Back To Book Content 

দ্বিতীয় অধ্যায়

আৱয়বিক নৃতত্ত্ব

Short Answer

Q) মানৱ দেহতত্ত্ব কি?

উত্তৰঃ মানৱ দেহতত্ত্ব হ'ল মানৱ শৰীৰটোৰ বিষয়ে অধ্য়য়ন কৰা বিজ্ঞান।


Q) মানৱ কংকালত সৰ্ব্বমুঠ কিমান হাড় আছে?

উত্তৰঃ মানৱ কংকালত সৰ্ব্বমুঠ ২০৬ ডাল সৰু ডাঙৰ হাড় আছে।


Q) মানৱ কংকালৰ বয়স আৰু লিংগ নিৰ্ণয় কৰিবলৈ কি কৰা হয়?

উত্তৰঃ মানৱ কংকালৰ বয়স আৰু লিংগ নিৰ্ণয় কৰিবলৈ অস্থিসমূহৰ বিভিন্ন লক্ষণ নিৰীক্ষণ কৰা হয়।


Q) মানৱ কংকালৰ হাড়সমূহক কিহৰ ওপৰত নিৰ্ভৰ কৰি দুটা ভাগত ভাগ কৰিছে?  সেই ভাগ কেইটা লিখা।

উত্তৰঃ মানৱ কংকালৰ হাড়সমূহৰ আকৃতি, অৱস্থান আৰু ক্ৰিয়া বেলেগ বেলেগ অৱস্থানৰ ওপৰত নিৰ্ভৰ কৰি কংকালৰ হাড়বোৰক দুটা ভাগত ভাগ কৰিছে। সেই কেইটা হ'ল-

    (ক) লাওখোলা, গ্ৰীৱা আৰু কৱন্ধৰ হাড়

    (খ) স্কন্ধবেষ্টনী, শ্ৰেণীবেষ্টনী, উৰ্ধ্ব অগ্ৰাংগ বা হাত আৰু নিম্ন অগ্ৰাংগ বা ভৰিৰ হাড়।


Q) ৰাজহাড়ৰ কশেৰুকাৰ মুঠ হাড়ৰ সংখ্যা কিমান?

উত্তৰঃ ৰাজহাড়ৰ কশেৰুকাৰ মুঠ হাড়ৰ সংখ্য়া ৩৩ ডাল।


Q) লাওখোলাটোক কেইটা ভাগত বিভক্ত কৰিছে আৰু কি কি?

উত্তৰঃ লাওখোলাটোক দুটা ভাগত বিভক্ত কৰিছে আৰু সেইকেইটা হ'ল- কৰোটি আৰু মুখমণ্ডল।


Q) কৰোটি আৰু মুখমণ্ডল কিমানডাল হাড়েৰে গঠিত?

উত্তৰঃ লাওখোলাত থকা ২২ ডাল হাড়ৰ ভিতৰত কৰোটি ৮ ডাল আৰু মুখমণ্ডল ১৪ ডাল হাড়েৰে গঠিত।


Q) কৰোটি আৰু মুখমণ্ডলৰ হাড়বোৰৰ নাম লিখা।

উত্তৰঃ কৰোটি হাড়বোৰৰ নাম হ'ল- ললাটিকা অস্থি এডাল, মস্তক পাৰ্শ্বাস্থি দুডাল, শংখাস্থি দুডাল, অনুকপাল অস্থি এডাল, স্ফেনয়ড এডাল আৰু এথময়ড এডাল।

        মুখমণ্ডল হাড়বোৰৰ নাম হ'ল- জংভিকা দুডাল, পেলেটাইন দুডাল, কপোলাস্থি দুডাল, নাসিকাস্থি দুডাল, অধঃনাসিকা কনকা দুডাল, অশ্ৰু অস্থি দুডাল, সীৰিকা অস্থি এডাল আৰু চিবুকাস্থি এডাল।


Q) মুখমণ্ডলৰ আটাইতকৈ শক্তিশালী হাড়ডালৰ নাম কি?

উত্তৰঃ মুখমণ্ডলৰ আটাইতকৈ শক্তিশলী হাড়ডালৰ নাম হ'ল- চিবুকাস্থি বা অধঃহনু।


Q) মানসিক উদগম কাক বোলে?

উত্তৰঃ শৰীৰ অংশ প্ৰায় অশ্বখুৰা আকৃতিৰ। এই অংশৰ বহিঃপৃষ্ঠৰ মাজভাগত সীৰলু এডাল আছে। সীৰলুডালৰ নিম্ন অংশত থকা ত্ৰিভুজাকৃতিৰ উন্নত অঞ্চলটোক মানসিক উদগম বোলে।


Q) এলভিঅ'লাৰ কাক বোলে?

উত্তৰঃ চিবুকাস্থিত মানুহৰ তলপাৰিৰ দাঁতবোৰ ষোল্লটা ছকেটত সোমাই থাকে। এই ছকেটবোৰ থকা অংশটোক এলভিঅ'লাৰ বোলে।


Q) চতুৰ্ভুজাকৃতি ৰেমাছৰ ওপৰফালে থকা প্ৰবন্ধ কেইটাৰ নাম কি? এই প্ৰবন্ধ কেইটাৰ মাজৰ খাঁজটোৰ নাম কি?

উত্তৰঃ চতুৰ্ভুজাকৃতি ৰেমাছৰ ওপৰফালে থকা প্ৰবন্ধ কেইটাৰ নাম হ'ল- কনডাইলাৰ আৰু ক'ৰ'নয়ড । এই প্ৰবন্ধ কেইটাৰ মাজৰ খাঁজটোৰ নাম হ'ল চিবুকাস্থি খাঁজ।


Q) কনডাইলাৰ প্ৰবন্ধৰ বহল ওপৰভাগক কি বুলি কোৱা হয়?

উত্তৰঃ কনডাইলাৰ প্ৰৱন্ধৰ বহল ওপৰভাগক অধঃহনু মূৰ বুলি কোৱা হয়।


Q) গ'নিয়ন কি?

উত্তৰঃ ৰেমাছ আৰু শৰীৰ লগলাগি গঠন কৰা কোণটোক গ'নিয়ন বোলে।


Q) লাওখোলাটো অধ্যয়ন কৰোতে ভাগ কৰি লোৱা পৃষ্ঠবোৰৰ নাম লিখা।

উত্তৰঃ লাওখোলাটো অধ্যন কৰোতে ভাগ কৰি লোৱা পৃষ্ঠবোৰৰ নাম হ'ল- ওপৰৰ পৃষ্ঠ বা উৰ্ধ্ব পৃষ্ঠ, সন্মুখৰ পৃষ্ঠ বা অগ্ৰপৃষ্ঠ, পিছফালৰ পৃষ্ঠ বা পশ্চাৎপৃষ্ঠ, কাষৰ পৃষ্ঠ বা পাৰ্শ্বপৃষ্ঠ আৰু তলৰ পৃষ্ঠ বা অধঃপৃষ্ঠ।


Q) উৰ্ধ্ব পৃষ্ঠত থকা সীৱন তিনিডালৰ নাম লিখা।

উত্তৰঃ উৰ্ধ্ব পৃষ্ঠত থকা সীৱন তিনিডালৰ নাম হ'ল- ললাটিকা সীৱন, সমমিতাধী সীৱন আৰু অনুকপাল সীৱন।


Q) ব্ৰেগমা কি?

উত্তৰঃ ললাটিকা সীৱন আৰু সমমিতাধী সীৱন লগ লগা বিন্দুটোক ব্ৰেগমা বোলে।


Q) লেম্বডা কি?

উত্তৰঃ সমমিতাধী সীৱনৰ আৰু অনুকপাল সীৱন লগ লগা বিন্দুটোৰ নাম হ'ল লেম্বডা।


Q) ওবেলিয়ন কাক বোলে?

উত্তৰঃ সমমিতাধী সীৱনৰ মধ্য অংশৰ দুয়োকাষে মস্তক পাৰ্শ্বাস্থিত অৱস্থিত ৰন্ধ্ৰ দুটাক পাৰ্শ্ব ৰন্ধ্ৰ আৰু এই দুয়োটা ৰন্ধ্ৰ মাজৰ অংশক ওবেলিয়ন বোলে।


Q) অধ্যক্ষি সীৰলু কাক বোলে?

উত্তৰঃ ললাটিকা অস্থিৰ তলপিনে আৰু দুয়োকাষে চক্ষুকোটৰ অৱস্থিত। দুয়োটা অক্ষিকোটৰৰ ওপৰত অৱস্থিত ধেনুভিৰীয়া অংশ দুটাক অধ্যক্ষি সীৰলু বোলে।


Q) গ্লেবেলা কাক বোলে?

উত্তৰঃ নাকৰ হাড়ৰৰ ওপৰত দুয়োডাল অধ্যক্ষি সীৰলুৰ মাজত অৱস্থিত সামান্য স্ফীত অংশটোক গ্লেবেলা বোলে।


Q) মেট'পিয়ন কি?

উত্তৰঃ ললাটিকা অস্থিডালৰ দুয়োকাষে থকা স্ফীত অংশ দুটাৰ নাম ললাটিকা স্ফীতি। দুই ললাটিকা স্ফীতিৰ মাজৰ অংশটোক মেট'পিয়ন বুলি কোৱা হয়।


Q) ললাটিকা নাসিকা সীৱন ডালৰ মধ্যবিন্দুটোক কি বুলি কোৱা হয়?

উত্তৰঃ ললাটিকা নাসিকা সীৱনডালৰ মধ্যবিন্দুটোক নেছিয়ন বুলি কোৱা হয়।


Q) ৰাইনিয়ন কাক বোলে?

উত্তৰঃ নাসিকাস্থি দুডাল অন্তৰা নাসিকা সীৱনৰ দ্বাৰা সংলগ্ন। এই সীৱনডালৰ নিম্ন বিন্দুটোক ৰাইনিয়ন বোলে।


Q) ইনিয়ন কি?

