অসম | Chapter 13 | Class 12 Geography Solution Assamese | HS 2nd Year Geography Notes |


অসম

অধ্যায় ১৩

____________________


অনুশীলনী 

১। তলত দিয়া প্ৰশ্নসমূহৰ উত্তৰ লিখা -

(ক) অসমৰ অক্ষৰৈখিক আৰু দ্ৰাঘিমাৰৈখিক বিস্তিতি কি?

উত্তৰঃ অসমৰ অক্ষৰৈক্ষিক আৰু দ্ৰাঘিমাৰৈখিক বিস্তিতি হ'ল- ২৪॰৩' উত্তৰ অক্ষৰেখাৰ পৰা ২৭॰৫৮' উত্তৰ অক্ষৰেখালৈ আৰু ৮৯॰৫' পূব দ্ৰাঘিমা ৰেখাৰ পৰা ৯৬॰১' দ্ৰাঘিমালৈ।

(খ) অসমৰ সীমাত থকা বিদেশী ৰাষ্ট্ৰ দুখনৰ নাম কি কি?

উত্তৰঃ অসমৰ সীমাত থকা বিদেশী ৰাষ্ট্ৰ দুখনৰ নাম - (১) ভূটান আৰু (২) বাংলাদেশ।

(গ) অসমৰ নদী গঠিত সমভূমি অঞ্চল দুটা কি কি?

উত্তৰঃ অসমৰ নদী গঠিত সমভূমি অঞ্চল দুটা হৈছে - (১) ব্ৰহ্মপুত্ৰ উপত্যকা সমভূমি আৰু (২) বৰাক উপত্যকা সমভূমি।

(ঘ) ব্ৰহ্মপুত্ৰ উপত্যকা আৰু বৰাক উপত্যকাৰ মাজত বিচ্ছেদক ৰূপে থকা পাহাৰলানিৰ নাম কি?

উত্তৰঃ এই পাহাৰসমূহৰ উচ্চতা উত্তৰ কাছাৰ জিলাৰ দক্ষিণ মধ্য অঞ্চলত আটাইতকৈ বেছি ৰাইল পাহাৰ অসমৰ ব্ৰহ্মপুত্ৰ আৰু বৰাক নদী অৱবাহিকা দুটাৰ বিচ্ছেদক । বৰাইল পাহাৰ শিলাসমূহ অলিগ'চিন যুগ সেয়েহে এই পাহাৰৰ শিলাসমূহ কঠিন নহয় ।

(ঙ) ব্ৰহ্মপুত্ৰৰ উৎসটোৰ নাম কি?

উত্তৰঃ ব্ৰহ্মপুত্ৰৰ উৎসটোৰ নাম- তিব্বতৰ কৈলাশ পৰ্বতৰ ' চেমা - য়ুং - দুং' হিমবাহ।

(চ) বাংলাদেশত সোমোৱাৰ পিচতে ব্ৰহ্মপুত্ৰ নদী কি নামেৰে জনাজাত?

উত্তৰঃ বাংলাদেশত সোমোৱাৰ পিচতে ব্ৰহ্মপুত্ৰ নদীখন হুগলী আৰু পদ্মা নামেৰে জনাজাত।

(ছ) অসমৰ পাহাৰীয়া জিলা দুখনৰ নাম কি কি?

উত্তৰঃ অসমৰ পাহাৰীয়া জিলা দুখনৰ নাম - (১) কাৰ্বি আংলং আৰু (২) ডিমা হাচাও।

(জ) অসমত উৎপাদিত প্ৰধান উপাৰ্জক শস্যকেইটাৰ নাম কি  লিখা।

উত্তৰঃ অসমত উৎপাদিত প্ৰধান উপাৰ্জক শস্যকেইটাৰ নাম - ধান, ঘেঁহু , সৰিয়হ।

(ঝ) অসমত প্ৰথমটো তেল শোধনাগাৰ ক'ত আৰু কেতিয়া স্থাপন হৈছিল?

উত্তৰঃ অসমত গুৱাহাটী তেল শোধনাগাৰ হৈছে ভাৰতৰ প্ৰথমটো শোধনাগাৰ । ১৯৬২ চনত ৰোমানিয়াৰ সহায়ত ১৭.২৯ কোটি টকাত এই শোধনাগাৰটো স্থাপন কৰা হৈছিল।

(ঞ) ২০০১ চনৰ লোক পিয়লমতে অসমৰ মুঠ জনসংখ্যা কিমান?

