Back To Book Content 


অধ্যায় ১

ত্ৰয়োদশ শতিকাৰপৰা ষোড়শ শতিকালৈ অসমত আহোমৰ শাসন


১। কোনে অসমৰ উত্তৰ-পূভ সীমান্তৰ পাটকাই পৰ্বতৰ পাংচৌ গিৰিপথ পাৰ হৈ অসমত প্ৰৱেশ কৰিছিল?

উত্তৰঃ আহোমসকলে অসমৰ উত্তৰ-পূভ সীমান্তৰ পাটকাই পৰ্বতৰ পাংচৌ গিৰিপথ পাৰ হৈ অসমত প্ৰৱেশ কৰিছিল।


২। আহোমসকল কি জাতিৰ মানুহ ?

উত্তৰঃ আহোমসকল টাই জাতিৰ মানুহ। 


৩।বীৰত্বত মুগ্ধ হৈ পুৰণি ৰাজ্যৰ অধিবাসীসকলে আহোমকলক কি বুলি আখ্যা দিছিল?

উত্তৰঃ বীৰত্বত মুগ্ধ হৈ পুৰণি ৰাজ্যৰ অধিবাসীসকলে আহোমকলক 'অসম' বুলি আখ্যা দিছিল।


৪। অসম শব্দটো মানুহৰ মুখত কি বুলি হ'ল ?

উত্তৰঃ অসম শব্দটো মানুহৰ মুখত অহম বুলি হ'ল।


৫। অহম শব্দটো কালক্ৰমত কি হৈ পৰিল ?

উত্তৰঃ অহম শব্দটো কালক্ৰমত 'আহোম' হৈ পৰিল। 


৬। পুৰণি অসমৰ সৌমাৰ পীঠত  আহোম ৰাজ্যৰ প্ৰতিষ্ঠাপক ৰজাজনৰ নাম কি ?

উত্তৰঃ পুৰণি অসমৰ সৌমাৰ পীঠত  আহোম ৰাজ্যৰ প্ৰতিষ্ঠাপক ৰজাজনৰ নাম চুকাফা আছিল। 


৭। চুকাফাই বৰ্তমানৰ ম্যানমাৰৰ মাওলুং নামৰ ঠাইৰ পৰা এক দীঘলীয়া যাত্ৰাৰ শেষত কিমান খ্ৰি. খামজাং নাম এখন ঠাইত উপস্থিত হয় ?

উত্তৰঃ চুকাফাই বৰ্তমানৰ ম্যানমাৰৰ মাওলুং নামৰ ঠাইৰ পৰা এক দীঘলীয়া যাত্ৰাৰ শেষত ১২২৮ খ্ৰি. খামজাং নাম এখন ঠাইত উপস্থিত হয়।


৮। কিমান খ্ৰি.ত চুকাফাই চৰাদেউত ৰাজধানী স্থাপন কৰি আহোম ৰাজ্যৰ শাসন আৰম্ভ কৰে ?

উত্তৰঃ ১২৫৩ খ্ৰি.ত চুকাফাই চৰাদেউত ৰাজধানী স্থাপন কৰি আহোম ৰাজ্যৰ শাসন আৰম্ভ কৰে ।


৯। চুকাফাৰ মৃত্যু কিমান খ্ৰি.ত হয়?

উত্তৰঃ চুকাফাৰ মৃত্যু ১২৬৮ খ্ৰি.ত হয়।  


১০। চুকাফাৰ নেতৃত্বত আহোম ৰাজ্যত কি স্থাপন হ'ল ?

উত্তৰঃ চুকাফাৰ নেতৃত্বত আহোম ৰাজ্যত সুদৃঢ় ভেটি স্থাপন হ'ল। 


১১। আহোম ৰাজবংশই প্ৰায় কিমান বছৰ ধৰি অসমত ৰাজ্য শাসন কৰিছিল ? 