উত্তৰঃ ইনিয়ন হ'ল মধ্য নিউকেল ৰেখা আৰু মধ্য সমমিতাধী তলৰ সংযোগস্থল।


Q) টিৰিয়ন কাক বোলে?

উত্তৰঃ ললাটিকা অস্থি, মস্তক পাৰ্শ্বাস্থি, শংখাস্থি আৰু স্ফেনয়ড লগ লগা অংশত সীৱনবোৰ দেখাত ইংৰাজী এইচ আখৰটোৰ দৰে হোৱা অংশটোক টেৰিয়ন বোলে।


Q) বয়স অনুযায়ী মানুহৰ দাঁতক কেইটা ভাগত ভগাব পাৰি আৰু কি কি?

উত্তৰঃ বয়স অনুযায়ী মানুহৰ দাঁতক দুটা ভাগত ভগাব পাৰি সেইকেইটা হ'ল- গাখীৰ দাঁত আৰু স্থায়ী দাঁত।


Q) মানুহৰ গাখীৰ দাঁত কেইটা থাকে আৰু কি কি?

উত্তৰঃ মানুহৰ গাখীৰ দাঁত ২০ টা থাকে। প্ৰতি শাৰীত আগদাঁত ৪ টা, কুকুৰ দাঁত ২ টা আৰু জামু দাঁত ৪ টা থাকে।


Q) গাখীৰ দাঁতৰ সূত্ৰটো লিখা।

উত্তৰঃ গাখীৰ দাঁতৰ সূত্ৰটো হ'ল-

            


Q) মানুহৰ স্থায়ী দাঁত কেইটা থাকে আৰু কি কি?

উত্তৰঃ মানুহৰ স্থায়ী দাঁত ৩২ টা থাকে। প্ৰতি শাৰীত আগদাঁত ৪ টা, কুকুৰ দাঁত ২ টা, প্ৰাক-জামুদাঁত ৪ টা আৰু জামুদাঁত ৬ টা থাকে।


Q) স্থায়ী দাঁতৰ সূত্ৰটো লিখা।

উত্তৰঃ স্থায়ী দাঁতৰ সূত্ৰটো হ'ল-

           


Q) প্ৰত্য়েক দাঁতৰে থকা তিনিটা অংশৰ নাম লিখা।

উত্তৰঃ প্ৰত্যেক দাঁতৰে থকা তিনিটা অংশৰ নাম হ'ল- দাঁতৰ মাড়িৰ বাহিৰলৈ ওলাই থকা অংশটোৰ নাম দন্ত শিখৰ। দাঁতৰ আলুৰ কোটৰত সোমাই থকা অংশটোক গুৰি আৰু এই দুই অংশৰ মাজৰ অংশটোক গ্ৰীৱা বোলে।


Q) জামুদাঁতৰ তিনিটা অংশৰ বিষয়ে লিখা।

উত্তৰঃ জামুদাঁত তিনিটা অংশৰ বিষয়ে হ'ল- জামুদাঁতৰ গুৰি তিনিডাল। জামুদাঁতবোৰ আন দাঁতৰ তুলনাত ডাঙৰ। প্ৰথম জামুদাঁত দ্বিতীয় জামুদাঁততকৈ ডাঙৰ আৰু দ্বিতীয় জামুদাঁত তৃতীয় জামুদাঁততকৈ ডাঙৰ। প্ৰথম জামুদাঁতৰ দন্তাগ্ৰ চাৰিটা, দ্বিতীয় জামুদাঁতৰ তিনিটা নাইবা চাৰিটা আৰু তৃতীয় জামুদাঁতৰ তিনিটা।


Q) হাইঅ'ইড হাড়ডাল দেখাত কেনেকুৱা আৰু ই ক'ত অৱস্থিত?

উত্তৰঃ হাইঅ'ইড হাড়ডাল দেখাত ইংৰাজী ইউ আখৰটোৰ নিচিনা। এই হাড়ডাল জিভাৰ গুৰিৰ তলপিনে নিম্নাংশত অৱস্থিত।


Q) কৱন্ধ কিহেৰে গঠিত হৈছে?

উত্তৰঃ ৰাজহাড় বা মেৰুদণ্ড, বক্ষাস্থি আৰু কামীহাড়ৰৰ দ্বাৰা কৱন্ধ গঠিত হৈছে।


Q) ৰাজহাড়ডাল কিমান ডোখৰ সৰু সৰু হাড়ৰ দ্বাৰা গঠিত? এই হাড়বোৰৰ নাম কি?

উত্তৰঃ ৰাজহাড়ডাল ৩৩ ডাখৰ সৰু সৰু হাড়ৰ দ্বাৰা গঠিত। এই হাড়বোৰক কশেৰুকা বোলে।


Q) ৰাজহাড়ডালৰ কিমান ডোখৰক মুখ্য কশেৰুকা আৰু কিমান ডোখৰক দৃঢ় কশেৰুকা বোলে?

উত্তৰঃ ৰাজহাড়ডালৰ লৰচৰ কৰিব পৰা ২৪ ডোখৰ কশেৰুকাক মুখ্য কশেৰুকা আৰু ৯ ডোখৰ কশেৰুকাক দৃঢ় কশেৰুকা বোলে।


Q) গ্ৰীৱা কশেৰুকা কাক বোলে আৰু এই কশেৰুকাৰ প্ৰথম আৰু দ্বিতীয় ডাখৰ কশেৰুকাৰ নাম কি?

উত্তৰঃ লাওখোলাৰ তলৰ পৰা ৰাডহাড়ৰ যি ৭ ডোখৰ কশেৰুকাৰ দ্বাৰা ডিঙিৰ হাড় গঠিত হৈছে সেই সমূহক গ্ৰীৱা কশেৰুকা বোলে।

            এই কশেৰুকাৰ প্ৰথম ডোখৰ কশেৰুকাক আটলাছ আৰু দ্বিতীয় ডোখৰ কশেৰুকাক এক্সিছ বোলে।


Q) বক্ষাস্থি আকৃতি কেনেধৰণৰ? বক্ষাস্থিৰ বিভিন্ন অংশবোৰৰ নাম লিখা।

উত্তৰঃ বক্ষাস্থিডাল দেখাত দীঘল আৰু চেপেটা। বক্ষাস্থিৰ একেবাৰে ওপৰৰ অংশটোক মেনব্ৰিয়াম, মাজৰ অংশক শৰীৰ বা মূল অংশ আৰু একেবৰে তলৰ অংশটোক জাইফায়ড প্ৰবন্ধ বোলে।


Q) কামীহাড় কিমানডাল? কামীহাড়বোৰৰ নাম লিখা।

উত্তৰঃ কামীহাড় ২৪ ডাল বা ১২যোৰ। প্ৰথম ৭ যোৰ কামীহাড় সন্মুখৰ পিনে ৰাজহাড়ৰ লগত লগ লগা আৰু এই কামীহাড়ক মুখ্য কামীহাড় বোলে। ইয়াৰ পিছৰ ৩ যোৰ কামীহাড় পিছপিনে পৃষ্ঠ কশেৰুকাৰ লগত সংলগ্ন হৈ থাকে আৰু এই কামীহাড়ক নকল কামীহাড় বোলে। শেষৰ কামীহাড় দুযোৰ খুব চুট। এই কামীহাড় দুযোৰ পিছপিনে ৰাজহাড়ৰ সৈতে সংযুক্ত হৈ থাকে আৰু এই কামীহাড়ক ওপঙা কামীহাড় বোলে।


Q) উৰ্ধ্ব অগ্ৰাংগ কিহেৰে গঠিত?

উত্তৰঃ উৰ্ধ্ব অগ্ৰাংগ স্কন্ধবেষ্টনী, বাহু, অগ্ৰবাহু আৰু প্ৰহস্তৰ হাড়ৰ দ্বাৰা গঠিত।


Q) অংশফলক কি?

উত্তৰঃ পিঠিৰ দুয়োকাষে অৱস্থিত স্কন্ধবেষ্টনীৰ বহল, চেপেটা ত্ৰিভূজাকৃতিৰ হাড় দুডালৰ নাম অংশফলক।


Q) অংশফলকৰ অংশবোৰৰ নাম লিখা।

উত্তৰঃ অংশফলকৰ অংশবোৰৰ নাম হ'ল- অংশফলকৰ দুটা পৃষ্ঠ-বহিঃ আৰু অন্ত, তিনিটা প্ৰান্ত ঊৰ্ধ্ব, পাৰ্শ্ব আৰু মধ্যমা আৰু তিনিটা কোণ- ঊৰ্ধ্ব, অধঃ আৰু পাৰ্শ্ব কোণ।


Q) গ্লিনয়ড গুহিকা কাক বোলে?

উত্তৰঃ পাৰ্শ্বপ্ৰান্তৰ একেবাৰে ওপৰৰ অংশত থকা গুহিকাটোক গ্লিনয়ড গুহিকা বোলে।


Q) প্ৰগতাস্থি হাড় দুডালৰ প্ৰধান অংশ তিনিটাৰ নাম লিখা।

উত্তৰঃ প্ৰগতাস্থি হাড় দুডালৰ প্ৰধান  অংশ তিনিটাৰ নাম হ'ল- ওপৰ মূৰ, তলমূৰ আৰু দণ্ড।


Q) অগ্ৰবাহু কিহেৰে গঠিত?

উত্তৰঃ বহিঃপ্ৰকোষ্ঠিকা আৰু অন্তঃপ্ৰকোষ্ঠিকাৰ দ্বাৰা অগ্ৰবাহু গঠিত।


Q) পাৰ্শ্বদিশৰ অগ্ৰ অংশই তললৈ আগবাঢ়ি গঠন কৰা  প্ৰবন্ধটোৰ নাম কি?

উত্তৰঃ পাৰ্শ্বদিশৰ অগ্ৰ অংশই তললৈ আগবাঢ়ি গঠন কৰা প্ৰবন্ধটোৰ নাম ষ্টাইলয়ড প্ৰবন্ধ ।


Q) অগ্ৰবাহুৰ মধ্যমা দিশত থকা হাড়ডালৰ নাম কি?