উত্তৰঃ ২০০১ চনৰ লোক পিয়লমতে অসমৰ  মুঠ জনসংখ্যা হ'ল- ৩,১২,০৫,৫৭৬।

২। শুদ্ধ উত্তৰটো বাছি উলিওৱা -

(i) অসমৰ প্ৰতি বৰ্গ কিলোমিটাৰত কিমান আয়তন 

    (ক) ৭০, ৪০০ বৰ্গ কিলোমিটাৰ

    (খ) ৭৮, ৪৩৮ বৰ্গ কিলোমিটাৰ

    (গ) ৬৮, ৪২৪ বৰ্গ কিলোমিটাৰ

    (ঘ) ৭৮, ৪৩৪ বৰ্গ কিলোমিটাৰ

উত্তৰঃ (খ) ৭৮, ৪৩৮ বৰ্গ কিলোমিটাৰ।

(ii) বৰাক নদী 

    (ক) অৰুণাচল প্ৰদেশৰ

    (খ) নাগালেণ্ড

    (গ) মণিপুৰৰ

    (ঘ) মেঘালয়ৰ পাৰ্বত্য অঞ্চলৰ পৰা ওলাইছে

উত্তৰঃ  (গ) মণিপুৰৰ।

(iii) কাৰ্বি আংলং জিলাৰ বোকাজানত কি কাৰখান আছে

    (ক) কাগজৰ কাৰখানা

    (খ) পাট-সূতাৰ কাৰখানা

    (গ) চিমেন্টৰ কাৰখানা

    (ঘ) লো-তীখাৰ কাৰখানা আছে।

উত্তৰঃ (গ) চিমেন্টৰ কাৰখানা।

(iv) ২০০১ চনৰ লোকপিয়ল অনুসৰি অসমৰ গাঁৱত বাস কৰা লোকৰ সংখ্যা মুঠ জনসংখ্যাৰ শতকৰা কিমান

    (ক)৮৭.২৮ ভাগ

    (খ) ৮০.২৮ ভাগ

    (গ) ৮২.০৫ ভাগ

    (ঘ) ৭৭. ২০ ভাগ

উত্তৰঃ  (খ) ৮০.২৮ ভাগ।

(v) ২০০১ চনৰ লোকপিয়ল মতে অসমৰ জনবসতিৰ ঘনত্ব হ'ল (প্ৰতিবৰ্গ কিলোমিটাৰত)

    (ক) ৩৮০ জন

    (খ) ২১০ জন

    (গ) ২৮০ জন

    (ঘ) ৩৪০ জন

উত্তৰঃ  (ঘ) ৩৪০ জন।

(vi) দীপৰ বিল এখন/এটা

    (ক) ব্যাঘ্ৰ প্ৰকল্প

    (খ) ৰাষ্ট্ৰীয় উদ্যান

    (গ) পক্ষী অভয়াৰণ্য

    (ঘ) মৎস্য প্ৰকল্প

উত্তৰঃ  (গ) পক্ষী অভয়াৰণ্য।

(vii) ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যান ক'ত অৱস্থিত

    (ক) ডিব্ৰুগড় জিলাত

    (খ) গোলাঘাট জিলাত

    (গ) তিনিচুকীয়া জিলাত

    (ঘ) শিৱসাগৰ জিলাত

উত্তৰঃ   (গ) তিনিচুকীয়া জিলাত।

৩। উত্তৰ লিখা ( ১৫০ টা মান শব্দৰ ভিতৰত)

(ক) অসমৰ ভূপ্ৰাকৃতিক অৱয়বৰ এটি  বৰ্ণনা দিয়া।

উত্তৰঃ অসমৰ ভূপ্ৰাকৃতিক অৱয়ব এটি হৈছে-

পাৰ্বত্য অঞ্চলঃ অসমৰ পাৰ্বত্য অঞ্চলে প্ৰধানকৈ কাৰ্বি আংলং আৰু ডিমা হাচাও এই জিলা দুখনে আগুৰি আছে। সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ মালভূমি অঞ্চলটো অৰ্থাৎ মেঘালয়-কাৰ্বি মালভূমিটো দাক্ষিণাত্য মালভূমিৰ এক বিচ্ছেদিত অংগ। দাক্ষিণাত্য মালভূমিৰ পূব দিশত থকা ছোটনাগপুৰ মালভূমিৰ সৈতে উত্তৰ-পূবৰ এই মালভূমি অঞ্চল মাটিৰ তলেৰে সংযোজিত হৈ আছে বুলি ঠাৱৰ কৰা হৈছে। এই সংযোজিত অংশটো যিটোক ৰাজমহল-মালদহ-গাৰো বিদৰ বুলি কোৱা হয়, সি প্ৰকৃততে এটা অৱসংবলনৰ ফলত সৃষ্টি হৈছিল আৰু কালক্ৰমত এই অৱনমতি ফাকেদি ব্ৰহ্মপুত্ৰ আৰু গংগা নদী বৈ যোৱাত নদী দুখনৰ সাৰুৱা মাটিৰ এক চামনি সৃষ্টি হয়। উত্তৰ-পূবৰ এই মালভূমিঅঞ্চলো অতি পুৰণি প্ৰাক-কেমব্ৰিয়ান কল্পৰ শিলাখণ্ডেৰে গঠিত। এই শিলাসমূহ হ'ল প্ৰধানকৈ গ্ৰেনাইট, নাইছ, ছিষ্ট আদি আগ্নেয় আৰু ৰূপান্তৰিত শিলা। কিন্তু মনত ৰাখিবলগীয়া কথা এয়ে যে দাক্ষিণাত্য মালভূমিৰ অংশবিশেষ যদিও আমাৰ উত্তৰ-পূবৰ মালভূমি অঞ্চলটো দাক্ষিণাত্যতকৈ অধিক পৰ্বতীয়া।

