰ নাম হ'ল ৰামসৰস্বতী ।


৪। বৃষভ শব্দৰ অৰ্থ কি ?

উত্তৰঃ বৃষভ শব্দৰ অৰ্থ হ'ল বলধ ।


৫। ৰামসৰস্বতী মহাভাৰতৰ বনপৰ্বৰ ঘটনাৰ আধাৰত একশ্ৰেণীৰ  কি কাব্য় ৰচনা কৰিছিল ?

উত্তৰঃ লঘু কাব্য় ৰচনা কৰিছিল ।


৬।  আচান্ত শব্দৰ অৰ্থ কি ?

উত্তৰঃ আচান্ত শব্দৰ অৰ্থ হ'ল মুখ ধোৱা । 


৭। শিৱৰ কৃষিকৰ্ম কাৰ নামৰ লঘু কাব্য় এখনৰ পৰা উদ্ধৃত ?

উত্তৰঃ ভীম চৰিত নামৰ লঘু এখনৰ পৰা উদ্ধৃত ।


৮। আৰাৱ শব্দৰ অৰ্থ কি ?

উত্তৰঃ আৰাৱ শব্দৰ অৰ্থ হ'ল চিঞৰ । 


৯। শিৱৰ বুঢ়া বলধটো ৰাখিবলৈ কোন গৰখীয়াৰূপে শিৱৰ ঘৰত আছিল ?

উত্তৰঃ ভীম গৰখীয়াৰূপে শিৱৰ ঘৰত আছিল ।


১০। ভীমৰ খাদ্য়ৰ যোগান ধৰি কোন ভাগৰি পৰিছিল ?

উত্তৰঃ ভীমৰ খাদ্য়ৰ যোগান ধৰি পাৰ্বতী ভাগৰি পৰিছিল। 


১১। দুষ্কৰ শব্দৰ অৰ্থ কি ? 

উত্তৰঃ দুষ্কৰ শব্দৰ অৰ্থ হ'ল অসাধ্য় । 


১২। শিৱৰ কৃষি-কৰ্ম কবিতাটো কৰ পৰা লয় ৰামসৰস্বতীয়ে  ৰচনা কৰিছিল ?

উত্তৰঃ ভীম চৰিতৰ পৰা লয় ৰামসৰস্বতীয়ে ৰচনা কৰিছিল ।


১৩। বদতি শব্দৰ অৰ্থ কি ?

উত্তৰঃ বদতি শব্দৰ অৰ্থ  হ'ল ক'লে;কয় ।


১৪। শিৱৰ কৃষি-কৰ্মৰ কথা কি ভাষাৰে বৰ্ণনা কৰা হৈছিল ?

উত্তৰঃ শিৱৰ কৃষি-কৰ্মৰ কথা ৰসপূৰ্ণ ভাষাৰে বৰ্ণনা কৰা হৈছিল ।


১৫। কৃত্তিবাস শব্দৰ অৰ্থ কি ?

উত্তৰঃ কৃত্তিবাস শব্দৰ অৰ্থ হ'ল শিৱৰ আন এটা নাম; (কৃত্তি -বাঘৰ ছাল, বাস- বস্ত্ৰ) । 


১৬। আঁৰে শব্দৰ অৰ্থ কি ?

উত্তৰঃ আঁৰে শব্দৰ অৰ্থ  হ'ল লুকাই, মনে মনে ।


১৭। ৰামসৰস্বতীৰ  প্ৰসিদ্ধ বধকাব্য় কেইখনমানৰ নাম কি ?

উত্তৰঃ ৰামসৰস্বতী ৰ প্ৰসিদ্ধ বধকাব্য় কেখনলানৰ নাম হ'ল বঘাসুৰ বধ, খটাসুৰ বধ, অশ্বকৰ্ণ বধ, জঙ্ঘাসুৰ বধ আৰু কুলাচল বধ আদি ।


১৮। খোবা-খোবি শব্দৰ অৰ্থ কি ?

 উত্তৰঃ এহাল ভূত-ভূতুনী ।


১৯। টঙ্কিলা শব্দৰ অৰ্থ  কি ?

উত্তৰঃ টঙ্কিলা শব্দৰ অৰ্থ হ'ল খং কৰা ।


২০। মুণ্ডমালী শব্দৰ অৰ্থ কি ?

উত্তৰঃ শিৱৰ আন এটা নাম । 



Type By Chandana Bora



Post ID : DABP003669