উত্তৰঃ অগ্ৰবাহুৰ মধ্যমা দিশত থকা হাড়ডালৰ নাম অন্তঃপ্ৰকোষ্ঠিকা।


Q) অন্তঃপ্ৰকোষ্ঠিকাৰ ভাগ তিনিটাৰ নাম লিখা।

উত্তৰঃ অন্তঃপ্ৰকোষ্ঠিকাৰ প্ৰধান ভাগ তিনিটা হ'ল- ওপৰমুৰ, দণ্ড আৰু তলমুৰ।


Q) প্ৰহস্তক কেইটা ভাগত ভাগ কৰিছে আৰু কি কি?

উত্তৰঃ প্ৰহস্তক তিনিটা ভাগত ভাগ কৰিছে। সেইকেইটা হ'ল মণিবদ্ধ, কৰতল বা কৰভিকা আৰু আঙুলি।


Q) প্ৰহস্ত কিমান ডোখৰ হাড়েৰে গঠিত?

উত্তৰঃ প্ৰহস্ত ২৭ ডোখৰ হাড়েৰে গঠিত।  ৮ ডোখৰ হাড়েৰে মণিবদ্ধ, ৫ ডোখৰ হাড়েৰে কৰতল বা কৰভিকা আৰু ১৪ ডোখৰ হাড়েৰে আঙুলি গঠিত।


Q) মণিবদ্ধ হাড়বোৰৰ নাম লিখা।

উত্তৰঃ মণিবদ্ধ হাড়বোৰৰ নাম হ'ল- নৌকাস্থি, নবচন্দ্ৰাকাৰ অস্থি, ত্ৰিকোণিকা অস্থি, পিছিফৰ্ম, ট্ৰেপিজিয়াম, ট্ৰেপিজয়ড, কেপিটেট আৰু হেমট।


Q) নিম্ন অগ্ৰাংগ কিহেৰে গঠিত? 

উত্তৰঃ নিম্ন অগ্ৰাংগ শ্ৰোণীবেষ্টনী, উৰ্বস্থি, আঠুৰ ঘিলা, জংঘাস্থি আৰু অনুজংঘাস্থিৰ দ্বাৰা গঠিত।


Q) ইন'মিনেট কেইটা ভাগত ভাগ কৰা হৈছে আৰু কি কি?

উত্তৰঃ ইন'মিনেট তিনিটা ভাগত ভাগ কৰা হৈছে। সেইকেইটা ক্ৰমে ইলিয়াম, ইস্কিয়াম আৰু পিউবিছ।


Q) ইলিয়াম আৰু ইস্কিয়ামৰ মাজৰ ৰন্ধ্ৰটোৰ নাম কি?

উত্তৰঃ ইলিয়াম আৰু ইস্কিয়ামৰ মাজৰ ৰন্ধ্ৰটোৰ নাম অবটুৰেটৰ ৰন্ধ্ৰ।


Q) উৰ্বস্থি কি?

উত্তৰঃ মানৱ কংকালৰ হাড়বোৰৰ ভিতৰত আটাইতকৈ দীঘল আৰু শক্তিশালী হাড়ডালৰ নাম উৰ্বস্থি।


Q) উৰ্বস্থি ক'ত থাকে?

উত্তৰঃ উৰ্বস্থি মানুহৰ উৰুত থাকে।


Q) জংঘাস্থি মানৱ কংকালত কেইডাল থাকে?

উত্তৰঃ জংঘাস্থি মানৱ কংকালত দুডাল থাকে।


Q) মানৱ কংকালৰ দ্বিতীয় দীৰ্ঘতম অস্থি ডালৰ নাম কি?

উত্তৰঃ মানৱ কংকালৰ দ্বিতীয় দীৰ্ঘতম অস্থি ডালৰ নাম জংঘাস্থি।


Q) জংঘাস্থিৰ প্ৰান্ত আৰু পৃষ্ঠ তিনিটাৰ নাম লিখা।

উত্তৰঃ জংঘাস্থিৰ প্ৰান্ত তিনিটাৰ নাম হ'ল- অগ্ৰ, পাৰ্শ্ব আৰু মধ্যমা। পৃষ্ঠ তিনিটাৰ নাম হ'ল- মধ্যমা, পাৰ্শ্ব আৰু পশ্চ।


Q) আঠুৰ ঘিলা কাক বোলে?

উত্তৰঃ উৰ্বস্থি, জংঘাস্থি আৰু অনুজংঘাস্থিৰ সংযোগস্থলত সন্মুখৰ পিনে থকা তিনিকোণীয়া সৰু হাড়ডোখৰক আঠুৰ ঘিলা বোলে।


Q) পদ কিমানডোখৰ হাড়েৰে গঠিত?

উত্তৰঃ পদ মুঠ ২৬ ডোখৰ হাড়েৰে গঠিত।


Q) পদৰ হাড়সমূহক কেইটা ভাগত ভাগ কৰিছে আৰু কি কি?

উত্তৰঃ পদৰ হাড়সমূহক তিনিটা ভাগত ভাগ কৰিছে। সেইকেইটা হ'ল- গুলফ, প্ৰপদিকা আৰু আঙুলি।


Q) গুলফৰ ৭ ডোখৰ হাড়ৰ নাম লিখা।

উত্তৰঃ গুলফ ৭ ডোখৰ সৰু সৰু হাড়ৰ দ্বাৰা গঠিত। সেই হাড়বোৰৰ নাম হ'ল- টেলাছ, কেলকেনিয়াম, মধ্যমা কিউনিফৰম, পাৰ্শ্ব কিউনিফৰম, মধ্য কিউনিফৰম, কিউবয়ড আৰু নৌকাস্থি।


Q) প্ৰপদিকা আৰু আঙুলি কিমান ডোখৰ হাড়েৰে গঠিত হৈছে?

উত্তৰঃ প্ৰপদিকা ৫ ডাল হাড়ৰ দ্বাৰা গঠিত আৰু বৃদ্ধাংগুলিত দুডোখৰ আৰু বাকী আঙুলি বোৰত প্ৰত্যেকতে তিনিডোখৰকৈ মুঠ ১৪ ডোখৰ হাড়ৰ দ্বাৰা আঙুলি অংশ গঠিত হৈছে।


Q) উদ্ভিদ আৰু প্ৰাণীজগতৰ শ্ৰেণীবিভাগ কোনে কেতিয়া কৰে?

উত্তৰঃ উদ্ভিদ আৰু প্ৰাণীজগতৰ শ্ৰেণাবিভাগ প্ৰখ্যাত প্ৰকৃতিবিদ কেৰোলাছ লিনিয়াছে ১৭৩৫ চনত কৰে।


Q) লিনিয়াছে উপ-পৰিয়ালৰ প্ৰাণীসমূহক কিহত বিভক্ত কৰি সিহঁতক বৈজ্ঞানিক নাম দিয়াৰ প্ৰথা প্ৰচলন কৰিছিল?

উত্তৰঃ লিনিয়াছে উপ-পৰিয়ালৰ প্ৰাণীসমূহক জিনাছ আৰু স্পেছিছত বিভক্ত কৰি সিহঁতক বৈজ্ঞানিক নাম দিয়াৰ প্ৰথা প্ৰচলন কৰিছিল।


Q)মেৰুদণ্ডী প্ৰাণীসমূহক কিহত বিভক্ত কৰিছে? ৰেখাচিত্ৰৰ সহায়ত লিখা।

উত্তৰঃ মেৰুদণ্ডী প্ৰাণীসমূহক মাছ, উভচৰ, সৰীসৃপ, চৰাই আৰু স্তন্যপায়ী শ্ৰেণীত বিভক্ত কৰিছে। 




Q) মানুহৰ দেহত মুঠ কেইটা কক্ষ থাকে?

উত্তৰঃ মানুহৰ দেহত অৰ্থাৎ মানুহৰ হৃদপিণ্ডত দুটা অলিন্দ আৰু দুটা নিলয়, মুঠ চাৰিটা কক্ষ থাকে। মানুহ উষ্ণৰক্তী প্ৰাণী।


Q) ক্লয়েকা কাক বোলে?

উত্তৰঃ ভেকুলী শীতলৰক্তী প্ৰাণী আৰু হৃদযন্ত্ৰত দুটা কক্ষ আছে। ইহঁতৰ এটা অংগতে মলদ্বাৰ, মূত্ৰদ্বাৰ আৰু জননদ্বাৰ আছে। এই অংগটোক ক্লয়েকা বোলে।


Q) সৰীসৃপ প্ৰাণীসমূহৰ কেইটা কক্ষ থাকে? এটা সৰীসৃপ প্ৰাণীৰ উদাহৰণ দিয়া।

উত্তৰঃ সৰীসৃপ প্ৰাণীৰ হৃদযন্ত্ৰত দুটা অলিন্দ আৰু অসম্পূৰ্ণভাৱে বিভক্ত দুটা নিলয় আছে। এটা সৰীসৃপ প্ৰাণীৰ উদাহৰণ হ'ল সাপ।


Q) স্তন্যপায়ী প্ৰাণীৰ যিকোনো দুটা প্ৰধান লক্ষণ লিখা।

উত্তৰঃ স্তন্যপায়ী প্ৰাণীৰ যিকোনো দুটা প্ৰধান লক্ষণ হ'ল- (১) ইহঁতে হাঁওফাঁওৰ দ্বাৰা উশাহ-নিশাহ লয়। (২) ইহঁত উষ্ণীৰক্তীয় প্ৰাণী।


Q) কিহৰ ওপৰত ভিত্তি কৰি স্তন্যপায়ী প্ৰাণীক উপশ্ৰেণী আৰু গণ বা অৰ্ডাৰত বিভক্ত কৰিছে?