    আনহাতে আকৌ আমাৰ অসমৰ কাৰ্বি মালভূমিও মেঘালয় মালভূমিৰ  পৰা বিচ্ছেদিত হৈছে কপিলী আৰু ইয়াৰ উপনদীসমূহৰ শীৰ্ষ নদীবোৰৰ খনন কাৰ্যৰ ফলত। কাৰ্বি মালভূমিৰ দক্ষিণ দিশত কপিলীৰ উপনদী যমুনা আৰু লগতে পূব দিশত ধনশিৰি আৰু ইয়াৰ উপনদীসমূহে এই মালভূমিক ক্ৰমান্বয়ে উত্তৰ কাছাৰ পাহাৰ আৰু নাগালেণ্ডৰ ভংগিল পৰ্বতসমূহৰ পৰা পৃথক কৰিছে।

(খ) অসমৰ জলবায়ুৰ এটি চমু বৰ্ণনা দিয়া।

উত্তৰঃ অসমৰ জলবায়ুৰ এটি চমু বিবৰণ হৈছে-

 প্ৰাক্ মৌচুমী কালঃ অসমত প্ৰাক্ মৌচুমী কাল মাৰ্চ মাহৰ আৰম্ভণিৰ পৰা মে মাহৰ শেষলৈকে বিৰাজ কৰে। শীতকালৰ পিছতেই এইকাল আহে বাবে আৰম্ভণিৰে পৰা লাহে লাহে বায়ুমণ্ডলৰ উষ্ণতা বৃদ্ধি পাবলৈ ধৰে। প্ৰাক্ মৌচুমী কালৰ সময়চোৱাত পুৱাৰ ভাগ আৰামদায়ক, উষ্ণ দুপৰীয়া, পৰিশ্ৰান্ত আবেলি আৰু সন্ধিয়া বা ৰাতিৰ ভাগত হঠাতে কেতিয়াবা অতিকম সময়ৰ বাবে বিজুলী ঢেৰেকণীৰে বৰষুণ হয়। এই সময়ত বায়ুমণ্ডলত এক প্ৰকাৰৰ অস্থিৰতাই বিৰাজ কৰে আৰু মাজে মাজে ধূলিৰ ধুমুহা আৰু গাজনি ঢেৰেকণীৰে বৰষুণৰ সৃষ্টি হয়। সময় অতিক্ৰম কৰাৰ লগে লগে এই কালচোৱাত কিছু সঘনে বেছি মাত্ৰাত বৰষুণ হ'বলৈ ধৰে। মৌচুমী কালৰ আগতে হোৱা এই বৃষ্টিপাতে ধান, চাহ আৰু মৰাপাট খেতিত সহায়ক হয়। অসমত এই প্ৰাক মৌচুমীকালৰ সময়তে বসন্ত ঋতু বিৰাজ কৰে। এপ্ৰিল মাহৰ মাজভাগত বহাগ বিহু বা ৰঙালী বিহু পালন কৰা হয়।

(গ) কেনেধৰণৰ প্ৰাকৃতিক উদ্ভিদ অসমত পোৱা যায়? অসমৰ উদ্ভিদ আৰু পশু সম্পদৰ বিষয়ে চমুকৈ লিখা।

উত্তৰঃ বহুধৰণৰ প্ৰাকৃতিক উদ্ভিদ অসমত পোৱা যায় যেনে-

(১) ক্ৰান্তীয় চিৰসেউজীয়া উদ্ভিদ, (২) মৌচুমীয় পৰ্ণপাতী উদ্ভিদ, (৩) নদী কাষৰীয়া উদ্ভিদ আৰু (৪) তৃণভূমি।

    অসমৰ তথা সমগ্ৰ উত্তৰ- পূৰ্বাঞ্চলৰ উদ্ভিদ তথা জীৱৰ বিভিন্নতা অতি উচ্চ পৰ্য্যায়ৰ। অনুকূল জলবায়ু, ভৌগোলিক অৱস্থান আদি বিভিন্ন কাৰকৰ সুপ্ৰভাৱৰ বাবে অসমত জীৱ -জন্তু আৰু উদ্ভিদৰ বিভিন্নতা দেখিবলৈ পোৱা যায়। অসম তথা উত্তৰ পূবত এতিয়ালৈকে  ৬০০০ - ৭০০০ উদ্ভিদৰ প্ৰজাতিক আছে। সেই দপৰে অৰ্কিডৰ প্ৰজাতিও প্ৰায় এশ। অসমতৰ থকা অসংখ্য বন বননি আৰু প্ৰায় ৪,০০০ আৰ্দ্ৰভূমি হল অসংখ্য জীৱ-জন্তু আৰু চৰাই চিৰিকতিৰ বিচৰণভূমি। ভাৰতত পোৱা ১,২০০ বিধ চৰাইৰ প্ৰায় ৯৫০ বিধেই অসমত আছে। সেইদৰে অসমত প্ৰায় ২৩০ বিধ স্তনপ্ৰায়ী জন্ত আছে। তাৰে ভিতৰত গঁড়, নলগাহৰি, হলক গিবন, সোণালী বান্দৰ আদি অতি বিৰল প্ৰজাতিৰ।