উত্তৰঃ আহোম ৰাজবংশই প্ৰায় ছশ বছৰ ধৰি অসমত ৰাজ্য শাসন কৰিছিল। 


১২। কোনে অসমত পোনপ্ৰথমে বুৰঞ্জী লিখাৰ নিয়ম প্ৰৱৰ্তন কৰিছিল ?

উত্তৰঃ চুকাফাই অসমত পোনপ্ৰথমে বুৰঞ্জী লিখাৰ নিয়ম প্ৰৱৰ্তন কৰিছিল।


১৩। মৰাণসকলৰ আৰু বৰাহীসকলৰ ৰজাজনৰ নাম কি আছিল?

উত্তৰঃ মৰাণসকলৰ ৰজাজনৰ নাম বডৌচা আৰু বৰাহীসকলৰ ৰজা আছিল থাকুম্থা। 


১৪। সুদূৰ মাওলুঙৰপৰা নতুন ৰাজ্য স্থাপনৰ উদ্দেশ্য অসম অভিমুখে আহোঁতে তেওঁৰ সৈতে কিমান জন ডা-ডাঙৰীয়াসহ কিমান হেজাৰমান মানুহৰ এটা দল আহিছিল ?

উত্তৰঃ সুদূৰ মাওলুঙৰপৰা নতুন ৰাজ্য স্থাপনৰ উদ্দেশ্য অসম অভিমুখে আহোঁতে তেওঁৰ সৈতে ৮ জন ডা-ডাঙৰীয়াসহ ৯০০০ হেজাৰমান মানুহৰ এটা দল আহিছিল ।


১৫। আহোম ৰাজ্য কোনে প্ৰতিষ্ঠা কৰিছিল ?

উত্তৰঃ আহোম ৰাজ্যচুকাফআই প্ৰতিষ্ঠা কৰিছিল। 


১৬। চুহুংমুঙে আহোম ৰাজ্য কেইবছৰ ধৰি শাসন কৰিছিল ?

উত্তৰঃ চুহুংমুঙে আহোম ৰাজ্য ৪২ বছৰ ধৰি শাসন কৰিছিল। 


১৭। আহোম ৰাজবংশৰ ৰাজত্বকালৰ বিভিন্ন সময়ত সৰ্বমুঠ কিমানটা ৰাজফৈদ সৃষ্টি হৈছিল ?

উত্তৰঃ আহোম ৰাজবংশৰ ৰাজত্বকালত বিভিন্ন সময়ত সৰ্বমুঠ সাতোটা ৰাজফৈদ সৃষ্টি হৈছিল।


১৮। চুহুংমুঙৰ ৰাজত্বকালত আহোমৰ মাজত কিহৰ প্ৰভাৱ বৃদ্ধি পাইছিল ?

উত্তৰঃ চুহুংমুঙৰ ৰাজত্বকালত আহোমৰ মাজত হিন্দু ধৰ্মৰ প্ৰভাৱ বৃদ্ধি পাইছিল।


১৯। হিন্দু নাম গ্ৰহণ কৰা প্ৰথমজন আহোম ৰজাৰ নাম কি ?

উত্তৰঃ হিন্দু নাম গ্ৰহণ কৰা প্ৰথমজন আহোম ৰজাৰ নাম হ'ল চুহুংমুং।


২০। কিমান খ্ৰি.ত পুনৰ তুৰ্বক নামৰ বংগ দেশৰ সেনাপতি এজনৰ নেতৃত্বত মুছলমানে আহোম ৰাজ্য আক্ৰমণ কৰে ?

উত্তৰঃ ১৫৩২ খ্ৰি.ত পুনৰ তুৰ্বক নামৰ বংগ দেশৰ সেনাপতি এজনৰ নেতৃত্বত মুছলমানে আহোম ৰাজ্য আক্ৰমণ কৰে।



Short Question Answer By- Parina Hazarika 


Post Id: DABP003871