উত্তৰঃ আবয়বিক সাদৃশ্যৰ ওপৰত ভিত্তি কৰি স্তন্যপায়ী প্ৰাণীক উপশ্ৰেণী আৰু গণ বা অৰ্ডাৰত বিভক্ত কৰিছে।


Q) স্তন্যপায়ী প্ৰাণীক কেইটা উপশ্ৰেণী আৰু গণ বা অৰ্ডাৰত বিভক্ত কৰিছে? ৰেখাচিত্ৰৰ সহায়ত দেখুওৱা।

উত্তৰঃ স্তন্যপায়ী প্ৰাণীক তিনিটা উপশ্ৰেণী আৰু নটা গণ বা অৰ্ডাৰত বিভক্ত কৰিছে।


Q) প্ৰট'থেৰিয়াৰ জীৱিত পৰিয়াল দুটাৰ নাম লিখা।

উত্তৰঃ প্ৰট'থেৰিয়াৰ জীৱিত পৰিয়াল দুটাৰ নাম হ'ল- অৰনিথ'ৰিনকাছ আৰু একডিনা।


Q) প্ৰট'থেৰিয়াৰ লক্ষণ দুটা লিখা।

উত্তৰঃ প্ৰট'থেৰিয়াৰ লক্ষণ দুটা হ'ল- 

        ১। প্ৰট'থেৰিয়াৰ অন্তৰ্গত প্ৰাণীসমূহে কণী পাৰি পোৱালী জগায় আৰু অন্যান্য স্তন্যপায়ী প্ৰাণীৰ দৰে পোৱালীক মাকৰ গাখীৰ খুৱাই ডাঙৰ-দীঘল কৰে।

        ২। স্তন্যগ্ৰন্থি বিকশিত নহয় আৰু স্তনাগ্ৰ নাই।


Q) মেটাথেৰিয়াৰ বাসস্থান ক'ত আৰু ইয়াৰ লক্ষণ সমূহ লিখা।

উত্তৰঃ মেটাথেৰিয়াৰ বাসস্থান হ'ল অষ্টেলিয়া।

        ইয়াৰ লক্ষণসমূহ হ'ল-

        ১। ইহঁতৰ ফুল পৰিবৰ্ধিত নহয়। মাত্ৰ কেইদিনমানৰ কাৰণেহে ফুল কাৰ্যক্ষম হয়।

        ২। জন্মহোৱা অৱস্থাত সন্তান অপৈনত হৈ থাকে।

        ৩। অপৈনত অৱস্থাত জন্মগ্ৰহণ কৰা সন্তানক মাকে পেটৰ তলপিনে থকা মোনাত থৈ স্তনৰ গাখীৰ খুৱাই ডাঙৰ-দীঘল কৰে।


Q) ইডেনটাটাৰ অন্তৰ্গত দুটা প্ৰাণীৰ নাম লিখা।

উত্তৰঃ ইডেনটাটৰ অন্তৰ্গত দুটা প্ৰাণীৰ নাম হ'ল- স্লথ, আৰ্মাদিল।


Q) আংগুলাটাৰ বিষয়ে চমুকৈ লিখা।

উত্তৰঃ ইহঁত চাৰিঠেঙীয়া স্থলচৰ তৃণভোজী প্ৰাণী। ইহঁতৰ ঠেঙত খুৰা আছে। বেছিভাগ জন্তুৰ মূৰত শিং দেখা যায়। কণ্ঠাস্থি নাই। শৰীৰ নোমেৰে আবৃত। উদাহৰণ- গৰু, ঘোঁৰা, ম'হ, ছাগলী ইত্যাদি।


Q) প্ৰাইমেটৰ প্ৰধান লক্ষণ তিনিটা লিখা।

উত্তৰঃ প্ৰাইমেটৰ প্ৰধান লক্ষণ তিনিটা হ'ল- ১। ইহঁতৰ মগজু তুলনামূলকভাৱে ডাঙৰ আৰু জটিল। ২। চকুৰ কোটৰ হাড়ৰ দ্বাৰা আবৃত।


Q) ১৯৬১ চনৰ প্ৰকৃতিবিদ ছিমপছনে কৰা প্ৰাইমেটৰ শ্ৰেণীবিভাগ ৰেখাচিত্ৰৰ সহায়ত লিখা।

উত্তৰঃ ১৯৬১ চনৰ প্ৰকৃতিবিদ ছিমপছনে কৰা প্ৰাইমেটৰ শ্ৰেণীবিভগ হ'ল-



Q) প্ৰাইমেটৰ আটাইতকৈ আদিম অৱস্থাৰ প্ৰাণী এটাৰ নাম লিখা।

উত্তৰঃ প্ৰাইমেটৰ আটাইতকৈ আদিম অৱস্থাৰ প্ৰাণী এটাৰ নাম হ'ল- বৃক্ষ শ্ৰু।


Q) বৃক্ষ শ্ৰুক ক'ত ক'ত দেখিবলৈ পোৱা যায়?

উত্তৰঃ বৃক্ষ শ্ৰুক চীন, ম্যানমাৰ, ইণ্ড'চীন, থাইলেণ্ড, মালয় পেনিনছুলা, সুমাত্ৰা, জাভা, ব'ৰ্ণিঅ, পূৰ্বভাৰতীয় দীুপপুঞ্জৰ কিছুমান দ্বীপত, ছিকিম, বংগোপ সাগৰৰ উপকূল, নিকোবৰ দীপপুঞ্জ আদি কৰি সমগ্ৰ দক্ষিণ-পূব এছিয়াতে দেখিবলৈ পোৱা যায়।


Q) বৃক্ষ শ্ৰুৰ দাঁত কেইপ্ৰকাৰৰ? ইহঁতৰ দাঁতৰ সূত্ৰটো লিখা।

উত্তৰঃ বৃক্ষ শ্ৰুৰ দাঁত চাৰিপ্ৰকাৰৰ। ইহঁতৰ দাঁতৰ সূত্ৰটো হ'ল-

                                                          

Q) লেমুৰৰ পদৰ কোনটো আঙুলিত বক্ৰনখ থাকে?

উত্তৰঃ লেমুৰৰ পদৰ দ্বিতীয় আঙুলিত বক্ৰনখ থাকে।


Q) লেমুৰৰ দাঁতৰ সূত্ৰটো লিখা।

উত্তৰঃ লেমুৰৰ দাঁতৰ সূত্ৰটো হ'ল-


Q) লেমুৰৰ গৰ্ভধাৰণৰ সময়সীমা কিমানদিন?

উত্তৰঃ লেমুৰৰ গৰ্ভধাৰণৰ সময়সীমা ১২০ দিনৰ পৰা ১৩৫ দিনলৈ। ইহঁতে এবাৰত সাধাৰণতে এটাকৈ পোৱালী জন্ম দিয়ে।


Q) ড'বেনটিডিয়াৰ একমাত্ৰ গোষ্ঠীটো কি?

উত্তৰঃ ড'বোনটিডিয়াৰ একমাত্ৰ গোষ্ঠীটো হ'ল- আই-আই।


Q) কি লক্ষণৰ বাবে আই-আইক ৰ'ডেনছিয়াৰ অন্তৰ্ভূক্ত কৰা হৈছিল? ইহঁতৰ দাঁতৰ সূত্ৰটো লিখা।

উত্তৰঃ আই-আইৰ আগদাঁত বাকী দাঁতবোৰৰ তুলনাত ডাঙৰ। আগদাঁত ক্ষয় গ'লে এন্দুৰ, নিগনিৰ দাঁতৰ নিচিনা আকৌ বৃদ্ধি প্ৰাপ্ত হয়। এই লক্ষণটোৰ বাবে পূৰ্বতে ইহঁতক ৰ'ডেনছিয়াৰ অন্তৰ্ভূক্ত কৰা হৈছিল। ইহঁতৰ দাঁতৰ সূত্ৰটো হ'ল-

                                                                  

Q) লৰিছয়ডিয়াৰ পৰিয়াল কেইটা আৰু কি কি?

উত্তৰঃ লৰিছয়ডিয়াৰ পৰিয়াল দুটা। সেইকেইটা হ'ল- লৰিছিডি আৰু গালাগিডি।


Q) লৰিছৰ দাঁতৰ সূত্ৰটো লিখা।

উত্তৰঃ লৰিছৰ দাঁতৰ সূত্ৰ হ'ল- 


Q) টাৰছিডিৰ একমাত্ৰ জীৱিত জিনাছটোৰ নাম লিখা।

উত্তৰঃ টাৰছিডিৰ একমাত্ৰ জীৱিত জিনাছটোৰ নাম হ'ল টাৰছিয়াছ।


Q) টাৰছিডিৰ বাসস্থানবোৰৰ নাম লিখা।

উত্তৰঃ টাৰছিডিৰ বাসস্থানবোৰ হ'ল- সুমাত্ৰা, বাংকা, বিলিটন, কাৰিমাটা, নাটুনা, বোৰ্নিও, ছিলিবাছ, ফিলিপাইন আদি পূৰ্বভাৰতীয় দ্বীপপুঞ্জ।


Q) টাৰছিয়াছৰ দাঁতৰ সূত্ৰটো লিখা।

উত্তৰঃ টাৰছিয়াছৰ দাঁতৰ সূত্ৰটো হ'ল-


Q) এনথ্ৰ'পয়ডিয়াক কেইটা ভাগত ভাগ কৰা হৈছে আৰু কি কি?

উত্তৰঃ এনথ্ৰ'পয়ডিয়াক ছয়টা পৰিয়ালত ভাগ কৰা হৈছে। সেইকেইটা হ'ল- কেলিকথ্ৰিছিডি, চিবিডি, আৰু চাৰক'পিথেচিডি বান্দৰৰ পৰিয়াল; হাইল'বেটিডি আৰু পংগিডি বনমানুহৰ পৰিয়াল আৰু হ'মিনিডি মানুহৰ পৰিয়াল।


Q)  পিথেকয়ড কি?