    অসমত কেইবাখনো ৰাষ্ট্ৰীয় উদ্যান আৰু অভয়াৰণ্য আছে। ইয়াৰ ভিতৰত গোলাঘাট, নগাঁও আৰু শোণিতপুৰ জিলাত অৱস্থিত প্ৰায় ৮৩০ বৰ্গ কিলোমিটাৰজোৰা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান এশিঙীয়া গড়ৰ বাবে পৃথিৱী বিখ্যাত। ইয়াৰ বাহিৰেও অসমত আৰু চাৰিখন ৰাষ্ট্ৰীয় উদ্যান আছে। সেইকেইখন হল মানাহ ৰাষ্ট্ৰীয় উদ্যান, ৰাজীৱ গান্ধী ৰাষ্ট্ৰীয় উদ্যান, ওৰাং নামেৰী ৰাষ্ট্ৰীয় উদ্যান, ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যান। অসমত অভয়াৰণ্যও বহুকেইখন আছে। তাৰে ভিতৰত পবিতৰা, লাওখোৱা, বৰনদী আৰু পানীদিহিং - এই কেইখন হল পক্ষী অভয়াৰণ্য। অসমত দুটা ব্যাঘ্ৰ প্ৰকল্পও আছে। এই দুটা হল মানাহ আৰু নামেৰী ব্ৰাঘ্ৰ প্ৰকল্প।

(ঘ) অসমৰ জনসংখ্য়া বিতৰণ এটি বৰ্ণনা দিয়া।

উত্তৰঃ উন্নয়নশীল দেশসমূহত হোৱা জনসংখ্যাৰ দ্ৰুত বৃদ্ধিৰ বাবে পৃথিৱীত জনসংখ্যাৰ বিস্ফোৰণ হোৱা বুলি কোৱা হয়। ১৮০০-১৯৫০ চনৰ  ভিতৰত পৃথিৱীৰ জনসংখ্যা ১৫০ কোটি জনসংখ্যা বৃদ্ধি পাইছিল। কিন্তু ১৯৫০-২০০০ চনৰ ভিতৰত কেৱল পঞ্চাশ বছৰতে পৃথিৱীৰ জনসংখ্যা ৩৫০ কোটি বৃদ্ধি পায়, যাক জন বিস্ফোৰণ বোলা হয়।

    জনসংখ্যা বিতৰণৰ প্ৰভাৱ পেলোৱা কাৰকবোৰ হৈছে-

(১) সাৰুৱা মাটি বা ভূমি অৱস্থিতি,

(২) পানীৰ বা জলৰাশিৰ অৱস্থান,

(৩) বসবাসৰ উপযোগী জলবায়ু,

(৪) প্ৰাকৃতিক সম্পদ প্ৰাচুৰ্য,

(৫) উদ্যোগিক বিকাশৰ সম্ভাৱনা,

(৬) নগৰীকৰণ,

(৭) শান্তিপূৰ্ণ শাসন প্ৰণালী আৰু 

(৮) ধৰ্ম নিৰপেক্ষ নীতি।

(ঙ) অসমৰ প্ৰধান কৃষিজাত দ্ৰব্যসমূহ কি কি ৰ বিষয়ে চমু বৰ্ণনা দিয়া।

উত্তৰঃ আমাৰ অসম এখন কৃষি প্ৰধান ৰাজ্য। বিভিন্ন কৃষি উপযোগী ভূমিৰে পৰিপূৰ্ণ এই অসম ৰাজ্যত ধান, চাহ, মাহ, সৰিয়হ আদি বিভিন্ন কৃষি উপন্ন কৰা হয়। খ্ৰীষ্টপূৰ্ব প্ৰায় তিনি হাজাৰ বছৰৰ আগতেই অসমত ধান খেতি আৰম্ভ কৰা হয়। সেয়ে ভাত আমাৰ প্ৰধান খাদ্য হিচাপে পৰিগণিত হৈছিল।

    অসমৰ বিভিন্নকৃষিজ দ্ৰব্যসমূহ বছৰৰ বিভিন্ন সময়ত উৎপন্ন কৰা হয়। সেই অনুযায়ী এই দ্ৰব্যসমূহক দুটা প্ৰধান ভাগত ভাগ কৰিব পাৰি। যেনে-

(১) খাৰিফ শস্য আৰু (২) ৰবি শস্য।

    খাৰিফ শস্যৰ খেতি এপ্ৰিল-মে' মাহত বৰষুণ অহাৰ লগে লগে আৰম্ভ কৰা হয় আৰু নৱেম্বৰ-ডিচেম্বৰ মাহত শস্য চপোৱা হয়। ধান (শালি, বাও), মৰাপাট, কুঁহিয়াৰ আদি এইবিধ শস্যৰ অন্তৰ্গত।

    আনহাতে কিছুমান বিশেষ বিশেষ শস্যৰ খেতি শীতকালি আৰম্ভ কৰি জহকালিৰ আগভাগত চপোৱা হয়। এইবিলাক শস্যক ৰবি শস্য বোলা হয়। আহুধান, বড়োধান, সৰিয়হ, মাহ, তিল, ধপাত, ঘেঁহু, মাকৈজোৱা, নানাধৰণৰ শাক-পাচলি আৰু ফলমূল ৰবি শস্যৰ ভিতৰত পৰে।