উত্তৰঃ কেলিকথ্ৰিছিডি, চিবিডি আৰু চাৰক'পিথেচিডিৰ অন্তৰ্ভুক্ত বান্দৰ পৰিয়ালক পিথেকয়ড বোলা হয়।


Q) প্লেটিৰাইন আৰু কেটাৰাইনৰ মাজত দুটা পাৰ্থক্য লিখা।

উত্তৰঃ প্লেটিৰাইন আৰু কেটাৰাইনৰ মাজত দুটা পাৰ্থক্য হ'ল-

        ১। প্লেটিৰাইনৰ নাকৰ বিন্ধা দুটাৰ মাজৰ ব্যৱধান বেছি। আনহাতে কেটাৰাইনৰ নাকৰ বিন্ধা দুটা ওচৰা-উচৰিকৈ থাকে আৰু বিন্ধা দুটা এখন পাতল নাসিকা পটৰ দ্বাৰা পৃথক হৈ থাকে।

        ২। প্লেটিৰাইনৰ কিছুমান আঙুলিত বক্ৰনখ আছে। আনহাতে কেটাৰাইনৰ আটাইবোৰ আঙুলিতে চেপেটা নখ আছে।


Q) প্লেটিৰাইন আৰু কেটাৰাইনৰ দাঁতৰ সূত্ৰকেইটা লিখা।

উত্তৰঃ প্লেটিৰাইনৰ দাঁতৰ সূত্ৰটো হ'ল-


            কেটাৰাইনৰ দাঁতৰ সূত্ৰটো হ'ল-



Q) ছিবিডিৰ অন্তৰ্ভুক্ত বান্দৰবোৰৰ নাম লিখা।

উত্তৰঃ ছিবিডিৰ অন্তৰ্ভূক্ত বান্দৰবোৰৰ নাম হ'ল- হাওলাৰ, কেপুছিন, টি-টি, ছাকি, চিবাছ, স্পাইডাৰ আদি।


Q) ছিবিডিৰ দাঁতৰ সূত্ৰ লিখা।

উত্তৰঃ ছিবিডিৰ দাঁতৰ সূত্ৰটো হ'ল-


Q) মাৰ্মছেটৰ দাঁতৰ সূত্ৰটো লিখা।

উত্তৰঃ মাৰ্মছেটৰ দাঁতৰ সূত্ৰটো হ'ল-


Q) চাৰক'পিথেকয়ডিয়াৰ দাঁতৰ সূত্ৰটো লিখা।

উত্তৰঃ চাৰক'পিথেকয়ডিয়াৰ দাঁতৰ সূত্ৰটো হ'ল-


Q) মানুহ আৰু বনমানুহক কেটাৰাইনৰ কোনটা ভাগত অন্তৰ্ভুক্ত কৰা হৈছে?

উত্তৰঃ মানুহ আৰু বনমানুহক কেটাৰাইনৰ হ'মিনয়ডিয়াৰ অন্তৰ্ভুক্ত কৰা হৈছে।


Q) হাইল'বেটিনিৰ জিনাছ দুটাৰ নাম লিখা।

উত্তৰঃ হাইল'বেটিনিৰ জিনাছ দুটাৰ নাম হ'ল- হাইল'বেটছ আৰু ছিমফালানগাছ।


Q) গিবন দুখন ভৰিৰ ওপৰত পোনকৈ থিয় হ'লে ইয়াৰ উচ্চতা কিমান? প্ৰাপ্তবয়স্ক গিবনৰ ওজন কিমান হয়?

উত্তৰ গিবন দুখন ভৰিৰ ওপৰত পোনকৈ থিয় হ'লে ইয়াৰ উচ্চতা প্ৰায় ৯২ ছেণ্টিমিটাৰ। প্ৰাপ্তবয়স্ক গিবনৰ ওজন প্ৰায় ৫ কিল'গ্ৰামৰ পৰা ৭ কিল'গ্ৰামলৈ হয়।


Q) পংগিনিৰ জিনাছ তিনিটা কি?

উত্তৰঃ পংগিনিৰ জিনাছ তিনিটা হ'ল-  পংগ', পান আৰু গৰিলা।


Q) ওৰাং উটানৰ আকাৰৰ বিষয়ে চমুকৈ লিখা।

উত্তৰঃ ওৰাং উটানৰ হাতৰ দৈৰ্ঘ্য ভৰিৰ দৈৰ্ঘ্যতকৈ বেছি। থিয় হ'লে হাতৰ আঙুলিৰ আগে গুলফাস্থি স্পৰ্শ কৰে। মতা ওৰাং উটানৰ গঢ় উচ্চতা ১.৫ মিটাৰতকৈ কম আৰু ওজন ৭৫ কিল'গ্ৰাম। মাইকী ওৰাং উটানৰ গঢ় ওজন প্ৰায় ৪১ কিল'গ্ৰাম। ইহঁতৰ শৰীৰ খহটা নোমেৰে ঢকা। নোমৰ ৰং ৰঙচোৱা বা উজ্জল মুগা। ছালৰ ৰং শেঁতা-মুগা। ইহঁতৰ প্ৰহস্ত আৰু পদ দীঘল। বৃদ্ধাংগুলি প্ৰতিমুখী। আঙুলিবোৰত চেপেটা নখ আছে। আদি।


Q) মতা ওৰাং উটানৰ মগজুৰ গড় পৰিমাণ কিমান?

উত্তৰঃ মতা ওৰাং উটানৰ মগজুৰ গড় পৰিমাণ হ'ল ৪১৬ ঘন ছেণ্টিমিটাৰ।


Q) চিপাঞ্জীৰ উচ্চতা আৰু ওজন কিমান?

উত্তৰঃ মতা চিপাঞ্জীৰ গড় উচ্চতা ১.৫ মিটাৰ, মাইকীৰ ১.২ মিটাৰ আৰু মতা চিপাঞ্জীৰ ওজন ৫০ কিল'গ্ৰাম আৰু মাইকী চিপাঞ্জীৰ ওজন ৪০ কিল'গ্ৰাম।


Q) কিমান ভাগ চিপাঞ্জীৰ কাষ্ঠকটি থকা দেখা যায়?

উত্তৰঃ শতকৰা প্ৰায় ৩৮ ভাগ চিপাঞ্জীৰ কাষ্ঠকটি থকা দেখা যায়।


Q) চিপাঞ্জীৰ গৰ্ভধাৰণৰ সময়সীমা কিমান?

উত্তৰঃ চিপাঞ্জীৰ গৰ্ভধাৰণৰ সময়সীমা প্ৰায় ২২৬ দিন।


Q) গৰিলাৰ উচ্চতা আৰু ওজন কিমান?

উত্তৰঃ গৰিলাৰ গড় উচ্চতা ১.৭ মিটাৰ আৰু ওজন প্ৰায় ২০৫ কিল'গ্ৰাম।


Q) গৰিলা কেইপ্ৰকাৰ আৰু কি কি?

উত্তৰঃ গৰিলা দুইপ্ৰকাৰৰ। আফ্ৰিকাৰ পশ্চিম বিষুবীয় অঞ্চলৰ ভৈয়ামবাসী গৰিলা আৰু পূব মধ্য আফ্ৰিকাৰ পাহাৰবাসী গৰিলা।


Q) মতা আৰু মাইকী গৰিলাৰ মগজুৰ পৰিমাণ গড় হিচাপে কিমান?

উত্তৰঃ মতা গৰিলাৰ মগজুৰ পৰিমাণ গড় হিচাপে ৫৫০ ঘন ছেণ্টিমিটাৰ আৰু মাইকী গৰিলাৰ ৪৬০ ঘন ছেণ্টিমিটাৰ।


Q) মানুহৰ জিনাছ কেইটাৰ নাম লিখা।

উত্তৰঃ মানুহৰ জিনাছ কেইটাৰ নাম হ'ল- হ'ম আৰু স্পেছিছ ছেপিয়েন্স।


Q) মানুহৰ যিকোনো পাঁচটা বৈশিষ্ট্যপূৰ্ণ লক্ষণ লিখা।

উত্তৰঃ মানুহৰ যিকোনো পাঁচটা বৈশিষ্ট্যপূৰ্ণ লক্ষণ হ'ল-

        ১। সম্পূৰ্ণৰূপে পোন হৈ দুখন ভৰিৰ ওপৰত খোজ কাঢ়িব পাৰে।

        ২। মগজু জটিল আৰু ডাঙৰ।

       ৩। জন্মৰ পাছত কেঁচুৱাৰ ওজন তুলনামূলকভাৱে প্ৰাপ্তবয়স্কৰ শৰীৰৰ ওজনতকৈ বেছি।

        ৪। হাতৰ তুলনাত ভৰি বেছি দীঘল।

        ৫। পদৰ বৃদ্ধাংগুলি প্ৰতিমুখী নহয়। পদৰ বৃদ্ধাংগুলি আন আঙুলিৰ সৈতে একে শাৰীতে থাকে।


Q) মানুহ আৰু বনমানুহৰ মাজত তিনিটা সাদৃশ্য লিখা।

উত্তৰঃ মানুহ আৰু বনমানুহৰ মাজত তিনিটা সাদৃস্য হ'ল-

        ১। মানুহ আৰু বনমানুহ উভয়ে নেজবিহীন।

        ২। ইহঁতৰ গালত মোনা নাই।

        ৩। ইহঁতৰ দাঁতৰ সূত্ৰও একে।


Q) মানুহ আৰু বনমানুহৰ মাজত তিনিটা পাৰ্থক্য লিখা।

উত্তৰঃ মানুহ আৰু বনমানুহৰ মাজত তিনিটা পাৰ্থক্য় হ'ল-

        ১। মানুহৰ মুখমণ্ডলৰ তুলনাত কৰোটি ডাঙৰ। আনহাতে বনমানুহৰ কৰোটিৰ তুলনাত মুখমণ্ডল ডাঙৰ।

        ২। মানুহৰ লাওখোলা মসৃণ। আনহাতে বনমানুহৰ লাওখোলা ওখোৰা-মোখোৰা।

    ৩। মানুহৰ ললাটিকা অস্থি বাহিৰলৈ উত্তল। আনহাতে বনমানুহৰ ললাটিকা অস্থি হেলনীয়া আৰু চেপেটা।


Q) পৃথিৱীৰ সৃষ্টি ৰহস্য আৰু জীৱৰ উৎপত্তি আৰু বিৰ্বতনৰ বিষয়ে পণ্ডিতসকলে আগবঢ়োৱা মতবাদ কেইটা লিখা।

উত্তৰঃ পৃথিৱীৰ সৃষ্টি ৰহস্য আৰু জীৱৰ উৎপত্তি আৰু বিৰ্বতনৰ বিষয়ে পণ্ডিতসকলে চাৰিটা মতবাদ আগবঢ়াইছে। সেইকেইটা হ'ল- অবিনশ্বৰ সূত্ৰ, বিশেষ সৃষ্টি সূত্ৰ, সংহাৰ সূত্ৰ আৰু জৈৱ বিৰ্বতন সূত্ৰ।


Q) অবিনশ্বৰ সূত্ৰ মতবাদৰ সমৰ্থকসকলৰ যুক্তি কি?