    ধানঃ ধানেই হ'ল অসমৰ প্ৰধান কৃষিজাত দ্ৰব্য। ৰাজ্যৰ খেতি কৰা মুঠ মাটি আৰু খাদ্য শস্য উৎপাদন কৰা মুঠ মাটিৰ ক্ৰমান্বয়ে শতকৰা ৬৪.৫২ ভাগ আৰু ৯১.৪৩ ভাগ মাটিতেই ধান খেতি কৰা হয়। অসমত প্ৰধানকৈ শালি, আহু, বাও আৰু বড়ো - এই চাৰিবিধ ধানৰ খেতি কৰা হয়। ইয়াৰ ভিতৰত অৱশ্যে শালিধানৰ প্ৰাধান্য অধিক। অসমত ধান খেতি কৰা মাটিৰ পৰিমাণ প্ৰত্যেক বছৰেই বৃদ্ধি পাইছে। অসমৰ পাহাৰীয়া জিলাকেইখনত প্ৰধানকৈ ঝুম পদ্ধতিৰে ধান খেতি কৰা হয়। ঝুম পদ্ধতি মাটিৰ কাৰণে অনিষ্টকাৰক। এনেকৈ খেতি কৰাৰ ফলত মাটিৰ উৰ্বৰতা হ্ৰাস হোৱাৰ উপৰি মাটি ক্ষয় হয়। সেইকাৰণে আজিকালি এই ঠাইসমূহত বেদীকা কৃষি প্ৰচলন আৰম্ভ কৰা হৈছে।

    কুঁহিয়াৰঃ ব্ৰহ্মপুত্ৰ উপত্যকাৰ প্ৰায় গোটেইকেইখন জিলাতে কমৃবেছি পৰিমাণে কুঁহিয়াৰ খেতি কৰা হয় যদিও গোলাঘাট, যোৰহাট, শিৱসাগৰ আৰু নগাঁও - এই জিলাকেইখনত এই খেতি বেছিকৈ হয়। বৰাক উপত্যকাৰ কৰিমগঞ্জ জিলাতো কুঁহিয়াৰ খেতি ভাল হয়।

    মৰাপাটঃ অসমত উৎপাদন হোৱা উপাৰ্জক শস্যলমূহৰ ভিতৰত মৰাপাটেই হ'ল প্ৰধান আঁহজাতীয় উপাৰ্জক শস্য। অসমৰ গৰম- সেমেকা মৌচুমী জলবায়ু মৰাপাট খেতিৰ বাবে বৰ উপযোগী। সাধাৰণতে দ-পলসুৱা মাটিত এই খেতি কৰা হয় আৰু মৰাপাটৰ গছবোৰ কাটি দীঘলে মুঠা বান্ধি পানীত গোৰাই থোৱা হয়।

(চ) অসমৰ ঔদ্যোগিক বিকাশত প্ৰতিবন্ধক জন্মোৱা কাৰণসমূহ কি কি লিখা।

উত্তৰঃ অসমৰ ঔদ্যোগিক বিকাশত প্ৰতিবন্ধক জন্মোৱা কাৰণসমূহ হৈছে-

(১) ঔদ্যোগীকৰণ বিকাশৰ লগে লগে আৰ্থিক জীৱনৰ কেন্দ্ৰ গ্ৰামাঞ্চলৰ পৰা নগৰ অঞ্চললৈ স্থানান্তৰিত হয়। ঔদ্যোগিকৰণে নগৰীকৰণৰ সৃষ্টি কৰে ফলত নতুন নতুন  নগৰ - চহৰ সৃষ্টি হ'বলৈ ধৰিলে। হাজাৰ হাজাৰ লোকৰ গাঁওৰ পৰা নগৰলৈ কৰ্মসংস্থানৰ বাবে প্ৰব্ৰজন হ'বলৈ আৰম্ভ কৰে। 

(২) বৃহৎ ঔদ্যোগীক দেশবোৰত উদ্যোগৰ পৰা লাভ কৰা আয়ৰ পৰিমাণ, কৃষিৰ পৰা হোৱা আয়তকৈ বহু গুণেই বেছি হৈছিল। ফলত সেইবোৰ দেশৰ জাতীয় আয় যথেষ্ট বৃদ্ধি পাইছিল।

(৩) বৃহৎ ঔদ্যোগবোৰলৈ কেঁচা সামগ্ৰী আমদানি আৰু উৎপাদিত সামগ্ৰী ৰপ্তানি কৰাৰ বাবে যাতায়ত আৰু পৰিবহণ ব্যৱস্থাৰ যথেষ্ট উন্নতি হয়। ৰাস্তা-ঘাটৰ যথেষ্ট উন্নতি সাধন হয়। ইয়াৰ ফলত যোগাযোগ ব্যৱস্থা উন্নত  হয়।

(৪) ঔদ্যোগীকৰণে ক্ৰমে  আধুনিক শিক্ষা - দীক্ষা, কাৰীকৰী প্ৰশিক্ষণ আৰু প্ৰযুক্তিবিদ্যাৰ সুবিধা প্ৰদানৰ দ্বাৰা শ্ৰমিকসকলৰ দক্ষতা বৃদ্ধি কৰে।

(৫) ঔদ্যোগীকৰণে ঔদ্যোগিক সংগঠনৰো পৰিৱৰ্তন আনে। ক্ৰমে উদ্যোগ প্ৰতিষ্ঠান কাৰ্যাৱলী বৃদ্ধি হোৱাৰ ফলত এজনীয়া মালিকী ব্যৱস্থাৰ পৰিৱৰ্তে সংযুক্ত মালিকী ব্যৱস্থাৰ প্ৰৱৰ্তন হ'বলৈ ধৰে ফলত কোম্পানী , সংযুক্ত কোম্পানীৰ সৃষ্টি হয়।

(৬) ঔদ্যোগীকৰণে শ্ৰমিকসকলৰ মাজত ঐক্যবদ্ধতাৰ ভাব সৃষ্টি কৰে। শ্ৰমিকসকলে নিজৰ অধিকাৰ সাব্যস্ত আৰু আদায় কৰাৰ বাবে শ্ৰমিক সংগঠনবোৰ গঢ়ি তোলে। ইয়াৰ ফলত সৃষ্টি হয় সমাজবাদী ভাৱধাৰাৰ।

৪। চমুটোকা লিখা -

(ক)  কাৰ্বি মালভূমি

উত্তৰঃ অসমৰ কাৰ্বি মালভূমিক কপিলী উপত্যকাই পূৱ আৰু পশ্চিম দুটা খণ্ডত বিভক্ত কৰিছে। পূৱ খণ্ডটো ৰেংমা পাহাৰক সামৰি লৈ কাৰ্বি আংলং জিলাৰ ডিফু আৰু বোকাজান মহকুমালৈ বিস্তিত হৈ আছে। আনহাতে পশ্চিম খণ্ডটো কাৰ্বি আংলং জিলাৰ হামৰেণ মহকুমাটো সামৰি লৈছে। এই মালভূমিটো দক্ষিণ - পশ্চিমৰ পৰা উত্তৰ পূৱলৈ ঢালখোৱা। সাগৰ পৃষ্ঠৰ পৰা ইয়াৰ গড় উচ্চতা ৯০০ মিটাৰ।

(খ) ব্ৰহ্মপুত্ৰ উপত্যকা

উত্তৰঃ ব্ৰহ্মপুত্ৰ উপত্যকা হিমালয় পৰ্বতমালাৰ পূৱ আৰু উত্তৰ-পূৰ্বাঞ্চলৰ মাজত অৱস্থিত সমভূমি অঞ্চল। ইয়াৰ প্ৰস্থ গড়ে ৭০ কিলোমিটাৰ, দৈৰ্ঘ্য ৭২০ কিলোমিটাৰ আৰু আয়তন ৫৬,৪৮০ বৰ্গ কিলোমিটাৰ। পশ্চিম দিশৰ বাহিৰে বাকী তিনিওদিশে এই উপত্যকাক ভূটান আৰু অৰুণাচল হিমালয়, পাটকাই পৰ্বত, নগাপাহাৰ, বৰাইল পাহাৰ, মেঘালয়-কাৰ্বি মালভূমিয়ে আগুৰি আছে। ৰাজ্যৰ সোঁমাজেদি পূবৰ পৰা পশ্চিমলৈ বৈ যোৱা ভাৰতৰ অন্যতম প্ৰধান নদী ব্ৰহ্মপুত্ৰ নদীয়ে এই উপত্যকাৰ সৃষ্টি কৰিছে। উজনি অসমৰ ফালে এই উপত্যকা বহল - গড়ে প্ৰায় ১০০ কিলোমিটাৰ, কিন্তু মধ্যভাগৰ কাৰ্বি পাহাৰৰ কাষত ইয়াৰ প্ৰস্থ যথেষ্ট কম - প্ৰায় ৫০ কিলোমিটাৰমানহে। পশ্চিমলৈ এই উপত্যকা আকৌ বহল হয় যদিও গুৱাহাটীৰ ওচৰে-পাঁজৰে মেঘালয় মালভূমিৰ বিক্ষিপ্ত টিলাসমূহৰ অৱস্থিতিৰ বাবে উপত্যকাটো পুনৰ ঠেক হৈ পশ্চিমলৈ আকৌ বহল হৈ গৈছে।