উত্তৰঃ অবিনশ্বৰ সূত্ৰ মতবাদৰ সমৰ্থকসকলৰ মতে সৃষ্টিৰ আদিও নাই আৰু অন্তও নাই। তেওঁলোকৰ মতে অনন্তকাল ধৰি পৃথিৱী আৰু ইয়াৰ জীৱকূল একেদৰে আছে আৰু থাকিব।  অবিনশ্বৰ সূত্ৰৰ কোনো বৈজ্ঞানিক ভিত্তি নাই। এই মতবাদ ধৰ্মীয় বিশ্বাসৰ ওপৰত প্ৰতিস্থিত।


Q) বিশেষ সৃষ্টি সূত্ৰ মতবাদৰ পোষকতা কোনে কৰে?

উত্তৰঃ বিশেষ সৃষ্টি সূত্ৰ মতবাদৰ পোষকতা ইহুদী আৰু খ্ৰীষ্টানসকলে কৰে।


Q) বিশেষ সৃষ্টি সূত্ৰ মতবাদ অনুযায়ী জগতত সকলো বস্তুৰ সৃষ্টি কেই দিনত হৈছিল?

উত্তৰঃ বিশেষ সৃষ্টি সূত্ৰ মতবাদ অনুযায়ী জগতত সকলো বস্তুৰ সৃষ্টি মাত্ৰ সাত দিনত হৈছিল। ইয়াৰে প্ৰথম দিনাখন মহাশূন্যৰ পৰা পৃথিৱীৰ সৃষ্টি হ'ল। তৃতীয় দিনা উদ্ভিদজগত আৰু প্ৰাণীজগত আৰম্ভণি হ'ল। পঞ্চম আৰু ষষ্ঠ দিনত আন সকলোবোৰ জীৱৰ সৃষ্টি হ'ল। আদি।


Q) আৰ্কবিশ্বপ উশ্চাৰৰ মতে মানুহৰ জন্ম কেতিয়া হৈছিল?

উত্তৰঃ আৰ্কবিশ্বপ উশ্চাৰৰ মতে মানুহৰ জন্ম খ্ৰীষ্টপূৰ্ব ৪০০৪ চনত হৈছিল।


Q) বিশেষ সৃষ্টি সূত্ৰ মতবাদ অনুসৰি ভগৱানে প্ৰথমে কাক সৃষ্টি কৰিছিল?

উত্তৰঃ বিশেষ সৃৃষ্টি সূত্ৰ মতবাদ অনুসৰি ভগৱানে প্ৰথমে আদাম নামৰ পুৰুষজনক সৃষ্টি কৰিলে আৰু তাৰ পিছত আদামৰ কামীহাড়ৰ পৰা ইভ নামৰ নাৰীগৰাকীক সৃষ্টি কৰিছিল।


Q) সংহাৰ সূত্ৰটো কোনে দাঙি ধৰে।

উত্তৰঃ সংহাৰ সূত্ৰটো জৰ্জ কুভিয়েৰ নামৰ জীৱাশ্ম বিজ্ঞানী এজনে দাঙি ধৰে।


Q) স্বয়ংভৱন সূত্ৰৰ প্ৰৰ্বতক কোন?

উত্তৰঃ স্বয়ংভৱন সূত্ৰৰ প্ৰৰ্বতক মহামতি এৰিষ্টটল।


Q) জৈৱ বিৰ্বতনৰ সূত্ৰৰ জন্মদাতাৰূপে কাক কৃতিত্ব দিয়া হয়?

উত্তৰঃ  জৈৱ বিৰ্বতনৰ সূূত্ৰৰ জন্মদাতাৰূপে চাৰ্লচ ডাৰউইনক কৃতিত্ব দিয়া হয়।


Q) বিৰ্বতনৰ  ওপৰত মতামত আগবঢ়োৱা এজন বিজ্ঞানীৰ নাম লিখা।

উত্তৰঃ ডাৰউইনৰ পূৰ্বসূৰী ফৰাচী বৈজ্ঞানিক লেমাৰ্কে উদ্ভিদ বিদ্যা, প্ৰাণীবিদ্যা আদি অধযয়ন কৰি বিৰ্বতনৰ ওপৰত নিজস্ব মতামত আগবঢ়ায়। লেমাৰ্কৰ মতবাদকে আধুনিক যুগৰ প্ৰথম বিৰ্বতনৰ বৈজ্ঞানিক সূত্ৰ বুলি কোৱা হয়।


Q) কোনে কেতিয়া 'জীৱৰ উৎপত্তি' গ্ৰন্থখন প্ৰকাশ কৰে?

উত্তৰঃ ডাৰউইনে বিশ্বৰ বিভিন্ন ঠাই পৰিভ্ৰমণ কৰি লাভ কৰা তথ্যসমূহৰ ওপৰত ভিত্তি কৰি ১৮৫৯ চনত 'জীৱৰ উৎপত্তি' গ্ৰন্থখন প্ৰকাশ কৰে।


Q) ডাৰউইনে জৈৱিক বিৰ্বতনৰ কেইটা সূত্ৰ আগবঢ়াইছিল?

উত্তৰঃ ডাৰউইনে জৈৱিক বিৰ্বতনৰ তিনিটা সূত্ৰ আগবঢ়াইছিল।


Q) ডাৰউইনৰ আনখন বিখ্যাত গ্ৰন্থ কি আৰু কেতিয়া প্ৰকাশ কৰা হৈছিল?

উত্তৰঃ ডাৰউইনৰ আনখন বিখ্য়াত গ্ৰন্থ হ'ল 'মানুহৰ অৱৰোহণ' (The Descent of Man) আৰু ১৮৭১ চনত প্ৰকাশ কৰা হয়।


Q) ভূ-তাত্ত্বিক সকলে ভূ-পৃষ্ঠৰ স্তৰবোৰৰ কাল নিৰ্ণয় কৰি এইবোৰক কেইটা মহাযুগত ভাগ কৰিছে আৰু কি কি? 

উত্তৰঃ ভূ-তাত্ত্বিক সকলে ভূ-পৃষ্ঠৰ স্তৰবোৰৰ কাল নিৰ্ণয় কৰি এইবোৰক পাঁচটা মহাযুগত ভাগ কৰিছে। সেইকেইটা ক্ৰমে আৰ্কেঅ'জয়িক, প্ৰ'টেৰ'জয়িক, পেলিঅ'জয়িক, মেছ'জয়িক আৰু কাইন'জয়িক।


Q) আৰ্কেঅ'জিয়ক আৰু প্ৰ'টেৰ'জয়িক কেতিয়া আৰম্ভ হয়?

উত্তৰঃ আটাইতকৈ পুৰণি স্তৰ আৰ্কেঅ'জয়িক আৰম্ভ হয় প্ৰায় ১৫০০ নিযুত বছৰ আগেয়ে আৰু প্ৰ'টেৰ'জয়িক আৰম্ভ হয় প্ৰায় ৯২৫ নিযুত বছৰ আগেয়ে। এই দুই মহাযুগতেই এককোষী জীৱৰ উৎপত্তি হয়।


Q) পেলিঅ'জয়িক মহায়ুগ কেতিয়া আৰম্ভ হয় আৰু ইয়াক কি কি পৰ্য্যায়ত ভাগ কৰা হৈছে?

উত্তৰঃ পেলিঅ'জয়িক মহাযুগ প্ৰায় ৫০৫ নিযুত বছৰ আগেয়ে আৰম্ভ হয়। ইয়াক ছয়টা পৰ্য্যায়ত ভাগ কৰা হৈছে। সেইকেইটা হ'ল- কেম্ব্ৰিয়ান, অৰ্ড'ভিছিয়ান, চিলুৰিয়ান, ডেভ'নিয়ন, কাৰবনিফেৰাছ আৰু পাৰমিয়ান।


Q) কোন যুগত ডায়ন'ছ'ৰৰ আবিৰ্ভাব হৈছিল আৰু কোন যুগক সৰীসৃপ যুগ বোলা হয়?

উত্তৰঃ মেছ'জয়িক যুগত ডায়ন'ছ'ৰৰ আবিৰ্ভাব হৈছিল।  মেছ'জয়িক যুগক সৰীসৃপ যুগ বুলি কোৱা হয়। কাৰণ এই মহাযুগতেই বিভিন্ন ধৰণৰ সৰীসৃপৰ জন্ম আৰু বিকাশ হৈছিল।


Q) মেছ'জয়িক যুগৰ আৰম্ভ কেতিয়া হয় আৰু এই যুগটোক কি কি পৰ্য্যায়ত ভাগ কৰা হৈছে?

উত্তৰঃ মেছ'জয়িক যুগৰ আৰম্ভ প্ৰায় ২০৫ নিযুত বছৰ আগেয়ে হয়। এই যুগটোক তিনিটা পৰ্য্যায়ত ভাগ কৰা হয়। পৰ্য্যায়কেইটা ক্ৰমে  ট্ৰিয়াছিক, জুৰেছিক আৰু ক্ৰিটেছাছ।


Q) কাইন'জয়িক যুগ কেতিয়া আৰম্ভ হয় আৰু ইয়াক কি কি পৰ্য্যায়ত ভাগ কৰা হৈছে?