(গ) অসমৰ নদ-নদী

উত্তৰঃ অসমৰ নদীসমূহৰ ভিতৰত ব্ৰহ্মপুত্ৰই হ'ল প্ৰধান। এই নদী তিব্বতৰ (চীন) মানস সৰোবৰ দক্ষিণ-পূবত অৱস্থিত চেমায়ুংদুং হিমবাহৰ পৰা টামছাক-খামবাব নামেৰে উৎপত্তি হৈ তিব্বত মালভূমিৰ মাজেদি ১৭০০ কিলোমিটাৰ পূবলৈ বৈ গৈছে। ব্ৰহ্মপুত্ৰৰ এই অংশক তিব্বতত চাংপো নামেৰে জনা যায়। ইয়াৰ পাছত নদীখনে ছুলিৰ কাটাৰ দৰে ভাঁজ লৈ ইয়ংগেপ গিৰিখাটৰ মাজেদি দক্ষিণ আৰু দক্ষিণ-পশ্চিম দিশলৈ গতি কৰি অৰুণাচলত সোমাওতে এই নদী চিয়াং নামেৰে জনাজাত হয়। দক্ষিণলৈ এই নদীক দিহং বুলি জনা যায়। হিমালয়ৰ গিৰিপদ অঞ্চলত পাছিঘাট পাৰ হৈ এই নদীয়ে ভৈয়ামত প্ৰৱেশ কৰে আৰু উত্তৰ-পূবৰ পৰা অহা দিবং নদী আৰু পূবৰ পৰা অহা লোহিতৰ লগ লাগে। ইয়াৰ পৰা এই মিলিত জলধাৰাই ব্ৰহ্মপুত্ৰ নামেৰে পশ্চিমলৈ গতি কৰি অসম উপত্যকাৰ মাজেৰে বৈ গৈ গাৰোপাহাৰ অতিক্ৰম কৰি বাংলাদেশ আৰু অসমৰ সৈমাইদি দক্ষিণমুৱা হৈ যমুনা নাম লৈ বাংলাদেশত প্ৰৱেশ কৰে। তাৰ পিচত গোৱালাণ্ডোৰ ওচৰত গংগা নদীৰ লগ লাগি মেঘনা নাম লৈ বংগোপসাগৰত পৰে।

(ঘ) অসমৰ খনিজ-সম্পদ

উত্তৰঃ অসম খনিজ সম্পদত বৰ বেছি চহকী নহয়। ইয়াত কয়লা, খাৰুৱা তেল, প্ৰাকৃতিক গেছ, চুণশিল, চিলিমেনাইট, এছবেচটছ, ক'ৰাণ্ডাম আদি কেইবিধমান বিশেষ বিশেষ খনিজ সম্পদহে পোৱা যায়। ইয়াৰ ভিতৰত বাণিজ্যিক দিশৰ পৰা চালে অসমৰ খাৰুৱা তেল আৰু প্ৰাকৃতিক গেছেই হ'ল আটাইতকৈ মূল্যৱান খনিজ সম্পদ।

খাৰুৱা তেল আৰু প্ৰাকৃতিক গেছঃ অসমত ইংৰাজসকলেই পোন প্ৰথমে ১৮৮৯ চনত উজনি অসমৰ ডিগবৈত খাৰুৱা তেলৰ আৱিষ্কাৰ কৰে। প্ৰায় ১৯৫৮ চনলৈকে এইটোৱেই ভাৰতৰ একমাত্ৰ খাৰুৱা তেল উৎপাদনকাৰী অঞ্চল আছিল। বৰ্তমান অৱশ্যে এই অঞ্চলটোত তেল প্ৰায় শেষ হৈ আহিছে । এই খাৰুৱা তেলৰ পুংবিলাকৰ পৰা প্ৰাকৃতি গেছো পোৱা যায়। এই গেছৰ পৰা ৰন্ধন গেছ উৎপাদন কৰাৰ উপৰি বিদ্যুৎ শক্তি উৎপন্ন আৰু ৰাসায়নিক সাৰ তৈয়াৰ কৰিব পাৰি। ২০০৫ - ০৬ বৰ্ষত অসমত ৪৪২৯ হাজাৰ মেট্ৰিক টন খাৰুৱা তেল আৰু ২১৯৫ নিযুত কিউবিক মিটাৰ প্ৰাকৃতিক গেছ উৎপাদন হয়।

কয়লাঃ খাৰুৱা তেল আৰু প্ৰাকৃতিক গেছৰ পিচতে কয়লা অসমৰ আন এক প্ৰধান খনিজ সম্পদ। ভাৰতত সাধাৰণতে পোৱা গণ্ডোৱানা যোগৰ কয়লা আৰু টাৰচিয়াৰী বা নৱজীৱী কল্পৰ কয়লা এই দুবিধৰ ভিতৰত পিছৰবিধ কয়লাহে প্ৰধানকৈ অসমত পোৱা যায়। এই কয়লাৰ খনিসমূহ সেয়েহে উজনি অসমৰ পাহাৰৰ নামনিৰ মাকুম, লিডু, মাৰ্ঘেৰিটা, জয়পুৰ, নাফুক, নাগিনীমৰা আদিত পোৱা যায়।

চূণশিলঃ অসমৰ ডিমাহাচাও আৰু কাৰ্বি আংলং জিলাত প্ৰধানকৈ চুণশিল পায়। মেঘালয়ৰ গাৰো পাহাৰৰ পৰা অসমৰ কাৰ্বি পাহাৰলৈকে প্ৰায় একেলেঠাৰীয়ে বিস্তিত হৈ থকা এটা মণ্ডলতে এই চূণশিল সঞ্চিত হৈ আছে। ডিমা হাচাও জিলাৰ উমৰাংচু অঞ্চলত প্ৰায় ৮০ মিটাৰ ডাঠ চুণশিলৰ স্তৰ এটা আছে। কাৰ্বি আংলং জিলাৰ কয়লাজান আৰু দিলাই পাহাৰত চূণশিল পায়। ২০০৫-০৬ বৰ্ষত অসমত ৪,২০,০০০ মেট্ৰিক টন চূণশিলৰ উৎপাদন হৈছিল।

ছিলিমেনাইটঃ অসমৰ কাৰ্বি আংলং জিলাৰ ছিপিলাংছ', ইংতিগাওঁ, চামেলাংছ' ছৈলাংছ আমটেৰাং আদি ঠাইত উৎকৃষ্টবিধৰ ছলিমেনাইট পোৱা যায়।

(ঙ) অসমৰ চাহ উদ্যোগ 

উত্তৰঃ অসমৰ বৃহৎ কৃষিভিত্তিক উদ্যোগটোৱে হল চাহ উদ্যোগ। এই চাহ উদ্যোগৰ বাবেই অসম গোটেই পৃথিৱীতে জনাজাত। অসমৰ অৰ্থনীতিত এই উদ্যোগে ব্যাপক ভূমিকা পালন কৰি আহিছে। এই উদ্যোগ বৈদেশিক মুদ্ৰা অৰ্জনকাৰী উদ্যোগ। ভাৰতৰ মুঠ চাহ উৎপাদনৰ আধাতকৈয়ো বেছি চাহ অসমত উৎপাদন হয়। ২০১২ চনৰ তথ্য মতে, অসমত ৭৬৫ খন ডাঙৰ চাহ বাগিছা আৰু ৭৮০৯১ খন ক্ষুদ্ৰ চাহ বাগিছা আছে। অসমত মুঠ ৩১৮ হেজাৰ হেক্টৰ মাটিত চাহ খেতি কৰা হয়। ২০১২ চনত অসমত প্ৰায় ৫৯০ হেজাৰ টন চাহ উৎপাদন হৈছিল। এই উদ্যোগত দৈনিক গঢ় হিচাপে ৬.৮৬ লাখতকৈ অধিক লোকে কৰ্মসংস্থাপন লাভ কৰি আহিছে।  

(চ) অসমৰ জনসংখ্যা বৃদ্ধি আৰু  বিতৰণ।

উত্তৰঃ উন্নয়নশীল দেশসমূহত হোৱা জনসংখ্যাৰ দ্ৰুত বৃদ্ধিৰ বাবে পৃথিৱীত জনসংখ্যাৰ বিস্ফোৰণ হোৱা বুলি কোৱা হয়। ১৮০০-১৯৫০ চনৰ ভিতৰত পৃথিৱীৰ জনসংখ্যা ১৫০ কোটি বৃদ্ধি পাইছিল। কিন্তু ১৯৫০-২০০০ চনৰ ভিতৰত কেৱল পঞ্চাশ বছৰতহে পৃথিৱীৰ জনসংখ্যা ৩৫০ কোটি বৃদ্ধি পায়। 

    পৃথিৱীৰ উপৰিভাগত বিৰাজ কৰা ভূ-অৱযৱ, জলবায়ু,মাটি আদিৰ প্ৰকৃতি আৰু সম্পদ, ৰাস্তা-ঘাট, অৰ্থনৈতিক উন্নয়ন প্ৰক্ৰিয়া আদিৰ পাথৰ্ক্যৰ বাবে পৃথিৱীৰ সকলো অঞ্চলতে জনসংখ্যাৰ বিতৰণ একে নহয়। অধিক ভৃমিৰ উপৰি উত্তৰ গোলাৰ্ধৰ এক বিস্তীৰ্ণ ভাগত বিৰাজ কৰা অনুকূল প্ৰাকৃতিক আৰু আৰ্থ-সামাজিক অৱস্থাৰ বাবে পৃথিৱীৰ মুঠ জনসংখ্যাৰ প্ৰায় ৯০ শতাংশ ইয়াত থূপ খাই আছে। জনসংখ্যাৰ বিতৰণ পাথৰ্ক্য আমি জনসংখ্যা ঘনত্বৰ দ্বাৰাত্ত বুজিব পাৰোঁ। অথাৎ এটা অঞ্চলত বাস কৰা মুঠ জনসংখ্যাক অঞ্চলটোৰ মাটিকালিৰে হৰণ কৰি যি ফলাফল পোৱা যায় তাকে অঞ্চলটোৰ জনসংখ্যাৰ ঘনত্ব বোলে। এইদৰে দেখা যায় যে মহাদেশসমূহৰ ভিতৰত এছিয়াৰ জনসংখ্যা ঘনত্ব আটাইতকৈ বেছি আৰু ওছেনিয়াৰ ঘনত্ব আটাইতকৈ কম। এখন ঠাইৰ ভূ-অৱৱয়ৰ প্ৰকৃতিয়ে ও জনসংখ্যা বিতৰণত যথেষ্ট প্ৰভাৱ বিস্তাৰ কৰে। অসম বিতৰণৰ প্ৰধান কাৰক বোৰ হ'ল - জলবায়ু , ভূ-অৱয়ৱ , মৃত্তিকা, শক্তি আৰু খনিজ সম্পদ , যাতায়াত ব্যৱস্থা , আৰ্থ-সামাজিক ব্যৱস্থা ইত্যাদি । 



Author : Pompi Hazarika 



Post ID : DABP003106