উত্তৰঃ কাইন'জয়িক যুগ প্ৰায় ৭৫ নিযুত বছৰ আগেয়ে আৰম্ভ হয়। ইয়াক দুটা যুগত বিভক্ত কৰিছে। সেই যুগ দুটা ক্ৰমে- টাৰছিয়াৰি আৰু কোৱাটাৰনাৰি।


Q) টাৰছিয়াৰি যুগক কেইটা পৰ্য্যায়ত ভাগ কৰা হৈছে আৰু কি কি?

উত্তৰঃ টাৰছিয়াৰি যুগক পাঁচটা পৰ্য্যায়ত ভাগ কৰা হৈছে। সেই পৰ্য্যায় কেইটা ক্ৰমে- পেলিঅ'ছিন, ইয়'ছিন, অলিগ'ছিন, মায়'ছিন আৰু প্লায়'ছিন।


Q) কোৱাটাৰনাৰি কেইটা পৰ্য্যায়ত ভাগ কৰিছে আৰু কি কি?

উত্তৰঃ কোৱাটাৰনাৰি দুটা পৰ্য্যায়ত ভাগ কৰিছে আৰু সেইকেইটা ক্ৰমে প্লিষ্ট'ছিন আৰু হল'ছিন।


Q) আদিম মানুহৰ আবিৰ্ভাব কোনটো পৰ্য্যায়ত হৈছিল? প্লিষ্ট'ছিন পৰ্য্যায়ৰ আন এটা নাম কি?

উত্তৰঃ আদিম মানুহৰ আবিৰ্ভাব প্লিষ্ট'ছিন পৰ্য্যায়ত হৈছিল। প্লিষ্ট'ছিন পৰ্য্যায়ৰ আনটো নাম তুষাৰ যুগ বুলি কোৱা হয়।


Q) হল'ছিন যুগ কেতিয়া আৰম্ভ হৈছিল?

উত্তৰঃ হল'ছিন যুগ প্ৰায় পঁচিছ হাজাৰ বছৰ আগেয়ে হৈছিল।


Q) টাৰছিয়াৰি যুগৰ ইয়'চিন পৰ্য্যায়ত কিহৰ জীৱাশ্ম পোৱা গৈছিল?

উত্তৰঃ টাৰছিয়াৰি যুগৰ ইয়'চিন পৰ্য্যায়ত লেমুৰৰ আদি পুৰুষৰ জীৱাশ্ম পোৱা গৈছিল।


Q) লেমুৰৰ আদি পুৰুষৰ নাম কি?

উত্তৰঃ লেমুৰৰ আদি পুৰুষৰ নাম হ'ল এডাপিডি।


Q) এডাপিডিক কেইটা পৰিয়ালত বিভক্ত কৰা হৈছিল আৰু কি কি?

উত্তৰঃ এডাপিডিক দুটা পৰিয়ালত ভাগত বিভক্ত কৰা হৈছিল। সেইকেইটা ক্ৰমে- এডাপিনি আৰু নথাৰ্কটিনি।


Q) ইয়'ছিন স্তৰৰ আন এবিধ প্ৰাইমেটৰ নাম কি আৰু ইয়াৰ বাসস্থান ক'ত?

উত্তৰঃ ইয়'ছিন স্তৰৰ আন এবিধ প্ৰাইমেটৰ নাম হ'ল এনাপট'মৰফিডি। ইয়াৰ বাসস্থান আমেৰিকা।


Q) অধঃহনু ক'ত আবিষ্কৃত হয়? এই অধঃহনুটোৰ গৰাকীক কি নাম দিয়া হয়?

উত্তৰঃ ইজিপ্তৰ কাইৰোৰ দক্ষিণ-পশ্চিমৰ ফায়াম নামে মৰূদ্যান এখনত আদি আলিগ'ছিন পৰ্য্যায়ৰ ভূ-স্তৰত অধঃহনু আবিষ্কৃত হয়। এই অধঃহনুটোৰ গৰাকীৰ নাম পেৰাপিথেকাছ নাম দিয়া হয়।


Q) পেৰাপিথেকাচৰ দাঁতৰ সূত্ৰটো লিখা।

উত্তৰঃ পেৰাপিথেকাছৰ দাঁতৰ সূত্ৰটো হ'ল-


Q) মায়'ছিন ভূ-স্তৰত বনমানুহৰ জীৱাশ্ম ক'ত আবিষ্কাৰ হয়?

উত্তৰঃ মায়'ছিন  ভূ-স্তৰত বনমানুহৰ জীৱাশ্ম পূব আফ্ৰিকাৰ কেনিয়াত আবিষ্কাৰ হয়।


Q) প্ৰ'কনছালৰ স্পেছিছ কেইটা আৰু কি কি?

উত্তৰঃ প্ৰ'কনছালৰ স্পেছিছ তিনিটা। স্পেছিছ কেইটা ক্ৰমে- প্ৰ'কনছাল আফ্ৰিকেনাছ, প্ৰ'কনছাল মেজৰ আৰু প্ৰ'কনছাল নিয়ানজিয়া।


Q) মায়'ছিন ভূ-স্তৰৰ ক'ত কেতিয়া অধঃহনু আবিষ্কৃত হয় আৰু ইয়াৰ নাম কি দিয়া হয়?

উত্তৰঃ দক্ষিণ ফ্ৰান্সৰ মধ্য মায়'ছিন ভূ-স্তৰত ১৮৫৬ চনত  অধঃহনু আবিষ্কৃত হয় আৰু ইয়াৰ নাম ড্ৰায়'পিথেকাছ ফেনটেনি দিয়া হয়।


Q) ভাৰতবৰ্ষৰ শিৱালিক অঞ্চলৰ মধ্য মায়'ছিন আৰু মধ্য প্লায়'ছিন ভূ-স্তৰত পোৱা জীৱাশ্ম বিলাকৰ নাম লিখা।

উত্তৰঃ ভাৰতবৰ্ষৰ শিৱালিক অঞ্চলৰ মধ্য মায়'ছিন আৰু মধ্য প্লায়'ছিন ভূ-স্তৰত পোৱা জীৱাশ্ম বিলাকৰ ভিতৰত শিৱপিথেকাছ, ৰামপিথেকাছ ব্ৰহ্মপিথেকাছ, সুগ্ৰীৱপিথেকাছ আদি উল্লেখযোগ্য।


Q) প্লিষ্ট'ছিন পৰ্য্যায়ক কেইটা ভাগত ভাগ কৰা হৈছে আৰু কি কি?

উত্তৰঃ প্লিষ্ট'ছিন পৰ্য্যায়ক তিনিটা ভাগত ভাগ কৰা হৈছে। সেইকেইটা ক্ৰমে- আদি প্লিষ্ট'ছিন, মধ্য প্লিষ্ট'ছিন আৰু শে, প্লিষ্ট'ছিন।


Q) আদি প্লিষ্ট'ছিন আৰম্ভ আৰু শেষ কেতিয়া হয়?

উত্তৰঃ আদি প্লিষ্ট'ছিন আৰম্ভ হয় প্ৰায় এক নিযুত বছৰ আগেয়ে আৰু শেষ হয় প্ৰায় ৪৩৫ হাজাৰ বছৰ আগতে।


Q) মধ্য প্লিষ্ট'ছিন আৰু শেষ প্লিষ্ট'ছিন শেষ কেতিয়া হয়?

উত্তৰঃ মধ্য প্লিষ্ট'ছিন শেষ হয় প্ৰায় ১৮৭ হাজাৰ বছৰ আগতে আৰু শেষ প্লিষ্ট'ছিন শেষ হয় ২৫ হাজাৰ বছৰ আগেয়ে।


Q) কিহৰ ওপৰত অধ্যয়ন কৰি মানুহৰ উৎপত্তি  আৰু বিৰ্বতনৰ কালছোৱাক চাৰিটা প্ৰধান ভাগত বিভক্ত কৰিছে? ভাগ কেইটা লিখা।

উত্তৰঃ পৃথিৱীৰ বিভিন্ন ভূ-স্তৰত আবিষ্কৃত জীৱাশ্ম আৰু আধুনিক মানৱৰ লক্ষণবোৰ অধ্যয়ন কৰি মানুহৰ উৎপত্তি আৰু বিৰ্বতনৰ কালছোৱাক চাৰিটা প্ৰধান ভাগত ভাগ কৰা হৈছে। ভাগ কেইটা ক্ৰমে- অষ্ট্ৰেল'পিথেছাইন স্তৰ, পিথেকেনথ্ৰ'পাইন বা হম'ইৰেকটাছ স্তৰ, হম'চেপিয়ান্স স্তৰ আৰু আধুনিক মানৱ বা হম'চেপিয়ান্স চেপিয়ান্স স্তৰ।


Q) ১৯২৪ চনত কোনে ক'ত চূণখিলৰ খাদ এটাত সম্পূৰ্ণ মুখমণ্ডলেৰে সৈতে লাওকোলা এটাৰ অংশ আৱিষ্কাৰ কৰে?

উত্তৰঃ ১৯২৪ চনত জোহান্সবাৰ্গৰ ইউটৱাটাৰস্ৰেণ্ড বিশ্ববিদ্যালয়ৰ শৰীৰতত্ত্বৰ অধ্য়াপক ৰেমনড ডাৰ্টে আফ্ৰিকাৰ বেছুৱানালেণ্ডৰ টাউং নামে ঠাইৰ চূণখিলৰ খাদ এটাত মুখমণ্ডলৰ সৈতে লাওখোলা এটাৰ অংশ আবিষ্কাৰ কৰে।


Q) অষ্টেল'পিথেকাছৰ অষ্টেল' শব্দৰ অৰ্থ কি?

উত্তৰঃ অষ্টেল'পিথেকাছৰ অষ্টেল' শব্দৰ অৰ্থ হ'ল- দক্ষিণ।


Q) অষ্টেল'পিথেকাছৰ আফ্ৰিকেনাছৰ লক্ষণসমূহ কোনে কেতিয়া আগবঢ়াইছিল? তাৰে দুটা লক্ষণ লিখা।

উত্তৰঃ অষ্টেল'পিথেকাছৰ আফ্ৰিকেনাছৰ লক্ষণসমূহ অধ্যপক ডাৰ্টে ১৯২৫ চনত আফ্ৰিকাৰ বেছুৱানালেণ্ডৰ টাউং ঠাইত আৱিষ্কাৰ কৰা লাওখোলাটো অধ্যয়ন কৰি লক্ষণসমূ আগবঢ়াইছিল। তাৰে দুটা লক্ষণ হ'ল-

    ১। লাওখোলাটোৰ আকাৰ আৰু মুখমণ্ডল দেখাত চিপাঞ্জীৰ নিচিনা। কাষৰ পৰা চালে ওৰাং উটানৰ মুখমণ্ডলৰ দৰে অবতল যেন দেখি।

    ২। কৰোটিৰ ধাৰণ ক্ষমতা ৫২০ ঘন ছেণ্টিমিটাৰ।


Q) অষ্টেল'পিথেছাইনৰ প্ৰধান লক্ষণ কেইটা লিখা।

উত্তৰঃ অষ্টেল'পিথেছাইনৰ প্ৰধান লক্ষণ কেইটা হ'ল-

            (ক) দ্বিপদ চলন ক্ষমতা।

            (খ) সম্পূৰ্ণৰূপে মুক্ত হাত।

            (গ) কথা ক'ব পৰা শক্তি।


Q) ১৮৯০-৯১ চনত হলেণ্ডৰ শৰীৰতত্ত্ববিদ আৰু চিকিৎসক অগেন ডুবয়ে ক'ত কি জীৱাশ্ম আৱিষ্কাৰ কৰে?

উত্তৰঃ ১৮৯০-৯১ চনত হলেণ্ডৰ শৰীৰতত্ত্ববিদ আৰু চিকিৎসক অগেন ডুবয়ে জাভাৰ চোলা নদীৰ পাৰৰ ত্ৰিনিল নামে ঠাইত লাওখোলা এটাৰ ওপৰৰ অংশ, অধঃহনুৰ টুকুৰা এটা, জামুদাঁত তিনিটা, উৰ্বস্থি এডাল আৰু বৰ্তমান লুপ্ত হৈ যোৱা জলহস্তী, গড়, হায়েনা, ষ্টেগ'ডন, অ'টাৰ আদিৰ জীৱাশ্ম আৱিষ্কাৰ কৰে। ডুবয়ে এইবোৰ ভালদৰে পৰীক্ষা কৰি ইয়াৰ নাম পিথেকানথ্ৰপাছ ইৰেকটাছ দিয়ে।


Q) পিথেকানথ্ৰপাছৰ যিকোনো পাঁচটা প্ৰধান লক্ষণ লিখা।

উত্তৰঃ পিথেকানথ্ৰপাছৰ যিকোনো পাঁচটা প্ৰধান লক্ষণ হ'ল- 

        ১। লাওখোলাৰ দৈৰ্ঘ্য ১৮৪ মিলিমিটাৰ, প্ৰস্থ ১৩৪ মিলিমিটাৰ আৰু কৰোটি আনুপাতিক সূচনা ৭০।

        ২। দীৰ্ঘমস্তকী।

        ৩। কৰোটিৰ উচ্চতা মানুহৰ কৰোটিৰ উচ্চতাতকৈ কম।

        ৪। অধ্যক্ষি সীৰলু দুডাল লগ লগা আৰু সীৰলু দুডালৰ মাজৰ ট'ৰাছপ্ৰকট।

        ৫। কপাল ঠেক আৰু এঢলীয়া। সমমিতাধী শিখৰ নাই।


Q) বিভিন্ন সময়ত আৱিষ্কাৰ কৰা পিথেকানথ্ৰপিছিনৰ জীৱশ্মসমূহৰ এখন তালিকা প্ৰস্তুত কৰা।

উত্তৰঃ 



Q) নিয়ানডাৰথেলৰ বৈজ্ঞানিক নামটো কি?

উত্তৰঃ নিয়ানডাৰথেলৰ বৈজ্ঞানিক নামটো হ'ল- হ'ম' নিয়ানডাৰথেলেনছিছ।


Q) নিয়ানডাৰথেল মানৱৰ অৱশেষৰ লগত পোৱা জন্তুবোৰৰ নাম লিখা।

উত্তৰঃ নিয়ানডাৰথেল মানৱৰ অৱশেষৰ লগত পোৱা জন্তুবোৰৰ নাম হ'ল- নোমাল মেমথ, নোমাল গড়, গুহাবাসী হায়েনা, সিংহ, বাঘ, ভালুক, বল্গা হৰিণ ইত্যাদি।


Q) নিয়ানডাৰথেলত আবিষ্কৃত অৱশেষবোৰ পৰীক্ষা কৰি হুটনে ইহঁতক কেইটা ভাগত ভাগ কৰিছে?

উত্তৰঃ নিয়ানডাৰথেলত আবিষ্কৃত অৱশেষবোৰ পৰীক্ষা কৰি হুটনে ইহঁতক দুটা ভাগত ভাগ কৰিছে- ৰক্ষণশীল নিয়ানডাৰথেল আৰু প্ৰগতিশীল নিয়ানডাৰথেল।


Q) প্ৰগতিশীল নিয়ানডাৰথেল আৰু ৰক্ষণশীল নিয়ানডাৰথেলৰ উদাহৰণ দিয়া।

উত্তৰঃ এহৰিংছডৰ্ফ, ছেকপেষ্টৰ, ক্ৰেপিনা, মাউণ্ট কাৰমেল, গেলিলি আদি প্ৰগতিশীল নিয়ানডাৰথেল।

        আকৌ লা-ছেপেল অক্সছেণ্ট, লা-ফেৰাছি, লা-মুছটেৰ, লা-কুইনা, স্পি, মণ্ট ছাৰছিঅ' আদি ৰক্ষণশীল নিয়ানডাৰথেল।


Q) ১৯০৮ চনত ফ্ৰান্সৰ ক'ত সম্পূৰ্ণ অৱস্থাত এটা কংকাল পোৱা যায়?

উত্তৰঃ ১৯০৮ চনত ফ্ৰান্সৰ কোৰেজ নামৰ ঠাইৰ লা-ছেপেল-অক্স-ছেণ্ট নামৰ গুহাটোত সম্পূৰ্ণ অৱস্থাত এটা কংকাল পোৱা যায়।


Q) লা-ছেপেল-অক্স-ছেণ্ট নামৰ গুহাটোত পোৱা কংকালটোৰ লাওখোলাটোৰ বিষয়ে চমুকৈ লিখা।

উত্তৰঃ লাওখোলাটা আকাৰত বৰ ডাঙৰ আৰু গধুৰ। হাড়বোৰ বৰ ডাঠ। লাওখোলাটোৰ দৈৰ্ঘ্য ২০৮ মিলিমিটাৰ আৰু প্ৰস্থ ১৫৫ মিলিমিটাৰ। কৰোটি আনুপাতিক সূচনা ৭৪.৫। দীৰ্ঘমস্তকী। কৰোটিৰ ধাৰণ ক্ষমতা ১৬০০ ঘন ছেণ্টিমিটাৰ। কপাল এঢলীয়া, প্ৰকাণ্ড অধ্যক্ষি সীৰলু দুডাল লগ লগা আৰু ট'ৰাছ বৰ প্ৰকট। নাকৰ হাড় বৰ বহল আৰু চুটি। শংখাস্থি ৰেখা প্ৰায় লাওখোলাৰ মাজভাগলৈ অৱস্থিত। শংখাস্থি কোটৰ গভীৰ। আদি।


Q) প্ৰগতিশীল নিয়ানডাৰথেল আৰু ৰক্ষণশীল নিয়ানডাৰথেলৰ মাজৰ পাৰ্থকৈ লিখা।

উত্তৰঃ প্ৰগতিশীল নিয়ানডাৰথেল আৰু ৰক্ষণশীল নিয়ানডাৰথেলৰ মাজৰ পাৰ্থক্য হ'ল-

        ১। প্ৰগতিশীল নিয়ানডাৰথেলৰ লাওখোলা ৰক্ষণশীল নিয়ানডাৰথেল লাওখোলাতকৈ আকাৰত সৰু। আনহাতে ৰক্ষণশীল নিয়ানডাৰথেল লাওখোলা তাতকৈ আকাৰত ডাঙৰ।

    ২। প্ৰগতিশীল নিয়ানডাৰথেলৰ উচ্চতা ৫ ফুট ৫ ইঞ্চি। আনহাতে ৰক্ষণশীল  নিয়ানডাৰথেলৰ উচ্চতা ৫ ফুট ১ ইঞ্চি।


Q) ১৮৬৮ চনত আৱিষ্কৃত হোৱা বুঢ়া মানুহজনৰ কংকালটোৰ লওখোলাটোৰ বিষয়ে চমুকৈ লিখা।

উত্তৰঃ বুঢ়ামানুহজনৰ লাওখোলাটোৰ দৈৰ্ঘ্য ২০৩ মিলিমিটাৰ, প্ৰস্ত ১৫০ মিলিমিটাৰ আৰু কৰোটিৰ ধৰাণ ক্ষমতা ৭৩.৭। কৰোটিৰ উত্থিতি উচ্চ। অধ্যক্ষি সীৰলু প্ৰক্ষিপ্ত নহয়। কৰোটিৰ ধাৰণ ক্ষমতা কীথৰ মতে ১৬০০ ঘন ছেণ্টিমিটাৰ আৰু বুলৰ মতে ১৫৯০ ঘন ছেণ্টিমিটাৰ। লাওখোলাটোৰ আকৃতি পঞ্চভূজাকৃতিৰ। মেষ্টয়ড প্ৰবন্ধ বিকশিত। মুখমণ্ডল বৰ বহল। আদি।


Q) বুঢ়ামানুহজনৰ শাৰীৰিক উচ্চতা কিমান?

উত্তৰঃ বুঢ়ামানুহজনৰ শৰীৰিক উচ্চতা প্ৰায় ১.৮ মিটাৰ আছিল।



Answer by- Punya Hazarika.

Post Id: DABP003837